অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কলৰ কথা :

কলৰ কথাৰ বিষয়ে লিখা হৈছে ।

কলৰ কথা লিখিবলৈ লৈ এনে লাগিছে যে সকলোৱে দেখোন জানেই- ‘কল খালে বল পায়’। প্ৰকৃতাৰ্থত নাৰিকল গছৰ দৰে কলগছৰ প্ৰতিটো অংশই আমাৰ কামত আহে। কলগছৰ বৈজ্ঞানিক নাম Musa  আৰু ই    Musaceae গোত্ৰৰ অন্তৰ্ভুক্ত। কলগছৰ উৎপত্তি স্থল এছিয়া মহাদেশ বুলি জনা যায় যদিও বৰ্তমান পৃথিৱীৰ সকলো অঞ্চলতে কল এটি অতি জনপ্ৰিয় ফল। অধিক পুষ্টি পাবৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন প্ৰজাতিৰ কলৰ সংকৰণ ঘটোৱা হৈছে। সেইবোৰ দিশলৈ নগৈ মোটামুটিভাৱে কলৰ উপকাৰিতাৰ কথা ইয়াত উল্লেখ কৰা হ’ল।

কলত কিছু ভোজ্য আঁহ আৰু কেইবাবিধো এণ্টিঅক্সিডেণ্ট থকা বাবে ই শৰীৰৰ বাবে অতি উপকাৰী। উল্লেখনীয় যে কলত চৰ্বিৰ পৰিমাণ নগণ্য।

কলৰ উপকাৰিতা তলত উল্লেখ কৰা হ’ল -

১) কল খাবলৈ মিঠা যদিও ই তেজত শৰ্কৰাৰ পৰিমাণ চিন্তনীয়ভাৱে বঢ়াই নোতোলে। সেয়ে যিকোনো সুস্বাস্থ্যৰ ব্যক্তিয়ে কল খাবলৈ ভয় কৰিব নালাগে।

২) কলে পৰিপাক তন্ত্ৰও ভালে ৰাখে। কলত থকা ভোজ্য আঁহ পেকটিনে ইয়াত সহায় কৰে।

৩) কলত থকা পেকটিন কলন কেন্সাৰ ৰোধ কৰাত সহয়ক।

৪) পটাছিয়াম থকা বাবে কল হৃৎপিণ্ড সবল কৰি ৰখাত সহায়ক।

৫) যি ব্যক্তিয়ে খাদ্যত যথেষ্ট পৰিমাণে কল গ্ৰহণ কৰে, তেনে ব্যক্তিৰ হৃৎপিণ্ডৰ বেমাৰ হোৱাৰ সম্ভাৱনা আন ব্যক্তিতকৈ প্ৰায় ২৭ শতাংশ কম বুলি জনা যায়।

৬) কলে ব্লাড প্ৰেছাৰ সন্তুলনত ৰাখে।

৭) বয়স বঢ়াৰ লগে লগে হোৱা শৰীৰৰ ক্ষয়িষ্ণুতাক কলে ৰোধ কৰে।

৮) ই ওজন হ্ৰাস হোৱাত সহায়ক । কাৰণ কল খালে পেট ভৰি থাকে। কমাই ভোক লাগে। সেয়ে সঘনাই আন খাদ্য খাই থকাৰ পৰা বিৰত থাকিব পাৰি।

৯) নিয়মিত কলখালে বৃক্ক (Kidney) সুস্থ হৈ থাকে। কলত থকা পটাছিয়ামে ইয়াত সহায় কৰে।

১০) ৰক্তহীনতা, আৰ্থ্ৰাইটিছ, গাউট, মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা, মুত্ৰাশয়ৰ সমস্যাৰ বাবেও কল উপকাৰী।

১১) কলত থকা মেংগানিজে হাড় মজবুত কৰে। ফলত অষ্টিঅ’পৰ’ছিছৰ পৰা হাত সাৰি থাকিব পাৰি।

১২) আমাৰ শৰীৰত কিছুমান মুক্ত ৰেডিকেলে আমাৰ কোষসমুহৰ অপকাৰ কৰে। কলত থকা পটাছিয়ামে ইয়াত বাধা দিয়ে। লগতে ই বহুকেইবিধ এনজাইম সক্ৰিয় কৰি তোলে।

১৩) কলত থকা ভিটামিন-বিয়ে কেন্সাৰ ৰোধ কৰে। গৰ্ভৱতী মহিলাৰ শৰীৰ সুস্থ , সবল কৰি ৰাখে।

১৪) ক’পাৰ আৰু লৌহৰ উপস্থিতিৰ বাবে ক’লে ৰঙা ৰক্তকণিকা সৃষ্টিত সহায় কৰে।

১৫) কলত থকা চি-ভিটামিনে শৰীৰৰ ছাল মসৃণ আৰু সতেজ কৰি ৰাখে। চি-ভিটামিন কেন্সাৰ ৰোধত সহায়ক।

১৬) গাখীৰৰ সৈতে কল নিয়মিত খালে শৰীৰৰ ওজন বৃদ্ধি পায়।

১৭) কল চকুৰ বাবেও উপকাৰী। কুকুৰীকণা, ছানি পৰা, গ্লুক’মা ইত্যাদি চকুৰ অসুখ নিয়মিত কল খাই আঁতৰাই ৰাখিব পাৰি, সেয়ে সহজে উপলব্ধ, ইমান গুণসম্পন্ন ফলবিধ নিয়মিত খোৱা উচিত।

প্ৰতি ১০০ গ্ৰাম কলত পোৱা উপাদানসমুহ -

কেলৰি

৮৯ কি: কেলৰি

মুঠ চৰ্বি

০.৩ গ্ৰাম

কলেষ্টেৰল

০ মিলিগ্ৰাম

মুঠ কাৰ্বহাইড্ৰেট

২৩ গ্ৰাম

ভোজ্য আঁহ

৩.৯ গ্ৰাম

প্ৰ’টিন

১.৩ গ্ৰাম

শৰ্কৰা

১২ গ্ৰাম

ছডিয়াম

১ মিলিগ্ৰাম

পটাছিয়াম

৩৫৮ মিলিগ্ৰাম

কেলচিয়াম

লৌহ

১ শতাংশ

মেংগানিজ

৮ শতাংশ

ক’পাৰ

১০ শতাংশ

মেগনেছিয়াম

৮ শতাংশ

ভিটামিন-এ

১ শতাংশ

ভিটামিন-চি

১৪ শতাংশ

ভিটামিন-বি৬

৩৩ শতাংশ

 

কলগছৰ সকলো অংশই আমাৰ বাবে উপকাৰী বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। কলগছৰ কলডিল বা কলফুল আৰু গা গছজোপাৰ মাজৰ অংশ, যাক পচলা বোলা হয়, আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী।

কলফুলৰ গুণাগুণ -

প্ৰতি ১০০ গ্ৰাম কলফুলত থকা উপাদানসমুহ এনেধৰণৰ-

শক্তি

৫১ কিলো কেলৰি

প্ৰ’টিন

১৬ গ্ৰাম

চৰ্বি

০.৬ গ্ৰাম

কাৰ্বহাইড্ৰেট

৯.৯ গ্ৰাম

ভোজ্য আঁহ

৫.৭ মিলিগ্ৰাম

ফছফৰাছ

৭৩.৩ মিলিগ্ৰাম

লৌহ

৫৬.৪ মিলিগ্ৰাম

ক’পাৰ

১৩ মিলিগ্ৰাম

পটাছিয়াম

৫৫৩.৩ মিলিগ্ৰাম

মেগনেছিয়াম

৪৮.৭ মিলিগ্ৰাম

ভিটামিন-ই

১.০৭ মিলিগ্ৰাম

 

১) কলফুল বাত, পিত্ত, ৰক্তহীনতাৰ বাবে উপকাৰী। অতি দুৰ্বল আৰু খীণ ব্যক্তিৰ বাবেও ই শক্তিদায়ক।

২) সিজোৱা কলফুলৰ ৰস আৰু দৈ মিহলাই খালে অতিমাত্ৰা ঋতুস্ৰাৱ সকাহ পায়।

৩) কলফুলৰ ৰসে কিছুমান ৰোগ সৃষ্টিকাৰী বীজাণু ৰোধ কৰিব পাৰে। উদাহৰণ স্বৰুপে বেক্টেৰিয়া ছাবটেলিছ, বেক্টেৰিয়া ছিৰিয়াছ আৰু ই কলাই।

৪) ই ঘা শুকোৱাত সহায়ক।

৫) কলফুলত থকা মেগনেছিয়ামে বিষাদগ্ৰস্ততা দুৰ কৰে।

৬) দুগ্ধপান কৰাই থকা মাতৃৰ বাবে কলফুল উপকাৰী।

৭) চুলি সৰা, চুলি পকা ৰোধ কৰা, গাল শোটোৰা পৰা ইত্যাদিৰ বাবেও কলফুল সহায়ক।

৮) কলফুলত যথেষ্ট এণ্টিঅক্সিডেণ্ট থাকে। সেয়ে কলফুল খোৱাৰ অভ্যাস কৰিলে বহুতো বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি। ই শৰীৰ সতেজ, সবল আৰু নিৰোগী কৰি ৰাখে।

পচলাৰ উপকাৰিতা -

আমি জানো যে কলগছৰ গা-গছ অংশৰ মাজৰ মঙহাল অংশক পচলা বোলা হয়। এই পচলাও আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী।

১) পচলাত যথেষ্ট পৰিমাণৰ পটাছিয়াম অৰু ভিটামিন-বি৬ থাকে। ভিটামিন- বি ৰক্ত কণিকা আৰু ইনছুলিন সৃষ্টি কৰাত সহায়ক। আনহাতে পটাছিয়ামে হৃৎপিণ্ড আৰু স্নায়ু সবল কৰি ৰাখে। পটাছিয়ামে ৰক্তচাপো সন্তুলিত কৰি ৰাখে।

২) বৃক্কৰ বাবেও পচলা উপকাৰী। আমি জানো যে প্ৰস্ৰাৱৰ সৈতে আমাৰ শৰীৰৰ অলাগতিয়াল কিছুমান দ্ৰব্য নিষ্কাশন হয়। পচলাই বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা ৰোধ কৰে, কাৰণ পচলা খালে প্ৰস্ৰাৱ খোলোচা আৰু নিয়মিত হয়।

৩) পচলাত ভোজ্য আঁহৰ উপস্থিতিয়ে কোষ্ঠকাঠিন্য দুৰ কৰে।

৪) মধুমেহ ৰোগৰ বাবেও পচলা উপকাৰী।

কাচকলৰ উপকাৰিতা -

আমি কল পকিলে ফল হিচাপে খাওঁ। কিন্তু কেঁচা কল বা কাচকল পাচলি হিচাপে খালে বহুত উপকাৰ পোৱা যায়। পকা কলত থকা সকলোবোৰ উপাদানেই কাচকলত থাকে। কেৱল শ্বেতসাৰখিনি কাচকলত শৰ্কৰালৈ ৰুপান্তৰিত নহয়। কাচকল অঙঠাত পুৰি পিটিকা কৰি খালে উশাহ-নিশাহ লোৱা সমস্যাৰ পৰা উপশম পোৱা বুলি জনা যায়। কাচকলৰ বাকলি শুকুৱাই পুৰি খাৰ তৈয়াৰ কৰাৰ কথা আমি সকলোৱে জানো।

কলগছৰ প্ৰভাৱ আমাৰ সামাজিক উৎসৱ-পাৰ্বণতো উল্লেখনীয়।  যিকোনো সাংগঠনিক অনুষ্ঠানত তোৰণৰ কাষত দুজোপা কলগছ দিয়াৰ প্ৰথা বৈদিক যুগৰ পৰাই চলি আহিছে। পৌৰাণিক তথ্য মতে কলগছক ভগৱান বিষ্ণুৰ সুচক হিচাপে গণ্য কৰা হয়। কলৰ পাতত প্ৰসাদ বিতৰণ, খাদ্য বিতৰণ এক ধাৰ্মিক পৰম্পৰা বুলি ক’ব পাৰো।

লেখিকা: ড° মঞ্জুৰাণী দেৱী (জি এনআৰচি স্বাস্থ্য)

 

 

2.97058823529
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top