অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাঠফুলা:

কাঠফুলাৰ বিষয়ে লিখা হৈছে

কাঠফুলা বা বেংছটা আমাৰ সকলোৰে পৰিচিত-

 

অসমৰ সেমেকা জলবায়ু, বিশেষকৈ বৰ্ষা কাল ইয়াৰ বিকাশৰ বাবে অতি উপযোগী হোৱাত এই সময়ত ইয়াক আমাৰ ৰাজ্যৰ পথাৰে-হাবিয়ে পোৱা যায়। ইয়াক বহুতো প্ৰজাতিত পোৱা যায়। ইংৰাজীত ইয়াক Mushroom আৰু প্ৰজাতিভেদে বিভিন্ন বৈজ্ঞানিক নামত জনা যায়। প্ৰকৃততে ইহঁত ভেকুঁৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত সৰল উদ্ভিদ। কিন্তু ইহঁতৰ দেহত হৰিৎকণা নথকাত অন্য উদ্ভিদৰ দৰে বৰণ সেউজীয়া অৱস্থাত পোৱা নাযায়। দেহ অতি কোমল। কেতিয়াবা অৱশ্যে কিছুমানক টান অৱস্থাতো পোৱা যায়। দৰাচলতে ইহঁত পৰজীৱী হোৱাৰ হেতুকে মৃত উদ্ভিদ বা পচা গোবৰ-জাবৰৰ ওপৰত গজি উঠি জৈৱিক অৱশেষক খাদ্য হিচাপে গ্ৰহণ কৰি বৃদ্ধিপ্ৰাপ্ত হয়। খাদ্য হিচাপে ইহঁত অতি পুষ্ঠিদায়ক আৰু সুস্বাদু। কেৱল ইহঁতৰ বেছিভাগ প্ৰজাতিয়েই বিষাক্ত হোৱা বাবে সকলো কাঠফুলা কোৱাৰ উপযোগী নহয়।কিন্তু অবিষাক্ত কাঠফুলা দেহৰ বাবে অতি উপকাৰী। তথাপি বিষাক্ত-অবিষাক্ত চিনাক্ত কৰিব নোৱাৰি জধে-মধে খোৱাৰ বাবে বছৰি আমাৰ ৰাজ্যত ভালেমান লোক অকাল মৃত্যুত পতিত হ’ব লগা হয়।

কাঠফুলা পুষ্ঠিদায়ক হোৱাৰ লগতে সুস্বাদু আৰু ঔষধি গুণেৰেও বিভূষিত-

 

ইয়াৰ অয়ষ্টাৰ জাতীয় উদ্ভিদৰ খাদ্যপযোগী অংশত পুষ্টিত উপাদানবোৰ এনেদৰে পোৱা যায়- পানী(৮০-৯০ গ্ৰাম), প্ৰ’টিন(২.৭৮ গ্ৰাম), কাৰ্ব’হাইড্ৰেট(০.৩৫-০.৬৫ গ্ৰাম), স্নেহ পদাৰ্থ(৫.৫১ গ্ৰাম), আঁহ(১.১০ গ্ৰাম), কেলছিয়াম(৩৩ মি.গ্ৰাম), ফছফৰাচ(১৩৪৮ মি.গ্ৰাম), আইৰণ(১৫.২ মি.গ্ৰাম), ছডিয়াম(৮.৩৭ মি.গ্ৰাম), পটাছিয়াম(৩.৭৩৯ মি.গ্ৰাম), ভিটামিন বি১(০.৪৮ মি.গ্ৰাম), ভিটামিন বি২(০.৪৭ মি.গ্ৰাম), ভিটামিন বি৩(০.৮৭ মি.গ্ৰাম) আৰু শক্তি ২৪.৪ কেলৰি। কাঠফুলাভেদে পুষ্টি দ্ৰব্যৰ পৰিমাণ ভিন্ন হ’লেও সাধাৰণতে প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট, খনিজ লৱণ, ভিটামিন আৰু আঁহজাতীয় উপাদান সকলোতে পোৱা যায়। অৰ্থাৎ, সুষম আহাৰৰ প্ৰয়োজনীয় সকলো উপাদানকে ইয়াত পোৱা যায় বুলিব পাৰি।

কাঠফুলা প্ৰ’টিনৰ এক উত্তম উৎস। ইয়াত যথেষ্ট পৰিমাণে লাইছিন, টিপ্টফেন, আৰ্জিনাইন, হিষ্ট্ৰিডাইন আৰু থ্ৰিঅ’ডাইন আদি এমাইন’ এচিড পোৱা যায় আৰু সেয়ে ইয়াক ‘নিৰামিষ মাংস’ বুলিও কোৱা হয়। তাতেই, ভিটামিন বিৰ লগতে কেলছিয়াম, ফচফৰাছ আৰু আইৰণৰ দৰে গুৰুত্বপূৰ্ণ খনিজ লৱণৰো ভাল উৎস হোৱাত খাদ্যৰূপে গ্ৰহণৰ পিছত মানৱ দেহে কাঠফুলাৰপৰা উল্লিখিত দ্ৰব্যসমূহ সহজেই গ্ৰহণ কৰিব পাৰে। ইয়াত ছডিয়াম আৰু পটাছিয়ামক প্ৰচুৰ পৰিমাণে পোৱা যায়। কিন্তু কাৰ্বহাইড্ৰেট আৰু শক্তিৰ পৰিমাণ তুলনামূলকভাৱে কম পোৱা যায়। কলেষ্টেৰল নাই বুলিবই পাৰি। গতিকে এনেবিলাক কাৰণেই কাঠফুলাক ঘাইকৈ বহুমূত্ৰ, উচ্চ ৰক্তচাপ, হৃদৰোগ, অম্লপিত্ত, অজীৰ্ণ, ৰক্তাল্পতা আদি ভালেমানে ৰোগৰ ক্ষেত্ৰত উপশমকাৰীৰ ভূমিকা পালন কৰিব পাৰে। লক্ষণীয়, ২৫ গ্ৰাম শুকান কাঠফুলা দুকাপ গাখীৰ বা দুটা কণীৰ সমান পুষ্টিকাৰক বুলি কোৱা হয়। সৰ্বোপৰি, কাঠফুলাত অনুদ্ৰব্য হিচাপে জাৰ্মিনিয়াম লৱণ পোৱা যায়, যি শৰীৰৰ অক্সিজেন বহন ক্ষমতা, প্ৰদূষণ নিয়ন্ত্ৰণ ক্ষমতা আৰু ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব পাৰে বুলি পোহৰলৈ আহিছে।

এতেকে এইটোসহজেই অনুমেয় হৈ উঠে যে কাঠফুলা আমাৰ বাবে অতি লাগতিয়াল দ্ৰব্য। কিন্তু খোৱাৰ বেলিকাহে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰাটো অপৰিহাৰ্য, কিয়নো সকলো কাঠফুলা খোৱাৰ উপযোগী নহয়। সেয়ে ৰঙীণ কাঠফুলা ভক্ষণৰপৰা বিৰত থকাৰ উপৰি বিপদমুক্ত বুলি নিশ্চিত নোহোৱা প্ৰজাতিক ভক্ষণ কৰাটো একেবাৰে অনুচিত।

লেখক: অৰ্পণ দত্ত(দৈনিক অসম)

2.88235294118
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top