অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঔটেঙাৰ গুণ:

ঔটেঙাৰ গুণৰ বিষয়ে লিখা হৈছে

প্ৰাকৃতিক অৱস্থাত পোৱা এবিধ স্থানীয় ফল হৈছে ঔটেঙা। ৰাজ্যৰ দুৰ্বাৰ গতিত অৰণ্য ধ্বংস সাধিত হোৱাৰ পৰিপেক্ষিতত ঔগছ ক্ৰমে নিঃশেষ হ’বলৈ ধৰাত উদ্ভিদবিধৰ অৱলুপ্তি অৱধাৰিত হৈ পৰিছে।

ঔটেঙাক ইংৰাজীত ‘Elephant Apple’ বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নাম ‘Dillenia Indica’ । পকা ঔটেঙাৰ ফুৰফুৰিয়া গোন্ধ আৰু সুমিষ্ট স্বাদে আকৰ্ষণ নকৰা মানুহ খুব কমেই ওলাব। বাৰিষা আহাৰ মাহত ইয়াৰ গছত ওলোৱা বগা ফুলৰপৰা পৰ্যায়ক্ৰমে বিকাশ হোৱা কলিয়ে পূৰ্ণতা পাই ফাগুন-চ’ত মাহত পকিবলৈ ধৰে আৰু তেনে অৱস্থাত খাবলৈও সুন্দৰ লগা হয়। পকা ঔৰ স্বাদ টেঙা-মিঠা হয়। ভাদ-আহিন মাহৰপৰাই ই খোৱাৰ উপযোগী হৈ উঠে। ফাগুন-চ’ত মাহত পকা ঔটেঙা অতি ৰুচিকাৰক হৈ উঠে। পূৰঠ ঔটেঙাৰ বাকলি মিহি মিহিকৈ কাটি নিমখ-জলকীয়া সানি চলালাড কৰি নাইবা দাইলত দিও খাব পাৰি।

ঔটেঙা এবিধ উপকাৰী ফল। আমাৰ শৰীৰক লগা ভালেমান লাগতিয়াল পুষ্টি-উপাদানৰ বাহিৰে ইয়াৰ কিছু ঔষধি গুণো আছে। পূৰঠ ঔটেঙাত ৮ শতাংশ প্ৰ’টিন, ২-২.৫ শতাংশ চৰ্বি, ২.১-২.৫ শতাংশ ফাইবাৰ থকাৰ লগতে ইয়াৰ ১০০ গ্ৰামত ১৬ মিঃগ্ৰাম কেলছিয়াম, ২৬ মিঃ গ্ৰাম ফচফৰাছ, ৮ মিলিগ্ৰাম ভিটামিন ‘চি’ পোৱা যায়। লগতে ৫৯ কেলৰি শক্তিও পোৱা যায়। ইফালে, ই অৰুচি দূৰ কৰি ভোক লগাব পাৰে। কেঁচা ঔ, বিশেষকৈ কিছু কুমলীয়া ঔ, গ্ৰহণী আৰু আন্ত্ৰিক ৰোগৰ মহৌষধ বুলি কোৱা হয়। মাজে মাজে ঔটেঙাৰ জোল অথবা অম্বল খাই থাকিলে শৰীৰৰ কফ আৰু পিত্তৰোগ নাশ হয়। শৰীৰৰ ৰক্তশোধন ক্ষমতা থকাৰ হেতুকে ৰক্তজনিত ৰোগ আৰু ব্ৰণ, বিহ, ফোঁহা আদিৰ উপশম ঘটোৱাৰ অৱকাশ থাকে। ঔটেঙা একোটাৰ মাজত থকা বীজলুৱা বীজ অংশৰে মূৰ ধূলে মূৰৰ উফি আঁতৰে আৰু চুলিখিনি ছেম্পু কৰাৰ দৰে অনুভৱ হয়। ইয়াক বসন্ত ৰোগৰ প্ৰতিষেধক বুলি গণ্য কৰা হয়। সেয়েহে বসন্ত উৎপত্তি সময়ত(ফাগুন-চ’তত) বহুতে বিছনাৰ তলত পকা ঔটেঙা ৰাখি বসন্তৰ প্ৰভাৱৰপৰা মুক্ত হোৱাৰ প্ৰয়াস কৰে।

লেখক: অৰ্পণ দত্ত(দৈনিক অসম)

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top