অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কল খাওক :

কলৰ বিষয়ে লিখা হৈছে ।

 

কলে উচ্চ ৰক্তচাপ প্ৰতিহত কৰে আৰু ৰক্তচাপৰ পৰিমাণ বাঢ়িবলৈ নিদিয়ে।  উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে দিনে দুটাকৈ কল খালে এসপ্তাহতে ৰক্তচাপ ১০ শতাংশ হ্ৰাস পোৱাৰ উপক্ৰম হয়। কল যে কেৱল পকাইহে খাব পাৰি এনে নহয়, কেঁচা কল পুৰি বা ভাজি খোৱাৰ উপৰি পাচলিৰ লগত, মাছৰ লগত বা পাচলিৰ ৰূপত তৰকাৰি কৰি খাব পাৰি।

আমাৰ সকলোৰে প্ৰিয় ফল ‘কল। কল বেয়া বেয়া পোৱা মানুহ হয়তো নাই। ই শীতল, স্নিগ্ধ , গুৰুপাক আৰু শুক্ৰবৰ্ধক। কল কেইবা প্ৰকাৰৰ আছে, যেনে-

*মালভোগ

*চেনিচম্পা,

*আঠীয়া,

*জাহাজী,

*কাঁচকল,

*মহুনা,

*কেঁচুলেপীয়া,

*মনোহৰ,

*অমৃতসাগৰ আদিয়েই প্ৰধান।

প্ৰত্যেকবিধ কলৰে গুণ-ধৰ্ম বেলেগ হয়। কলৰ ফল-পাত, গা-গছ, শিপা আদি প্ৰত্যেকৰে ঔষধি গুণ আছে। সেয়ে ইয়াক বনৌষধিৰ তালিকাত ধৰা হৈছে। কল শৰীৰৰ বাবে উত্তম পুষ্টিকাৰক ফল। কলডিল বা কলগছৰ কাণ্ড, অৰ্থাৎ পচলা দুয়োটাই পুষ্টিকৰ খাদ্য। কলে আমাক হজমযোগ্য আৰু পুষ্টিকাৰক সমল কাৰ্ব’হাইড্ৰেট, ভিটামিন আৰু খনিজ পদাৰ্থৰ যোগান ধৰাৰ উপৰি আঁহজাতীয় দ্ৰব্যৰো যোগান ধৰে। এনে আঁহজাতীয় দ্ৰব্যৰ প্ৰধান ভূমিকা হৈছে কোষ্ঠকাঠিন্যৰ উপশম ঘটোৱা। আনহাতে, আমাৰ অন্ত্ৰত থকা এচিড’ফিলাছ প্ৰিয় আহাৰ ‘কল’। এই বেক্টেৰিয়াৰ মূল কাম হৈছে দেহৰ পৰা মল নিষ্কাশনত সহায় কৰা। সেয়ে কল খালে উক্ত দুই ধৰণৰ ক্ৰিয়াৰ দ্বাৰা শৌচ খোলোচা হোৱাৰ উপায় সহজ হৈ উঠে। নিয়মীয়াকৈ কম খোৱা লোকৰ বৃক্কৰ বেমাৰ কাচিৎহে হয়। দৃষ্টিশক্তি অটুট থাকে, দেহৰ ওজনৰ পৰিমাণ ঠিকে থাকে। তেজৰ পৰিমাণ সঠিক ৰূপত থাকে। শিশুৰ শাৰীৰিক বৃদ্ধিত ইতিবাচক প্ৰভাৱ পেলায় আৰু ওজন কম থকা লোকক ওজন বৃদ্ধিত সহায় কৰে। কলত থকা খাদ্যপ্ৰাণ ‘গ’ই ছাল মসৃণ কৰে আৰু ছালক স্কাৰ্ভি ৰোগ প্ৰতিৰোধত সহায় কৰে। কলে উচ্চ ৰক্তচাপ প্ৰতিহত কৰে আৰু ৰক্তচাপত ভোগা ৰোগীয়ে দিনে দুটাকৈ কল খালে এসপ্তাহতে ৰক্তচাপ ১০ শতাংশ হ্ৰাস পোৱাৰ উপক্ৰম হয়। কল যে কেৱল পকাইহে খাব পাৰি এনে নহয়, কেঁচা কল পুৰি বা ভাজি খোৱাৰ উপৰি পাচলিৰ লগত, মাছৰ লগত বা পাচলিৰ ৰূপত তৰকাৰি কৰি খাব পাৰি। কাঁচকল(পুৰাকল) গ্ৰহণী ৰোগ উপশমকাৰী আৰু ভীমকল তিওৱা পানী জণ্ডিচ ৰোগৰ মহৌষধ বুলি জনবিশ্বাস আছে।

কলৰ ঔষধি গুণাগুণ:

*কোনো মাদক দ্ৰব্য খাই শৰীৰত নিচা হৈ বিষক্ৰিয়া হ’লে আঠীয়া(ভীমকল) কলৰ গা-গছৰ ৰস চেকি লৈ খাব লাগে।

*কলগছৰ পৰা ৰস উলিয়াই খালে প্ৰস্ৰাৱৰ দোষ ভাল হয়।

*কলৰ ফুল নিয়মিত ভাজি খালে শৰীৰত জুয়ে পোৰাৰ পিছত সলনি হোৱা ছালৰ ৰং ভাল কৰে।

*শৰীৰত বগা দাগ পাৰিলে কলফুল বা কলডিল ভাজি খাব লাগে।

*আঠীয়া কলৰ পৰা প্ৰস্তুত কৰা চৰবত দিনে তিনি গিলাচকৈ অতিসাৰ হোৱা ৰোগীয়ে খালে শৌচ কঠিন হয়।

*অম্লপিত্তত কলৰ বাকলিৰ পৰা প্ৰস্তুৰ কৰা খাৰ আহাৰৰ লগত অলপ সৰিয়হ তেল আৰু সৈন্ধৱ লৱণ(ক’লা নিমখ) মিহলাই খাব লাগে।

*কলগছৰ শিপাৰ ৰস তিনি চামুচত সমপৰিমাণৰ অলপ মৌজোল মিহলাই খালে শুক্ৰ বৃদ্ধি হয়। ভগ্ন স্বাস্থ্যত পকা মালভোগ কলৰ লগত এঁৱা গাখীৰ, ঘি, মৌজোল(বেলেগ বেলেগ পৰিমাণত) গুৰ, চাগুৰ লগত একেলগে মিশ্ৰণ কৰি নিয়মিত খালে ভগ্ন স্বাস্থ্য সুন্দৰ হয়।

*ৰক্তপিত্তত কলডিল ঘিৰ লগত ভাজি খাব লাগে।

*কলত ছেৰ’ট’নিন নামৰ পদাৰ্থ থাকে বাবে মগজুৰ বাবে কল অত্যন্ত প্ৰয়োজনীয় ফল।

*কোষ্ঠকাঠিন্য হ’লে পকা কল খাব লাগে।

*অন্ত্ৰৰ ঘা শুকাবলৈ কল খাব লাগে। কল খালে ঘা সহজে শুকায়।

*গ্ৰহণী হৈছে যদি কল নিয়মিতভাৱে খালে সুফল পাব। কাঁচকলো ইয়াৰ কাৰণে লাভজনক।

*অপুষ্টিত ভোগা ৰোগীৰ বাবে কল উত্তম আহাৰ। শিশুৰ বাবে কল বৰ উপকাৰী। কিয়নো কলে প্ৰয়োজনীয় পুষ্টি যোগান ধৰে, লগতে সহজে হজমো হয়।

*ইয়াৰ উপৰি সকলো ধৰণৰ কল বায়ু, পিত্ত, অস্মৰী, চুলিৰ ৰোগ, চৰ্মৰোগ, কৃমি, তৃষ্ণা, মেহ আদি ৰোগত প্ৰয়োগ কৰিলে সুফল পোৱা যায়।

কলত কি কি থাকে?

প্ৰতি এক পাউণ্ড(৪৫৪ গ্ৰাম) কলত থকা আমাৰ লাগতিয়াল দ্ৰব্যসমূহ এনেধৰণৰ-

 

কেল’ৰি

২৯৯ গ্ৰাম

প্ৰ’টিন

৩৬ গ্ৰাম

চৰ্বি

০.৬ গ্ৰাম

কাৰ্ব’হাইড্ৰেট

৬৯.৯ গ্ৰাম

কেলচিয়াম

২৪ মিলিগ্ৰাম

এছকৰবিক এচিড

২৯ মিলিগ্ৰাম

ফছফৰাছ

৪৫ মিলিগ্ৰাম

আইৰন

১.৮ মিলিগ্ৰাম

ভিটামিন ‘এ’

০.২৭ মিলিগ্ৰাম

ৰিব’ফ্লাডিন

০.১৯ মিলিগ্ৰাম

নিয়াচিন

১.৭ মিলিগ্ৰাম

 

লেখক: দিব্যজ্যোতি ভূঞা(নিয়মীয়া বাৰ্তা)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top