অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাচকলৰ কথাৰে :

কাচকলৰ কথাৰে, ৰ বিষয়ে লিখা হৈছে ।

 

নামেই যাৰ পৰিচয় দিয়ে সেয়াই হৈছে কাচকল। বহুতে ইয়াক পুৰাকল বুলিও কয়। পকা কল সকলোৰে প্রিয়।

তেনেস্থলত ভাবিলে আচৰিত লাগে যে প্রকৃতিৰ কি অসাধাৰণ সৃষ্টি এইবিধ কল যাক পকাই খোৱা নহয়। তাতে আকৌ মিঠা ব্যঞ্জন নহয় নিমখীয়া ব্যঞ্জনতহে ই বেছিকৈ ব্যৱহাৰ হয়।

*কাচকলৰ পিতিকা,

*কাচকলৰ বৰ কাচকলৰ চিপছ,

*কাচকলৰ আঞ্জা,

*কাচকলৰ কোফটা কাৰী,

*কাচকলৰ চপ ইত্যাদি বিবিধ ব্যঞ্জন আমাৰ বহুতৰে প্রিয়।

অৱশ্যে বহুতে কাচকল খাই বেয়াও পায়। কাটিলে হাতত ক'লা চেকা বহে বাবে বহু গৃহিনীয়ে ইয়াক মাহীআইৰ দৃষ্টিৰে চায়। যিয়েই নহওঁক ইয়াৰ মহিমা কিন্তু অপাৰ, খাদ্য হিচাবেই হওক বা ঔষধি হিচাবেই হওক। ই এবিধ খাটি অসমীয়া থলুৱা খাদ্য।

আলু নাথাকিলে তাৰ ঠাইত কাচকল ব্যৱহাৰ কৰিব পাৰি। বৰতীয়া ভাত সাজত নিমখ তেল দি বনোৱা কাচকলৰ পিতিকাখনৰ সোৱাদ অপূৰ্ব।

পেটৰ অসুখত ভোগা ৰোগীৰ বাবে কাচকল উত্তম পথ্য। পেটৰ অসুখত সেয়েহে আমাৰ বয়োজ্যেষ্ঠ সকলে কাচকল খাবলৈ পৰামৰ্শ দিয়ে।

ভাৰতৰ অন্য ঠাইত বিশেষকৈ দক্ষিণ ভাৰতত কাচকল বা অন্য তেনেকুৱা কেঁচা কলৰ চিপছ অতি জনপ্ৰিয়।

*ভিটামিন A,

*ভিটামিন B6,

*ভিটামিন C,

*পটাছিয়াম,

*আইৰণ,

*কেলচিয়াম,

*মেগনেছিয়াম,

*এন্টিঅক্সিডেন্টৰে ভৰপূৰ কাচকল আমাৰ বাবে কিদৰে উপকাৰী জানো আহক:-

(১)ডায়েৰীয়া, ডিচেণ্ট্ৰি, কলাইটিছ(colitis), IBS আদিত কাচকল উত্তম পথ্য।

কাচকল বাকলিৰ সৈতে সিজাই ল'ব লাগে তেতিয়া বেছি ঔষধি হিচাবে কাম কৰে। তাৰ পিছত বাকলি এৰুৱাই অকণমান ক'লা নিমখ দি খাওক। সুফল পাব।

হঠাতে পেট চলিলে বা কাৰোবাৰ যদি ক্ৰনিক ডিচেণ্ট্ৰিৰ সমস্যা আছে তেন্তে তেনে লোকে কেচা কাচকল এডোখৰ খুন্দি তাৰ ৰসৰ লগত অকণমান কলা নিমখ দি গৰম কৰি খাব পাৰে। লগতে অন্য পথ্যাপথ্যৰ ওপৰতো গুৰুত্ব দিব লাগিব।

যেনে মানিমুনি, ভেদাইলতা, মছন্দৰী ইত্যাদি মাজে মাজে খোৱা উচিত। বেঙেনা, উৰহী,মাতিদাইল, বিলাহী কেঁচা চালাড আদি নাখাব। তেতিয়াহে ৰোগৰ পৰা পৰিত্ৰাণ পাব।

(২)ভিটামিন B6, আইৰণ থকা বাবে ৰক্তহীনতাত ভোগা লোক, গৰ্ভৱতী মহিলা, প্ৰসূতিৰ বাৱে অতি উপকাৰী। অৱশ্যে সদায় খালে কৌষ্ঠকাঠিন্য(constipation) হব পাৰে।

(৩)উচ্চ ৰক্তচাপ, কলেষ্টৰল সমস্যাতো উপকাৰী। ইয়াত থকা পতাছিয়ামে ৰক্তচাপ নিয়ন্ত্রণ কৰাত সহায় কৰে। সেয়েহে কাচকল হাৰ্টৰ বাবে উপকাৰী।

(৪)কেলচিয়াম, মেগনেছিয়াম থকা বাবে হাড়ৰ গঠনত সহায় কৰে আৰু সন্ধিবিষ(joint pain) হোৱাৰ পৰা বচাই ৰাখে।

(৫)ভিটামিন C, আইৰণ আদি থকা বাবে ছাল, চুলিৰ সৌন্দৰ্য বৰ্ধনত সহায় কৰে।

(৬)নিৰামিষাহাৰী সকলৰ বাবে উত্তম খাদ্য কাৰণ ইয়াত শৰীৰৰ বাৱে লাগতিয়াল বহুতো উপাদান আছে।

(৭)ই কলনৰ কেঞ্চাৰ(colon cancer) প্ৰতিৰোধ কৰে।

(৮)কাৰ্বোহাইড্ৰেট থকা বাবে শৰীৰক শক্তি প্ৰদান কৰে(energy booster)।

(৯) স্নায়ুতন্ত্ৰ কার্যক্ষম কৰি ৰখাতো ই সহায় কৰে।

বি:দ্ৰ:-

কিছুমান লোকে কাচকল খালে গেছৰ সমস্যাত ভোগে। তেওঁলোকে সাৱধান হোৱা উচিত।

ইয়াৰ উপৰিও কোষ্ঠকাঠিন্য, অৰ্শ ৰোগত ভোগা লোকে নিয়মিত কাচকল সেৱন নকৰাই ভাল। সমস্যা জটিল হবও পাৰে।

লেখিকা: ডাঃ ৰেইনী দেৱী(আয়ুৰ্বেদিক চিকিৎসক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 7399114617

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top