অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক'লা জিৰাৰ বগা গুণ :

ক'লা জিৰাৰ বগা গুণ :



আমি সদায় ব্যৱহাৰ কৰি অহা পাছফোৰোণৰ এবিধ হৈছে ক'লা জিৰা। পাছফোৰণত চকু ফুৰালে জিলিকি উঠে ক'লাজিৰা। বৈদিক কালৰ পৰা ক'লাজিৰা মচলা আৰু আয়ুৰ্বেদিক ঔষধ হিচাবে ব্যৱহাৰ কৰি অহা হৈছে। ক'লা জিৰাক আয়ুৰ্বেদিকত কৃষ্ণ জিৰক বোলা হয়। ক'লাজিৰাৰ গুণাগুণ সমূহ হৈছে--
(১) ক'লাজিৰাত ফছফেট, ফছফৰাচ, আইৰণ আদি পদাৰ্থ থাকে। এই পদাৰ্থ সমূহে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি নিৰোগী কৰি ৰখাত সহায় কৰে
(২) নিয়মিতভাৱে ক'লাজিৰা খালে শৰীৰৰ প্ৰত্যেকটো অঙ্গ-প্ৰত্যঙ্গ সতেজ আৰু কাৰ্যক্ষম হৈ থাকিব পাৰে।
(৩) তেজত কলেষ্টেৰল পৰিমাণ কমায় স্বাভাৱিক অৱস্থালৈ আনি কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। সেয়েহে উচ্চ ৰক্তচাপ কমাই শৰীৰৰ স্বাভাৱিক ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।
(৪) কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা বাবে হৃদৰোগ হোৱাৰ সম্ভাৱনা কমি যায়।
(৫) ক'লাজিৰা খালে মধুমেহ ৰোগ নিৰাময় হয়। মধুমেহ বা ডায়েবেটিচ ৰোগীৰ তেজৰ শৰ্কৰা বা চুগাৰৰ পৰিমাণ ক'লাজিৰাই কমাব পাৰে।
(৬) ক'লাজিৰা খালে যৌনক্ষমতা বঢ়াৰ উপৰিও শুক্ৰ উৎপাদন বৃদ্ধি হয়। মহিলাৰ গৰ্ভধাৰণ ক্ষমতা বাঢ়ে। সন্তানহীন মহিলাৰ গৰ্ভধাৰণ কৰাৰ বাবে প্ৰয়োগ কৰা গৰ্ভপাল ৰস নামৰ ঔষধত ক'লাজিৰা আছে।
(৭) ক'লাজিৰাই স্মৃতি শক্তি বঢ়োৱাত সহায় কৰে। সিৰা আৰু ধমনীত কলেষ্টেৰল সঞ্চিত হৈ থকা অৱৰোধ ক'লাজিৰাই আতৰাই ৰক্ত ৰক্তসঞ্চালন নিয়মীয়াকৈ কৰিব পাৰে। সমগ্র শৰীৰ আৰু মস্তিষ্কত ৰক্তসঞ্চালন ভালদৰে হোৱাৰ ফলত প্ৰচুৰ পৰিমাণে অক্সিজেন আৰু পোষণ মস্তিষ্কই পোৱাৰ পৰিপ্ৰেক্ষিতত স্মৃতিশক্তিৰ বিকাশ হয়। স্মৃতি শক্তি বৰ্ধক ঔষধ সাৰস্বত চূৰ্ণত ক'লা জিৰা আছে।
(৮) শিশুক ক'লাজিৰা খুৱালে স্মৰণ শক্তি বাঢ়ে, বয়সস্থ ব্যক্তিয়ে খালে সুন্দৰ টোপনি আহে । অনিদ্ৰা ৰোগীয়ে ক'লাজিৰাৰ গুৰি দিনে এচামুচ খালে সোনকালে উপসম পায়।
(৯) ক'লাজিৰা খালে শৰীৰৰ বিষ ভাল হয় । বিশেষকৈ বাত বিষৰ কাৰণে বহুত উপকাৰী। আয়ুৰ্বেদিক বাতবিষৰ ঔষধ যোগৰাজ গুগুলু , মহাযোগৰাজ গুগুলূ আদিত ক'লাজিৰা অন্যতম উপাদান হিচাবে আছে‌ । ক'লাজিৰা খালে স্নায়ুৰ বিষ, মাংসপেশীৰ বিষ আৰু হাড়ৰ গাঠিৰ বিষ বা বাতবিষ ভাল হয়।
(১০) সৰিয়হৰ তেলত ক'লাজিৰা মিলাই তেল গৰম কৰি মালিছ কৰিলে চৰ্দি, কাহ, গা বিষৰ পৰা উপসম পায়।
(১১) পুৰণি হাপানী ৰোগীয়ে আধাচামুচ ক'লাজিৰাৰ গুৰিৰ লগত আধাচামুচ মৌ মিহলাই দিনে তিনিবাৰ খালে আৰোগ্য হয়। সকলো ধৰণৰ শ্বাস,কাহ, চৰ্দি আদিত ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়।
(১২) ক'লাজিৰা খালে আহাৰ ভালদৰে হজম হয় আৰু পেটৰ গেছ কমে। লৱন ভাস্কৰ চূৰ্ণত ক'লাজিৰা আছে।
(১৩) ক'লাজিৰৰ গুৰি নেমুৰ ৰসৰ সৈতে মিহলাই মূৰত নিয়মীয়াকৈ কিছুদিন সানিলে পকা চুলি ক'লা হয়।
(১৪) ক'লাজিৰাৰ গুৰি জলফাই তেলত মিলাই শৰীৰত সানিলে চালৰ কমনীয়তা বাঢ়ে আৰু চালৰ বৰণ উজ্জ্বল হয়।
(১৫) ক'লাজিৰাত থকা বিটাকেৰটিনে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।
ব্যৱহাৰৰ পৰিমাণ -

প্ৰাপ্ত বয়সৰ এজন ব্যক্তিয়ে ক'লাজিৰা গুৰি আধাচামুচকৈ দিনে তিনিবাৰ আহাৰ খোৱাৰ পিছত খাব ।
আয়ুৰ্বেদিক ঔষধ -

ক'লাজিৰা যৌগ হিচাবে থকা আয়ুৰ্বেদিক ঔষবোৰ হৈছে-মহাযোগৰাজ গুগুলু, যোগৰাজ গুগুলু , লৱন ভাস্কৰ চূৰ্ণ,সৌভাগ্য বটী, সাৰস্বত চূৰ্ণ, গৰ্ভপাল ৰস, মৃতসঞ্জীৱনী সুৰা ইআদি।

ডা:মনোজ কুমাৰ শইকীয়া
চিনিয়ৰ মেডিকেল অফিচাৰ(আয়ু)
ফোন নং- 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

শেহতীয়া উন্নীতকৰণ: : 7/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate