এগৰাকী ভাৰতীয় বছৰি ১৮৩ টা কণী খাদ্য হিচাপে গ্ৰহণ কৰা প্ৰয়োজন । অথচ ভাৰতত জনমূৰি আয়ৰ তুলনাত কণী উৎপাদন হয় ৪০ টাতকৈও কম । ইয়াৰ বিপৰীতে এই হাৰ আমেৰিকাত ২৫৫ টা, ব্ৰাজিলত ৩৫৫ টা আৰু জাপানত ৩২৫ টা । এইবোৰ দেশৰ তুলনাত ভাৰতৰ অৱস্থা যে অতি দুখ লগা সেই কথা অতি স্পষ্টকৈ ওলাই পৰে । আমাৰ দেহৰ বাবে প্ৰয়োজনীয় প্ৰায় সকলো উপাদানে কণীত থকাৰ লগতে কণীৰ প্ৰ’টিনভাগত আৱশ্যকীয় এমাইনো এচিড থকা বাবে ই প্ৰ’টিনৰ এটা প্ৰধান উৎস । মাছত যকৃতৰ তেলৰ আন এনে কোনো উপাদান নাই , য’ত কণীতকৈ ভিটামিন –ডি পোৱা যায় । কণীৰ কুহুমে আমাক ভিটামিন-এ, চৰ্বি, লো, থায়’মিন আৰু কণীটোৰ মুঠ প্ৰ’টিনৰ তিনি ভাগৰ এক অংশ তথা মুঠ কেলৰিৰ চাৰিভাগৰ তিনি অংশ যোগান ধৰে । কণীৰ বগা অংশই আমাক ভিটামিন-বি, ৰাইবোফ্লেবিন যোগান ধৰাৰ উপৰি কণীটোৰ সৰহভাগ প্ৰ’টিন যোগান ধৰে । ইমানবোৰ উপাদান থকা বাবেই কণীটো অত্যাৱশ্যকীয় খাদ্য হিচাপে চিহ্নিত হৈছে । অন্যহাতে উৎপাদন কম বাবেই কণীৰ দামো অত্যধিক । এটা কণী সদায় খোৱাটো বহুতৰে ক্ষেত্ৰত সম্ভৱ নহয় । কণীৰ উৎপাদন বঢ়াবলৈ হ’লে যিবোৰ চৰাইৰ কণী আমি খাদ্য হিচাপে গ্ৰহণ কৰো, সেই চৰাইবোৰ পুহিব লাগিব । এইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব মানুহৰ ওপৰত । সেয়ে কণীৰ সংখ্যা বৃদ্ধি কৰাৰ ওপৰত সকলোৱে গুৰুত্ব দিয়া প্ৰয়োজন ।
ভাৰতবৰ্ষৰ আৰ্থ-সামাজিক দিশটো অনুন্নত । কণীৰ দৰেই প্ৰতিজন মানুহেই গাখীৰ খোৱাও প্ৰয়োজন । এটি শিশুৱে জন্ম হৈয়েই মাতৃৰ গাখীৰ আহাৰ হিচাপে গ্ৰহণ কৰে । বয়স বাঢ়ি অহাৰ লগে লগে শিশুৱে অন্য গাখীৰ খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে । গাখীৰ সকলোবোৰ উপৰিহাৰ্য উপাদান থকা একক খাদ্য । গাখীৰত অধিক পৰিমাণে এমাইনো এচিড থাকে বাবে প্ৰ’টিন-কেলৰিৰ অনুপাত উন্নত মানৰ । এই গাখীৰৰো উৎপাদন ভাৰতবৰ্ষত অতি কম । ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ অৱস্থা আৰু শোচনীয় । সেয়েহে কণীৰ লগতে গাখীৰৰ উৎপাদনৰ ওপৰতো সৰ্বাধিক গুৰুত্ব দিয়া প্ৰয়োজন ।
উৎস – জি এনআৰচি স্বাস্থ্য
শেহতীয়া উন্নীতকৰণ: : 3/12/2020
সস্তীয়া প্ৰযুক্তিৰে কেনেদৰে কণী সংৰক্ষন কৰিব পাৰি ...
কণীৰ বিষয়ে একাষাৰ