মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / খাদ্য খাওঁ ঠিকেই পুষ্টিসাধন নহয় কিয়?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাদ্য খাওঁ ঠিকেই পুষ্টিসাধন নহয় কিয়?

খাদ্য খাওঁ ঠিকেই পুষ্টিসাধন নহয় কিয় লিখা হৈছে

 

আমি যিমানেই সুখাদ্য নাখাওঁ লাগে, বহুতো খাদ্যৰ খাদ্যগুণ আমি কিছুমান বদ-অভ্যাস বা জটিল জীৱন প্রণালীৰ দ্বাৰা নষ্ট কৰোঁ৷ ধূমপান, সুৰাপান বা অত্যধিক পৰিশ্ৰমৰ ফলত ভাল খাদ্যৰ প্রয়োজনীয় উপাদানসমূহ আমাৰ শৰীৰটোৱে গ্ৰহণ কৰিব নোৱাৰা হয়। তেনে কেইটিমান ক্ষতিকাৰক অভ্যাস বা খাদ্যাভ্যাসৰ বিষয়ে আলোচনা কৰা হ’ল।

চিগাৰেট-

 

শৰীৰটোৱে আমাৰ আহাৰৰ পৰা প্রয়োজনীয় খাদ্য গুণসমূহ আহৰণ কৰাত সবাতোকৈ বেছি বাধা দিয়ে ধূমপানৰ অভ্যাসে। ধূমপানৰ ফলত হৃদৰোগ আৰু কৰ্কট ৰোগ হোৱাৰ উপৰি শৰীৰৰ পুষ্টিসাধন প্রক্রিয়াটোক বিনষ্ট কৰি পেলায়। কেইবালানিও পৰীক্ষা আৰু গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ধূমপান কৰা ব্যক্তি এজনৰ শৰীৰত ধূমপান নকৰা ব্যক্তি এজনতকৈ “চি” ভিটামিনৰ পৰিমাণ ৩০ শতাংশ কম।

গৱেষণাৰ পৰা এইটোও জানিব পৰা গৈছে যে চিগাৰেটত থকা নিকোটিন আৰু আন সক্রিয় ৰাসায়নিক পদার্থবিলাকে মানৱ দেহৰ 'চি' ভিটামিন শোষণ কৰা প্রক্রিয়াটোক দুর্বল কৰি পেলায়। আন এদল বিজ্ঞানীয়ে আগবঢ়োবা আন এটা সূত্ৰ মতে চিগাৰেটত থকা নিকোটিনে আহাৰৰ পুষ্টিকাৰক উপাদানবিলাক ব্যবহাৰ কৰাৰ প্রক্রিয়াটোৰ ক্ষতি কৰে, ফলত ভিটামিনবিলাকো সোনকালেই লাহে লাহে শৰীৰে শেষ কৰি পেলায়। সেয়ে যুক্তৰাষ্ট্ৰৰ নেচনেল ৰিছাৰ্চ কাউন্সিলে ধূমপানসেবীসকলক প্রতিদিনে ৯০ মিলিগ্ৰামকৈ “চি” ভিটামিন গ্রহণ কৰিবলৈ পৰামর্শ দিছে। ধূমপান নকৰা ব্যক্তিসকলে প্রতিদিনে ৬০ মিলিগ্ৰামকৈ “চি” ভিটামিন খালেই হ'ব। সূক্ষ্ম ৰক্তপ্রবাহী নলী, হাড় আৰু দাঁতৰ প্রয়োজনীয় সুস্থতাৰ বাবে 'চি' ভিটামিন অত্যন্ত উপযোগী। চিগাৰেটৰ ধোঁৱাত থকা নাইট্ৰিক অক্সাইড আৰু অন্যান্য অপকাৰী উপাদানবিলাক নিস্ক্রিয় কৰাত ‘চি' ভিটামিনে বিশেষ ভূমিকা লয়। সেয়ে প্রতিদিনে নির্দিষ্ট অনুপাতত ভিটামিন ‘চি’ লাভ কৰিবলৈ হ'লে যথেষ্ট পৰিমাণে নেমুজাতীয় ফলৰ ৰস, মধুৰিআম, বিলাহী, কেঁচা জলকীয়া আৰু আলু খোৱা উচিত। শৰীৰৰ বাবে অপকাৰী উপাদানবিলাক বিনষ্ট কৰাৰ বাবে আমাৰ খাদ্যত ভিটামিন ‘ই’ও যথেষ্ট পৰিমাণে থকা দৰকাৰ। ধূমপান কৰা ব্যক্তিৰ হাওঁফাওঁৰ কোষ আৰু ৰক্তকণিকাত তেনেই কম পৰিমাণৰ ভিটামিন 'ই' পোৱা যায়। কাৰণ ধূমপানৰ ফলত এইবিধ ভিটামিন খুব সোনকালে ক্ষয় হয়। শেহতীয়া গৱেষণা মতে, ধূমপান সেবন কৰা লোকে ৪০০ ৰ পৰা ৮০০ আই ইউ পৰিমাণৰ ‘ই' ভিটামিন খোৱা উচিত। চিগাৰেট খোৱা লোকসকলে ফলিক এচিড নামৰ অতি প্রয়োজনীয় ‘বি’ ভিটামিন এবিধৰ পৰাও বঞ্চিত হ’ব লগা হয়। ধূমপানৰ বাবে হেৰুৱাব লগা ফলিক এচি৬খিনি ডাঠ সেউজীয়া শাক, সুমথিৰা, গম আৰু চৰ্বিবিহীন গাখীৰ, মাংস আদিৰ দ্বাৰা পূৰণ কৰিব পাৰি।

এলক'হল

 

ধূমপানৰ দৰে সুৰাপানৰ দ্বাৰাও সুৰাসেবী এগৰাকীয়ে খাদ্যৰ ভালেমান উপকাৰী উপাদানৰ পৰা বঞ্চিত হ’ব লগা হয়। নিয়মীয়াকৈ সুৰা সেৱন কৰা ব্যক্তিয়ে যকৃত, মুখ, খাদ্যনলীৰ কেঞ্চাৰত ভোগাৰ আশংকা থাকে। এলক’হলত যিহেতু অধিক পৰিমাণে শৰ্কৰা থাকে। সেয়ে অত্যধিক পৰিমাণে সুৰা সেৱন কৰা ব্যক্তিৰ বাবে ‘বি’ কমপ্লেক্স ভিটামিনৰ প্রয়োজন হয় বেছি। কাৰ্ব’হাইড্রেট মেটাবলিজিমৰ বাবে এইবিধ ভিটামিনৰ প্রয়োজন হয়। ক্ষুদ্রান্তত থকা থিয়ামাইন আৰু ফলিক এচিড শোষণ কৰিব পৰা অংশবিলাক সৰাই অকামিলা কৰি পেলায় । সেয়ে সুৰাপায়ীসকলে যথেষ্ঠ পৰিমাণে ভিটামিন ‘বি’ কমপ্লেক্স খোৱা উচিত।

কম পৰিমাণে সুৰা সেৱন কৰাসকলেও খাদ্যৰ পুষ্টি গুণসমূহৰ পৰা বঞ্চিত হ’ব লগা হয়। সুৰা সেৱনৰ ফলত দেহৰ পৰা বহু পৰিমাণে পানী ওলাই যায় আৰু ইয়াৰ লগে লগে ওলাই যায় পানীত দ্রবণীয় ভিটামিন ‘বি’ কমপ্লেক্স আৰু “চি” ভিটামিনৰ দৰে উপকাৰী উপাদানসমূহ। এই প্রক্রিয়া ৰোধ কৰিবৰ বাবে আহাৰৰূপে খাওক কড, গাহৰিৰ মাংস, ঢেঁকীত বনা চাউলৰ ভাত, সেউজীয়া শাক-পাচলি আদি 'বি' ভিটামিন যুক্ত খাদ্য। লগতে যথেষ্ঠ পৰিমাণে ‘চি’ ভিটামিনো খাব লাগে। সুৰা সেৱনৰ আটাইতকৈ অপকাৰী দিশটো হ’ল, সুৰাই খাদ্য গ্ৰহণৰ আগ্রহ নাইকিয়া কৰে, ভোক নাইকিয়া কৰে আৰু তাৰ ফলত দেহটোপ্রয়োজনীয় খাদ্যৰ উপাদানৰ পৰা বঞ্চিত হয়।

ঔষধ সেৱন-

 

বহুতো লোকে আহাৰ গ্রহণৰ পিছত এন্টাচিড খোৱাটো একপ্রকাৰ অভ্যাস কৰি লয়। কিন্তু এই অভ্যাসে দেহে আহাৰৰ পৰা প্রয়োজনীয় আইৰন, কেলচিয়াম আৰু ভিটামিন "এ" শোষণ কৰি লোৱাত বাধা দিয়ে। অধিক পৰিমাণে কেলচিয়ামযুক্ত এন্টাচিড,  মহিলাৰ বাবে বিশেষভাৱে ক্ষতিকাৰক। এন্টাচিড ঔষধবিলাকে যিহেতু পেটৰ পি এইচৰ মাত্ৰা বৃদ্ধি কৰে, ফলত খাদ্যৰ পৰা আইৰন আহৰণ কৰাত এন্টাচিডে বাধাৰ সৃষ্টি কৰে। সেয়ে আহাৰ খাই উঠি লগে লগে এন্টাচিড খোৱা উচিত নহয়। আহাৰ খোৱাৰ প্রায় দুঘণ্টামানৰ পিছতহে এন্টাচিড খাব লাগে। আহাৰ খাই উঠাৰ লগে লগে যদি মাজে-সময়ে আপোনাৰ বুকু জ্বলা-পোৰা কৰে, তেনেহ'লে আপুনি এন্টাচিড নাখালেও স্বাস্থ্যৰ বিশেষ ক্ষতি নহয়। কিন্তু যদি নিয়মীয়াকৈ আপোনাৰ বুকু জ্বলা-পোৰা কৰে, তেনেহ’লে আপুনি তৎক্ষণাত ডাক্তৰৰ পৰামৰ্শ লওক।

আপুনি যদি কোষ্ঠকাঠিন্যত ভূগি আছে আৰু শৌচ নিয়মীয়াকৈ কৰি ৰাখিবলৈ সদায় ঔষধ খাবলগীয়া হৈছে। তেনেহ'লে কিছু সাৱধানতা মানি চলক। এনেধৰণৰ ঔষধত খনিজ তেলৰ উপাদান থাকে আৰু এইবিধ তোলে এ ডি আৰু ই ভিটামিন দ্ৰবীভূত কৰে। আৰু শৰীৰে এই ভিটামিনবিলাক শোষণ কৰি লোৱাৰ আগতেই দেহৰ পৰা উলিয়াই পঠিয়ায়। কোষ্ঠকাঠিন্য নিৰাময় ফেনফ্‌থেলিনভিত্তিক ঔষধবিলাকে পাচন তন্ত্ৰৰ কিছুমান অংশক কোচ খুৱায় আৰু তাৰ ফলত খাদ্য দ্ৰব্য এই অংশবিলাকৰ মাজেদি ইমান খৰকৈ পাৰ হৈ যায় যে খাদ্যৰ প্রয়োজনীয় উপাদানবিলাক দেহে শোষণ কৰি লোৱাৰ কোনো সুবিধাই নাথাকে। এনে ঔষধ সেৱনৰ ফলত দেহত পটাছিয়ামৰ অভাৱে দেখা দিব পাৰে। সেয়ে পৰাপক্ষত এনেধৰণৰ ঔষধ সেৱনে নকৰাকৈ থাকিব পাৰিলে ভাল। যদি নিতান্তই এনে ঔষধ খাব লাগে তেনেহ'লে খালী পেটত খাব আৰু ঔষধ খোৱাৰ দুঘণ্টামান সময়লৈকে কোনোধৰণৰ আহাৰ নাখাব। বাতবিষত ভোগা লোকসকলে নিয়মীয়াকৈ এচপ’ৰিন জাতীয় ঔষধ দীর্ঘদিনৰ বাবে সেৱন কৰিব লগা হয়। সাধাৰণতে এনে লোকৰ প্রস্রাব আৰু দেহৰ জুলীয়া পদার্থত এচিডৰ মাত্ৰা বৃদ্ধি পায় আৰু ইয়াৰ ফলত পটাছিয়ামৰ অভাৱত ভোগে। নিয়মীয়াকৈ এচপিৰিন সেৱন কৰা লোকে কল, সুমথিৰা, আলু আদি পটাছিয়ামসমৃদ্ধ খাদ্য খোৱা উচিত।

ব্যায়াম-

 

সাধাৰণ স্বাস্থ্য ৰক্ষাৰ বাবে নিয়মীয়া পাতল ব্যায়াম দেহৰ পৰা আয়ৰন নিৰ্গত কৰে। বিশেষকৈ মহিলাসকলে অত্যাধিক ব্যায়াম দেহৰ পৰা আয়ৰন নির্গত কৰে। বিশেষকৈ মহিলাসকলে অত্যধিক ব্যায়াম কৰা উচিত নহয়। ইফালে অধিক আয়ৰনযুক্ত খাদ্য খোৱাটোও সহজ নহয়। কাৰণ আয়ৰনযুক্ত খাদ্য মাংসত চৰ্বি আৰু কলেষ্টৰেলৰ পৰিমাণ অধিক। অৱশ্যে মাছ আৰু অন্যান্য চাউল জাতীয় খাদ্যতো আয়ৰন থাকে যদিও এইবিলাকৰ পৰা দেহে আয়ৰন আহৰণ কৰি লোৱাটো সহজ নহয়। সেয়ে অধিক ব্যায়াম কৰাৰ আগতে আয়ৰন পৰিপূৰক খাদ্যৰ বিষয়ে ডাক্তৰৰ পৰামর্শ লওক। অধিক ব্যায়াম কৰা লোকে ভিটামিন 'ই'ৰ অভাৱতো ভুগিব পাৰে। সেয়ে তেওঁলোকে বনস্পতি তেল আৰু সূর্যমুখী ফুলৰ তেল আদি খোৱা উচিত।

লিখক: শৰৎ ৰাজখোৱা।

2.96666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top