মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / কি ৰোগত কি খাদ্যঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কি ৰোগত কি খাদ্যঃ

 

ঋতু পৰিৱৰ্তনৰ ফলত নানা ধৰণৰ বেমাৰ-আজাৰ হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ ইনফ্লুয়েঞ্জাৰ বলি হোৱাটো লক্ষণীয়। অৱশ্যে কিছুমান উপায় মানি চলিলে এই বেমাৰৰ পৰা সহজে হাত সাৰি থাকিব পাৰি। খোৱা-বোৱাৰ ক্ষেত্ৰত সচেতন হ’লে সহজতে পোৱা কিছুমান উপায় অৱলম্বণ কৰি ইনফ্লুয়েঞ্জাৰ হাতোৰাৰ পৰা মুক্ত হৈ থাকিব পাৰি।

প্ৰত্যেক স্বাস্থ্যৱান ব্যক্তিয়েই আহাৰ গ্ৰহণ কৰি ভাল পায়। জীৱনৰ ই এটা অতি আনন্দময় মুহূৰ্ত। অৱশ্যে কি খোৱা হ’ব, কেতিয়া খোৱা হ’ব, খাদ্য কেনেকৈ প্ৰস্তুত কৰা হ’ব ইত্যাদি কথাৰ ওপৰত সুন্দৰ স্বাস্থ্য বিধৌত জীৱনযাত্ৰা বহুলাংশে নিৰ্ভৰশীল। প্ৰকৃতাৰ্থত খাদ্য মুখৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগেই হজম প্ৰক্ৰিয়া আৰম্ভ হয়। মুখৰ ভিতৰত থকা লেলাউটিত টাইলিন নামৰ এবিধ ৰাসায়নিক দ্ৰব্য থাকে। মুখ গহ্বৰত খাদ্য প্ৰৱেশ কৰাৰ সমসাময়িকভাৱে লেলাউটিস্থিত উক্ত ৰাসায়নিক পদাৰ্থই খাদ্যৰ জটিলতা ভাঙিবলৈ আৰম্ভ কৰে। যাতে সময়ত সি মালটোজ, ডেক্সট্ৰোজ আৰু গ্লুক’জ আদি সহজে গৃহীত অৱস্থালৈ পৰিৱৰ্তিত হয়গৈ। কিন্তু দুৰ্ভাগ্যবশতঃ বহুতো লোকে স্নায়বিক, মানসিক আদি কাৰণত তথা ভালকৈ নোচোবোৱাকৈ হুৰমুৰকৈ খাদ্য গিলি থোৱাৰ ফলত পিত্ত, বদহজম আদি নানান পেটৰ ৰোগত পৰে। বদহজমত পতিত হোৱা লোকৰ ওকালি অহা, বমি হোৱা, বুকু জ্বলাপোৰা কৰা, পেটৰ ঊৰ্ধাংশত বিষ হোৱা, ওকোল-মোকোল লগা, পেট গধুৰ লগা, অত্যধিক গেছ হোৱা আদি সমস্যা প্ৰায় থাকেই। সকলো খাদ্যই সকলো মানুহকে নুসুজে। বিভিন্ন প্ৰকাৰৰ বিন, বন্ধাকবি, বিলাহী, মূলা, পিঁয়াজ, তিঁয়হ, মাটিমাহ, সাগৰীয় উদ্ভিদ বা মাছ আদি সহ্য কৰিব নোৱাৰা মানুহ আজিকালি প্ৰায়েই লগ পোৱা যায়। অতিশয় ধূমপান কৰা ব্যক্তি, অতি খৰকৈ খাদ্য গ্ৰহণ কৰা ব্যক্তি, শীতল পানীয় বেছিকৈ পান কৰা লোক, ঘি বা তেলত মচমচিয়াকৈ নভজা খাদ্য খাই ভাল নোপোৱা লোক, তথা অতি ভোজনবিলাসী লোকক পেটৰ অসুখে লগ নেৰে। এই সকলোবোৰ পৰোক্ষ বা প্ৰত্যক্ষভাৱে গেষ্ট্ৰাইটিচৰ লগত জড়িত বুলি স্বাস্থ্য সম্পৰ্কে সাধাৰণ জ্ঞান থকা লোকেও জানে।

উপকাৰী আহাৰসমূহঃ

 

(১) ফলৰ ভিতৰত আপেল আৰু নাচপতি উপযোগী। তদুপৰি আঙুৰ, কমলাৰ ৰস আৰু আনাৰস বিশেষভাৱে উপকাৰী।

(২) গাজৰ, ৰঙা আলুৰ লগতে সেউজীয়া শাক-পাচলি যথেষ্ট পৰিমাণে খাব লাগে।

(৩) চিকেন চুপ খালে ইনফ্লুয়েঞ্জাৰ পৰা দূৰত থাকিব পাৰি। ই ৰোধ প্ৰতিৰোধ কৰাৰ ক্ষমতা বঢ়ায়।

(৪) ভিটামিন ‘চি’যুক্ত আহাৰ খাব লাগে। ই কাহ-জ্বৰ দূৰ কৰাৰ লগতে শ্বেতৰক্তকণিকা মজবুত কৰে আৰু ইনফেকচন প্ৰতিৰোধ কৰে।

(৫) যথেষ্ট পৰিমাণে পানী খোৱা উচিত। এই পানী কেৱল পানীৰ পৰাই যে পোৱা হয় এনে নহয়। ফলৰ ৰস, চাহ, চুপ আদিৰ যোগেদিও পাব পাৰি। শীতৰ আৰম্ভণি আৰু শেষৰ সময়ছোৱাত ডিহাইড্ৰেচনৰ সমস্যা বেছি দেখা যায়। কাৰণ ঠাণ্ডা অহাৰ লগে লগে মানুহৰ পানী খোৱাৰ প্ৰৱণতা কমি যায়। ডাবৰ পানীও খাব পাৰি।

(৬) নহৰু দুই-এফোটা ভাতৰ লগত খাব লাগে। ই ইমিউন ছিষ্টেম ভালে ৰখাত সহায় কৰে আৰু বেক্টেৰিয়াৰ আক্ৰমণ প্ৰতিহত কৰে।

(৭) ৰাতিৰ আহাৰ হিচাপে শুকান ৰুটি খাব পাৰি।

এৰি চলিবলগা আহাৰসমূহঃ

 

(১) বেছি মছলা আৰু তেলযুক্ত আহাৰ পাৰিলে নোখোৱাটোৱে ভাল।

(২) আচাৰ অতি কম পৰিমাণে খাব লাগে।

(৩) এলাৰ্জিৰ ভয় থাকিলে চেনি, ময়দা, গমজাতীয় আহাৰ কম খাব।

(৪) কফি, এলকহল, জাং ফুড আদি বেছিকৈ নাখাব।

ঘৰুৱাভাৱে ল’ব পৰা উপায়সমূহঃ

 

(১) ইনফ্লুয়েঞ্জাৰ সমস্যাত পৰিলে তুলসী আৰু আদাৰ ৰস খালে উপকাৰ পাব পাৰি।

(২) আদাৰ ৰসৰ লগত মৌজোল আৰু মেথিগুটিৰ গুৰি মিহলাই খাব লাগে।

(৩)মৌজোল আৰু পিঁয়াজৰ ৰস সমপৰিমাণে মিহলাই প্ৰতিদিনে খাব লাগে।

(৪) চাহত আদা মিহলাই খাব পাৰি।

(৫) দিনে অন্ততঃ ৮ ঘণ্টা টোপনিৰ আৱশ্যক। টোপনি ভাল হলে শৰীৰে ইনফেকচনৰ সৈতে যুঁজাৰ শক্তি পায়।

বিশেষ কিছুমান টিপছঃ

 

(১) ডাক্তৰৰ পৰামৰ্শ মতে নিয়মিত ঔষধ খোৱা উচিত।

(২) দিনে অন্ততঃ এটাকৈ ফল খাব লাগে।

(৩) কুহুমীয়া পানীৰে গা ধুব লাগে।

(৪) সেউজীয়া শাক-পাচলি বেছিকৈ খাব লাগে।

চিকিৎসকৰ ওচৰলৈ যাবনে-

 

(১) কাণ, ডিঙি আৰু মুখৰ কোনো অংশত অসহ্য যন্ত্ৰণা হ’লে

(২) হালধীয়া ৰঙৰ কফ বাহিৰ হ’লে

(৩) শ্বাস-প্ৰশ্বাসত কষ্ট হ’লে

(৪) ৪৮ ঘণ্টাৰ পিছতো শৰীৰৰ তাপমাত্ৰা যদি বেছি থাকে।

(উৎসঃ অসমীয়া খবৰ)।

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top