অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেহৰাজ :

কেহৰাজৰ বিষয়ে লিখা হৈছে ।

এইবিধ উদ্ভিদ জেকা, সেমেকা আৰু বৰ বেছি ৰ’দ নপৰা ঠাইত ঘনঘনকৈ গজে। সাধাৰণতে বাৰিষাকালত এইবিধ উদ্ভিদ জলাশয়ৰ পাশে পাশে দেখা পোৱা যায়।

এইবিধ উদ্ভিদ, মূৰৰ চুলি ডাঠ, দীঘল আৰু ঘন ক’লা কৰিবৰ কাৰণে বেছিকৈ হয় যদিও অসমত এই উদ্দেশ্যে বাহুল্যভাৱে ব্যৱহাৰ কৰা দেখা নেযায়।

অসম, পশ্চিমবংগ, কংকন উপকূলীয় অঞ্চল আৰু দাক্ষিণাত্যৰ তামিলনাডুত দেখা পোৱা যায়।

বিভিন্ন ভাষাত ইয়াৰ নাম:

অসমীয়া: কেহৰাজ।

বাঙালী: কেশৰী, কেশূৰীয়া, কেশৰী, ভীমৰাজ।

সংস্কৃত: ভৃংগৰাজ, কেশৰাজ, কেশৰঞ্জন, কুন্তলবৰ্ধন।

হিন্দী: ভগীৰা, ভাংৰা, ভাংৰাইয়া।

গুজৰাঠী: ভাংৰা, কালো ভাংৰো।

মাৰাঠী: ভাকা, বাংকা, ভৃংগৰাজ।

পাঞ্জাৱী: কিশোৰী, কেশৰাজ, কেশৰী, ভীমৰাজ।

উৰিয়া: কেশৰ্দা।

তামিল: কেকেশী, কাৱি, শিলাই, কাইকেশী।

ইংৰাজী: Trailing eclipta

বৈজ্ঞানিক নাম: Eclipta able(L)

কেহৰাজ ভাৰতৰ প্ৰতিখন ৰাজ্যতে চুলি কেঁচাকৈ ৰখা আৰু চুলি ঘন আৰু ক’লা কৰি ৰখাৰ বাবেই ব্যৱহাৰ কৰা হয় বুলি জনা যায়।

অৱশ্যে এই কামৰ বাবে আন দুবিধমান উদ্ভিদো ব্যৱহাৰ হয়। সেইবিলাকৰ ভিতৰত হালধীফ্যা ফুলৰ কেহৰাজতকৈ আকাৰত ডাঙৰ আৰু মাটিত ছানি ধৰি বগাই থকা ‘ভৃংগৰাজ’ আৰু আন এবিধ উদ্ভিদ Wedella chinensis ব্যৱহাৰ হয়।

বিৱৰণ:

কেহৰাজ এবিধ চাপৰ জাতৰ উদ্ভিদ। কেতিয়াবা এইবিধ উদ্ভিদ মাটিৰ ওপৰত লম্বভাৱে পোন হৈ অসংখ্য ঠাল-ঠেঙুলিৰে ভৰা একোজোপা ক্ষুদ্ৰ অপতৃণৰ ৰূপত ঘৰৰ চৌহদ বা পথাৰৰ কাষত জেকা আৰু সামান্য পানী জমা হোৱা কোমল মাটিত যথেষ্ট দ্ৰুতগতিত বাঢ়ি মাটি ছানি থকা দেখা যায়।

ইয়াৰ দালবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ নোমেৰে ভৰি থাকে আৰু গা-গছৰ গাঁঠিবিলাকৰ পৰা শিপা ওলাই মাটিত খোপনি পুতি গছডাল থিয় হৈ থকাত সহায় কৰে।

প্ৰতিটো দালৰ আগত বগা সৰু সৰু ফুল ফুলে। এইবিধ উদ্ভিদৰ ফুল আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ গুটি লাগে শীতকালত।

ইয়াৰ গুটিবোৰ ক্ষুদ্ৰ যদিও আকাৰত দীঘলীয়া আৰু দেখাত কাল বা ক’লা জিৰাৰ সৈতে একে দেখা যায়।

ইয়াৰ পাতবোৰ বটিলে সেউজীয়া-মাটীয়া ৰঙৰ ৰস ওলায় আৰু কিছু সময় মুকলিত থৈ দিলে সেই ৰসৰ ৰং ক’লা হৈ পৰে।

ৰাসায়নিক গঠন:

এইবিধ উদ্ভিদত ‘একলেপ্টাইন’ নামৰ এবিধ উপক্ষাৰ(alkaloid) পোৱা যায়। তাৰোপৰি ইয়াত এক বুজন পৰিমাণৰ জৈৱ বস্তুৰ এক জটিল মিশ্ৰণ(Resin) পোৱা যায়।

ইয়াৰ ৰাসায়নিক গুণ:

এইবিধ উদ্ভিদৰ কিছুমান বিশেষ ঔষধি গুণ আছে। ই কফ-পিত্ত শাম ঘটাব পাৰে। শৰীৰৰ বিষ নাইকিয়া কৰিব পাৰে আৰু চকুৰ ৰোগো নিৰাময় কৰিব পাৰে। ই পাচন তন্ত্ৰ শক্তিশালী কৰে আৰু পাচন শক্তি বঢ়ায় আৰু প্লীহা সক্ৰিয় কৰে। ই ৰক্ত শোধনত সহায় কৰে আৰু ৰক্ত উৎপাদন বৃদ্ধিও কৰে। ই শৰীৰৰ অংগ ফুলা আৰু শৰীৰৰ উখহা ৰোগ নিৰাময় কৰিব পাৰে।

ইয়াৰ ব্যৱহাৰে শৰীৰৰ ছালৰ ৰোগ আৰু অন্ত্ৰত থকা কৃমি নাশ কৰিব পাৰে। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু শৰীৰৰ শক্তি যোগায়। এইবিধ উদ্ভিদে শৰীৰৰ ছালৰ ৰং আৰু উজ্জ্বলতা বৃদ্ধি কৰে লগতে চুলিৰ শ্ৰীবৃদ্ধি আৰু উজ্জ্বল ক’লা কৰি ৰখাত সহায় কৰে।

ঔষধি গুণ:

মাইগ্ৰেণ:

কেহৰাজৰ পাত আৰু কুমলীয়া আগ এমুঠি আনি ভালদৰে ধুই পটাত বটি চেপি তাৰ ৰস উলিয়াই লওক। এই ৰসৰ লগত সমপৰিমাণৰ ছাগলীৰ গাখীৰ মিহলাই গৰম কৰি লওক। এই মিশ্ৰণ ঠাণ্ডা হ’বলৈ দি তাৰ পৰা এটা ড্ৰপাৰৰ সহায়েৰে নাকৰ দুয়োটা ফুটাতে দুই টোপালকৈ দিয়ক। প্ৰথমতে নাকত বেছি জ্বলা-পোৰা কৰিব পাৰে। কিন্তু পিছলৈ আদকপালী বা মাইগ্ৰেণৰ বিষ নিৰাময় হ’ব।

*কেহৰাজ আৰু ছাগলীৰ গাখীৰৰ এই মিশ্ৰণৰ লগত এচামুচ পৰিমাণত জালুকৰ গুড়ি দি পেষ্ট এটা প্ৰস্তুত কৰক। এই পেষ্ট বিষাই থকা কপালত সানি প্ৰলেপ এটা দি থওক। কিছু সময়ৰ পিছতে মাইগ্ৰেণৰ বিষৰ পৰা উপশম পাব।

চুলিৰ যতন:

*যিসকল পুৰুষ-মহিলাৰ মূৰৰ চুলি নিয়ন্ত্ৰণহীনভাৱে সৰিবলৈ লৈছে আৰু তাৰ ঠাইত নতুন চুলি গাজি উঠা নাই, তেনে ব্যক্তিয়ে কেহৰাজৰ পাতৰ ৰস ব্যৱহাৰ কৰিব পাৰে। কেহৰাজৰ পাত এমুঠি ছিঙি আনি বটি লৈ চেপি তাৰ পৰা ৰস উলিয়াই লওক। চুলি সৰা ঠাইডোখৰৰ চুলিখিনি খুৰাই নেপেলাই চুটিকৈ কাটি চুলি সৰি পাতল হৈ যোৱা ঠাইডোখৰত সানক। শুকাই গ’লে কেৱল পৰিষ্কাৰ পানীৰে ধুই পেলাওক। এদেদৰে এদিন এৰি এদিনকৈ ভিতৰতে দেখিব, ঠাইডোখৰত নতুন ক’লা চুলি গজি আহিছে। অকালতে চুলি সৰা আৰু চুলিৰ আগ ফটা আদি বিকাৰতো এই ব্যৱস্থা ল’ব পাৰে।

*কেহৰাজৰ পাতৰ ৰস উলিয়াই তাত ত্ৰিফলা চূৰ্ণ দি ছাঁত শুকাবলৈ দিয়ক। শুকাই যোৱা ত্ৰিফলা চূৰ্ণ পুনৰ আৰু দুবাৰ কেহৰাজ পাতৰ ৰসত তিয়াই লৈ শুকুৱাই লওক আৰু ত্ৰিফলাগুড়ি পুনৰ ভালদৰে মিহি কৰি পটাত বটি লওক। প্ৰতিদিনে পুৱা এই গুড়িৰ ডেৰ গ্ৰাম(১.৫ গ্ৰাম) পৰিমাণত চুলিৰ সমস্যা থকা লোকক খাবলৈ দিয়ক। অকালতে চুলি পকাৰ বিকাৰ এই মিশ্ৰণে নিৰাময় কৰে। এই ঔষধ খাই থাকিলে চকুৰ দুৰ্ব্বলতা দূৰ হয় আৰু দৃষ্টিশক্তি প্ৰখৰ হয়।

*কেহৰাজৰ পাত আৰু কুমলীয়া আগ ত্ৰিফলা চূৰ্ণ, অনন্তমূল আৰু আমৰ গুটিৰ শাহ প্ৰত্যেকৰে ২০ গ্ৰামকৈ একেঅলগে লৈ বটি এটা মগু(পেষ্ট) বনাই লওক। এই মিশ্ৰণৰ পেষ্টৰ লগত ১০ গ্ৰাম মণ্ডুৰ পেষ্ট আৰু আধা কিলো নাৰিকল তেল এই পেষ্টটোৰ লগত মিহলাই লওক। এতিয়া ইয়াত এক লিটাৰ পানী মিহলাওক। এই মিশ্ৰণটো জুইত বহাই দি উতলিবলৈ দিয়ক। উতলিলে পানী শুকাই গৈ কেৱল তেলখিনি থাকোতে নমাই চেকি লওক। এই তেল চুলিত সানি থাকিলে সকলো ধৰণৰ চুলিৰ বিকাৰ দূৰ হয়।

চকুৰ ৰোগত:

*কেহৰাজৰ পাত আধাকিলো ছিঙি আনি ছাঁত ভালদৰে শুকুৱাই লওক। শুকাই গ’লে শুকান পাতবোৰ গুড়ি কৰি টানকৈ সাঁফৰ মাৰি বটলত ভৰাই ৰাখক। এই গুড়িৰ ১০ গ্ৰাম(চাহ চামুচেৰে দুচামুচ) লৈ তাৰ লগত আধা চামুচ মৌ আৰু আধা চামুচ মৌ আৰু আধা চামুচ ঘিউ মিহলাই ৰোগীক খাবলৈ দিয়ক। প্ৰতিদিনে ৰাতি শুবলৈ যোৱাৰ আগতে এই মিশ্ৰণটো একেৰাহে ৪০ দিন খাব লাগে। এই মিশ্ৰণৰ সেৱনে সকলো ধৰণৰ চকুৰ বিসংগতি নিৰাময় কৰিব।

*কেহৰাজৰ পাত কেইটামান ভালদৰে ধুই পৰিষ্কাৰ কৰি পটাত বটি তাৰ ৰস উলিয়াই ড্ৰপাৰৰ সহায়েৰে দুটোপাল, সূৰ্যোদয়ৰ আগে আগে বা সূৰ্যস্তৰ আগে আগেদুয়োটা চকুতে দিয়ক। এই ব্যৱস্থাই চকুত বগাদাগ পৰা(ফুলা) আৰু অন্যান্য বিসংগতি নাইকিয়া কৰিব।

*চকু বিষাই থাকিলে কেহৰাজৰ পাত দুমুঠি পৰিষ্কাৰ কাপোৰত বান্ধি চকুৰ ওপৰত লগাই বান্ধি ৰাখক। বিষ ভাল হ’ব।

*কেহৰাজৰ কুমলীয়া আগ আৰু পাত বটি লৈ দুই লিটাৰ ৰস উলিয়াই লওক। ইয়াৰ লগত যষ্টিমধুৰ শিপা বটি লোৱা মণ্ড ৫০ গ্ৰাম, ৫০০ মিঃলিঃ তিল তেল আৰু দুই লিটাৰ গৰুৰ গাখীৰ ইয়াৰ লগত মিহলাই লওক। এই দ্ৰব্যবোৰ একেলগে লৈ খুব ভালদৰে মিহলাই লওক। এতিয়া এই মিশ্ৰণটো এটা পৰিষ্কাৰ পাত্ৰত লৈ জুইত উতলিবলৈ দিয়ক। তৰল দ্ৰব্যবোৰ শুকাই গৈ কেৱল তিল তেলখিনি থাকোতে নমাই দিব। অলপ ঠাণ্ডা হ’লে ঘন চেকনীৰে চেকি তেলখিনি বটল এটাত ভৰাই টানকৈ সাঁফৰ মাৰি ৰাখিব। এই তেল ড্ৰপাৰৰ সহায়েৰে অলপ অলপকৈ দুই টোপাল চকুত দিব আৰু এটোপালকৈ নাকৰ দুয়োটা ফুটাতে দিব। এই মিশ্ৰণে সকলো প্ৰকাৰৰ চকুৰ ৰোগ নিৰাময় কৰিব। আনকি চকুৰ কমি যোৱা দৃষ্টি শক্তিও বৃদ্ধি কৰিব।

দাঁতৰ বিষ:

যিকোনো দাঁতত বিষ হ’লে- কেহৰাজ পাতৰ ৰস ২-৩ টোপাল, বিষোৱা দাঁতটোৰ বিপৰীতে দিশৰ কাণৰ ড্ৰপাৰেৰে দিয়ক। কম সময়ৰ ভিতৰতে দাঁতৰ বিষ ভাল হ’ব। যদি কিবা কাৰণত এবাৰত এই উপায়েৰে দাঁতৰ বিষ ভাল নহয় তেনেহ’লে দ্বিতীয়াবাৰ এই দিহা পালন কৰক।

উচ্চ ৰক্তচাপ:

কেহৰাজ পাতৰ ৰস দুচামুচৰ লগত এচামুচ মাত্ৰাত মৌ মিহলাই দিনটোত দুবাৰকৈ ৰক্তচাপৰ ৰোগীক খাবলৈ দিয়ক। মাত্ৰ এসপ্তাহৰ ভিতৰতে আপোনাৰ ৰক্তচাপ স্বাভাৱিক অৱস্থালৈ নামি আহিব। যদি আপোনাৰ কোষ্ঠকাঠিন্য নাই তেনেহ’লে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহিবই। এই মিশ্ৰণে পাচন শক্তি বৃদ্ধি কৰে আৰু খোৱাৰ ৰুচিও বঢ়ায়।

পেটৰ বিষ:

১০ গ্ৰাম কেহৰাজৰ পাতৰ লগত ৩ গ্ৰাম ক’লা নিমখ মিহলাই সামান্য পৰিমাণৰ পানী দি গুড়ি কৰি লওক। এই মিশ্ৰণ চেপি চেকি লওক। ৰোগীক দিনটোত ৩-৪ বাৰকৈ এই ৰস খাবলৈ দিয়ক। এই মিশ্ৰণে প্ৰচণ্ড পেটৰ বিষো নিৰাময় কৰে।

ডায়েৰিয়া:

কেহৰেজা কেইজোপামান উভালি আনি ছাঁত ইয়াৰ শিপাবোৰ শুকুৱাই লওক। শুকান শিপা ১০০ গ্ৰামৰ সৈতে কম পৰিমাণত শুকান বেলৰ শাহ একেলগে বটি লওক। এই মিশ্ৰণৰ এচামুচ পৰিমাণত ৰোগীক পুৱা আৰু গধূলি পানী মিহলাই খাবলৈ দিব। এই মিশ্ৰণে কলাইটিছ আৰু ডায়েৰিয়া দুয়োটা ৰোগকে নিৰাময় কৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top