মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / কঠাল গুটিৰ পুষ্টিগুণ আৰু স্বাস্থ্য জনিত লাভ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কঠাল গুটিৰ পুষ্টিগুণ আৰু স্বাস্থ্য জনিত লাভ :

কঠাল গুটিৰ পুষ্টিগুণ আৰু স্বাস্থ্য জনিত লাভৰ বিষয়ে লিখা হৈছে ।

 

ফলৰ গছ হিচাবে কঠালেই পৃথিৱীৰ ভিতৰত ডাঙৰ গছ। কঠাল স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পুষ্টি সমৃদ্ধ এবিধ ফল বুলি প্ৰায় সকলোৱেই জানে। কিন্তু কঠালৰ গুটিও স্বাস্থ্যৰ বাবে বৰ মূল্যবান খাদ্য। ই শৰীৰ শক্তিশালী কৰাৰ লগতে দৃস্টি স্বাস্থ্য উন্নত কৰে।কঠাল গুটি পুষ্টি গুণেৰে ভৰা এবিধ আহাৰ।

১)ইয়াত থকা মাইক্ৰনিউট্ৰিয়েন্ট্চ এ ছালৰ স্বাস্থ্য উন্নত কৰে।ইয়াৰ আইৰণ হিম'গ্লবিন আৰু লোহিত ৰক্ত কনিকা বৃদ্ধি কৰি ৰক্তহীণতা বা এনিমীয়া দূৰ কৰে। মহিলা সকলৰ বাবে ই এক অপৰিহাৰ্য আহাৰ।

২)কঠালৰ গুটিয়ে কোষ্ঠকাঠিন্য আৰু ইয়াত থকা ডায়েট্ৰি ফাইবাৰে পাচন সমস্যা সমাধান কৰে।

৩)ইয়াৰ ভিটামিন-এ ই দৃস্টস্বাস্থ্য উন্নত কৰে। ভিটামিন এৰ অভাৱত হোৱা কুকুৰীকনা ৰোগ নিৰাময় কৰাৰ লগতে চকুত ছানি পৰা প্ৰতিৰোধ কৰে।

৪)ইয়াৰ মেঙ্গানীজে তেজ গোট মৰা (ব্লাড ক্লটিং) প্ৰতিৰোধ কৰে।

৫)কঠাল গুটিৰ আইৰণে যৌনস্বাস্থ্য উন্নত কৰে।পৰম্পৰাগত চিকিৎসাত কঠালগুটি পুৰি খালে যৌনশক্তি বৃদ্ধি হয়।

৬)ইয়াৰ প্ৰটীনে পেশী নিৰ্মাণত সহায় কৰে।আহাৰত কঠালৰ গুটি সংযোজন পেশী নিৰ্মাণকাৰী (শৰীৰ চৰ্চা বা বডি বিল্ডাৰ) সকলৰ বাবে দৰকাৰী।

৭)ৰিংকল্চ বা কম বয়সত মুখত দেখা দিয়া বয়সৰ আচুঁৰ নিৰাময় কৰে। ইয়াৰ এন্টি-অক্সিডেন্টে ফ্ৰী ৰেডিকেল্চ প্ৰতিৰোধ কৰি ৰিংকল্চ নোহোৱা কৰে। বাকলি পৰিস্কাৰ কৰি গুটি কেঁচা গাখীৰৰ লগত পিহি পেস্ট বনাই দৈনিক ১-২ বাৰ মুখত সানিলে ৰিংকল্ঢ নোহোৱা হয়।

৮)মুখৰ ছাল উজ্বল কৰিবলৈ গুটিৰ বাকলি আৰু ভিতৰৰ খাকি ৰঙৰ ছাল পৰিস্কাৰ কৰি কেঁচা গাখীৰ আৰু মৌৰ লগত পিহি পেস্ট বনাই মুখত লেপিব। শুকালে কুহুমীয়া গৰম পানীৰে ধুব।

৯)ইয়াৰ ভিটামিন-এ ই চুলিৰ স্বাস্থ্য উন্নত কৰে। আইৰণে মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধি কৰি চুলিৰ স্বাস্থ্য উন্নত কৰে। মানসিক অৱসাদ দূৰ কৰে।

কঠাল গুটিৰ খাদ্যমূল্য প্ৰতি ১০০ গ্ৰাম গুটিত -

*১৪৫ কেলৰি,

*৭ গ্ৰাম প্ৰটিন,

*৩৮ গ্ৰাম কাৰ্বহাইড্ৰেট,

*১.৫ গ্ৰাম ফাইবাৰ আৰু

*১ গ্ৰামতকৈ কম চৰ্বি থাকে।

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.15789473684
পাৰ্থকমল শৰ্মা Jul 20, 2019 11:01 PM

বহুত ভাল কথা শিকিবলৈ পালো

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top