মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / কণীৰ পুষ্টিকৰ গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কণীৰ পুষ্টিকৰ গুণ :

কণীৰ পুষ্টিকৰ গুণৰ বিষয়ে লিখা হৈছে ।

 

সকলো বয়সৰ মানুহৰ বাবে উপকাৰী খাদ্য হ’ল কণী। ই প্ৰ’টিনৰ প্ৰধান উৎস। এই প্ৰ’টিন মানুহৰ শৰীৰৰ বৃদ্ধি আৰু গঠনৰ কাৰণে অতি প্ৰয়োজনীয় পুষ্টিকৰ উপাদান। উঠি অহা ল’ৰা-ছোৱালীৰ কাৰণে ইয়াক আদৰ্শ আহাৰ বুলি ক’ব পাৰি।

কণীত প্ৰ’টিনৰ উপৰি প্ৰচুৰ পৰিমাণে -

*আইৰণ,

*ভিটামিন এ,

*থিয়ামিন,

*ৰিৰফ্লেবিন,

*কেলচিয়াম আৰু

*‘ঘ’ ভিটামিন থাকে।

এইবোৰে আমাৰ শৰীৰক ৰক্ষণাবেক্ষণ দি বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰে। পুষ্টিকাৰী মূলালৈ লক্ষ্য কৰিলে কণীক সম্পূৰ্ণ আহাৰ বুলিব পাৰি।

ই কম সময়তে ৰান্ধিব পৰা অতি সুবিধাজনক আহাৰ। সাধাৰণতে সহজতে পোৱা হাঁহ আৰু কুকুৰাৰ কণীকে খাদ্যত অন্তৰ্ভুক্ত কৰা হয়। পৃথিৱীৰ সকলো ঠাইতে হাঁহ আৰু কুকুৰাৰ কণী সহজলভ্য।

বিভিন্ন ৰন্ধন প্ৰক্ৰিয়াৰে আমাৰ খাদ্যত কণী ব্যৱহাৰ কৰা হয়। কণী সিদ্ধ কৰি ওপৰৰ চোকোৰাটো গুচাই ৰুচি অনুযায়তী অলপ নিমখ ছটিয়াই পুৱাৰ জলপানৰ লগত খোৱা অতি উপাদেয় খাদ্য।

কণী ভাঙি গুৰি ভাজি কৰিও খোৱা হয়। গাজৰ পিহি বিলাহীৰ লগত মিশ্ৰণ ঘটাই ভাজি খাবলৈও অতি ৰুচিদায়ক হয়।

মিশ্ৰণ ঘটাই ৰন্ধা খাদ্য অতি লুচি বা ৰুটীৰ লগত ভাল অনুপাত হয়। কণীৰ অমলেট সকলোৰে অতি প্ৰিয় খাদ্য।

তদুপৰি আমাৰ আহাৰ প্ৰস্তুতকৰণত কণীৰ বিভিন্ন ধৰণৰ ব্যৱহাৰ হয়। আমাৰ খাদ্য প্ৰস্তুত কৰোঁতে অন্য বস্তুৰ লগত উপকৰণ হিচাপে কণীক ব্যৱহাৰ কৰা হয়।

উদাহৰণ স্বৰূপে কণীৰ দ’ম, কণীৰ মালাইকাৰী, কণীৰ কালিয়া, নাৰিকল দি ৰন্ধা কণীৰ আঞ্জা, সৰিয়হ দি ৰন্ধা কণীৰ আঞ্জা আদি। কষ্টাৰ্ড, পুডিং, কাটলেট, কাবাব, কেক আদিত কণীক উপকৰণ হিচাপে লৈ অতি উপাদেয় খাদ্য প্ৰস্তুত কৰা হয়।

কাষ্টাৰ্ড ভোজনৰ পাছত পৰিৱেশন কৰা এবিধ অতি সুস্বাদু খাদ্য কণীয়ে খাদ্যৰ কাৰণে ব্যৱহাৰ কৰা মিশ্ৰিণখিনিক গোট মৰাত সহায়ক হয় আৰু খাদ্যবস্তু উন্নত মানৰ, খাবলৈ অধিক সোৱাদ লগা আৰু পুষ্টিকৰ হয়। কণীৰ মিশ্ৰণ দি ৰন্ধা বস্তু ভাঙি নাযায়।

ই আৱৰণৰ দৰে কাম কৰে। কণীৰ মিশ্ৰণত তৈয়াৰ কৰা কেকৰ ৰং অতি সুন্দৰ হয়। কেক সকলোৰে অতি প্ৰিয় খাদ্য।

কণীত প্ৰচুৰ পৰিমাণে লো, ভিটামিন এ আৰু ৰিবফ্লেবিন থকাৰ কাৰণে ই আমাৰ শৰীৰৰ বহুতো প্ৰয়োজনীয় পোষকৰ যোগান ধৰে।

গতিকে আমাৰ দৈনন্দিন খাদ্যত কণীৰ সংযোজন অতি প্ৰয়োজন। মাছ, মাংস আদি প্ৰ’টিনৰ উত্তম উৎস যদিও বজাৰত মহঙা দামৰ বাবে সকলো শ্ৰেণীৰ মানুহে সদায় মাছ মাংস খোৱাটো সম্ভৱ নহয়।

কণীৰ অতি উচ্চমানৰ পুষ্টিকৰ উপাদান থকাৰ কণীয়ো আমাৰ শৰীৰৰ কাৰণে লাগতিয়াল চাহিদা পূৰণ কৰিব পাৰে। কণী ৰান্ধিবলৈও অতি সহজ। খুব কম সময়তে ৰান্ধিব পাৰি। সংক্ষেপতে ক’বলৈ গ’লে আমাৰ খাদ্যত কণীৰ গুৰুত্বপূৰ্ণ ভূমিকা মন কৰিবলগীয়া।

এই গুৰুত্বপূৰ্ণ খাদ্যবিধ নিৰ্বাচন কৰোঁতে বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত। ভালকৈ চাই চিতিহে কণী কিনিব লাগে। ভাল কণী প্লেটত ভাঙি দিলে বগা অংশৰ ওপৰত কুহুমটো ঘূৰণীয়া হৈ থাকে। কিন্তু ঘোলা কণী প্লেটত বহলকৈ মেলি খাই যায়। এটা পাত্ৰত পানী লৈ কণীটো পানীত দিলে যদি ডুব খাই যায় সেইটো ভাল কণী, বেয়া কণী পানীৰ ওপৰত ওপঙি যায়। এনেদৰেও কণী ভালনে বেয়া পৰীক্ষা কৰিব পাৰি।

লেখিকা: ৰেণু বৰা(নিয়মীয়া বাৰ্তা)

3.44444444444
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top