মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / কেইবিধমান ৰোগ আৰোগ্যত জামু
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেইবিধমান ৰোগ আৰোগ্যত জামু

কেইবিধমান ৰোগ আৰোগ্যত জামৰ ভুমিকা লিখা হৈছে

জামু এবিধ ভাল ফল। এই জামু ফল অসমৰ সকলো ঠাইতে পোৱা যায়। জামুক ইংৰাজীত জাম্বুল বা জামান, হিন্দীত জামুন, পাঞ্জাৱীত জামুলি বোলা হয়। ইয়াৰ ব’টানিকেল নাম ‘ছিজিয়াম কিউমিনি।‘ জামু সাধাৰণতে তিনিবিধ। বৰজামু, সৰু জামু আৰু বগী জামু। জামুৰ সাধাৰণতে পাত, ছাল বা বাকলি, ফল, গুটি আদি ঔষধত ব্যৱহাৰ হয়। জামুৰ পকা ফলৰ পৰা ঔষধীয় মদ তৈয়াৰ হয়।

জামুৰ সৰু আৰু ডাঙৰ বিধৰ পৰা ঔষধ প্ৰস্তুত কৰা হয়। জামু খালে পিত্ত বেমাৰ ভাল হয় আৰু ছালৰ ৰোগ, বমি, শৰীৰৰ বিশেষকৈ হাত-ভৰি জ্বলা-পোৰা আৰোগ্য হয়। জামুৱে বদহজমি নাশ কৰে, যকৃতৰ শক্তি বঢ়ায়। জামুৱে তেজৰ শৰ্কৰা হ্ৰাস কৰে। ইয়াক বেছি পৰিমাণে খালে শৌচ কঠিন হয়।

জামুৰ বনৌষধি গুণবোৰঃ

  • লিভাৰ বা যকৃতৰ ৰোগত জামু বৰ উপকাৰী। যকৃত ফুলি ভোক কমি গ’লে, যকৃতৰ বিষ হ’লে, জামুৰ গুটিৰ পাউডাৰ কৰি পানী মিশ্ৰণ কৰি ৰস উলিয়াই ১৫ গ্ৰাম পৰিমাণে দিনটোত এবাৰকৈ ১০-১৫ দিন খাব লাগে। যকৃত বা লিভাৰৰ যিকোনো অসুখত সৃষ্টি হোৱা সমস্যা সমাধানৰ বাবে জামুৰ ৰস খাব লাগে। ১০ গ্ৰাম পৰিমাণে ব্যৱহাৰ কৰিব লাগে। দিনে এবাৰকৈ নিয়মিতভাৱে কিছুদিন ব্যৱহাৰ কৰিব লাগে। জণ্ডিচৰ অসুখত জামুৰ ৰস ১০ মিলিগ্ৰাম পৰিমাণে লৈ তাত এচামুচ মৌজোল মিহলাই খাব লাগে। এনেদৰে খালে ৰক্তহীনতাতো বৰ উপকাৰ হয়। দাঁতৰ বিষত জামুৰ পাতৰ ছাই ব্যৱহাৰ কৰিলে দাঁতৰ আলু আৰু দাঁতৰ বিষ কমে আৰু দাঁত মজবুত হয়। চকুত ছানি পৰিলে জামুৰ গুটিৰ পাউডাৰ প্ৰস্তুত কৰি তাত মৌজোল মিহলাই ৩ গ্ৰামৰ বড়ি কৰি প্ৰতি পুৱা ১টা আৰু আবেলি ১টা বড়ি খাব লাগে। এনেদৰে ৫-৬ দিন খালে চকুত পৰা জাল কমি যায়। কাণত ফোঁহা বা কাণত পূঁজ হ’লে জামুগুটি গুড়ি কৰি ১ গ্ৰাম পাউডাৰ উলিয়াই তাত ১ চামুচ মৌজোল মিশ্ৰণ কৰি কাণত দিলে এনে সমস্যা দূৰ হয়। দিনে ১ বাৰকৈ ৩-৪ দিন দিব লাগে।

বহুমূত্ৰ ৰোগতঃ

জামু গছৰ শিপা ১০০ গ্ৰাম থেতালি ২৫০ মিলিগ্ৰাম পানীত মিহলাই তাত ২০ গ্ৰাম চেনি দিব লাগে। এই মিশ্ৰণটো পুৱা আৰু আবেলি খোৱাৰ আগতে খাব লাগে। এইদৰে ১ সপ্তাহ ব্যৱহাৰ কৰিলে ডায়েবেটিছ কমি যায় অৰ্থাৎ তেজৰ শৰ্কৰা কমি যায়। ২৫০ গ্ৰাম পকা জামুগুটি ৫০০ মিলিগ্ৰাম পানীত উতলাই পানীখিনি ঠাণ্ডা হ’লে জামুগুটিৰ মিশ্ৰণখিনি চেকিব লাগে। সেইখিনি দিনে ৩ বাৰকৈ খাবলৈ দিব লাগে। এইদৰে ৭-৮ দিন খালে ডায়েবেটিছ কমি যায় আৰু শৰীৰৰ দুৰ্বলতাও কমে।

জামু গছৰ বাকলি পুৰি ছাই কৰি ২ গ্ৰাম পৰিমাণে দিনে তিনিবাৰ খাব লাগে ৭ দিন ধৰি। এইদৰে খালে প্ৰস্ৰাৱত থকা চেনি বা শৰ্কৰা কমি যায়। অৰ্শ বা পাইলছ বেমাৰত ভোগা ৰোগীয়ে সতেজ জামু গছৰ পাতৰ ৰস ২০ মিলিগ্ৰামকৈ খুৱালে অৰ্শ বহু পৰিমাণে উপশম ঘটে। দিনে তিনিবাৰ খাব লাগে। অৰ্শ বা পাইলছত তেজ ওলালে ১০ গ্ৰাম জামুৰ কেঁচাপাতৰ ৰসৰ লগত অলপ গাখীৰ মিহলাই (২০০ গ্ৰাম) দিনে তিনিবাৰকৈ ৭ দিন খালে তেজ পৰা অৰ্শ ভাল হয়।

ডায়েৰিয়া, ডিচেণ্ট্ৰী আদি অসুখত ১০ গ্ৰাম জামুৰ পাতৰ ৰসত ১০০ গ্ৰাম ছাগলীৰ গাখীৰ মিহলাই দিনে ১-২ বাৰ খুৱালে এই সমস্যা আঁতৰে। হাত-ভৰি বা শৰীৰৰ কোনো অংশ জুয়ে পুৰিলে ৮-১০টা জামুৰ পাতৰ পেষ্ট কৰি লগালে ভাল হয়। জোতা পিন্ধি ভৰিৰ গোৰোহা বা আন ঠাইত দুখ পাই তেজ ওলালে তৎক্ষাণাৎ জামু পাতৰ পেষ্ট তৈয়াৰ কৰি সানিব লাগে। তেতিয়া তেজ ওলোৱা বন্ধ হ’ব আৰু বেদনা কমিব। কোনো লোকে বিহ খালে ৩টা জামুৰ পাত থেতালি অলপ পানী মিহলাই লগত মিশ্ৰণ কৰি খাব দিলে বিহ খোৱা সমস্যা আঁতৰে। দিনে ২-৩ বাৰ খাব লাগে।

নিষেধঃ পকা জামু বেছি পৰিমাণে খালে পেটৰ অনিষ্ট হোৱাৰ লগতে কাহ আৰু গেছ হ’ব পাৰে। সেয়ে অলপ নিমখ লৈ দিনে ৮-১০টা পকা জামুহে খাব লাগে।

(উৎসঃ নিয়মীয়া বাৰ্তা, উপেন দত্ত)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top