মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ঔটেঙাৰ উপকাৰিতা আৰু বিভিন্ন গুণসমূহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঔটেঙাৰ উপকাৰিতা আৰু বিভিন্ন গুণসমূহ

ঔটেঙাৰ উপকাৰিতা আৰু বিভিন্ন গুণসমূহৰ বিষয়ে লিখা হৈছে ।

ইয়াত থকা লাগতিয়াল তত্বসমূহ কি কি ?

১০০গ্ৰাম ঔটেঙাৰ ফলৰ খাদ্যমূল্য এনেধৰণৰ –

  • কেলৰি : ৫৯ কিলো কেলৰি,
  • ৮ শতাংশ প্ৰটিন,
  • ২-৫ শতাংশ ফাইবাৰ,
  • ৩-৫ শতাংশ ছাই,
  • ১৬ মিলিগ্ৰাম কেলচিয়াম,
  • ২৬ মিলিগ্ৰাম ফচফৰাচ,
  • ৪ মিলিগ্ৰাম ভিটামিন-চি৷

ইয়াৰ ওপৰিও থাকে ভিটামিন-বি, থায়ামিন, ৰাইবোফ্লেভিন আৰু বিটা-কেৰটিন৷

ঔটেঙাৰ উপযোগী গুণসমূহ –

কেইবাখনো আন্ত:ৰাষ্ট্ৰীয় শোধপত্ৰত প্ৰকাশ পোৱা তথ্য মতে ঔটেঙাৰ অন্তৰ্নিহিত গুণৰ ভিতৰত উল্লেখযোগ্য হ’ল-

  1. ডায়েবটিজৰ নিয়ন্ত্ৰণত সহায়ক – ইতিমধ্যে বজাৰত ঔটেঙাৰ পাউদাৰ এই উদ্দেশ্যে উপলব্ধ হৈছে বুলি জনা গৈছে৷
  2. বীজানুনাশক গুণযুক্ত– এন্টিচেপ্টিক আৰু এন্টিভাইৰেল গুণযুক্ত বাবে অসমীয়া লোকবিশ্বাসমতে ঔটেঙা আৰু ইয়াৰ পাত শোৱনি কোঠাৰ বিচনাৰ তলত দি থোৱা হয় যাতে বসন্ত বা আন সংক্ৰামক ব্যাধি নিয়ন্ত্ৰণত থাকে৷
  3. লিউকেমিয়াৰ দৰে গুৰুতৰ ৰোগ নিয়ন্ত্ৰণৰ ক্ষমতাযুক্ত৷
  4. কীটনাশক গুণ : ঔটেঙাৰৰ পাত বা পাহি চতিয়াই থলে ধানৰ ভঁৰালত কীট-পতংগ নহয় আৰু এন্দুৰ, নিগনি আতৰ হয় ৷

খাদ্যৰ বাহিৰে আন সচৰাচৰ কিছুমান ব্যৱহাৰ তলত উল্লেখ কৰিলোঁ –

আয়ুৰ্বেদৰ মতে পেটৰ বিষ, ডায়েৰিয়া, ভাগৰ, স্নায়বিক দুৰ্বলতা জনিত ৰোগৰ চিকিৎসাত প্ৰয়োগ হয়৷ চুলি সৰা, উফিৰ বাবে ঔটেঙাৰ বীজেৰ মূৰ ধুলে আৰোগ্য হয়৷ চাবনৰ পৰিবৰ্তে ঔটেঙাৰ বীজ ব্যৱহাৰ কৰিব পাৰি৷

লেখক: ডাঃ ভূপেন শইকীয়া

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top