মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / কিচমিচৰ চমৎকাৰ গুণাগুণ আৰু ব্যৱহাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কিচমিচৰ চমৎকাৰ গুণাগুণ আৰু ব্যৱহাৰ :

কিচমিচৰ চমৎকাৰ গুণাগুণ আৰু ব্যৱহাৰৰ বিষয়ে লিখা হৈছে ।

কিচমিচৰ চমৎকাৰ গুণাগুণ আৰু ব্যৱহাৰ :

বজাৰত ৰাসায়নিক ঔষধযুক্ত "মোক খা মোক খা" কৈ থকা বিষাক্ত ফলসমুহে আমাৰ দেহৰ যথেস্থ ক্ষতিকৰ বুলি আমি সকলোৱে জানোহঁক। তথাপি নিৰুপায় হৈ আমি সদায়ে খাই আছো বা ৰুগীয়া লোককো সেইবোৰকেই খুৱাই আছো।

সেয়ে কিচমিচৰ বিষয়ে কিছু জানো আহক:

আমাৰ অসমত উৎপাদন নহয় যদিও আমি সকলোৱে জানো যে আঙুৰ এবিধ বৰ পুষ্টিকৰ ফল। আঙুৰক বিশেষ পদ্ধতিৰে শুকোৱাৰ পিচত কিচমিচ বোলা হয়। গতিকে কিচমিচ খোৱা মানেই আঙুৰ খোৱাৰ সমানেই পুষ্টিগুণ থাকে। বৰং শুকোৱাৰ পিচত কিছু ক্ষেত্ৰত ইয়াৰ গুণ অধিক বৃদ্ধিহে হোৱা দেখা যায়। সেয়ে কিচমিচ পৃথিৱীৰ সকলো দেশতে উপলদ্ধ এবিধ উত্তম শুকান ফলণ।
আঙুৰৰ প্ৰজাতি ভেদে কিচমিচ সোনালী, হালধীয়া, সেউজীয়া, ক'লা আদি নানাৰঙৰ হব পাৰে।

পৌষ্টিক উপাদান -

প্ৰ'টিন, ভিটামিন এ , বি কমপ্লেস্ক, আইৰন, কেলচিয়াম, মেগনেচিয়াম, ফাইবাৰ, শৰ্কৰা, কেলৰী আদিৰ লগতে সুক্ষ্ম পোষক গুণসমৃদ্ধ খনিজ পদাৰ্থৰে (মাইক্ৰ' নিউট্ৰেন্ট) ভৰপুৰ। অন্যহাতে ই শৰীৰৰ ৰোগ নাশক, বেক্টেৰীয়া নাশক, শক্তিবৰ্ধক আৰু অকালবাৰ্ধক্য নাশক।

কিচমিচৰ ব্যৱহাৰ বিধি -

কিচমিচ সচৰাচৰ বহুতে পায়স, চুজি, হালোৱা বা তেনে আহাৰৰ লগত নাইবা প্ৰত্যক্ষভাবে চোবাই খোৱা দেখা যায় যদিও ইয়াৰ যথোচিত ঔষধী গুণাগুণ লাভ কৰিবলৈ তলত দিয়া বিধিৰে সেৱন কৰাটো অধিক ফলপ্ৰদ।

ৰাতি ১০/১২টা কিচমিচ উতলা পানীত (১বা২গিলাচ) তিয়াই থব ; ৰাতিপুৱা খালিপেটত পানী আৰু কিচমিচ একেলগে খাব। নাইবা ৰোগী নিৰোগী সকলোৱে অইন সময়তো গৰম গাখীৰত বা পানীত উতলাই ঠান্ডা হলে খাব পাৰে।

অধিক মাত্ৰাত নাখাব , সৰু লৰাছোৱালীক নিয়মিত ৬-৮টা কিচমিচ খাবলৈ দিব।

কিচমিচৰ গুণাগুণ -

১)কিচমিচ ভিজোৱা পানী ৰাতিপুৱা খালিপেটত খালে শৰীৰৰ অলাগতিয়াল বিষাক্ত পদাৰ্থ বাহিৰ হয়, পেট পৰিস্কাৰ হোৱাৰ লগতে কৌষ্ঠকাঠিন্য আৰু ইয়াৰ পৰা হব পৰা নানা ৰোগ আৰোগ্য হয়।

পাচন শক্তি মজবুত হয়। বায়ু, পিত্ত, কফ জনীত বিভিন্ন ৰোগ উপসম হয়।

এচিডিতি -

দুষিত বায়ু /পিত্ত ৰোগ দুৰ হয়।

২)ই বল শক্তি দায়ক আৰু অতি পুষ্টিকাৰক হোৱা হেতুকে ৰুগী্যা, দুৰ্বল আৰু ক্ষীন কায় দেহৰ লোকে পানী বা গাখীৰত উতলাই নিয়মিত সেৱন কৰিলে যথেস্থ উপকৃত হয়।

*পৰিশ্ৰমী, খেলুৱৈ, ব্যা্য়াম, শৰীৰচৰ্চাকাৰী বা এনাৰ্জী লেভেল বৃদ্ধিৰ বাবে উৎকৃষ্ট।

*বিদ্যাৰ্থীৰ মনোযোগ, স্মৃতিশক্তি আৰু সুস্বাস্থ্যৰ বাবে নিয়মিত সথিক মাত্ৰাত খোৱাতো উপযোগী।

৩)শৰীৰত ৰক্ত বৃদ্ধিকৰায়, ৰক্তবিকাৰ আৰু ৰক্তহীনতাত ভোগা লোকৰ বাবে উৎকৃষ্ট ঔষধী।

৪)শৰীৰৰ ওজন বঢ়ায়। (অধিক ওজন আৰু কম পৰিশ্ৰমী ব্যক্তিয়ে নাখাব)

৫)কলেষ্টেৰল আৰু উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰন কৰে। হাওঁফাওঁ, যকৃত আৰু হৃদযন্ত্ৰ সুৰক্ষিত ৰাখে।

*কিডনী পৰিস্কাৰ তথা সংক্ৰমন দুৰ কৰে।

*বহুমুত্ৰ ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লৈ খাব পাৰে।

৬)কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। এই ৰোগত ভুগা ব্যক্তিয়ে চিকিৎসকক সুধি খাব পাৰে।

৭)চকু, দাঁত, চুলি আৰু চালৰ যিকোনো সমস্যা লগতে লিভাৰ দৌৰ্বল্য আৰু মুখৰ দুৰ্গন্ধ দুৰ কৰাৰ বাবে কিচমিচ ভিজোৱা পানী খোৱা অতি উপকাৰী।

*গাথি বিষ আৰু হাড়ৰ বাবে উপযোগী।

৮)নিয়মিত সেৱন কৰিলে যৌন দুৰ্বলতা দুৰ হয় পুৰুষৰ প্ৰজনন ক্ষমতা বৃদ্ধি হয়। নাৰীৰ স্তনৰ আকাৰ আৰু সৌন্দৰ্য বৃদ্ধি হয়।

*গৰ্ভৱতী মহিলাৰ বাবেও উপকাৰী।

৯)যিকোনো জৰত বা শাৰীৰিক দুৰ্বলতাত কিচমিচ অতিউপকাৰী পথ্য।

১০)নিচাদ্ৰব্য খাই ৰোগত ভুগা ব্যক্তিয়ে (নিচাৰ পৰিৱৰ্তে) নিয়মিত খালিপেটত কিচমিচ ভিজোৱা পানী সেৱন কৰা অতি হিতকাৰী।

১১)কিচমিচে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।

গতিকে দেখিলেনে বন্ধুসকল কিচমিচ আমাৰ দেহৰ বাবে কিমান উপকাৰী ফল। সে্যে বজাৰৰ ৰাসায়নিক বিষফলৰ পৰিৱৰ্তে আমাৰ থলুৱা ফল প্ৰচুৰ পৰিমানে খাওক। লগতে বহিঃৰাজ্যৰ অধিক পোষক গুণযুক্ত কিচমিচ বা শুকান আঙ্গুৰ খাওক; লৰাছোৱালীকো খুৱাওক । (গৰম পানীত বা গাখীৰত উতলাইহে খাব)

পিছে ভালৰ অলপেই ভাল। অধিক মাত্ৰাত কেতিয়াও নাখাব। অৱশ্যে জটিল চিকিৎসাধীন ৰুগীয়া লোকে চিকিৎসকৰ পৰামৰ্শ লৈহে খাব। অপৰিশ্ৰমী অধিক শকত আৰু ওজনৰ ব্যক্তিয়ে নোখোৱাই ভাল।

লেখক: শ্ৰী যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top