মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ক’লা জিৰাৰ আশ্চৰ্যজনক বনৌষধি গুণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক’লা জিৰাৰ আশ্চৰ্যজনক বনৌষধি গুণ

ক’লা জিৰাৰ আশ্চৰ্যজনক বনৌষধি গুণৰ বিষয়ে লিখা হৈছে

ক’লা জিৰা বা ব্লেক ছীড বা নাইজেলা চেটিভা (Nigella Sativa)ৰ ব্যৱহাৰ ভাৰতবৰ্ষত প্ৰায় দুহেজাৰ বছৰৰ পুৰ্বৰ পৰা হৈ আহিছে।প্ৰায় সকলো ধৰণৰ বেমাৰ-আজাৰ নিৰাময় লাভ কৰাত ক’লা জিৰাৰ উপকাৰ আশ্চৰ্যজনক।ক’লা জিৰাৰ বনৌষধি গুণৰ বিষয়ে গৱেষকসকলে গৱেষণা কৰি পাইছে যে ইয়াৰ উপযুক্ত আৰু নিয়মিত ব্যৱহাৰে কেন্সাৰ সৃষ্টি কৰা কোষবোৰ ধ্বংস কৰাত সহায় কৰে।ফুলা আৰু শৰীৰৰ বিভিন্ন অংশত হোৱা বিষ আদি আঁতৰ কৰাতো সহায় কৰে।অতি পুৰণি কালৰে পৰা মাইগ্ৰেণ বা মুৰৰ অত্যন্ত বিষ,এলাৰ্জি আৰু শৰীৰৰ বিভিন্ন অংশত হোৱা ফোঁহা আদি আৰোগ্য কৰাত ক’লা জিৰা ব্যৱহাৰ হৈ আহিছে।

পেনক্ৰিয়াটিক বা অগ্নাশয়ত হোৱা কৰ্কট ৰোগ নিৰাময় কৰাৰ ওপৰত কৰা গৱেষণা-

২০০৮ চনত জেফাৰচন কীমেল কেন্সাৰ চেণ্টাৰে পেনক্ৰিয়াটিক কেন্সাৰ ৰোগ সৃষ্টি কাৰক কোষবিলাকৰ ওপৰত আৰু টিউমাৰৰ কোষবিলাকৰ বিষয়ে এটা অধ্যয়ন চলাইছিল।তেওঁলোকৰ অধ্যয়নৰ পৰা জনা গৈছিল যে ক’লা জিৰাৰ সঠিক ব্যৱহাৰে কেন্সাৰৰ টিউমাৰ সৃষ্টিকাৰক কোষবিলাক শতকৰা ৬০ শতাংশ ধ্বংস কৰিবলৈ সক্ষম হৈছে।জেফাৰচন মেডিকেল কলেজৰ চাৰ্জাৰী বিভাগৰ অধ্যাপক ওৱাডা আৰফটৰ মতে ক’লা জিৰাই মানুহৰ ৰোগ প্ৰতিৰোধ কৰাত যথেষ্ট সহায় কৰে।তেওঁ চলোৱা অন্য এটা অধ্যয়নৰ মতে-প্ৰোষ্টেট গ্লেণ্ড আৰু কলন কেন্সাৰ ৰোগ সৃষ্টি কৰা কোষ (Cell)বিলাক ধ্বংস কৰাত ক’লা জিৰাই সহায় কৰে।ইয়াৰ উপৰিও কেবাটাও গৱেষণাৰ যোগেদি এইটো নিশ্চিত হৈছে যে ব্ৰেষ্ট কেন্সাৰ সৃষ্টিকাৰী কোষবিলাক ক’লা জিৰাই বিশেষভাৱে ধ্বংস কৰাত সহায় কৰিব পাৰে।

মধ্য ভাৰতৰ এটা স্বাস্থ্য সন্থাই গৱেষণাৰ যোগেদি প্ৰকাশ কৰিছে যে ক’লা জিৰাৰ উপযুক্ত ব্যৱহাৰে ছালৰ ৰোগ আৰু গেষ্ট্ৰিক আলচাৰ ভাল কৰাত ইতিবাচক ফলাফল লাভ কৰিব পাৰি।

পাকিস্তানৰ ‘মেডিকেল জাৰ্নাল অৱ বায়োলজিকেল চায়েন্সে’গৱেষণাৰ যোগেদি প্ৰকাশ কৰিছে যে ক’লা জিৰাৰ গুটিৰ পৰা উলিওৱা তেলৰ বেক্টেৰিয়া ধ্বংস কৰাৰ ক্ষমতা আছে।তাৰোপৰি ভৰি ফুলা,বিষ হোৱা প্ৰতিৰোধ কৰাৰ শক্তি আছে।ই এবিধ এণ্টি-অক্সিডেণ্ট।

১৯১৬ চনৰ নৱেম্বৰ মাহত ইউ.এ.এফ (UAF)বিশ্ববিদ্যালয়ৰ ডিপাৰ্টমেণ্ট অব ফাৰ্মাক’লজিৰ গৱেষক নাহিদ আমিৰ আৰ ফাটমা অল মাৰজিয়াই ক’লা জিৰা,পিয়াঁজ আৰু হালধি মিশ্ৰণ কৰি যে গেষ্ট্ৰিক আলচাৰ আৰোগ্য কৰিব পাৰি,সেই কথা ঘোষণা কৰিছিল।

ক’লা জিৰাৰ অন্যান্য ৰোগ নিৰাময়ৰ ক্ষমতা

 

ক’লা জিৰাৰ ৰোগ আৰোগ্য কৰাৰ শক্তি ইমান বেছি যে পৃথিৱীৰ বহু দেশৰ গৱেষকসকলে ক’লা জিৰাৰ ঔষধি গুণৰ ওপৰত গৱেষণা কৰি ইয়াৰ আশ্চৰ্যজনক গুণৰ প্ৰমাণ পাইছে।ক’লা জিৰাৰ সঠিক আৰু নিয়মিত ব্যৱহাৰৰ বিষয়ে তলত উল্লেখ কৰা হৈছে-

*ক’লা জিৰা

*এণ্টি বেক্টেৰিয়া

*এণ্টি এলাৰ্জি

*এণ্টি টিউমাৰ

*ৰোগ প্ৰতিৰোধকাৰী

*এণ্টি ইনফ্লেমেটৰী

*এণ্টি পেৰাচাইটিক

ক’লা জিৰাৰ সঠিক ব্যৱহাৰে মানুহৰ ৰোগ প্ৰতিৰোধ কৰা যক্তি বৃদ্ধি কৰে।মানুহে কঠোৰ পৰিশ্ৰম কৰি ভাগৰ লাগিলে বা দুৰ্বলতা অনুভৱ কৰিলে ক’লা জিৰাৰ তেল এচামুচত এটা সুমথিৰা টেঙাৰ ৰস মিহলাই চৰবতৰ দৰে প্ৰস্তুত কৰি খাব লাগে।ৰাতিপুৱা খালী পেটত এবাৰ আৰু আবেলি এবাৰ খালে শৰীৰত বল বৃদ্ধি হয়।

ইয়াৰ উপৰিও কেইটামান বস্তুৰ মিশ্ৰণত এটা ৰেচিপি প্ৰস্তুত কৰি ল’ব পাৰে উপকৰণবিলাক হ’ল-

২৫০ গ্ৰাম মৌজোল,দুচামুচ ক’লা জিৰাৰ তেল,এচামুচ আদাৰ ৰস,এটা বা দুটা বাদামৰ গুড়ি।

প্ৰস্তুত কৰাৰ নিয়ম-

 

অলপ বহল মুখৰ বাটি এটাত মৌজোলৰ সৈতে ক’লা জিৰাৰ তেল,আদাৰ ৰস আৰু বাদামৰ গুড়িখিনি ভালদৰে মিহলাই ল’ব।এই মিশ্ৰণখিনি দিনে এবাৰ মাত্ৰ খাব লাগে।দিনতোৰ যিকোনো সময়তে খাব পাৰিব।

ক’লা জিৰাৰ বিষয়ে কেইটামান জানিবলগীয়া বিষয়-

 

ক’লা জিৰা বহু হেজাৰ বছৰৰ পুৰ্বৰে পৰা ।পৃথিৱীৰ বিভিন্ন দেশৰ মানুহে মচলা হিচাপে আৰু ঔষধ হিচাপে ব্যৱহাৰ কৰি আহিছে।ক’লা জিৰাৰ খেতি আৰব,মধ্য প্ৰাচ্যৰ দেশবোৰত কৰা হয়।

ক’লাজিৰা বা নাইজিলা চেটিভা শব্দটো লেটিন ভাষাৰ শব্দ।ইয়াৰ অৰ্থ হৈছে ব্লেক (Black)ই এবিধ ক’লা গুটি আৰু ইয়াক চেপিলে বা খুন্দিলে তেল ওলায়।

ক’লা জিৰাই মানুহৰ শৰীৰৰ তেজ পৰিষ্কাৰ কৰি এক দীৰ্ঘজীৱন আৰু সুস্থ জীৱন যাপন কৰাত সহায় কৰে।ইয়াৰ নিয়মিত ব্যৱহাৰে প্ৰোষ্টেট গ্লেণ্ডৰ কেন্সাৰ আৰু যিকোনো মেলিগনেণ্ট (Malignent)সৃষ্টিত বাধা দিয়াত বিশেষভাৱে সহায় কৰে।প্ৰাচীন কালৰে পৰা ৰোমানসকলে ক’লা জিৰা খাদ্যৰ মচলা হিচাপে ব্যৱহাৰ কৰি আহিছে।তেওঁলোকে ক’লা জিৰা এলাৰ্জি ধ্বংসকাৰী,এজমা নাশকাৰী  হিচাপে ব্যৱহাৰ কৰি আহিছে।

বাত বেমাৰৰ বিষ আৰু ভৰি-হাত ফুলাৰ ক্ষেত্ৰত ক’লা জিৰাৰ ব্যৱহাৰ অতি উপকাৰী।১৯৯৫ চনত লণ্ডনৰ কিংচ কলেজত কৰা এক অধ্যয়নৰ অন্তত ক’লা জিৰাৰ পৰা প্ৰস্তুত কৰা তেল ব্যৱহাৰ কৰি এই দুয়োটা বেমাৰ আৰোগ্য হয় বুলি ঘোষণা কৰা হৈছিল।প্ৰফেচাৰ হ’ল জাৰ্কানিৰ এক ৰিপোৰ্টমতে ক’লা জিৰাৰ তেলৰ সঠিক ব্যৱহাৰে আৰ্থ্ৰাইটিছ বেমাৰ আৰোগ্য কৰে।অলপতে কৰাচীৰ আগখিনি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এখন মেডিকেল কলেজত আৰম্ভ কৰা এটা গৱেষণাৰ অন্তন জনা গ’ল যে ক’লা জিৰা প্ৰয়োগ কৰাৰ পিছত ডায়েৰিয়া,এজমা,ব্ৰংকাইটিছ আদি অসুখবোৰ সহজতে নিৰাময় হয়।

মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি বঢ়াৰ বাবে আৰু সুস্বাস্থ্যৰ বাবে ক’লা জিৰাৰ ব্যৱহাৰ অতি ফলপ্ৰসু।১৯৮৬ চনত ফ্লৰিদাত চলোৱা এক সমীক্ষাত প্ৰকাশ যে ক’লা জিৰাৰ নিয়মিত আৰু সঠিক ব্যৱহাৰৰ ফলত এইডছ আৰু কৰ্কট ৰোগৰ দৰে ভয়াৱহ আৰু দুৰাৰোগ্য ৰোগ পৰ্যন্ত নিৰাময় কৰিব পাৰি।ক’লা জিৰাৰ পৰা প্ৰস্তুত কৰা তেল পাঁচবিধ এণ্টিবায়োটিকৰ লগত তুলনা কৰিব পাৰি।বাংলাদেশৰ কেইগৰাকীমান গৱেষকে এই তেলৰ তুলনা কৰা এণ্টিবায়োটিকবোৰ হ’ল-এম্পিচিলিন,টেট্ৰাচাইক্লিন,কাণ্ট্ৰিমক্সজল,জেণ্টামাইচিন আৰু মেলিচিক্সক এচিড।

*এইডছ নিয়ন্ত্ৰনত ক’লা জিৰা

চৌডি আৰবৰ বায়’লজিকেল আৰু মেডিকেল ৰিচাৰ্ছ চেণ্টাৰত ডা:এইচ হকে এক গৱেষণাৰ যোগেদি প্ৰকাশ কৰিছিল যে,ক’লা জিৰাই এইডছ বেমাৰ সৃষ্টিকাৰী এইচ।আই।ভি।ই।বীজাণুক সহজে পৰাভুত কৰাৰ ক্ষমতা আছে।

ৰিচাৰ্ছ চেণ্টাৰত প্ৰকাশ কৰা পত্ৰত উল্লেখ আছে এনেদৰে-

 

“The results are effective enough to consider the black seeds and its oil being used in the treatment of AIDS and the findings of the paper caught the attention of the archives of AIDS where they were duly published”.

২০০৩ চনত চৌদি আৰব বিশ্ববিদ্যালয়ৰ চৌদি আৰব বিশ্ববিদ্যালয়ৰ ডা: আল যাৰ্মদৰৰ এক সমীক্ষাত প্ৰকাশ যে-ক’লা জিৰাৰ নিয়মিত ব্যৱহাৰে মানুহৰ উশাহ-নিশাহ লোৱাৰ যন্ত্ৰণা বা এজমা,ব্ৰংকাইটিছ ৰোগত ভোগা কেচুঁৱা আৰু প্ৰাপ্তবয়ষ্ক লোকৰ বাবে অতি ফলপ্ৰদ মহৌষধৰুপে কাম কৰিব পাৰে।কৰ্কট ৰোগ নিৰাময়তো ক’লা জিৰাৰ উপকাৰ চমকপ্ৰদ।এই চিকিৎসাত বিশেষকৈ ‘কেম’থেৰাপি ব্যৱহাৰ কৰি থকা অৱস্থাত ক’লা জিৰাৰ প্ৰয়োগে ভাল কাম দিয়ে।

U.S. Food and Drug Administration (FOA) ৰ মতে “Black seed has been treated as a serious herbal remedy for the treatment of Cancer”.

*ব্ৰেইন টিউমাৰ থেৰাপিত ক’লা জিৰা

কৰ্কট ৰোগ বা কেন্সাৰ আৰম্ভ হোৱাৰ প্ৰথম আৰু দ্বিতীয় স্তৰত ক’লা জিৰাই এই ৰোগ নিৰাময়ৰ বাবে বিশেষভাৱে সহায় কৰে।কিন্তু এই ৰোগৰ তৃতীয় আৰু চতুৰ্থ স্তৰত ক’লা জিৰাৰ চিকিৎসাই বিশেষ কাম দিব নোৱাৰে।মাত্ৰ ই ৰোগীৰ ৰোগ প্ৰতিৰোধ কৰাত কিছু পৰিমাণে শক্তিৰ যোগান ধৰিব পাৰে।আমেৰিকাৰ চাউথ কেৰোলিনাৰ কেন্সাৰ ৰিচাৰ্ছ লেবৰেটৰীত ১৯৯৭ চনত কৰা এটা গৱেষণাত প্ৰকাশ যে ব্ৰেইন টিউমাৰ কেন্সাৰত ক’লা জিৰাৰ যথেষ্ট ভুমিকা থাকে।বিশেষকৈ এই ক্ষেত্ৰত ক’লা জিৰাৰ তেলৰ ব্যৱহাৰৰ যোগেদি কৰা চিকিৎসাৰ ফলত কেন্সাৰ চেলবিলাক শতকৰা ৩০ শতাংশ ধ্বংস কৰিব পাৰি।ই ৰোগ প্ৰতিৰোধ কৰা শক্তিও কিছু পৰিমাণে বৃদ্ধি কৰাত সহায় কৰে।

*বহুমুত্ৰ বা ডায়েবেটিছ ৰোগ নিৰাময়ত ক’লা জিৰাৰ উপকাৰিতা

ডায়েবেটিছ টাইপ-২ ত ভোগা ৰোগীৰ বাবে ক’লা জিৰা বৰ উপকাৰী।জাপানৰ জিফো বিশ্ববিদ্যালয়ত ২০০২ চনত গৱেষক কেইগৰাকীমানে তেওঁলোকৰ গৱেষণাৰ যোগেদি প্ৰকাশ কৰিছিল যে ক’লা জিৰাৰ সঠিক আৰু নিয়মিত ব্যৱহাৰে টাইপ-২ ডায়েবেটিছত ভোগা ৰোগীৰ ২০ শতাংশ ৰোগ নিৰাময় কৰিব পাৰে।

২০০৩ চনত ডেন টাৰ্কিৰ এটা গৱেষণাৰ যোগেদি জানিব পৰা হৈছিল যে ডায়েবেটিছত ভোগা এটা এন্দুৰৰ ওপৰত ক’লা জিৰাৰে কৰা চিকিৎসাৰ ফলত এন্দুৰটোৰ তেজত চেনিৰ পৰিমাণ কমি গৈছিল আৰু কিছুদিনৰ ভিতৰত এন্দুৰটো ডায়েবেটিছ ৰোগৰ পৰা মুক্ত হৈছিল।

বৰ্তমান আধুনিক যুগত পৃথিৱীৰ প্ৰায় সকলো দেশৰ অসংখ্য লোক ডাবেটিছ ৰোগত ভুগিব পাৰিছে।আমেৰিকাৰ দৰে উন্নত দেশতো বহুসংখ্যক মানুহ এই বেমাৰত ভুগি আছে আৰু মানুহ মৃত্যুমুখত পৰিছে।মধ্য প্ৰাচ্যৰ দেশবিলাকতো এই ৰোগৰ ভয়াৱহতা বাঢ়িছে।উন্নয়নশীল দেশবিলাকৰ মানুহৰ বাবে এতিয়া এই অসুখ যেন মৃত্যু দুতহে।জীৱনশৈলীৰ পৰিৱৰ্তন,কৰ্মহীনতা,ফাষ্ট,ফুডৰ পয়োভৰ,অলস জীৱন অতিবাহিত কৰাৰ অভ্যাসৰ ফলত এই বেমাৰে ভয়াৱহ ৰুপ লৈছে।

*পেলুৰ পৰা হোৱা ৰোগ আৰোগ্যত ক’লা জিৰাৰ প্ৰয়োগ

আমেৰিকা,জাপান,চীন,হ্ংকং,ভাৰতবৰ্ষৰ উপৰিও পৃথিৱীৰ বহু দেশৰ বহু ল’ৰা-ছোৱালী পেলুৰ বেমাৰ আৰু ইয়াৰ আনুসংগিক ৰোগত ভুগিছে।এই বিষয়ে ২০০৭ চনত আৰবৰ আব্দুলা আবেদিন নামৰ এজন চিকিৎসক গৱেষকে জানিবলৈ দিছে যে পেলুৰ বেমাৰত ভোগা ল’ৰা-ছোৱালীয়ে ক’লা জিৰা ব্যৱহাৰ কৰিলে এই ৰোগৰ পৰা মুক্তি লাভ কৰিব পাৰে।এই পেলুৰ ৰোগৰ পৰা পেটৰ অসুখ,ৰক্তহীনতাত ভুগি থকা ল’ৰা-ছোৱালীক ক’লা জিৰাৰ প্ৰয়োগে এই বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰে।

ক’লা জিৰাই কেনেকৈ বনৌষধিৰ কাম কৰে?

ক’লা জিৰাৰ ওপৰত কৰা গৱেষণা,অধ্যয়নৰ যোগেদি ইয়াৰ ৰোগ আৰোগ্য কৰাৰ গুণবিলাকৰ বিষয়ে জানিব পৰা গৈছে।ইয়াৰ ৰোগ আৰোগ্য কৰাৰ আশ্চৰ্যজনক গুণবোৰৰ কথা তলত উল্লেখ কৰা হৈছে-

*ক’লা জিৰা এণ্টি টিউমাৰ ,এণ্টি বেক্টেৰিয়েল,এণ্টি এলাৰ্জিক।ই ৰোগ প্ৰতিৰোধৰ শক্তি বঢ়ায়।ক’লা জিৰা ব্যৱহাৰ কৰি বহু ধৰণৰ বেমাৰ আৰোগ্য কৰিব পাৰি।

*ক’লা জিৰা চায়েটিক নাৰ্ভৰ যিকোনো বিষ বা সমস্যা দুৰ কৰাত সহায় কৰে।এই সংক্ৰান্তত এগৰাকী চায়েটিকা বিষত ভোগা ৰোগীয়ে কৰা মন্তব্য এনেধৰণৰ-‘মই বহুত দিন ধৰি চায়েটিক নাৰ্ভৰ অসুখত ভুগি আছিলো।মোৰ বিষটো এটা সময়ত ইমান বেছি হৈছিল যে মই বিছনাৰ পৰা উঠিবই নোৱাৰা হৈছিলো।মই বহুদিন ধৰি এলোপেথিক চিকিৎসকৰ ওচৰত চিকিৎসা কৰি বহুধৰণৰ দৰব ব্যৱহাৰ কৰিছিলো,কিন্তু কোনো উপকাৰ পোৱা নাছিলো।তেনে অৱস্থাত এগৰাকী শুভাকাংক্ষী লোকৰ মুখৰ পৰা ক’লা জিৰাৰ উপকাৰৰ বিষয়ে শুনি ক’লা জিৰাৰ উপকাৰৰ বিষয়ে শুনি ক’লা জিৰাৰ তেল ব্যৱহাৰ কৰিবলৈ ল’লো।ক’লা জিৰাৰ তেল দহ গ্ৰাম পৰিমাণে লৈ তাত আঙুৰৰ ৰস দহ গ্ৰাম একেলগে মিহলাই দিনে এবাৰকৈ পোন্ধৰ দিন ধৰি ব্যৱহাৰ কৰিলো।মোৰ বিষ লাহে লাহে কমি আহিবলৈ ধৰিলে আৰু তেতিয়াৰ পৰা আজিলৈকে মই কোনো চায়েটিক নাৰ্ভৰ অসুখ অনুভৱ নকৰা হ’লো’।ৰোগীগৰাকী আছিল এগৰাকী ভাৰতীয় লোক।

ক’লা জিৰাৰ ব্যৱহাৰে তলত উল্লেখ কৰা ৰোগসমুহ দুৰ কৰে-

 

*সন্তান জন্ম দিয়া মহিলাৰ স্তনৰ গাখীৰ বঢ়ায়।

*কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।

*সাধাৰণ চৰ্দি,ইনফ্লুয়েঞ্জা নিৰাময় কৰে।

*বহুমুত্ৰ ৰোগ নিৰাময় কৰে।

*ডায়েৰিয়া নিৰাময় কৰে।

*শুকান কাহত উপকাৰ কৰে।

*দৃষ্টিশক্তি বঢ়ায়।

*গলব্লাডাৰ আৰু কিডনি ষ্টোন গলোৱাত সহায় কৰে।

*উচ্চ ৰক্তচাপ নিৰাময় কৰে।

*হৃদৰোগ নিৰাময় কৰে।

*ভৰিৰ কলাফুলৰ বিষ,ভৰি টানি ধৰা আদি বিসংগতি নিৰাময় কৰে।

*মুৰৰ বিষ,কাণৰ বিষ আঁতৰায়।

*চুলি সৰা,চুলি পকা,উফি হোৱা বন্ধ কৰে।

*কৃমি,পেলু নাশ কৰে।

*বমি বন্ধ কৰে,দাঁতৰ বিষ নিৰাময় কৰে।

*ক’লা জিৰাৰ তেলৰ সঠিক ব্যৱহাৰে পেনক্ৰিয়াটিক কৰ্কট ৰোগ নিৰাময় কৰে।

আমেৰিকাৰ কেলিফৰ্নিয়াৰ স্বাস্থ্য বিগান গৱেষণাগাৰত কৰা এটা গৱেষণাৰ পৰা জনা গৈছে যে পেনক্ৰিয়াটিক কেন্সাৰ চিকিৎসাত ক’লা জিৰাৰ প্ৰয়োগৰ ফলত প্ৰায় ৩০ শতাংশ ভাল ফল পোৱা গৈছে।ক’লা জিৰাৰ তেলত থকা ৰাসায়নিক উপাদানবোৰে পেনক্ৰিয়াটিক কেন্সাৰৰ কাৰক কোষবোৰ ধ্বংস কৰিব পৰাৰ ক্ষমতা থাকে।ক’লা জিৰাত এশ বিধতকৈও অধিক উপাদান থাকে আৰু তাৰ ভিতৰত অধিকাংশ উপাদান এতিয়াও আৱিষ্কাৰ হোৱা নাই।

ক’লা জিৰাত থকা মুল উপাদানবোৰৰ কেইবিধমানৰ নাম তলত দিয়া হৈছে-

 

*বিটা চিট’চটেৰল (Bita Sitosterol)

*থাইম’কুইনন (Thymoquinone)

*মাইৰিষ্টিক এচিড (Myristic Acid)

*প্ৰোটিন(Protiens)

*ভিটামিন (Vitamin

*পালমিটিক এচিড(Palmitic Acid)

*ছিয়েৰিক এচিড (Searic Acid)

*অ’লেইক এচিড(Olaic Acid)

*আৰাচিদনিক এচিড(Arachidnic Acid)

*ভিটামিন –‘বি১,’বি২’ বি৩’

*তাৰোপৰি ইয়াত আছে কেলচিয়াম ফলিক এচিড,জিংক আৰু ফছফৰাছ।

ক’লা জিৰা গৰম কৰা বা তাপ দিয়া আৰু ঔষধ প্ৰস্তুত কৰাৰ নিয়ম

কম জুইৰ তাপত এটা বহল পাত্ৰত গৰম কৰিব।জিৰাখিনি দেই পুৰি নাযাবৰ বাবে মাজে মাজে হেতা এখনেৰে লৰাই থাকিব লাগে।ক’লা জিৰাখিনি কেঁচা অৱস্থাত খালে তিতা লাগে।ভালকৈ ভাজি লোৱাৰ পিছত সেইখিনি মিক্সিত বা অন্য উপায়েৰে গুড়ি কৰি ল’ব।ভাজি লোৱা ক’লা জিৰাখিনিত মৌজোল মিহলাই ব্যৱহাৰ কৰিব।

ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ বিধি

 

কলা জিৰা ডেৰ চামুচত এচামুচ খাটি মৌজোল মিহলাই দিনে দুবাৰকৈ খাব।ঔষধ খোৱাৰ সময়-অসুখ অনুযায়ী,এসপ্তাহ/দহদিন/পোন্ধৰ দিনন্বিছ দিন খাব লাগে।অসুখ পুৰণি হ’লে দহৰ পৰা পোন্ধৰ দিন পৰ্যন্ত খাব লাগে।

ক’লা জিৰাত মৌ-জোল মিহলোৱা পদ্ধতি

এটা ৩০০ মিলিগ্ৰাম ধৰা বটলত বা পাত্ৰত (তামৰ পাত্ৰ হ’লে ভাল )ভাজি লোৱা ক’লা জিৰাৰ গুড়ি চাৰি চামুচত পাঁচ চামুচ মৌ-জোল মিহলাব লাগে।দুয়োটা ভালকৈ মিহলাই মিশ্ৰণ কৰিব।

ঔষধৰ পৰিমাণ:দিনে এচামুচকৈ এসপ্তাহ খাব।

নিষেধ:ক’লা জিৰাৰ লগত মৌ-জোল মিহলোৱা মিশ্ৰণ বহুমুত্ৰ বা ডায়েবেটিছ ৰোগত ভোগা মানুহক খাবলৈ দিব নালাগে।

ক’লা জিৰাৰ সুমিষ্ট,জীৱনদায়িনী শক্তিশালী মিশ্ৰণ প্ৰস্তুতকৰণ পদ্ধতি

শৰীৰটো বলবান কৰি তুলিবলৈ,বহু বছৰ ধৰি সুস্থ জীৱন যাপন কৰিবলৈ ডুবাইৰ শেখজীয়ে ক’লা জিৰা সংমিশ্ৰণ কৰি এটা ৰেচিপি প্ৰস্তুত কৰি সঘনাই খাইছিল।ইয়াৰ ফলত তেওঁকোনো অসুখত ভোগা নাছিল।বৰ্ং ৯৭ বছৰ আয়ুস লাভ কৰিবলৈ সক্ষম হৈছিল।

ৰেচিপি প্ৰস্তুত কৰাৰ নিয়ম:

তিনি কাপ খাটি মৌ-জাল,তিনি চামুচ ক’লা জিৰা (ভাজি লোৱা),দুচামুচ আদাৰ ৰস,এচামুচ আখৰোটৰ গুড়ি-এই আটাইখিনিৰ মিশ্ৰণটো দৈনিক এবাৰকৈ ব্যৱহাৰ কৰক।পোন্ধৰ দিনৰ পৰা এমাহ পৰ্যন্ত।ই হেলথ টনিকৰ কাম কৰে।

ক’লা জিৰা সদায় ভাজি বা গৰম কৰি খাব লাগে।ক’লা জিৰা দৈনিক নিৰ্দিষ্ট আৰু সঠিক পৰিমাণে খাব লাগে।অধিক পৰিমাণত খাব নালাগে।ঔষধৰ কোম্পানীবোৰে ক’লা জিৰাৰ পেকেট প্ৰস্তুত কৰি বিক্ৰী কৰে।দুমাহতকৈ বেছি দিনে ক’লা জিৰা মজুত কৰি ৰাখিব নালাগে।খাবৰ সময়ত ক’লা জিৰা গৰম কৰি খোৱা ভাল।কেঁচা বা গৰম নকৰা ক’লা জিৰা স্বাস্থ্যৰ কাৰণে বৰ হানিকাৰক।

ক’লা জিৰা ব্যৱহাৰ কৰি তলত উল্লেখ কৰা ৰোগসমুহ আৰোগ্য কৰিব পাৰি

*বহুমুত্ৰ বা ডায়েবেটিছ ৰোগত:

ক’লা জিৰাৰ এচামুচ তেলৰ লগত মৌ জোল আধা চামুচ মিহলই দিনে দুবাৰকৈ খাব।মৌ-জোল খাটি হ’ব লাগে।খাদ্যত কোনোধৰণৰ চেনি ব্যৱহাৰ নকৰিব।কাৰ্বোহাইড্ৰেটযুক্ত আহাৰ কমকৈ খাব।দহ-পোন্ধৰ দিন খাব লাগে।

* ডায়েৰিয়া বা ডিচেণ্ট্ৰি ৰোগত

এচামুচ ক’লা জিৰাৰ তেল একাপ গৰুৰ গাখীৰ বা ছাগলীৰ গাখীৰ মিহলাই দিনে দুবাৰকৈ তিনি-চাৰি দিন খাব লাগে।

*শুকান কাহত

এচামুচ বা দুচামুচ ক’লা জিৰাৰ তেলত এচামুচ কফি মিহলাই দিনে দুবাৰকৈ খাব,পাঁচ দিন।শুকান কফিৰ গুড়ি,দুগ্ৰাম পৰিমাণে মিহলাই ক’লা জিৰাৰ তেল বুকু আৰু পিঠিত ঘঁহিব লাগে।

*কাণৰ বিষ

এচামুচ ক’লা জিৰা গৰম কৰি ভাজি তাত এক বা দুই টোপাল অলিভ অয়ল মিহলাই কাণত দিব।তিনি-চাৰি দিন ব্যৱহাৰ কৰিব।দিনে দুবাৰ ।

*চকুৰ অসুখত

ক’লা জিৰাৰ তেল দুই ফোটামান চকুৰ পটাত সানিব।এক বা দুচামুচ ক’লা জিৰাৰ তেলত একাপ গাজৰৰ ৰস মিহলাই দিনে দুবাৰকৈ তিনি –চাৰি দিন খাব।

চকুৰ অসুখত চকুত কোনোধৰণৰ বনৌষধি নিদিব।

*চৰ্দি আৰু ইনফ্লুয়েঞ্জাত

এচামুচ ক’লা জিৰাৰ তেলত আধা চামুচ মৌজাল মিহলাই ৰাতিপুৱা আৰু আবেলি খাব লাগে।দুটোপাল তেল নাকত দিলে নাক সোপামৰা,নাক বন্ধ হোৱা ভাল হয়।

*গলব্লাডাৰ ষ্টোন আৰু কিডনি ষ্টোন

গলব্লাডাৰ ষ্টোন আৰু কিডনি ষ্টোন আৰোগ্যত-এখন ডাঙৰ চামুচত ক’লা জিৰাৰ তেল আৰু এচামুচ মৌ জাল মিহলাই মিশ্ৰণখিনি ৰাতিপুৱা শুদা পেটত এবাৰ মাত্ৰ খাব।এসপ্তাহ খাব লাগে।

*গেষ্ট্ৰিক বা পিত্ত বেমাৰত ভুগিলে

এচামুচ ভাজি লোৱা ক’লা জিৰাৰ সৈতে এচামুচ মৌ-জোল মিহলাই ৰাতিপুৱা খোৱাৰ পুৰ্বে আৰু আবেলি খোৱাৰ পুৰ্বে তিনি-চাৰি দিন খালে ভাল হয়।

*মুৰৰ বিষ আৰু মাইগ্ৰেণৰ সমস্যাত

ক’লা জিৰাৰ তেল কপালত ঘঁহিব লাগে।মুৰৰ সোঁমাজত কেইটোপালমান তেল দিব লাগে আৰু কেইটোপালমান ভিতৰত দিব লাগে।দিনে দুবাৰকৈ তিনি-চাৰি দিন ব্যৱহাৰ কৰিব।

*উচ্চ ৰক্ত চাপত ভুগিলে

এক বা দুচামুচ ক’লা জিৰাৰ তেলত অলপ গৰম পানী মিহলাই (দুচামুচ)খাব লাগে।প্ৰতিদিনে এফোটা নহৰু খাব।ৰাতিপুৱা সুৰ্যৰ পোহৰত গাত লগাব।

*স্মৰণ শক্তি বৃদ্ধিৰ বাবে

এক বা দুচামুচ ভাজি লোৱা ক’লা জিৰাৰ লগত দুচামুচ মৌ-জাল মিহলাই দিনে তিনিবাৰকৈ খাব।পোন্ধৰ-বিছ দিন ব্যৱহাৰ কৰিলে স্মৰণ শক্তি বৃদ্ধি পাব।

*শৰীৰৰ কোনো ঠাইত তিল বা গুটি বা কাঠ আচিনাই হ’লে-

ক’লা জিৰা দুচামুচত অলপ পানী মিহলাই তিল বা আচিনাইত ঘঁহিব লাগে।প্ৰতিদিনে দুবাৰকৈ দহ দিন ঘঁহিব লাগে।

*নাক-ডিঙি –কণ্ঠত ক্ষত হ’লে

ক’লা জিৰাৰ তেল এচামুচ নেমু টেঙাৰ ৰস (এচামুচ )মিহলাই নাকেৰে শুঙিব লাগে।দিনে দুই-তিনি বাৰ কৰিব।

*বাত বিষ আৰু পিঠিৰ বিষত

তিনি চামুচ ক’লা জিৰাৰ তেল জুইত গৰম কৰি বাত বিষ হোৱা ঠাইত আৰু পিঠিত সানিব।

*পেটৰ বিষত

দুচামুচ ভাজি লোৱা ক’লা জিৰাৰ লগত এচামুচ মৌ-জোল মিহলাই তাত ভাতৰ মাৰ আধাকাপ মিহলাই দিনে এবাৰ বা দুবাৰ খালে বিষ কমে।

*দাঁতৰ বিষ

এচামুচ ক’লা জিৰাৰ লগত ভিনেগাৰ এচামুচ মিহলাই পানীত উতলাই,কুহুমীয়া অৱস্থাত ৰাখি মুখত ভৰাই কুলি কৰিব।দুই-তিনি বাৰ কুলি কৰিলে দাঁতৰ বিষ কমি যায়।

ক’লা জিৰা ব্যৱহাৰৰ ক্ষেত্ৰত ল’বলগা সাৱধানতা

*সম্পুৰ্ণ পেট ভৰাই খোৱা অৱস্থাত ক’লা জিৰাৰ তেল নাখাব।আহাৰ খোৱাৰ দুঘণ্টাৰ পুৰ্বতে ক’লা জিৰাৰ লগত মৌ-জোল ব্যৱহাৰ কৰিহে খাব লাগে।

*ক’লা জিৰা গৰম নকৰাকৈ বা ভাজি নোলোৱাকৈ কেতিয়াও ব্যৱহাৰ নকৰিব।কেঁচা ক’লা জিৰা ভাজি নোলোৱাকৈ খালে পেটত গেচ উৎপন্ন হয় আৰু পেট ফুলিব পাৰে।

*গৰ্ভৱতী মহিলাই ক’লা জিৰা খোৱা নিষেধ।

*ক’লা জিৰা অধিক পৰিমাণে আৰু বহুত দিনধৰি ব্যৱহাৰ কৰিব নালাগে।

লেখক:ডা: উপেন দত্ত (স্বাস্থ্য আৰু দীৰ্ঘজীৱন )

3.10526315789
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top