অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কিচমিচ পানীত তিয়াই লৈ খাওক :

কিচমিচ পানীত তিয়াই লৈ খাওক :

 

সকলোৱে সদায় নহ’লেও মাজে সময়ে কিচমিচ খাইছে। কিন্তু কিচমিচ শুকানে শুকানে খোৱাতকৈ পানীত কিছুসময় তিয়াই থৈ খালে কেইবাটাও ৰোগৰ পৰা উপশম পোৱা যায়।
ইয়াত কিচমিচ খাই নিৰাময় কৰিব পৰা তিনিটা মাত্ৰ ৰোগৰ কথাহে দিয়া হৈছে।
ৰক্তাল্পতা:
যদি আপোনাৰ শৰীৰত কিবা কাৰণত তেজৰ পৰিমাণ কমি গৈছে, তেনেহ’লে প্ৰতিদিনে অতি কমেও এশগ্ৰাম পৰিমাণত ভাল মানদণ্ডৰ কিচমিচ দুঘন্টামান পৰিষ্কাৰ পানীত তিয়াই থৈ খাওক। মাত্ৰ এসপ্তাহ এনেদৰে কিচমিচ খালে ৰক্তাল্পতা নিৰাময় হ’ব।
চকুৰ দুৰ্বলতা:
যদি আপোনাৰ চকু দুৰ্বল হৈছে বা চকুৰে কমকৈ দেখা পাইছে, তেনেহ’লে খাবলৈ আৰম্ভ কৰি দিয়ক।
দৈনিক ৫০ গ্ৰাম পৰিমাণত কিচমিচ খাই থাকিলে মাত্ৰ তিনি মাহৰ ভিতৰতে আপোনাৰ চকুৰ দৃষ্টিশক্তি পুনৰ ঘূৰি আহিব।
যিহেতু কিচমিচত ভিটামিন ‘এ’ যথেষ্ট পৰিমাণে থাকে আৰু এইবিধ ভিটামিনে আপোনাৰ চকু সুস্থ মাৰু কাৰ্যক্ষম কৰি তুলিব।
উচ্চ ৰক্তচাপ:
যদি আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে, তেনেহ’লে ৰক্তচাপৰ ঔষধ নিয়মীয়াকৈ খাই থকাৰ উপৰিও আপুনি নিয়মীয়াকৈ দৈনিক ৫০ গ্ৰাম পৰিমাণত কিচমিচ খাওক।
মাত্ৰ সাত দিন কিচমিচ খাই থাকিলেই আপোনাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহিব আৰু ক্ৰমে এই প্ৰেছাৰ স্বাভাৱিক মাত্ৰালৈ ঘূৰি আহিব।
আপোনাৰ খিংখিঙীয়া স্বভাৱটোও সলনি হ’ব আৰু দৈনিক ৰক্তচাপৰ ঔষধ খোৱাৰ প্ৰয়োজনো নোহোৱা হ’ব।
উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

কিচমিচ পানীত তিয়াই লৈ খাওক:সকলোৱে সদায় নহ’লেও মাজে সময়ে কিচমিচ খাইছে। কিন্তু কিচমিচ শুকানে শুকানে খোৱাতকৈ পানীত কিছুসময় তিয়াই থৈ খালে কেইবাটাও ৰোগৰ পৰা উপশম পোৱা যায়। ইয়াত কিচমিচ খাই নিৰাময় কৰিব পৰা তিনিটা মাত্ৰ ৰোগৰ কথাহে দিয়া হৈছে।ৰক্তাল্পতা:যদি আপোনাৰ শৰীৰত কিবা কাৰণত তেজৰ পৰিমাণ কমি গৈছে, তেনেহ’লে প্ৰতিদিনে অতি কমেও এশগ্ৰাম পৰিমাণত ভাল মানদণ্ডৰ কিচমিচ দুঘন্টামান পৰিষ্কাৰ পানীত তিয়াই থৈ খাওক। মাত্ৰ এসপ্তাহ এনেদৰে কিচমিচ খালে ৰক্তাল্পতা নিৰাময় হ’ব।চকুৰ দুৰ্বলতা:যদি আপোনাৰ চকু দুৰ্বল হৈছে বা চকুৰে কমকৈ দেখা পাইছে, তেনেহ’লে খাবলৈ আৰম্ভ কৰি দিয়ক। দৈনিক ৫০ গ্ৰাম পৰিমাণত কিচমিচ খাই থাকিলে মাত্ৰ তিনি মাহৰ ভিতৰতে আপোনাৰ চকুৰ দৃষ্টিশক্তি পুনৰ ঘূৰি আহিব। যিহেতু কিচমিচত ভিটামিন ‘এ’ যথেষ্ট পৰিমাণে থাকে আৰু এইবিধ ভিটামিনে আপোনাৰ চকু সুস্থ মাৰু কাৰ্যক্ষম কৰি তুলিব। উচ্চ ৰক্তচাপ:যদি আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে, তেনেহ’লে ৰক্তচাপৰ ঔষধ নিয়মীয়াকৈ খাই থকাৰ উপৰিও আপুনি নিয়মীয়াকৈ দৈনিক ৫০ গ্ৰাম পৰিমাণত কিচমিচ খাওক। মাত্ৰ সাত দিন কিচমিচ খাই থাকিলেই আপোনাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহিব আৰু ক্ৰমে এই প্ৰেছাৰ স্বাভাৱিক মাত্ৰালৈ ঘূৰি আহিব। আপোনাৰ খিংখিঙীয়া স্বভাৱটোও সলনি হ’ব আৰু দৈনিক ৰক্তচাপৰ ঔষধ খোৱাৰ প্ৰয়োজনো নোহোৱা হ’ব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate