অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কলাখাৰ

কলাখাৰ

banana

অতীজৰে পৰা অসমীয়া জনজীৱনত কলাখাৰে বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে৷ ‘খাৰখোৱা’ শব্দৰ প্ৰয়োগ অসমীয়া সাহিত্যত অতি প্ৰাচীনকালৰ পৰা বাৰম্বাৰ কৰি অহা হৈছে৷ প্ৰতিজন অসমীয়াৰ আখলত কলাখাৰ এক অপৰিহাৰ্য্য খাদ্য৷ কলৰ খাৰেৰে নানাবিধ জুতিলগা ব্যঞ্জন অসমীয়া গৃহিনীয়ে তৈয়াৰ কৰিব পাৰে৷ ‘খাৰখোৱা’ বুলিলে নিৰ্দিষ্টকৈ অসমীয়া জাতিটোকে বুজায়৷ আজি খাৰখোৱা অসমীয়া গোটেই বিশ্বতে নানানটা কৰ্মক্ষেত্ৰত বিয়পি আছে৷ খাৰখোৱা অসমীয়াৰ এসময়ত অতিথিপৰায়ণ, পৰাক্ৰমী, সাহসী জাতি বুলি সুনাম আছিল৷ চীনা পৰিব্ৰাজক হিউৱেনচাঙে আৰু মোগল সেনাপতি ৰামসিংহৰ বিবৃতিয়ে এসময়ৰ অসমীয়াৰ শৌৰ্য্য বীৰ্য্যৰ গৰিমা বুৰঞ্জীত লিপিবদ্ধ কৰি থৈ গৈছে৷ ইয়াৰ বিপৰীতে আজি এচাম অসমীয়া কৰ্মবিমুখ, এলেহুৱা, সুবিধাবাদী, বিনা শ্ৰমে ধনী হব খোজা লোক বুলি পৰিচয় দাঙি ধৰিবলগীয়া হোৱাটো অতিকৈ দুৰ্ভাগ্যজনক৷

কলাখাৰ হ’ল কলৰ বাকলি অথবা মূঢ়া শুকুৱাই পুৰিলে ওলোৱা ছাইত পানী দি থৈ পিছত তাৰ পৰা নিগৰি ওলোৱা খাৰ পানী৷ সাধাৰণতে ভীমকল গছৰ পৰা কলাখাৰ তৈয়াৰ কৰা হয়৷ কেতিয়াবা কলৰ গছ অংশও (পাত, পটুৱা আৰু কলগছৰ মাজৰ ডিলা অংশও) ৰ’দত শুকুৱাই পুৰি কলাখাৰ প্ৰস্তুত কৰা হয়৷

অতীতত অসমীয়াসকলে, বিশেষকৈ অনাৰ্যসকলে নিমখৰ সলনি আঞ্জাত খাৰ দি খাইছিল৷ “খাৰ খোৱা অসমীয়া” বাক্যটিৰ প্ৰচলনৰ উৎস তেনেকৈয়ে হোৱা বুলি ভবাৰ থল আছে৷ আঞ্জাত খাৰ ব্যৱহাৰ কৰা হয় প্ৰধানকৈ দুটা কাৰণত৷ প্ৰথমটো কাৰণ, নিমখৰ বিকল্প হিচাপে খাদ্যত খাৰ ব্যৱহাৰ কৰা হৈছিল৷ দ্বিতীয় কাৰণটো হ’ল- সততে নিসিজা শাক-পাচলিত খাৰ দিলে সোনকালে সিজে৷

নিতুল বৰাই ‘সংস্কৃতিৰ ইটো সিটো’ প্ৰৱন্ধত এটা সময়ত অসমীয়া সমাজত প্ৰচলিত কলাখাৰেৰে কাপোৰ ধোৱা প্ৰথাৰ বিষয়ে বিতংকৈ লিখিছে৷ তেওঁ জনাইছে – কলাখাৰত উতলোৱা কাপোৰ অতি চাফা হয়৷ বেমাৰৰ বীজাণু আদিও খাৰৰ পানীত মৰি যায়৷ আগৰ দিনত কলাখাৰেৰে কাপোৰ ধোৱা কাৰ্য্যই আছিল অসমৰ প্ৰথম কাপোৰ ধোৱা প্ৰথা৷ তেতিয়াৰ দিনত কলাখাৰেৰে মানুহে গা-মূৰ আদিও ধুইছিল৷ কলাখাৰ প্ৰস্তুত কৰাৰ পদ্ধতি আছিল এনেকুৱা- কলগছ একোডাল, বিশেষকৈ ভীমকলৰ গা-গছ আগৰ পৰা গুৰিলৈকে টুকুৰা-টুকুৰ কৰি কাটি লৈ দুহাতমান দীঘল কৰি পাতল পাতল কৰি চিৰিয়া চিৰিকৈ ফালি ৰ’দত শুকুৱাব লাগে৷ অন্ততঃ সাত দিন মান ৰ’দত শুকুৱাই জুই জ্বলাই পুৰিব লাগে৷ ছাই হোৱাৰ পিছত জাতি লাউৰ খোলাৰ তলত এটা বিন্ধা কৰি লৈ ভিতৰত কলাখাৰ ভৰাই লৈ পানী ভৰাই দিব লাগে৷ লাউটোৰ তলৰ ফুটাটোৰে বা বিন্ধাটোৰে টোপ টোপকৈ পানী বাহিৰ হৈ পৰিব আৰু আন এটা পাত্ৰত টোপটোপকৈ পৰা খাৰৰ পানীখিনি সংগ্ৰহ কৰিব লাগে৷

ৰাজীৱ বৰাই লিখিছে- আটাইতকৈ সৰল অথচ প্ৰায়োগিক ‘অসমীয়াৰ সংজ্ঞাটো’ হ’ব এনেকুৱা: “অসম ভূ খণ্ডত বসবাস কৰি থকা যিয়েই কলাখাৰ খায় আৰু খাই ভাল পায়, সিয়েই অসমীয়া”৷ তেওঁ আৰু লিখিছে – আমি জনাত পৃথিৱীৰ আনবোৰ অঞ্চলৰ মানুহৰ কলাখাৰ খোৱাৰ অভ্যাস নাই৷ প্ৰয়োজন উদ্ভাৱনৰ মূল৷ অসমৰ মানুহেও খুব সম্ভৱত বাধ্যত পৰিহে কলাখাৰৰ উদ্ভাৱন কৰিছিল আৰু খাবলৈ লৈছিল শৰীৰত প্ৰয়োজন হোৱা সাধাৰণ লৱণৰ পৰিপূৰক হিচাপে, কিয়নো এই ভূখণ্ডত লোণৰ আকৰ নাই তথা ওচৰত লৱণ উৎপাদন কৰিব পৰা সাগৰো নাই৷ বহুত পিছতহে অসমলৈ লৱণৰ আমদানি হৈছিল৷ মানৱৰ শৰীৰত লৱণৰ প্ৰয়োজন আছে, গতিকে সহজে উপলব্ধ নোহোৱা সাধাৰণ লৱণৰ প্ৰয়োজন পূৰাবলৈকে এই ভূখণ্ডৰ বাসিন্দাসকলে এসময়ত কলাখাৰৰ উদ্ভাৱন কৰি লৈছিল৷ কলাখাৰৰ ‘ৰাসায়িনক নাম হ’ল প’টাছিয়াম-বাই-কাৰ্বনেট(KHCO3)৷ খাদ্যৰ পাচনৰ বাবে মানৱ পাকস্থলীত হাইড্ৰক্ল’ৰিক এচিড থাকে৷ পাচন প্ৰক্ৰিয়াত এই এচিড সম্পূৰ্ণৰূপে ব্যৱহৃত নহ’লে এচিডিটিৰ উদ্ভৱ হয়৷ কলাখাৰে হাইড্ৰক্ল’ৰিক এচিডৰ লগত ৰাসায়িনক বিক্ৰিয়া কৰি লৱণৰ (KCl) উৎপাদন কৰে, অৰ্থাৎ এচিডিটি নাইকিয়া কৰে৷ এই বিক্ৰিয়াত লৱণৰ লগতে কাৰ্বন ডাই অক্সাইড (CO2) আৰু পানী(H2O) উৎপন্ন হয়— উৎপাদিত কাৰ্বন ডাই অক্সাইড শৰীৰৰ পৰা ওলাই যায়, উৎপাদিত পানীক শৰীৰে ব্যৱহাৰ কৰে অথবা প্ৰস্ৰাৱৰ লগত বাহিৰ কৰি দিয়ে৷ (KHCO3+HCl=KCl+CO2+H2O)৷ এইদৰে উৎপাদন হোৱা লৱণ (KCl) সাধাৰণ লৱণতকৈ(NaCl) শৰীৰৰ বাবে বেছি উপকাৰী৷

(কলাখাৰৰ বিষয়ে জনাবলৈ আমাৰ লিখনিত উপৰোক্ত দুই লিখকৰ উদ্ধৃতি হুবহু তুলি দিয়া হৈছে৷ এই চেগতে দুয়োজন লিখকক ধন্যবাদ জনালোঁ৷)

ৱিকিপিডিয়াৰ মতে কলৰ প্ৰতি ১০০ গ্ৰাম ছাইত নিম্ন লিখিত উপাদানসমূহ থাকে – প’টাছিয়াম ২৫৫ মিলিগ্ৰাম, মেগনেছিয়াম ২৭ মিলিগ্ৰাম, ফচফ’ৰাচ ৩৩ মিলিগ্ৰাম, ছ’ডিয়াম ৫১ মিলিগ্ৰাম আৰু কেলছিয়াম ৬.৬ মিলিগ্ৰাম৷ কলত প’টাছিয়াম নামৰ শৰীৰৰ বাবে অতি লাগতিয়াল খনিজ তত্ত্ব থাকে৷ আমাৰ শৰীৰক দৈনিক প্ৰায় ১০০ মিলিগ্ৰাম প’টাছিয়ামৰ আৱশ্যক হয়৷ শৰীৰৰ বাবে আন লাগতিয়াল খনিজ তত্ত্ব কেইবিধ হ’ল কেলছিয়াম, মেগনেছিয়াম, ছ’ডিয়াম, চালফাৰ, ক্ল’ৰাইড, আৰু ফচফ’ৰাচ৷ প’টাছিয়ামে শৰীৰক উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰ’ক হোৱাৰ পৰা সুৰক্ষা দিয়ে৷ কিডনিৰ পাথৰ হোৱা প্ৰতিৰোধ কৰে আৰু হাড়ৰ ঘনত্ব বজাই ৰখাত সহায় কৰে৷ কলৰ ছাইৰ পৰা চাবোন নিৰ্মাণ কৰা হয় আৰু কলৰ ছাইৰ পৰা উৎকৃষ্ট অ’ৰ্গেনিক বা জৈৱিক সাৰ উৎপাদন কৰা হয়৷ মোৰ মনত পৰে ল’ৰালি কালত মোৰ শিক্ষয়ত্ৰী মাতৃয়ে ঘৰৰ এৰীচাদৰ, মূগাৰ কাপোৰ সদায় কলাখাৰেৰে ধুইছিল৷ সপ্তাহে -পষেকে আমাক কলাখাৰেৰে গা-মূৰো ধুব দিছিল৷

বহুতৰ মনত শংকা উৎপন্ন হোৱাটো স্বাভাৱিক গৰ্ভৱতী মহিলাই কলাখাৰ বা আন খাৰুৱা খাদ্য খোৱাটো ভালনে স্বাস্থ্যৰ বাবে অপকাৰী? চীন, জাপান, আমেৰিকাৰ দৰে উন্নত দেশত গৰ্ভাৱস্থাত খাৰুৱা পানীৰ প্ৰয়োজনীয়তাৰ ওপৰত বহু বছৰ ধৰি গবেষণা চলিল৷ অৱশেষত সকলোৱে এই সিদ্ধান্তত আহিল –

১-খাৰে গৰ্ভৱস্থাত দেখা দিয়া মৰ্ণিং চিকনেচ আঁতৰ কৰে৷

২- খাৰ খোৱা মহিলাৰ প্ৰসৱ সহজে হয়৷

৩- খাৰ খোৱা মহিলাৰ যথেষ্ট মাতৃদুগ্ধ উৎপন্ন হয়৷

৪- নৱজাতকৰ জণ্ডিচৰ সম্ভাৱনা হ্ৰাস পায়৷

এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে কলাখাৰৰ ওপৰত নহলেও খাৰুৱা পানীৰ ওপৰত দীৰ্ঘকালীন গবেষণা বিশ্বৰ বিভিন্ন উন্নত দেশত হৈছে৷ তাৰ এটি লিংক হ’ল -http: //harmoniouskangenwater.com/prevent-morning…/

গৰ্ভকালত মাতৃৰ শৰীৰৰ পৰা নানান লাগতিয়াল তত্ত্ব বিশেষকৈ খাৰুৱা খনিজ পদাৰ্থসমূহ গৰ্ভস্থ সন্তানলৈ সময়ে সময়ে –Umbilical cordৰ মাধ্যমেৰে প্ৰেৰিত হৈ থাকে৷ যাৰ ফলত মাকৰ তেজৰ খাৰুৱা তত্ত্ব কমি অম্লৰ দিশে গতি কৰিবলৈ ধৰে- যাৰ ফলত তেজৰ স্বাভাৱিক পি এইচ ৭.৪ ৰ তললৈ আহিব ধৰে আৰু গৰ্ভৱতী মহিলাৰ বমি, ওকালি আহিব আৰম্ভ হয়-যাক Morning sickness বোলে৷ আকৌ গৰ্ভস্থ সন্তানৰ এচিডিক পেলনীয়া তত্ত্বসমূহ Umbilical cordৰ মাধ্যমেৰে প্লেচেণ্টালৈ নিৰ্গত হয়৷ সেই সময়ত গৰ্ভৱতী মহিলাৰ প্ৰয়োজন হয় খাৰ বা খাৰুৱা পানীৰ যাক কলাখাৰে পূৰণ কৰিব পাৰে৷

খাদ্য হিচাবে কলাখাৰৰ অনেক উপকাৰিতাৰ ভিতৰত উল্লেখযোগ্য হ’ল – ই পেটৰ অম্ল বা এচিডিটিৰ উপশম ঘটায়৷ খাদ্যৰ প্ৰতি ৰুচি বঢ়ায়৷ অভোক আঁতৰায়৷ খাদ্য সহজে হজম কৰায়৷ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত হব পৰা উপকাৰিতাৰ বিষয়ে ইতিমধ্যে আলোচনা কৰা হৈছে৷

কলাখাৰৰ ইমানবোৰ গুণাগুণ থকা সত্বেও বিগত কিছু বছৰৰ পৰা চৰ্চাৰ বিষয় হৈ আছে – ইয়াৰ অতিমাত্ৰা সেৱনে খাদ্যনলীৰ কৰ্কটৰোগ কৰিব পৰা সম্ভাৱনা৷ অসমীয়া খাদ্যাভাসত অন্তৰ্ভুক্ত তামোল পাণৰ ওপৰিও কলাখাৰ কৰ্কট ৰোগৰ কাৰক হবও পাৰে -এই বিষয়ে অধিক গবেষণাৰ প্ৰয়োজন আছে৷ কিন্তু যদিহে কলাখাৰৰ এণ্টি অক্সিডেণ্ট গুণ থকাটো প্ৰমাণিত হয় তেতিয়াহলে ই কৰ্কট ৰোগৰ প্ৰতিষেধকহে হব৷ আনহাতে ‘কেঞ্চাৰৰ ৰিস্ক আৰু ভাৰতীয় খাদ্য’ৰ ওপৰত হোৱা আলোচনাত কেইজনমান বিশেষজ্ঞই কলাখাৰ দৈনিক ব্যৱহাৰ কৰিলে খাদ্যনলীৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় বুলি আশংকা ব্যক্ত কৰিছে৷ লিংকটো হ’ল – https: //www.scgcorp.com/pdf/scg_written_11.pdf. গতিকে আমাৰ মতে সপ্তাহত বা ৫দিনৰ ব্যৱধানত খাৰ খোৱাটো স্বাস্থ্যসন্মত হব৷

ডা০ ভূপেন শইকীয়া

3.0487804878
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top