মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / কিডনীৰ সমস্যাত খাদ্যৰ ভূমিকা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কিডনীৰ সমস্যাত খাদ্যৰ ভূমিকা

কিডনীৰ সমস্যাত খাদ্যৰ ভূমিকাৰ বিষয়ে লিখা হৈছে

 

প্রত্যেক ব্যক্তিৰ শৰীৰত দুটা বৃক্ক সংস্থাপিত হৈ থাকে। ইয়াৰ যদি কিবা কাৰণত এটাও বেয়া হয় তেতিয়া ই স্বাস্থ্যৰ বহুতো ক্ষতি কৰে। এনে সময়ত ইয়াৰ ওপৰত সচেতনতা ৰখাটো আমাৰ নিতান্তই প্রয়োজনীয়। কিন্তু বয়স বাঢ়ি যোৱাৰ লগে লগেই বা বিভিন্ন বেমাৰৰ বাবে বৃক্কত ইনফেকচন হোৱা দেখা যায় আৰু পাছলৈ সম্পূৰ্ণৰূপে বৃক্ক বিকল হৈ পৰা পৰিলক্ষিত হয়। ইয়াৰ বাবে খোৱা খাদ্যসমূহৰ ওপৰত ধ্যান দিয়াটো অত্যন্ত জৰুৰী। আহকচোন জানো বৃক্ক সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় আৰু ইনফেকচনৰ লক্ষণসমূহ

বাৰে বাৰে প্ৰস্ৰাৱ কৰিব লগা। প্রত্ৰাৱৰ লগত তেজ নির্গত হোৱা। প্ৰস্ৰাৱ কৰিলে বিষ হোৱা। শৰীৰৰ ওজন হ্রাস পোৱা। উশাহত দুৰ্গন্ধ নির্গত হোৱা, গাঁঠিত বিষ হোৱা।

পৰিত্ৰাণ পোৱাৰ উপায়

 

দৈ

প্রত্যেক দিনাই এগিলাচ দৈ খাওক। ই কিডনীত থকা বেয়া বেক্টেৰিয়াসমূহ মৰাত সহায় কৰে।

নেমুপানী

সদায় এগিলাচ নেমুপানী খালে শৰীৰৰ বেয়া পদার্থ নির্গত হয়। ইয়াৰ ফলত এন্টি-অক্সিডেন্টে কিডনীটো পৰিষ্কাৰ কৰি ৰাখে আৰু ইনফেকচনৰ পৰা আঁতৰত ৰাখে।

বেকিং ছ’ডা

এচামুচ বেকিং ছ’ডা এগিলাচ পানীত মিহলাই খালেও সুফল পোৱা যায়।

হালধি

নিজৰ খাদ্য তালিকাত হালধিৰ মাত্রা বঢ়ালেও উক্ত সমস্যাৰ পৰা মুক্তি পাব পাৰি।

পানী

দিনত কমেও ৮-১০ গিলাচ পানী খালে শৰীৰৰ বেয়া পদার্থসমূহ প্রস্ৰাৱৰ লগত বাহিৰ ওলাই যায় আৰু ইনফেকচনৰ পৰা ৰক্ষা পাব পাৰি।

নহৰু

প্রত্যেকদিনাই খালী পেটত ২-৩ ফুট নহৰু খালে উপশম পোৱা যায়।

আদা

খাদ্য তালিকাত আদাৰ ব্যৱহাৰ কৰক, ইয়াৰ পৰা ইনফেকচন নহয়। ইয়াৰ বাহিৰেও এদিনত দুবাৰ একাপ আদাৰ পানী খালে সুফল লাভ কৰিব।

চাল-কুৱৰীৰ জুচ

সদায় পুৱা খালী পেটত দুচামুচ চালকুঁৱৰীৰ জুচ খালে ইয়াত থকা এণ্টি-ফাংগল গুণসমূহে কিডনীটো বেয়া হোৱাৰ পৰা বচাই ৰাখে।

উৎস: গণ অধিকাৰ।

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top