মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / কাঠফুলা: পুষ্টিৰ বাবে এক নতুন বিকল্প
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাঠফুলা: পুষ্টিৰ বাবে এক নতুন বিকল্প

কাঠফুলা: পুষ্টিৰ বাবে এক নতুন বিকল্প আলোচনা কৰা হৈছে

 

এখন সুস্থ সমাজ গঢ়িবলৈ হ’লে নিতান্তই সকলো স্তৰৰ লোকৰে সু-স্বাস্থ্যৰ প্রয়োজন-

 

কিন্তু পৰিতাপৰ কথা এয়ে যে ভাৰতবৰ্ষৰ শতকৰা ৭০% লোকৰে আর্থিক অৱস্থা সংকটজনক। সেয়েহে পুষ্টিহীনতাত ভুগি সৰহসংখ্যক লোকেই নানান ৰোগত আক্রান্ত হ’ব লগা হয়। কিন্তু সুখৰ কথা এয়ে যে এতিয়াও কিন্তু কম খৰচতে জনসাধাৰণৰ বাবে পুষ্টিকৰ খাদ্যৰ সম্পূৰ্ণকৈ অভাৱ হোৱা নাই। অতি কম খৰচতেই, কম ঠাইতেই উৎপাদন কৰিব পৰা তেনে এবিধ খাদ্যই হৈছে কাঠফুলা। যাক ইংৰাজীত Mushroom বুলি কোৱা হয়।

নিৰামিষভোজীৰ বাবেও অতি উত্তম এই কাঠফুলাত বহুলভাৱে প্ৰ’টিনৰ উপস্থিতি পোৱা যায়। সম্পূর্ণ ১০০% ই প্রাকৃতিকভাৱে উৎপাদিত এই কাঠফুলাত কোনো ধৰণৰ কৃত্রিম ৰাসায়নিক দ্রব্যৰ উপস্থিতি পোৱা নাযায়। মানৱ শৰীৰৰ বাবে অতিকে প্রয়োজনীয় ২০ বিধ এমাইন’ এচিডৰ প্রায় সংখ্যকেই কাঠফুলাত পোৱা যায়। ইয়াৰ উপৰি পটাচিয়াম, ছ’ডিয়াম, ফচফৰাচৰ দৰে মূল্যৱান খনিজ মৌল কাঠফুলাত পোৱা যায় যিসমূহ চকুৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাত, স্মৃতিশক্তি বৃদ্ধি কৰাত, শাৰীৰিক শক্তি বৃদ্ধি কৰাত অতিকে প্রয়োজনীয়। ২৫০ গ্রাম কেঁচা কাঠফুলাত প্রায় ৮.১২৫ শতাংশ প্র’টিন থাকে। আৰু ২৫০ গ্রাম শুকান কাঠফুলাত প্রায় ১১২.৫ শতাংশমান প্র’টিন পোৱা যায়। এই সকলোবোৰ প্ৰ'টিনেই অতিকে উৎকৃষ্ট মানৰ৷ আমাৰ দেহৰ বাবে অতিকে প্রয়োজনীয় আইৰন তথা হিম'গ্লবিনৰ মাত্রা বজাই ৰখাতো কাঠফুলাই যথেষ্ট প্রয়োজনীয় ভূমিকা পালন কৰে। ইয়াৰ উপৰি উচ্চ ৰক্তচাপ, বহুমূত্ৰ, হৃদযন্ত্র ইত্যাদিৰ ৰোগত ভোগা ৰোগীৰ বাবেও মহৌষধসদৃশ এই কাঠফুলাত যথেষ্ট বেছি অনুপাতত ৰিব’ফ্লেভাইন। থাইএমাইন ইত্যাদি ভিটামিন বি মৌলৰ খাদ্যপ্রাণ পোৱা যায়। ফলিক এচিড, ভিটামিন বি১২, ভিটামিন ই আৰু এগ’ষ্ট্রেলে (egostral)ৰ উপস্থিতিও কাঠফুলাত দেখা যায়, যিসমূহ গৰ্ভৱতী মহিলা আৰু ছালৰ অসুখত ভোগা ৰোগীসকলৰ বাবে যথেষ্ট প্রয়োজনীয়।

খাদ্য বিশেষজ্ঞসকলৰ মতে কাঠফুলাই হ’ল শাক-পাচলিৰ তালিকাত থকা আটাইতকৈ উৎকৃষ্ট খাদ্য। সমগ্র বিশ্বতে কাঠফুলা খোৱা হয়। কাঠফুলাত থকা খাদ্যৰ উপাদানসমূহৰ উপস্থিতি এনেধৰণৰ— (প্রতি ১০০ গ্রাম)

প্ৰ’টিন — ৩.৮ গ্রাম

কার্বহাইড্রেট — ৫.১ গ্রাম

চর্বি— ০.২ গ্রাম

কেলচিয়াম — ১০ মিঃ গ্রাম

ফচফৰাচ — ১০০ মিঃ গ্রাম

লো— ১.৫ মিঃগ্রাম

ভিটামিন— থাই এমিন, ৰিব’ফ্লেৰিন, নিয়াচিন, এচকর্বিক এচিড ইত্যাদি।

ইয়াৰ উপৰি কাঠফুলা যথেষ্ট সোৱাদযুক্ত আৰু সহজে হজমক্ষমে।

বিষাক্ত কাঠফুলাৰ লক্ষণবোৰ

যিবোৰ কাঠফুলা ভক্ষণযুক্ত নহয় বা বিষাক্ত সেইবোৰক টড’ষ্টল (Toadstool) বুলি কোৱা হয়। প্রায় ২০০ প্রজাতিৰ বিষাক্ত কাঠফুলা পোৱা যায়। খুব সহজতেই বিষাক্ত কাঠফুলাৰ চিনাক্তকৰণ সম্ভৱ নহয়, কাৰণ বিষাক্ত কাঠফুলা চিনাক্ত কৰিবলৈ অলপ মনোযোগৰ প্ৰয়োজন। তথাপি তলত দিয়া কথাকেইটাৰ পৰা বিষাক্ত কাঠফুলাবোৰ অলপ চিনি পাব পাৰি—

    গেলা-পচা কাঠসমূহত গজা যিকোনো কাঠফুলা বিষাক্ত

  • যিবিলাক কাঠফুলাৰ গা-গছ সহজে ভাগি নাযায়, সেইবিলাক বিষাক্ত বুলি নিশ্চিন্ত হ’ব লাগে।
  • খাব পৰা কাঠফুলাসমূহ সাধাৰণতে ৰ’দঘাই ঠাইত নাইবা মুকলি ঠাইত নগজে। যদিহে মুকলি বা ৰ’দ ঘাই ঠাইত গজা দেখা যায়, তেন্তে নিঃসন্দেহে তাক বিষাক্ত কাঠফুলা বুলি গণ্য কৰিব পাৰি।
  • উৎকট গোন্ধযুক্ত নাইবা তীক্ষ্ণ সোৱাদযুক্ত যিকোনো কাঠফুলাই বিষাক্ত।
  • যিবোৰ কাঠফুলাৰ গা-গছত আঙুঠি সদৃশ নাইবা কাপসদৃশ চিহ্ন থাকে সেইবোৰ বিষাক্ত কাঠফুলা বুলি জানিব লাগে।
  • যিবোৰ কাঠফুলাৰ পাতল ৰং থাকে নাইবা গুলপীয়া যিকোনো চিহ্ন থাকে সেইবোৰো অধিক বিষাক্ত।

প্রায়ে দেখা যায় যে বিভিন্ন জনগোষ্ঠীয় লোক বিশেষকৈ চাহ জনগোষ্ঠীৰ লোকসকলে বিষাক্ত কাঠফুলা ভক্ষণ কৰি মৃত্যু মুখত পৰে। তেওঁলোকে মাথোঁ লক্ষ্য কৰে যে সহজে কাঠফুলাবোৰ ভাগিছে নে নতুবা কিবা উৎকট গোন্ধ আছে নেকি? কিন্তু এই দুটা লক্ষণ নাথাকিলেও কাঠফুলাজোপা যে বিষাক্ত হ’ব পাৰে তেওঁলোকে এই কথা বুজিব নোৱাৰে। গতিকে সমাজত এটা বিজ্ঞানসন্মত মানসিকতাৰ নিশ্চয়কৈ প্রয়োজন আছে যাতে পুষ্টিৰ বিকল্প হিচাপে আমাৰ জনসাধাৰণে কাঠফুলাৰ নিচিনা এটা প্রকৃতিৰ দান গ্রহণ কৰিব পাৰে। মিছা ভয় ভাব আঁতৰাই সজ্ঞানেৰে এই মহৌষধ যাতে গ্রহণ কৰিব পাৰে। এই কথাত মন দিব লাগিব সকলোৱে। আমি মনত ৰখা উচিত যে এই খেতিৰ বাবে কোনো ডাঙৰ খেতি পথাৰৰো প্রয়োজন নাই। নাই প্রয়োজন শকত পুঁজিৰো। ন্যূনতম ১০০ টকা খৰচ কৰিলেও ৫০০ টকা মান লাভ পাব পাৰি। গতিকে এনে অমূল্য খাদ্যবিধক দলিয়াই দিব পাৰি জানো ? আহক, আমি সকলোৱেই বিজ্ঞানসন্মতভাৱে কাঠফুলাক আদৰি এখন পুষ্টিকৰ সমাজ গঢ়াত আগভাগ লওঁ।

লেখক: ভৃগুপতি হাজৰিকা, দৈনিক জনমভূমি।

2.88
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top