মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / কলপচলাৰ উপকাৰিতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কলপচলাৰ উপকাৰিতা :

কলপচলাৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

কল পচলা বহু ৰোগত উপকাৰী ।ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে। ইয়াৰ উপৰিও ভিটামিন B6, পটাচিয়াম, আইৰণ আদি পোৱা যায়।

(১)প্ৰচুৰ পৰিমাণে আঁহ থকাৰ বাবে কোষ্ঠকাঠিন্যত সুফল পোৱা যায়।

(২)আইৰণ, ভিটামিন B6 আদি থকাৰ বাবে ৰক্তহীনতা বা এনিমিয়া ৰোগত উপকাৰী।

(৩)উচ্চ ৰক্তচাপত পচলা উপকাৰী। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

(৪)কলেষ্টৰল সমস্যাটো পচলা খালে সুফল পোৱা যায়।

(৫)পেটৰ চৰ্বি কমোৱাত পচলাই সহায় কৰে। সেয়েহে মাজে মাজে পচলা খাব লাগে।

(৬)মূত্ৰজনন(diuretic) হোৱাৰ বাবে পেচাবৰ বিভিন্ন সমস্যাত পচলা খালে সুফল পোৱা যায়। মূত্ৰনলীৰ সংক্ৰমণ (urinary tract infection) ত পচলা খালে সুফল পোৱা যায়।

(৭)পচলাই কিডনী স্টোন হোৱাত বাধা দিয়ে।

(৮)ইউৰিক এচিডৰ সমস্যাত ই খুবেই উপকাৰী। এই সমস্যাত ভোগা সকলে মাজে মাজে পচলা খাওক।

(৯)ডায়েবেটিচ ৰোগতো ই খুব উপকাৰী। ডায়েবেটিচ ৰোগীয়ে নিচিন্ত মনেৰে পচলা খাওক। ই ডায়েবেটিচ ৰোগৰ পৰা হোৱা অন্য সমস্যাও দূৰ কৰাত সহায় কৰে।

(১০)বডী দিতক্স বা শৰীৰৰ শোধন কৰাত পচলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল বৰ্জ্য পদাৰ্থ সমূহ পেচাব, পাইখানাৰ যোগেদি শৰীৰৰ পৰা উলিয়াই দিয়াত ই সহায় কৰে।

(১১)লিভাৰৰ বিভিন্ন সমস্যাত পচলা উপকাৰী। বিশেষকৈ ফেটি লিভাৰ, জণ্ডিচত পচলা খালে উপকাৰ পোৱা যায়।

লেখিকা: ডাঃ ৰেইনী দেৱী( আয়ুৰ্বেদিক চিকিৎসক)

ফোন নং 7399114617

 

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top