মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / কেপচিকামৰ গুণাৱলীৰ সৈতে পৰিচিত হওঁ আহক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেপচিকামৰ গুণাৱলীৰ সৈতে পৰিচিত হওঁ আহক

কেপচিকামৰ গুণাৱলীৰ বিষয়ে লিখা হৈছে ।

কেপচিকামৰ উপকাৰিতাৰ তালিকা -

১)কিডনি ৰোগীৰ বাবে কিয় উপকাৰী?

কিডনি ৰোগীৰ সচৰাচৰ সংগী হয় এনিমিয়া, ডায়েবেটিজ, হৃদৰোগ, উচ্চ ৰক্তচাপ, পেটৰ বিষ৷ এইকেউটাকে নিয়ন্ত্ৰণ কৰিবব পাৰে নিয়মীয়া কেপচিকামৰ সেৱনে৷ ভিটামিন-চি, ভিটামিন-এ, আইৰণ, ফলিক এচিডে এনিমিয়াৰ সংশোধন কৰে৷ ডায়েবেটিজৰ নিয়ন্ত্ৰণত কেপচিকামৰগুৰুত্বপূৰ্ণ ভূমিকা থাকে৷ কেপচিকামে ক’লেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড কমাই হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে৷ প’টেচিয়ামে তেজৰ নলী বহলাই (Vasodilation কৰি) উচ্চ ৰক্তচাপ কমায়৷ কিডনি ৰোগীয়ে পাই থকা বিষৰ মাত্ৰা কেপচিকামে হ্ৰাস কৰে৷ তেজ পৰিষ্কাৰ কৰি দূষিত জমা পদাৰ্থ প্ৰসাবেদি ওলিওৱাত কেপচিকাম সহায়ক৷ ভিটামিন-বি৬ৰ উপস্থিতিৰ ফলত প্ৰসাবৰ পৰিমাণ বৃদ্ধি হোৱাৰ (Diuretic action) ফলত ভৰি ফুলা কমে৷ তেজৰ ক্ৰিয়েটিনিনৰ পৰিমাণ হ’ল কিডনিৰ আইনাৰ দৰে৷ কেপচিকামে নানান ধৰণেৰে উপকাৰ কৰি তেজৰ ক্ৰিয়েটিনিনৰ মাত্ৰা হ্ৰাস কৰাত সহায়ক হয়৷

২)হৃদৰোগৰ পৰা সুৰক্ষা - ঘাইকৈ অপকাৰী ক’লেষ্টেৰল কমোৱাৰ ফলত৷ লগতে উচচ ৰক্তচাপ কমোৱাত লোৱা ভূমিকাৰ বাবে৷

৩)কৰ্কট ৰোগৰ পৰা সুৰক্ষা- কেপচিকামৰ এণ্টিঅক্সিডেণ্টে জিন মিউটেশ্বন আৰু আৰ এন এৰ বিনষ্টকৰণ ৰোধ কৰে৷

৪)ছালৰ ওপৰত উপকাৰী প্ৰভাৱ-ফাইটোকেমিকেলচআৰু এণ্টিঅক্সিডেণ্টে শৰীৰত বাৰ্ধক্যৰ ছাপ পৰিবলৈ নিদিয়ে৷

৫)চুলিৰ স্বাস্থ্যক সুৰক্ষা দিয়ে- ভিটমিন-বি৬, লাইকোপেন আৰু ফাইবাৰে৷ প’টেচিয়ামে চুলিৰ গুৰিত তেজৰ সঞ্চালন সঠিককৈ ৰাখে৷

৬)ইমিউনটি বৃদ্ধিকাৰক- লগতে নানাবিধ এণ্টিঅক্সিডেণ্টে শৰীৰৰ ষ্ট্ৰেচজনিত সকলোধৰণৰ অহিত সাধনৰোধ কৰে৷

৭)নানাবিধ শ্বাস প্ৰণালীৰ ৰোগৰ উপশমত সহায়ক- হাঁপানি, লেৰিনজাইটিজ, এমফাইচিমা, চৰ্দি আদিত৷

৮)ওজন কমোৱাত সহায়কাৰী ভূমিকা।

৯)ৰজোনিবৃতি(মেনোপ’জত) উপকাৰী প্ৰভাৱ।

১০)ডায়েবেটিজ আৰু স্নায়ুৰোগ - কেপচিকামৰ বিশেষকৈ সেউজীয়া কেপচিকামৰ তেজৰ চুগাৰ হ্ৰাস কৰাৰ ক্ষমতা (Hypoglycemic action) দেখা যায়৷ Diabetic Neuropathyৰ প্ৰভাৱ কম কৰে৷

১১)হাঁড়ৰ উপকাৰিতা- Rheumatoid arthritis আৰু আন আন বাতজনিত বিষৰ উপশম ঘটায়৷

১২)পাক প্ৰণালীৰ উপযোগী- ডায়েৰিয়া, পেপ্টিক আলচাৰ, পেট-বিষ নিয়ন্ত্ৰণ কৰে৷

১৩)গৰ্ভকালত উপকাৰিতা- কেপচিকামৰ ফ’লেটে গৰ্ভস্থ সন্তানৰ জন্মগত বিসংগতি (যেনে Spina bifada)ৰোধ কৰে৷

১৪)চকুৰ বিষ উপশম ঘটায় আৰু দৃষ্টিশক্তি বঢ়ায়৷

১৫)মাইগ্ৰেইন আৰু আন মূৰৰ বিষ উপশম ঘটায়৷

১৬)চাইনোচাইটিচ নিয়ন্ত্ৰণত অৱদান আগবঢ়ায়৷

১৭)বিষহাৰক গুণৰ উপকাৰিতা (anti-inflammatory action)।

১৮)অন্যান্য- ক্ৰনজ ডিজিজ চিকিৎসাত সহায়কাৰী৷

কিদৰে কেপচিকাম ব্যৱহৃত হয়?

কেপচিকাম সিজাই, কেঁচাকৈ চালাডৰ দৰে, আচাৰ বনাই, পিজ্জাত টপ হিচাবে দি ব্যৱহাৰ কৰা হয়৷ মাংস আৰু মাছৰ আঞ্জাত কেপচিকাম ব্যৱহাৰ কৰা হয়৷ কোনোৱে ইয়াৰ পাউদাৰ কীটনাশক হিচাবেও ব্যৱহাৰ কৰে৷

আন আন দৰবৰ সৈতে হব পৰা অহিতকাৰী ক্ৰিয়া (Drug interaction )-

*শ্বাস কষ্ট কমাবলৈ প্ৰয়োগ কৰা থিয়’ফাইলিনৰ ক্ৰিয়া কেপচিকামে বঢ়াই তুলিব পাৰে৷

*এণ্টিক’এগুলেণ্ট আৰুএণ্টিপ্লেটলেট (যেনে এচপ্ৰিন, ক্লপিডগ্ৰিল)দৰবৰ সৈতে ক্ৰিয়া কৰে৷

*ৰক্তচাপ নিয়ন্ত্ৰণ কৰা এচ-ইনহিবেটৰ(যেনে- এনালাপ্ৰিল, কেপ্টপ্ৰিল, লিচিন’প্ৰিল) আদিৰ সৈতেও ক্ৰিয়া কৰে৷

*আটাইতকৈ বিপদজনক পাৰ্শ্বক্ৰিয়া কোকেইন সেৱনকাৰীৰ ক্ষেত্ৰ হব পাৰে৷ এনেলোকে কেপচিকাম গ্ৰহণ কৰিলে হাৰ্টএটেক হৈ মৃত্যুমুখতো পৰিব পাৰে৷

সতৰ্কতা -

*ডায়েলাইচিচৰ ৰোগীয়ে নিজৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে কেপচিকাম গ্ৰহণ কৰিব৷ কিয়নো কেপচিকামত চ’ডিয়াম তেনেই সামান্য থাকিলেও প’টেচিয়াম উচ্চ মাত্ৰাত থাকে৷

*কেপচিকামৰ মলম বা ক্ৰিম কটা ঘাঁত লগাব নালাগে৷

*মলম বা ক্ৰিম গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃয়ে ব্যৱহাৰ কৰিব পাৰে৷ খোৱাৰ ক্ষেত্ৰত সীমিত মাত্ৰাতহে খাব৷

ঔষধ হিচাবে কেনেদৰে কেপচিকাম ব্যৱহাৰ হয়?

বিষহাৰক মলম বা ক্ৰিমত অতি বেচিকৈ প্ৰয়োগ হয়৷ লিগন’কেইনৰ সৈতে মিহলাই নাকত দিয়া জুলীয়া দৰব অতিমাত্ৰা গুৰুতৰ মূৰৰ বিষত প্ৰয়োগ কৰা হয়৷ কিছুমান প্লাষ্টাৰ কৰা সামগ্ৰীত বিষহাৰক হিচাবে কেপচিকাম ব্যৱহৃত হয়৷

লেখক: ডা° ভূপেন শইকীয়া

যোগাযোগঃ ০৯৭৪৩৩৭৩৮৭২২

3.16666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top