মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / কৰ্কট ৰোগ প্ৰতিৰোধত ফল-মূল আৰু শাক-পাচলিৰ ভূমিকা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৰ্কট ৰোগ প্ৰতিৰোধত ফল-মূল আৰু শাক-পাচলিৰ ভূমিকা

কৰ্কট ৰোগ প্ৰতিৰোধত ফল-মূল আৰু শাক-পাচলিৰ ভূমিকাৰ বিষয়ে লিখা হৈছে

সুস্বাস্থ্যৰ বাবে পুষ্টি অপৰিহার্য। এই পুষ্টিৰ যোগান ধৰে খাদ্যই। পুষ্টিকৰ আৰু স্বাস্থ্যসন্মত খাদ্যসমূহৰ ভিতৰত ফলমূল আৰু শাক-পাচলি অন্যতম। আমাৰ দৈনিক খাদ্য তালিকাত এই দুবিধ খাদ্য অন্তর্ভুক্ত হোৱাটো অতিকৈ প্রয়োজন। ফলমূল আৰু শাক-পাচলিত এনে কিছুমান উপাদান আছে, যিবোৰে কৰ্কট ৰোগ আৰু অন্যান্য অৱক্ষয়জনিত ৰোগ প্ৰতিৰোধ কৰে।

ফলমূল আৰু শাক-পাচলিবোৰ ভিটামিন, মিনাৰেল, আঁহজাতীয় পদার্থ আৰু এণ্টিঅক্সিডেণ্টৰ চহকী ভঁৰাল। এইবোৰত ফাইট’কেমিকেল (Phytochemical)নামৰ এবিধ জৈৱিক যৌগ প্ৰচুৰ পৰিমাণে থাকে। ফাইট’কেমিকেলবোৰ শক্তিশালী এণ্টিঅক্সিডেণ্ট। ১০০০ বিধতকৈ অধিক ফাইট’কেমিকেল প্রাকৃতিকভাৱে পোৱা যায়। উদাহৰণস্বৰূপে, বিলাহীত লাইক’পিন (Lycopene), চয়ত (Soy) আইচ’ফ্লেভন (Isoflavone), ফলত ফ্লেভনয়ড (Flavonoids), নহৰু-পিঁয়াজত এলিল ছালফাইড (Allylsulfide), আঙুৰত ফেনল (Phenol) যথেষ্ট পৰিমাণে পোৱা যায়। এই ৰাসায়নিক দ্রব্যবিধে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে। বন্ধাকবিত থকা ইনডল (Indoles) নামৰ ৰাসায়নিক দ্রব্যবিধে স্তনৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। বন্ধাকবি, ব্রুকলীত থকা আইচ’থায় চায়েনেটে (Isothiocyanates) খাদ্যনলী, হাওঁফাওঁ আৰু অন্ত্ৰৰ কর্কট ৰোগ ৰোধ কৰে। নহৰু আৰু পিয়াজত থকা অৰগেন’ছালফাৰ যৌগই (Organosulfur compound)  গ্লুটাথিয়ন-এছ-ট্ৰেন্সফাৰেজ নামৰ এনজাইমক সক্ৰিয় কৰি কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা হ্রাস কৰে। বীন জাতীয় পাচলিত থকা ছেপনিনে (Saponins) কৰ্কট কোষৰ বৃদ্ধিত বাধা দিয়ে। কমলা, নেমু আদি টেঙাজাতীয় ফলত থকা লিম’নিনে (Limoneme) স্তনৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। চেৰীত থকা পেৰিলিল এলকহল কর্কট ৰোগ প্ৰতিৰোধক। টেঙাজাতীয় ফল, বেৰী (Berry) আৰু কিছুমান হার্বত কৰ্কট ৰোগ প্ৰতিৰোধকাৰী টাৰ্পিন (Terpene) নামৰ ৰাসায়নিক দ্রব্যবিধ পোৱা যায়।

মুক্ত মূলক বনাম এণ্টি অক্সিডেণ্ট

আমাৰ শৰীৰত চলি থকা বিপাক ক্ৰিয়াৰ ফলত প্রতিমুহূর্ততে ফ্রি-ৰেডিকেল (Free-radical) বা মুক্তমূলকৰ সৃষ্টি হয়। বিযোৰ ইলেকট্রন থকাৰ কাৰণে এই ফ্রি ৰেডিকেলবোৰ অস্থায়ী হয়। স্থায়িত্ব প্রাপ্তিৰ কাৰণে ইহঁতে শৰীৰৰ কোষাবৰণ (Cell membrane), ডি এন এ, প্রটিন আদি আক্রমণ কৰে। ইহঁতে কোষৰ নিউক্লিয়াছৰ ক্ষতিসাধন কৰি স্বাভাৱিক কোষক (Cell) কৰ্কট কোষলৈ (Cancer cell) ৰূপান্তৰিত কৰিব পাৰে। আমাৰ দেহৰ প্ৰধান শত্রু এই মুক্ত মূলকবোৰক নিস্ক্রিয় কৰিব পৰা দ্রব্যবিধেই হৈছে এণ্টি অক্সিডেন্ট। ফলমূল আৰু শাক-পাচলিবোৰ প্ৰাকৃতিক এণ্টিঅক্সিডেণ্টৰ প্ৰধান উৎস। ব্লেকবেৰী, ষ্ট্রবেৰী, ক্রেনবেৰী, ব্লুবেৰী, আপেল, চেৰী আদিত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে। তৰমুজত লাইক’পিন, পকা অমিতা, কমলা, আমি আদিত যথেষ্ট পৰিমাণে ক্রিপট’জেনথিন নামৰ এণ্টি অক্সিডেণ্ট পোৱা যায়।

গাজৰ, পকা আম, সেউজীয়া, ৰঙা বা কমলা ৰঙৰ শাক-পাচলি আৰু ফল-মূলত অপর্যাপ্ত পৰিমাণে কেৰটিনইডছ (Carotenoids) মজুত থাকে। এইবোৰে শৰীৰক সুৰক্ষা দিয়ে। বিটা-কেৰটিনে হাওঁফাওঁ আৰু মুখ গহ্বৰৰ কৰ্কট ৰোগ প্রতিৰোধ কৰে।

শাক-পাচলি আৰু ফলমূলত থকা আঁহজাতীয় পদার্থ পেকটিনে আন্ত্রিক কর্কট ৰোগ (Color Cancer) প্ৰতিৰোধ কৰে। পেকটিন এবিধ দ্ৰৱণীয় আঁহজাতীয় পদার্থ। পৌষ্টিক তন্ত্ৰত থকা কলেষ্টৰেল আৰু অন্যান্য বিষাক্ত পদার্থ (Toxin) নিষ্কাশনত সহায় কৰে আৰু পৌষ্টিক তন্ত্রক কর্কট ৰোগ আৰু অন্যান্য ৰোগৰ পৰা মুক্ত কৰি ৰাখে। কৰ্কট কোষবোৰৰ বৃদ্ধিৰ বাবে কিছুমান বিশেষ জিন অস্বাভাৱিকভাৱে সক্রিয় হৈ পৰে। ইয়াৰ ফলত কিছুমান বৃদ্ধিৰ কাৰকৰ (Growth Factor) সৃষ্টি হয় আৰু কোষবোৰৰ অস্বাভাৱিক আচৰণ হয়। ফলমূল আৰু শাক-পাচলিত মজুত থকা ফাইট’কেমিকেলবোৰে কৰ্কট কোষৰ এনে অস্বাভাৱিক আচৰণ ৰোধ কৰে।

কেলচিয়াম কার্বাইড

ফলমূল আৰু শাক-পাচলিবিলাক উজ্জ্বল, ৰঙীন আৰু সতেজ দেখুৱাই গ্রাহকৰ প্ৰতি আকর্ষণীয় কৰিবৰ বাবে বিষাক্ত ৰাসায়নিক দ্রব্য প্রয়োগ কৰা হয়। কৃত্রিমভাৱে ফলমূল পকাবৰ কাৰণে কেলচিয়াম কার্বাইড ব্যৱহাৰ কৰা হয়। এনে কার্যই ফলমূল আৰু শাক-পাচলিৰ গুণাগুণ নষ্ট কৰাৰ উপৰি স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। তদুপৰি খেতিত ৰাসায়নিক সাৰ, কীটনাশক দ্রব্যৰ প্রয়োগে স্বাস্থ্যৰ প্ৰতি সংশয় আনিছে। আমি গ্রহণ কৰা ফলমূল আৰু শাক-পাচলিবোৰ জৈৱিক(Organic) হ’ব লাগে। খেতি কৰোঁতে গোবৰ, কেঁচুসাৰ, পচনসাৰ আদি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ হ’লে কম বয়সৰ পৰাই ফলমূল আৰু শাক-পাচলি গ্রহণ কৰিব লাগে।

লেখিকা: ডা: মিৰান্দা দত্ত, দৈনিক জনমভূমি।

2.85714285714
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top