মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / কুকুৰা, মাইকী পাতিহাঁহ আৰু মাইকী ৰাজহাঁহৰ মাংস :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কুকুৰা, মাইকী পাতিহাঁহ আৰু মাইকী ৰাজহাঁহৰ মাংস :

কুকুৰা, মাইকী পাতিহাঁহ আৰু মাইকী ৰাজহাঁহৰ মাংসৰ বিষয়ে লিখা হৈছে ।

 

আপুনি কুকুৰা, মাইকী পাতিহাঁহ আৰু মাইকী ৰাজহাঁহৰ মাংস খায়নে? বহুতে এই তিনিওবিধ পোহনীয়া চৰাইৰে মাংস খায়। আন বহুতে আকৌ কুকুৰাৰ মাংসহে খায়। ৰাজহাঁহৰ মাংস খোৱাটো আমাৰ অসমত তুলনামূলকভাৱে কম।

খাদ্য বিশেষজ্ঞৰ মতে, এই তিনিওবিধ চৰাইৰ মাংসত যথেষ্ট পৰিমাণে প্ৰ’টিন থাকে আৰু এই প্ৰ’টিনে দেহৰ সৱলীকৰণত আৰু দেহৰ কলাসমূহৰ মেৰামতি কাৰ্যত প্ৰধান ভুমিকা লয়। প্ৰ’টিনৰ উপৰি মাংসত সৰহ পৰিমাণৰ ভিটামিন ‘বি’ থাকে আৰু এই ভিটামিনে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ স্নায়ুকোষসমূহ সবল কৰি তোলে।

গৱেষক মতে, প্ৰায় ঘৰুৱা হাঁহবোৰত থকা চৰ্বি অসংপৃক্ত আৰু ৰক্ত কলেষ্টেৰ’লৰ পৰিমাণ বৃদ্ধি নকৰে। কুকুৰাৰ মাংসত চৰ্বি কম থাকে আৰু চৰ্বি থাকে ছালতহে। সেয়ে কুকুৰাৰ ছাল অতি সহজে গাৰপৰা এৰুৱাব পাৰি। ছালবিহীন কুকুৰাত পাঁচ শতাংশ চৰ্বি থাকে আৰু কুকুৰাৰ মাংসত নিম্ন কলেষ্টেৰ’ল অথবা নিম্ন কেল’ৰি শক্তি থাকে। গতিকে কুকুৰা মাংস খোৱা প্ৰয়োজনীয়।

কুকুৰাৰ লিভাৰ ভিটামিন ‘এ’ৰ উৎকৃষ্ট উৎস আৰু এনে ভিটামিনে দেহক শক্তি প্ৰদান কৰে আৰু ছাল নিমজ কৰে। আনকি দেহত দেখা দিয়া সংক্ৰমণৰ বিৰুদ্ধেও যুঁজ দিব পাৰে। তদুপৰি কুকুৰাৰ মাংসত ভিটামিন বি১২ পোৱা যায় আৰু এনে ভিটামিনে দেহৰ ডি এন এ আৰু আৰ এন এ গঠনত ভুমিকা গ্ৰহণ কৰে।

খাদ্য বিশেষজ্ঞৰ মতে, কুকুৰাৰ সিজোৱা মাংসত প্ৰ’টিন ২৩ শতাংশ, চৰ্বি ১৪ শতাংশ থাকে। এই মাংসত সকলো ধৰণৰ ভিটামিন ‘বি’ উপলব্ধ, বিশেষকৈ নিয়াচিন। ভিটামিন বি১২ কম পৰিমাণে থাকে। কেল’ৰি শক্তি ২২৬।

মাইকী পাতিহাঁহৰ মাংস আৰু ছালত প্ৰ’টিন ২৮ শতাংশ, চৰ্বি ৭ শতাংশ আৰু কেল’ৰি শক্তি ১৭১। আনহাতে, অকল মাংসত প্ৰ’টিন ২০০ শতাংশ, চৰ্বি ৩ শতাংশ আৰু কেল’ৰি শক্তিৰ মূল্য ১৪০। এই মাংসত ভিটামিন বি১২ থকাৰ উপৰি ভিটামিন ‘বি’, বিশেষকৈ নিয়াচিন উপলব্ধ। খনিজ পদাৰ্থৰ ভিতৰত পটাছিয়াম আৰু ফছফৰাছ থাকে। জিংক তিনিওবিধ মাংসতে পোৱা যায়। বেছি পৰিমাণে থাকে কুকুৰাৰ মাংসত।

মাইকী ৰাজহাঁহৰ অকল মাংসতে প্ৰ’টিন ৩৯ শতাংশ, চৰ্বি ২২ শতাংশ থাকে। কুকুৰাত থকা ৰিব’ফ্লেডিনৰ পৰিমাণ মাইকী ৰাজহাঁহৰ মাংসত তিনিগুণ বেছি আৰু সেইদৰে ভিটামিন বি৬ৰ প্ৰায় ছগুণ বেছি পোৱা যায়। খনিজ পদাৰ্থৰ ভিতৰত পটাছিয়াম আৰু ফছফৰাছেই অধিক পৰিমাণে থাকে। কেল’ৰি শক্তি হ’ল ৩১৯।

ফ্ৰান্সৰ কেইগৰাকী গৱেষকৰ মতে, মাইকী ৰাজহাঁহৰ মাংস গ্ৰহণকাৰীয়ে হৃদৰোগত কমকৈ ভোগে। কোনো কোনো বিশেষজ্ঞই কয়- মাইকী পাতিহাঁহ আৰু মাইকী ৰাজহাঁহৰ মাংস হাঁপানী ৰোগত ভোগা ৰোগীৰ বাবে সুখাদ্য নহয়।

লেখক: ড° পবিত্ৰ কুমাৰ পাটোৱাৰী(দৈনিক অসম)

3.05
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top