অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কফী খাওঁ আহক :

কফী খাওঁ আহক, সেই বিষয়ে লিখা হৈছে ।

ভাৰতবৰ্ষত চাহৰ প্ৰচলন খুব বেছি। ব্ৰিটিছৰ ৰাজত্বকালত চাহ এবিধ জাতীয় পানীয় হিচাপে প্ৰচলিত আছিল যদিও বিশ্বৰ আটাইতকৈ কফী উৎপন্ন হোৱা দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান ৬ নম্বৰত, কিন্তু আমাৰ দেশৰ ১২ টাৰ ভিতৰত মাত্ৰ এটা পৰিয়ালেহে কফী খায়।

কিন্তু তাৰে ৮০ শতাংশ দক্ষিণ ভাৰতৰ কফী উৎপন্ন হোৱা প্ৰদেশবোৰৰ মাজতে সীমাবদ্ধ। কিন্তু লাহে লাহে ভাৰতত কফীৰ প্ৰচলন বৃদ্ধি পাইছে। যোৱা দহ বছৰত কফী পান কৰাৰ পৰিমাণ ৪০ শতাংশ বৃদ্ধি পাইছে।

আমাৰ দেশলৈ কফী কেনেকৈ আহিল -

১৭ শ শতিকাত বাবা বুদান নামেৰে এজন চুফী সাধকে তীৰ্থযাত্ৰা কৰি ঘূৰি আহোঁতে য়েমেন দেশৰ পৰা ৭ টা কফী বীন চোৰাংভাৱে লৈ আহে আৰু দক্ষিণ ভাৰতৰ চিকমাগালুৰত কফী খেতি আৰম্ভ হয়।

বৰ্তমান কৰ্ণাটক, কেৰেলা আৰু তামিলনাডুত আটাইতকৈ বেছি কফী উৎপন্ন হয়। বাবা বুদানে চিকমাগালুৰৰ নিজৰ চোতালত আৰম্ভ কৰা কফী খেতি লাহে লাহে পাহাৰুৱা অঞ্চললৈ বিয়পি পৰে আৰু পিছত ‘বাবা বুদান হিলছ’ নামেৰে জনাজাত হৈ পৰে।

যোৱা কেইবছৰমানত আমাৰ দেশৰ মহানগৰ আৰু বিভিন্ন নগৰ আৰু বিভিন্ন নগৰসমূহত ‘কাফে কফী ডে’ আৰু ‘ষ্টাৰ বাকছ’ আদি কফী শ্বপ খোলাৰ বাবে কফী এটা জনপ্ৰিয় পানীয় হৈ পৰিছে।

কফী আৰু স্বাস্থ্য -

বহু বছৰ ধৰি কফী স্বাস্থ্যৰ কাৰণে অপকাৰী আৰু কফী সেৱন কৰিলে নানা ৰোগ সৃষ্টি কৰে বুলি লোকবিশ্বাস চলি আহিছিল।

বিশেষকৈ কফীয়ে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে বুলি ধাৰণা কৰিছিল। কিন্তু শেহতীয়াকৈ হোৱা বিভিন্ন বৈজ্ঞানিক সমীক্ষাবোৰত প্ৰমাণ হৈছে যে কফী পান আৰু হৃদৰোগৰ পৰা হ’ব পৰা মৃত্যুৰ আশংকা হ্ৰাস কৰে।

সমীক্ষাবোৰত প্ৰমাণিত হৈছে যে কফী স্বাস্থ্যৰ বাবে উপকাৰী আৰু ই বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে।

কফীয়ে স্বাস্থ্যৰ কি উপকাৰ কৰে সেই বিষয়ে তলত উল্লেখ কৰা হ'ল -

১)কফীয়ে কৰ্মশক্তি(এনাৰ্জী) বৃদ্ধি কৰে আৰু ব্যক্তিজনক ক্ষিপ্ৰ আৰু সজীৱ কৰি তোলে। কফীত থকা কেফেইন এবিধ মানসিক সংবেদনশীলতা বৃদ্ধি কৰা দ্ৰব্য। কফী পান কৰাৰ পিছত কফীত থকা কেফেইনে মগজুৰ বিভিন্ন ক্ৰিয়াৰ উন্নত কৰে।

  • কফীয়ে স্মৃতিশক্তি,
  • মেজাজ(মুড),
  • সতৰ্কতা,
  • প্ৰতিক্ৰিয়া কৰাৰ সময় আৰু মগজুৰ আন কাৰ্যসমূহ উন্নত কৰে।

২)কফীয়ে শৰীৰৰ চৰ্বি হ্ৰাস কৰে। বজাৰত উপলব্ধ যিমানবোৰ চৰ্বি হ্ৰাস কৰা ঔষধ আছে, সেইবিলাকৰ এটা প্ৰধান উপাদান হৈছে কেফেইন।

বিভিন্ন পৰীক্ষাত দেখা গৈছে ইযে কেফেইনে শৰীৰত চলি থকা ক্ৰিয়া-প্ৰতিক্ৰিয়াবোৰৰ(মেটাব’লিক ৰেট) ৩ৰ পৰা ১১ শতাংশ বৃদ্ধি কৰে। আন কিছুমান সমীক্ষাত দেখুৱাইছে যে কেফেইনে মেদবহুল ব্যক্তিৰ ক্ষেত্ৰত ১০ শতাংশ চৰ্বি হ্ৰাস কৰে।

৩)কফীয়ে শৰীৰৰ কাৰ্যক্ষমতা সাংঘাতিকভাৱে বৃদ্ধি কৰিব পাৰে। কফীয়ে শৰীৰত এড্ৰিনেলিনৰ মাত্ৰা বৃদ্ধি কৰি শৰীৰটোক কঠোৰ পৰিশ্ৰমৰ কাৰণে সাজু কৰে।

কেফেইনে সাধাৰণ ব্যক্তিৰ কৰ্মক্ষমতা ১২ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিব পাৰে। সেইবাবে ব্যায়াম কৰা ব্যক্তিসকলে ব্যায়াম কৰাৰ ৩০ মিনিট আগতে একাপ কফী খাই ল’লে বেছি ভালকৈ আৰু বেছি সময় ব্যায়াম কৰিব পাৰিব।

৪)কফীত কিছুমান দেহৰ বাবে পুষ্টিকৰ উপাদান থাকে। একাপ কফীত-

  • ভিটামিন বি২,
  • ভিটামিন বি৫,
  • মেংগানিজ,
  • পটাছিয়াম,
  • মেগনেছিয়াম আৰু
  • নিয়াচিন(ভিটামিন বি৩) থাকে।

একাপ কফীত যদিও এইবিলাকৰ পৰিমাণ যথেষ্ট নহয়, কিন্তু দিনটোত কেইবাকাপো কফী খালে যথেষ্ট পৰিমাণৰ পুষ্টিকৰ উপাদান শৰীৰলৈ যাব।

কফী এন্টিঅক্সিডেন্টৰে ভৰপূৰ। এন্টিঅক্সিডেন্টসমূহে শৰীৰত প্ৰদাহ নিয়ন্ত্ৰণ কৰি বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে।

৫)কফীয়ে ডায়েবেটিছ টাইপ টু হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে। ডায়েবেটিছ টাইপ টু এটা গুৰুতৰ স্বাস্থ্য সমস্যা আৰু গোটেই বিশ্বতে লাখ লাখ ব্যক্তিয়ে এই ৰোগত ভুগিছে।

সাধাৰণতে আমি ডায়েবেটিছ বুলি যিটো ৰোগ কওঁ, আচলতে সি ডায়েবেটিছ টাইপ টু। এই ৰোগত শৰীৰত ইনচুলিন কমকৈ উৎপন্ন হোৱাৰ বাবে বা ইনচুলিনে শৰীৰত ভালকৈ কাম কৰিব নোৱাৰাৰ বাবে ৰক্তত চেনিৰ পৰিমাণ বৃদ্ধি পায়।

তাৎপৰ্যপূৰ্ণভাৱে কফী পান কৰা ব্যক্তিসকলৰ ডায়েবেটিছ টাইপ টু হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। বিভিন্ন সমীক্ষাত দেখা গৈছে যে বেছিকৈ কফী পান কৰা ব্যক্তিসকলৰ মাজত ডায়েবেটিছৰ সম্ভাৱনা ২৩ ৰ পৰা ৫০ শতাংশ হ্ৰাস পায়।

৬)কফীয়ে যকৃতৰ সুৰক্ষা দিয়ে- যকৃত আমাৰ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ। যকৃতৰ বিভিন্ন ৰোগ যেনে- হেপাটাইটিছ, ফেটী লিভাৰ ডিজিজ আদিয়ে যকৃত ঘূণীয়া কৰে আৰু অৱশেষত ছিৰ’ছিছ হ’বগৈ পাৰে।

আশ্চৰ্যপূৰ্ণ কথা যে ৪ কাপ বা তাতকৈআধিক কফী খোৱা ব্যক্তিৰ যকৃতৰ ছিৰ’ছিছ হোৱাৰ সম্ভাৱনা ৮০ শতাংশ হ্ৰাস পায়।

৭)কফীয়ে স্মৃতিশক্তি হ্ৰাস হোৱা প্ৰতিৰোধ কৰে। ৬৫ বছৰৰ ওপৰৰ ব্যক্তিৰ স্নায়ুতন্ত্ৰৰ দুৰ্বলতা হৈ লাহে লাহে স্মৃতিশক্তি কমি আহে, যাক চিকিৎসা বিজ্ঞানত ‘এলঝেইমাৰ’ ৰোগ বুলি কোৱা হয়।

ভালেমান সমীক্ষাত দেখা গৈছে যে কফী পান কৰাসকলৰ ভিতৰত এই ৰোগৰ সম্ভাৱনা ৬৫ শতাংশ হ্ৰাস পায়।

৮)কফীয়ে মানসিক বিষণ্ণতা(ডিপ্ৰেচন) ৰোধ কৰে- বিষণ্ণতা এটা মানসিক ৰোগ। যি এটা সুস্থ জীৱনৰ মান যথেষ্ট হ্ৰাস কৰে।

হাৰ্ভাৰ্ডত হোৱা এটা সমীক্ষাত দেখা পোৱা গৈছে যি মহিলাই ৪ কাপ বা তাতকৈ অধিক কফী দৈনিক পান কৰে, তেনে মহিলাৰ ডিপ্ৰেচনৰ আশংকা ২০ শতাংশ হ্ৰাস পায়।

৯)কফীয়ে কিছুমান কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে- গোটেই বিশ্বতে কৰ্কট ৰোগ মৃত্যুৰ এটা অন্যতম প্ৰধান কাৰণ। কফীয়ে যকৃত আৰু কল’নৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

অত্যধিক পান কৰিলে কি হ’ব পাৰে -

২ কাপৰ পৰা ৩ কাপ কফী খোৱা স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু খুব বেছি কফী খালে স্বাস্থ্যৰ অপকাৰ কৰে। খুব বেছি কফী পান কৰিলে তলত উল্লেখ কৰা লক্ষণসমূহে দেখা দিব-

১)উদ্বেগ আৰু উদ্বিগ্নতা বৃদ্ধি পাব।

২)নিদ্ৰাহীনতা- সেইবাবে শোৱাৰ প্ৰায় ৬ ঘন্টাৰ আগৰ পৰা কফী খাব নালাগে।

৩)খুব বেছি কফীয়ে শৌচ পনীয়া কৰিব পাৰে আৰু কিছুমান ব্যক্তিৰ টেঙা পানী আনিব পাৰে।

৪)বহুদিন ধৰি বেছি কফী পান কৰি থাকিলে কফীৰ প্ৰতি আসক্তি(এডিকচন) আহিব পাৰে।

৫)খুব বেছি কফী পানে সাময়িকভাৱে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। সেইবাবে উচ্চ ৰক্তচাপ থকা ব্যক্তিয়ে নিজৰ ৰক্তচাপ কফী খোৱাৰ পিছত পৰীক্ষা কৰি চোৱা ভাল।

৬)বেছি কফী খালে সঘনাই প্ৰস্ৰাৱ কৰিব লাগিব পাৰে।

ওপৰৰ সকলো কথা বিবেচনা কৰি নিজেই কফীৰ মাত্ৰা নিৰ্ধাৰণ কৰি লৈ কফী খোৱাৰ আনন্দ লাভ কৰক আৰু এটা সুস্থ জীৱন অতিবাহিত কৰক।

লেখক: ডাঃ চন্দন বৰুৱা(নিয়মীয়া বাৰ্তা)

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top