মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / কল খাবলৈ অভ্যাস কৰক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কল খাবলৈ অভ্যাস কৰক

কল খাবলৈ অভ্যাস কৰক, সেই বিষয়ে লিখা হৈছে ।

কল উৎপাদনৰ ক্ষেত্ৰত পূব ভাৰতৰ এক বিশেষ নাম আছে। বিহাৰৰ পৰা অসমলৈকে এই অঞ্চলটোত যথেষ্ট কল উৎপাদন হয়। অৱশ্যে দক্ষিণ ভাৰত আৰু পশ্চিম অঞ্চলতো কলৰ উৎপাদন নোহোৱাকৈ নাথাকে।

কেৱল ভাৰততে নহয়, সমগ্ৰ পৃথিৱীৰ মানুহৰ বাবেই কল হ’ল অন্যতম প্ৰিয় ফল। হিন্দুসকলৰ বাবে কল পবিত্ৰ ফল:পূজা-পাৰ্বণ, শৰাই, ভোগ আদি বিভিন্ন উপলক্ষ্যত কলৰ ব্যৱহাৰ নহ’লেই নহয়।

কলৰ খাদ্যমূল্য :-

ভিটামিন আৰু অন্যান্য -

খাদ্যমূল্যৰ দিশৰ পৰা কল আপেলতকৈও ওপৰত। আপেলত নোপোৱা কেইবাবিধো উপাদান কলত যথেষ্ট পৰিমাণে পোৱা যায়।

কলৰ পৰা শক্তি, অৰ্থাৎ কেলৰিও পোৱা যায়, যিটো সাধাৰণতে অন্যান্য ফলৰ পৰা আশা কৰা নাযায়।

কেলৰিপূৰ্ণ হোৱা বাবে কোনো ক্ষেত্ৰত কলক মূল খাদ্যৰ আংশিক বিকল্প হিচাপে গ্ৰহণ কৰিব পাৰি।

আমাৰ শৰীৰে সহজেই আত্মীকৰণ কৰিব পৰা চেনি বা গ্লুক’জ কলত যথেষ্ট থাকে আৰু সেয়েহে তাৎক্ষণিক ভাগৰ পলুৱাবৰ বাবে কল বৰ উপাদেয় ফল।

পথাৰত হাল বোৱা, কোৰ মৰা, ধান দোৱা আদি কামত ব্যস্ত থকা ব্যক্তিসকলৰ বাবে সেয়েহে কল বৰ প্ৰয়োজনীয় ফল বুলি বিবেচিত হ’ব পাৰে, কিয়নো শক্তিদায়ক খাদ্য হিচাপে ইয়াক লগত লৈ ফুৰিবলৈও সহজ।

পকা কলত গাখীৰ মিহলি কৰিলে প্ৰায় সম্পূৰ্ণ সুষম আহাৰ প্ৰস্তুত হয়। গাখীৰ মিহলি কলত উচ্চ গুণযুক্ত প্ৰ’টিন থাকে, য’ত অত্যাৱশ্যকীয় এমাইন’ এচিডৰ কেইবাটাও উপাদান থাকে।

কল আৰু গাখীৰ পৰস্পৰৰ পৰিপূৰক হৈ পৰে আৰু দুয়োবিধ মিহলি কৰিলে এবিধ বিশেষ ধৰণৰ সম্পূৰ্ণ সুষম আহাৰ প্ৰস্তুত হয়।

বিজ্ঞানসন্মত অধ্যয়ন নাথাকিলেও অভিজ্ঞতাৰ পৰাই পৰিপুষ্টি সম্পৰ্কীয় জ্ঞান আমাৰ ককা-আইতাহঁতে আয়ত্ত কৰিছিল আৰু সেয়েহে তেওঁলোকে পকা ভীমকল আৰু গাখীৰৰ মিশ্ৰণ শিশুবিলাকৰ মুখ্য জলপান হিচাপে ব্যৱহাৰ কৰিছিল।

১০০ গ্ৰাম কলত থকা বিভিন্ন উপাদানসমূহৰ পৰিমাণ সংলগ্ন তালিকাত উল্লেখ কৰা হ’ল।

ওজন কমাবলৈ কল খাওক -

যিসকলে অধিক খোৱাৰ বাবেই বা উচ্চ কেলৰিযুক্ত আহাৰ সঘনাই গ্ৰহণ কৰাৰ বাবেই মেদবহুলতা বা ওজন বৃদ্ধিজনিত সমস্যাত ভুগিছে, তেওঁলোকে আন খাদ্যৰ বিকল্প হিচাপে কল আৰু গাখীৰ খাই অতিকায়তা বা বৰ্ধিত ওজন নিয়ন্ত্ৰণলৈ আনিব পাৰে।

এই ক্ষেত্ৰত মেদবহুলতা কমাবলৈ হ’লে, অন্যান্য খাদ্য বাদ দি দৈনিক ছটা পকা কল ১ লিটাৰ স্কিম মিল্ক (টনা গাখীৰ) সহ পোন্ধৰ দিন খাব লাগিব। পোন্ধৰ দিন কেৱল এইখিনি খাদ্যকে গ্ৰহণ কৰাৰ পাছত লাহে লাহে শাক-পাচলি খাবলৈ আৰম্ভ কৰিব লাগে।

শাক-পাচলি খাবলৈ লোৱাৰ পাছত কলৰ সংখ্যা ৪ টালৈ কমাব লাগে আৰু উচ্চতা অনুপাতে ওজন সঠিক নোহোৱা পৰ্যন্ত এই প্ৰক্ৰিয়াটো মানি চলিব লাগে।

মেদবহুলতাত ভোগাসকলৰ বাবে কলৰ কোনো পাৰ্শ্বক্ৰিয়া নাই, কিয়নো কলত ছডিয়াম নাথাকে।

আন্ত্ৰিক আসোঁৱাহৰ বাবে কল উপকাৰী -

কল সহজেই হজম হোৱাৰ লগতে কলে নিয়মীয়া পাইখানা হোৱাতো সহায় কৰে। কোমল আৰু লুপসুপীয়া প্ৰকৃতিৰ হোৱা বাবে কল গেষ্ট্ৰিক আৰু গেষ্ট্ৰিক আলচাৰৰ বাবে বিশেষ উপকাৰী।

অন্যান্য টেঙাজাতীয় ফলবিলাক সাধাৰণতে গেষ্ট্ৰিক বা গেষ্ট্ৰিক আলচাৰত ভোগাসকলৰ বাবে নিষিদ্ধ হোৱাৰ বিপৰীতে কল এই দুই ৰোগত বিনাদ্বিধাই খাই থাকিব পাৰি। কোষ্ঠকাঠিন্য নিৰাময় কৰাতো পকা কলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

অন্যান্য ফলৰ দৰে ‘পেকটিন’ নামৰ পদাৰ্থবিধ কলতো থাকে আৰু কলত অলপ বেছিকৈহে থাকে। এই পেকটিনে পানী শোষণ কৰি শৌচ খোলোচা কৰাত সহায় কৰে।

কলৰ অন্যান্য ব্যৱহাৰ -

পুৰা কল বা কাচ কল নামৰ কলবিধ আমি কেঁচাই, তৰকাৰী বনাই খাওঁ। কেৱল পূৰা কলেই নহয়, সকলোবোৰ কলেই কেঁচাতে তৰকাৰী হিচাপে খাব পাৰি।

এনেদৰে সিঅজই খোৱা কলৰ পৰা শ্বেতসাৰ পোৱা যায় যাৰ খাদ্যমূল্য আলুৰ সৈতে সম-পৰ্যায়ৰ। কলগছৰ ফুল বা ‘কলডিল’ তৰকাৰী হিচাপে খোৱা এবিধ জুতিকাৰক খাদ্য।

কলডিলৰ বাকলি এৰুৱাই পেলালে ওলোৱা বগা বগা ফলবোৰ বেছন আদিৰ সৈতে মিহলাই বৰ ভাজি খাবলৈও জুতি লগা।

জুয়ে পুৰিলে তাৎক্ষণিক উপশমৰ বাবে পকা কলৰ প্ৰলেপ দিলে যথেষ্ট আৰাম পোৱা যায়। অৱশ্যে এনে প্ৰলেপ দিবলৈ পকা কলটো সম্পূৰ্ণ মিহিকৈ পিহি ল’ব লাগে।

কলত যথেষ্ট বেছি পৰিমাণে পটাছিয়াম থাকে, সম্ভৱ উপলব্ধ ফলবোৰৰ ভিতৰত কলতেই পটাছিয়ামৰ পৰিমাণ অধিক। অধিক পটাছিয়ামে শৰীৰৰ চাপ নিয়ন্ত্ৰণত সহায় কৰে।

পটাছিয়াম বেছি থকাৰ বাবে ডাবৰ পানীৰ নিচিনাকৈ এইবিধ ফলো বৃক্কৰ অসুখত ভুগি থকাসকলে ব্যৱহাৰ নকৰাই ভাল, কিয়নো অধিক পটাছিয়ামে বৃক্কৰ অধিক ক্ষতিহে কৰে।

কৃমিভাৱে পকোৱা কলৰ তিতা-মিঠা -

কেৱল কলেই নহয়, অন্যান্য বহুবোৰ ফলেই কাৰ্বাইড দি কৃত্ৰিমভাৱে পকোৱাৰ ব্যৱস্থা কৰা হয়। সাধাৰণতে ব্যৱসায়িক কাৰণত আৰু লৰা-লৰিকৈ হোৱা প্ৰয়োজনত ফল-মূলসমূহ এনেকৈ কৃত্ৰিমভাৱে পকোৱা হয়।

যিকোনো ফলেই স্বাভাৱিকভাৱে পকিলেহে সি শৰীৰ বাবে উপকাৰী, ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি কৃত্ৰিমভাৱে পকোৱা ফল শৰীৰৰ বাবে উপকাৰী নহয়।

বিজ্ঞানৰ পৰীক্ষাৰ পৰা জনা গৈছে যে যি ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ বাবে কেঁচা ফল স্বাভাৱিকভাৱে পকিবলৈ ধৰে, তেনে ৰাসায়নিক বিক্ৰিয়াত ইথিলিন গেছ উৎপন্ন হয় । এই ইথিলিন গেছৰ বাবেই ফলসমূহ পকিবলৈ আৰম্ভ কৰে।

অৱশ্যে স্বাভাৱিক অৱস্থাত এই ইথিলিন গেছৰ উৎপত্তিৰ পৰিমাণ তেনেই কম, যাৰ বাবে গছত বা গছৰ পৰা ছিঙি অনাৰ পিছত ফলসমূহ বৰ লাহে লাহেহে পকিবলৈ ধৰে।

কলজাতীয় ফলসমূহ কৃত্ৰিমভাৱে পকাবলৈ যি কাৰ্বাইড নামৰ দ্ৰব্য ব্যৱহাৰ কৰা হয়, সেই কাৰ্বাইডৰ পৰা এচিটিলিন গেছ উৎপন্ন হয়।

অৱশ্যে কাৰ্বাইডৰ পৰা উৎপত্তি হোৱা এচিটিলিন গেছ আৰু স্বাভাৱিকভাৱে কল পকোতে উৎপন্ন হোৱা ইথিলিন গেছৰ মাজত পাৰ্থক্য যিয়েই নাথাকক কিয়, এই দুই দ্ৰব্যৰ বিষক্ৰিয়াৰ কথা জনা হোৱা নাই।

ৰসায়ন বিজ্ঞানৰ দিশৰ পৰা এচিটিলিন গেছ স্বাভাৱিকভাৱে উৎপত্তি হোৱা ইথিলিন গেছতকৈ অধিক অসংপৃক্ত, গতিকে এচিটিলিন গেছ স্বাস্থ্য হানিকৰ নহয়। আকৌ ফল পকাৰ পাছত তাত এচিটিলিন গেছৰ কোনো অৱশিষ্ট নাথাকে।

প্ৰভেদ কেৱল এটা যে ইথিলিন গেছ স্বাভাৱিকবহৱেই কলৰ মাজত সৃষ্টি হয় আৰু এচিটিলিন গেছ কৃত্ৰিমভাৱে বাহিৰৰ পৰা যোগান ধৰা হয়।

এচিটিলিন গেছ উৎপত্তিৰ বাবে কেলচিয়াম কাৰ্বাইড নামৰ ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োজন, যাক আমি সহজতে ‘কাৰ্বাইড’ বুলি কওঁ।

কেলচিয়াম কাৰ্বাইড জলীয় বাষ্পৰ সংস্পৰ্শত আহিলে এচিটিলিন গেছ  উৎপন্ন হয়। এই গেছ সম্পূৰ্ণ এৰাতিমান কেঁচা কলৰ সংস্পৰ্শত থাকিলে ফলৰ ৰং সামান্য হালধীয়া হয় আৰু পকা ফলৰ দৰে নৰম আৰু সুস্বাদু হয়।

অৱশ্যে ৰাসায়নিক পৰীক্ষাৰ দ্বাৰা গছত পকা ফল আৰু কাৰ্বাইড দি পকোৱা ফলৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰাটো দুৰুহ কাম। শুনা যায় যায় যে কাৰ্বাইড দি পকোৱা ফলৰ পৰা আন্ত্ৰিক ৰোগ হয় আৰু এনে ফলৰ খাদ্যগুণ কমি যায়।

সম্পূৰ্ণ অপূৰঠ ফল কাৰ্বাইড দি কৃত্ৰিমভাৱে পকালে হয়তো ইহঁতৰ পুষ্টিমূল্য কমি যাব পাৰে, কিন্তু পূৰঠ ফলৰ ক্ষেত্ৰত এনে আশংকা প্ৰমাণসিদ্ধ নহয়।

ফলৰ অপচায় বন্ধ কৰিবলৈ, গোটেই বছৰ ফলৰ যোগান অক্ষুণ্ণ ৰাখিবলৈ আৰু ফল উৎপাদকৰ আৰ্থিক দিশটোৰ কথা বিবেচনা কৰি কাৰ্বাইড প্ৰয়োগৰ ক্ষেত্ৰত এতিয়াও নিষেধাজ্ঞা প্ৰয়োগ কৰা হোৱা নাই।

১০০ গ্ৰাম কলত থকা বিভিন্ন উপাদানৰ পৰিমাণ এনেধৰণৰ:

পানী

৭০.১০ গ্ৰাম

চৰ্বি

০০.৩ গ্ৰাম

প্ৰ’টিন

০১.২০ গ্ৰাম

খনিজ পদাৰ্থ

০০.৮০ গ্ৰাম

আঁহজাতীয় পদাৰ্থ

০০.৪০ গ্ৰাম

কাৰ্বহাইড্ৰেট

২৭.২০ গ্ৰাম

কেলচিয়াম

১৭.১০ মিলিগ্ৰাম

থায়ামিন (বি১)

০০.০৫ মিলিগ্ৰাম

ফছফৰাছ

৩৬.০০ মিলিগ্ৰাম

ভিটামিন-এ

৭৮.০০ মিলিগ্ৰাম

লো

০০.৯০ মিলিগ্ৰাম

ৰাইব’ফ্ৰেভিন (বি২)

০০.০৮ মিলিগ্ৰাম

নিয়াচিন

০০.০৫ মিলিগ্ৰাম

ভিটামিন-চি

০৭.০০ মিলিগ্ৰাম

কেলৰি

১১৬

 

লেখক :- ডা: প্ৰবীণ কুমাৰ নেওগ

উৎস :- জি এনআৰচি স্বাস্থ্য

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top