মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / খাদ্য আৰু সৌন্দৰ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাদ্য আৰু সৌন্দৰ্য :

খাদ্য আৰু সৌন্দৰ্যৰ বিষয়ে লিখা হৈছে ।

 

সুস্থ শৰীৰ আৰু সুস্থ মনেই হৈছে সকলো সুখৰ সোপান। প্ৰসাধনৰ ব্যৱহাৰ আৰু অত্যাধুনিক সাজ-পোছাকে ধুনীয়া দেখায় সঁচা, কিন্তু সেই সৌন্দৰ্যক আকৰ্ষণীয় কৰি তুলিবলৈ আপোনাক প্ৰয়োজন হ’ব এটি স্বাস্থ্যৱান শৰীৰৰ।

স্বাস্থ্য মানে শকত-আৱত চৰ্বি থকা শৰীৰটোক নুবুজায় অথবা হাড়ে-ছালে লগা ক্ষীণ অৱয়বটোও নহয়। আজিৰ যুগত সুন্দৰ দেহ গঠনেৰে ক্ষীণ-লাহী শৰীৰটোকহে সুস্থ শৰীৰ বুলি কোৱা হয়। গতিকে এনে শৰীৰৰ অধিকাৰিণী হ’বলৈ আপুনি প্ৰথমতে দৈনিক আহাৰৰ তালিকা এখন প্ৰস্তুত কৰি ল’ব লাগিব; কিয়নো খোৱা আহাৰৰ ওপৰতো শাৰীৰিক সৌন্দৰ্য নিৰ্ভৰ কৰে। আমি প্ৰতিদিনে যিবোৰ খাদ্য খাওঁ সেই সকলোবোৰতে কম-বেছি পৰিমাণে এটা নহয় এটা পুষ্টিকৰ উপাদান থাকে। পুষ্টিসাধক উপাদানবোৰৰ ভিতৰত প্ৰ’টিন নাইবা মাংসসাৰ, চৰ্বিসাৰ, শৰ্কৰা , ধাতৱ উপাদান আৰু খাদ্যপ্ৰাণেই প্ৰধান।

শৰীৰৰ কোষ কলাবিলাকৰ ৰক্ষা আৰু গঠনত পানী আৰু প্ৰ’টিনজাতী্য খাদ্যৰ অতি প্ৰয়োজন। এনে উপাদানবোৰ আমি গাখীৰ, মাংস, কণী, দাইল, তেলজাতীয় শস্য, বাদাম, নাৰিকল, ছয়াবিন আদিৰ পৰা সংগ্ৰহ কৰো। শৰীৰৰ ক্ষয়-ক্ষতি মাংসসাৰজাতীয় খাদ্যই পুৰণ কৰে। সেই গতিকে এনেধৰণৰ খাদ্য দৈনন্দিন আহাৰত অন্তৰ্ভুক্ত কৰি লোৱা প্ৰয়োজন। আমাৰ শৰীৰৰ শক্তি আৰু উত্তাপ চৰ্বিসাৰ আৰু শৰ্কৰাজাতীয় উপাদানসমুহৰ পৰা পাওঁ। এই দুয়োবিধৰ উপাদানবোৰ এনেধৰণৰ খাদ্যসম্ভাৰ যেনে-চাউল, (ঢেঁকীত বনা), হালধীয়া আটা, দাইলজাতীয় খাদ্য, গছৰ ফল, চেনি, চৰ্বি আৰু তেলজাতীয় শস্য আদি।

বেমাৰ –আজাৰ প্ৰতিৰোধ কৰা উপাদানবোৰ খনিজ খাদ্যপ্ৰাণ ‘ক’ আৰু মাংসসাৰ আদিৰ পৰা আমি সংগ্ৰহ কৰো। খনিজ উপাদানে শৰীৰৰ গঠন কাৰ্যতো সহায় কৰে। এনেধৰণৰ অমুল্য উপাদান থকা খাদ্যসমুহ হ’ল-সেউজীয়া শাক-পাচলি, ফল, ছয়াবিন, গাখীৰ, কণী, জন্তুৰ লিভাৰ আদি। প্ৰ’টিনযুক্ত খাদ্যপ্ৰাণ ‘ক’, ধাতৱ দ্ৰব্য আদি গাখীৰ, কণী, মাংস আৰু লিভাৰ আদিৰ পৰা যথেষ্ট পৰিমাণে পোৱা যায়। সেউজীয়া শাক-পাচলি আৰু ফলত খাদ্যপ্ৰাণ ‘খ’ আৰু ধাতৱ উপাদান বেছি থাকে। খাদ্যপ্ৰাণ খ’ ক সকলোৱে থিয়ামিন বুলি জানে। কিন্তু ইয়াৰ আচৰিত গুণৰ কথা বহুতেই নাজানে, যাৰ অভাৱত বেৰিবেৰি ৰোগ হয়। এনেধৰণৰ ৰোগত হাত-ভৰি অকামিলা হৈ পৰে। ভোক নালাগে, টোপনি কম হয়, শৌচ খোলোচা নহয়। লাহে লাহে ব্যক্তিজনৰ মানসিক দুৰ্বলতাই দেখা দিয়ে। শাক-পাচলি সকলোৱে খায়, কিন্তু কেনেধৰণে খালে আমাৰ শৰীৰৰ উপকাৰ সাধন হয় সেই বিষয়ে বহুতেই নাজানে। শাক-পাচলি পানীত বুৰাই লৈ ধুই খাব লাগে। মোহাৰি মোহাৰি ধুব নালাগে, কাৰণ থিয়ামিন লোপ পায়। থিয়ামিন শৰীৰলৈ যোগান ধৰিবৰ কাৰনে কম খৰচতে ঢেঁকীত বনা উখুৱা চাউলৰ ব্যৱহাৰ কৰিব পাৰে।

আন এবিধ খাদ্যপ্ৰাণ হ’ল ‘নিয়াচিন’। যাৰ অভাৱত মুখত আৰু জিভাত গুটি উঠে, জিভা ৰঙা পৰে, গ্ৰহণী বেমাৰ হয়, শৰীৰৰ গঠনত বাধা পৰে, ভোক নালাগে, ছালখন ডাঠ হয় আৰু শৰীৰ ভাগৰুৱা হয়। নিয়াচিন থকা খাদ্যবোৰ হ’ল-চজিনাৰ পাত, বন্ধাকবি, খুতুৰা শাক, সৰিয়হৰ পাত, বাদাম, লেচেৰা , আলু, গাখীৰ, ঢেঁকীত বনা চাউল, জন্তুৰ কলিজা আদি।

এতিয়া কথা হ’ল-সেই আহাৰৰ তালিকাখননো কেনেকৈ প্ৰস্তুত কৰিব। আপুনি গোটেই বছৰটোৰ কাৰণে তালিকাখন প্ৰস্তুত কৰি লওক। সেই তালিকাত প্ৰতিদিনৰ খাদ্যত কেলচিয়াম, ভিটামিন, প্ৰ’টিন, শৰ্কৰা, খনিজ লোনজতীয় খাদ্য অন্তৰ্ভুক্ত কৰক।চৰ্বিযুক্ত খাদ্যৰ পৰিমাণ কমাই দিব, একেবাৰে বাদ নিদিব।

দ্বিতীয় কথা হ’ল-নিজৰ শৰীৰৰ বাবে কিমান পৰিমাণৰ খাদ্যৰ আৱশ্যক হ’ব সেই বিষয়ে আপোনাৰ সঠিক জ্ঞান থাকিব লাগিব।

ইয়াৰ পিছত মন কৰক আপোনাৰ বয়স কিমান। সাধাৰণতে শৈশৱৰ পৰা যৌৱনলৈকে আহাৰ খোৱাৰ ক্ষেত্ৰত তেনেকৈ সীমাবদ্ধতা নাথাকে, কাৰণ ডেকা কালত যিকোনো আহাৰ খালেই তৎক্ষণাৎ হজম হয়। এই বয়সত হজম শক্তি প্ৰখৰ হয়। সেইবাবে খাদ্যৰ জৰিয়তে প্ৰস্তুত হোৱা তাপশক্তি লগে লগে ক্ষয়ো হয়। কিন্তু বয়স বাঢ়ি অহাৰ ফলত শৰীৰলৈ বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহে। সদায় খাই অহা খাদ্যও হজম নহয় আৰু চৰ্বি আকাৰে ৰৈ গৈ নানা সমস্যাৰ সৃষ্টি হয়। বহুতেই বয়সৰ কথা লক্ষ্য নকৰি যিকোনো খাদ্য জধে-মধে খায়। ফলত ওজন বাঢ়ি যায়। বিশেষজ্ঞসকলেও কয়-শকত হৈ ৰুগীয়া হোৱাতকৈ ক্ষীণ হৈ নিৰোগী হৈ থকাই ভাল। ক্ষীণ মানুহৰ আয়ুস বেছি। খুব কমসংখ্যক লোকৰ মাজতহে অসুস্থতাই দেখা দিয়ে। শৰীৰ পাতল হোৱা বাএ এনে লোক্ সকলো ধৰণৰ কাম অনায়াসে কৰিব পাৰে। এওঁলোকৰ কামৰ গতিও খৰ। এলাহ কম।

আপোনাৰ বয়স যদি ৩১ বছৰ হ’ল, আগতকৈ খোৱাৰ পৰিমাণ কমাই আনক। তেলত ভজা, পোৰা, মিঠাই আদি একেবাৰে কমাই খাব। ইয়াৰ পৰিৱৰ্তে আপুনি আহাৰৰ তালিকাখনত অন্তৰ্ভুক্ত কৰক-কেঁচা ফল-মুল, শাক-পাচলি আদি। এই আহাৰ সহজে হজম হয় আৰু শৰীৰটো সুস্থ কৰি ৰাখে। খাদ্যৰ লগত যিদৰে স্বাস্থ্যৰ সম্বন্ধ আছে, তেনেকৈ স্বাস্থ্যৰ লগত সৌন্দৰ্যৰ সম্পৰ্ক আছে। আজিৰ ব্যস্ত জীৱন মানেই হ’ল সুন্দৰ এটি নিৰোগী শৰীৰ।

খোৱা-বোৱাৰ লগতে সুন্দৰ শৰীৰ গঠনৰ আন এক প্ৰয়োজনীয় উপাদান হ’ল নিয়মিত ব্যায়াম কৰা। ব্যায়ামে শৰীৰত তেজ চলাচলৰ গতি বঢ়াই শৰীৰ সুগঠিত কৰে। শৰীৰ উজ্জ্বল আৰু সবল কৰে।

সকলো বয়সৰ ব্যক্তিৰ কাৰণে খোজ কঢ়াটো এটা ভাল ব্যায়াম। বয়স বঢ়াৰ লগে লগে শৰীৰৰ মাংশপেশীবোৰ ঢিলা হৈ পৰে। এনে সময়ত ব্যায়ামৰ একান্তই প্ৰয়োজন। ব্যায়ামে তেজত অক্সিজেনৰ মাত্ৰা অধিকভাৱে ৰখাত সহায় কৰে। হাওঁফাওঁৰ কাম হ’ল কাৰ্বন-ডাই-অক্সাইড আদি তেজৰ দুষিত পদাৰ্থ কিছুমান বতাহত এৰি দি বতাহৰ পৰা বিশুদ্ধ অক্সিজেন গ্ৰহণ কৰা । হাওঁফাওঁৰ পুৰ্ণ ব্যৱহাৰ হ’লেহে তেজত অধিক পৰিমাণে অক্সিজেন ধৰি ৰখা সম্ভৱ হয়। কায়িক শ্ৰম অথবা ব্যায়াম নকৰাৰ ফলত হাঁওফাঁওৰ সকলোবোৰ বায়ুকোষ প্ৰসাৰিত নহয়। অন্যহাতে যিসকলে শ্ৰম কৰে তেওঁলোকৰ হাঁওফাঁওৰ সকলোবোৰ বায়ুকোষ প্ৰসাৰিত হয়, ফলত উশাহ ঘন আৰু দীঘলীয়া হয়। মধ্যাচ্চদাৰ পেশী অধিক সংকুচিত হয় আৰু অধিক তললৈ নামি যায়। সেই কাৰণে হাঁওফাঁও প্ৰসাৰিত হ’বলৈ অধিক ঠাই পায় আৰু অধিক বায়ু সোমায়। একে সময়তে হাওঁফাওঁলৈ অধিক তেজৰ সঞ্চালন হয়।

পেশীসমুহৰ কৰ্মদক্ষতাৰ ওপৰতেই কায়িক কৰ্মদক্ষতা নিৰ্ভৰ কৰে। আধুনিক যুগত এই শ্ৰমৰ প্ৰয়োজন নাই, কাৰণ সেই ঠাই আন সা-সুবিধাই পুৰণ কৰিছে। সেইবাবে এইক্ষেত্ৰত ব্যায়ামেই হ’ল শাৰীৰিক কৰ্মক্ষমতা অটুট ৰখাৰ উত্তম উপায়।

শকত অৱয়বটোৰ মেদ কমাবলৈ কেইটিমান দিহা আগবঢ়োৱা হ'ল -

*প্ৰতিদিনে পুৱা খালী পেটত এগিলাচ কুহুমীয়া পানীত এফাল নেমু বা এক চামুচ মৌ মিহলাই খাব।

*আধা ঘণ্টামানৰ পিছত চাহ বা কফি একাপ চেনি নিদিয়াকৈ খাওক। লগত এটুকুৰা ব্ৰেড,এটা সিজোৱা কণী খাব পাৰে।

*বহুতৰে প্ৰতিদিনৰ খাদ্যত সামান্য হ’লেও দৈ খোৱাৰ অভ্যাস থাকে। দৈ খোৱা ভাল, কিন্তু অকণমান নিমখ মিহলাই খাব। চেনি নাখাব।

লেখিকা: ডা: ৰীণা দেৱী (জি এনআৰচি স্বাস্থ্য)

 

 

 

2.97142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top