মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / খাদ্য-দ্ৰব্যৰ জৰিয়তে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰি:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাদ্য-দ্ৰব্যৰ জৰিয়তে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰি:

 

ডেকা-গাভৰু নিৰ্বিশেষে সকলোৱে ধুনীয়া আৰু আনৰ চকুত আকৰ্ষণীয় হৈ থাকিবলৈ কামনা কৰে। সকলোৱে নিজৰ ছালখন মিহি আৰু উজ্জ্বল কৰি ৰাখিব বিচাৰে যদিও কিছু লোকেহে এইক্ষেত্ৰত সফল হোৱা দেখা যায়। এনে ছালৰ অধিকাৰী হ’বলৈ চেনিজাতীয় খাদ্য সামগ্ৰী যিমান পাৰি সিমান কমকৈ খোৱাৰ অভ্যাস কৰা প্ৰয়োজন। তাৰোপৰি জলফাইৰ তেল, নাচপতি জাতীয় ফল তথা আন কেতবোৰৰ বতৰৰ ফল সঘনে খোৱাৰ অভ্যাস কৰিব লাগে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহিলাৰ সৌন্দৰ্য চৰ্চাৰ সামগ্ৰী প্ৰস্তুত কৰা এটা কোম্পানীয়ে সদৰী কৰা মতে ষ্টিফেনি উইলিয়ামছ নামৰ চিকিৎসকগৰাকীয়ে খাদ্যৰ ক্ষেত্ৰত সামান্য সালসলনি ঘটাই ছালৰ ওপৰত অসাধাৰণ প্ৰভাৱ পেলাব পাৰি বুলি প্ৰতিপন্ন কৰিছে। তেওঁৰ দিহা মানি চলিলে মিহি আৰু কোমল ছালৰ গৰাকী হোৱাটো খাটাং।

    চেনি কমকৈ খাওক:

কম চেনি খালে ছালৰ স্বাস্থ্যৰ ক্ষেত্ৰত অধিক সফলতা অৰ্জন কৰিব পাৰি। কেতবোৰ প্ৰাকৃতিক খাদ্য, যেনে- মৌজোল অতিপাত মিঠা। কিন্তু ছালৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰত ইয়াকো পৰিত্যাগ কৰা উচিত। মিঠা সোৱাদযুক্ত ফল, ফলৰ ৰস, খেজুৰৰ দৰে শুকান ফলো খাদ্য তালিকাৰ বাহিৰত ৰাখিব লাগে। খাদ্য মিঠা সোৱাদযুক্ত কৰিবলৈ ব্যৱহাৰ কৰা কৃত্ৰিম দ্ৰব্য, যেনে- এছপাৰ্টেম কোনোপধ্যে খাদ্য তালিকাত অন্তৰ্ভুক্ত হ’ব নালাগে। কিয়নো এইবোৰ সামগ্ৰী ভয়ংকৰ ৰাসায়নিক দ্ৰব্যৰে প্ৰস্তুত হোৱাৰ উপৰিও মেদবহুলতা তথা মধুমেহৰ কাৰক।

    স্বাস্থ্যসন্মত চৰ্বি খাওক:

স্বাস্থ্য ৰক্ষাৰ বাবে সুষম আহাৰ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়, য’ত খাদ্যৰ সকলো ধৰণৰ উপাদান উপযুক্ত মাত্ৰাত থাকে। পৰীক্ষা কৰি জনামতে চৰ্বিযুক্ত আহাৰ অধিক পৰিমাণে খাদ্য হিচাপে গ্ৰহণ কৰিলে ছাল অধিক প্ৰসাৰণশীল হোৱাৰ লগতে শোটোৰা পৰাত চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰিলে দেহত মেদ সৃষ্টি হৈ শৰীৰ মেদবহুল কৰি তোলে। ফলত বহুতো বেমাৰে মূৰ দাঙি উঠে। চেনি তথা শস্যৰ বীজৰ পৰিমাণ খাদ্যৰ পৰা হ্ৰাস কৰি তাৰ পৰিৱৰ্তে চৰ্বি সেৱন কৰা উচিত। জলফাইৰ তেল, নাচপতি জাতীয় ফল এইক্ষেত্ৰত উত্তম আহাৰ বুলি পৰিগণিত হৈছে।

    শস্যৰ বীজ তথা শ্বেতসাৰ হ্ৰাস কৰক:

বহুতো লোকে বিশ্বাস কৰে যে, শস্যৰ বীজ সেৱন কৰাটো সুস্বাস্থ্যৰ বাবে উপযোগী কিন্তু দৰাচলতে এই বিশ্বাস শুদ্ধ নহয়। গোট বীজ খাদ্য হিচাপে গ্ৰহণ কৰিলে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত কিছু পৰিমাণে সফল হ’ব পাৰি যদিও ইয়াত উভৈনদী হৈ থকা কাৰ্বোহাইড্ৰেট তথা শ্বেতসাৰ চেনিৰ নামান্তৰ মাথোন। এনে খাদ্য সামগ্ৰী গ্ৰহণ কৰিলে ছালে সতেজতা তথা উজ্জ্বলতা হেৰুৱাই অকালতে বুঢ়া হৈ পৰাটো স্বাভাৱিক। তাৰ ফলত ছাল শোটোৰা পৰাটো অৱশ্যম্ভাৱী। সেইবাবে ছাল মিহি আৰু কোমল কৰি ৰাখিবলৈ হ’লে চেনি, শ্বেতসাৰ তথা শস্যৰ বীজ কম পৰিমাণে গ্ৰহণ কৰা উচিত।

    যথেষ্ট পৰিমাণে শাক-পাচলি খাওক:

শাক-পাচলি শৰীৰৰ বাবে অতি প্ৰয়োজনীয় খাদ্য বুলি পৰিগণিত হৈছে। কাৰণ শৰীৰৰ বাবে লগতিয়াল খাদ্যপ্ৰাণ, খনিজ লোণ আদি ইয়াৰ যথেষ্ট মাত্ৰাত থাকে। শাক-পাচলিত থকা আঁহযুক্ত উপাদান পেট খোলোচা কৰি ৰখাত অতিশয় উপযোগী। লগতে শাক-পাচলিয়ে ভুৰি ভোজনত বাধা প্ৰদান কৰি সুস্বাস্থ্য বৰ্তাই ৰখাত বিশেষভাৱে সহায় কৰে। অৱশ্যে কেতবোৰ পাচলি, যেনে- আলুত শ্বেতসাৰ বেছি মাত্ৰাত থকা বাবে এই সামগ্ৰীবিধ অধিক পৰিমাণে খালে তেজত চেনিৰ পৰিমাণে খালে তেজত চেনিৰ পৰিমাণ বৃদ্ধি কৰি অথন্তৰ ঘটাব পাৰে। পাচলিত থকা প্ৰতিজাৰক পদাৰ্থবোৰেও স্বাস্থ্য সুৰক্ষিত কৰাৰ উপৰিও ছাল সতেজ কৰি উজ্জ্বলতা বৃদ্ধি কৰে। কিছুমান ফলতো এইবিধ সামগ্ৰী থাকে। সেয়ে অতি মিঠা ফলবোৰ পৰাপক্ষত বৰ্জন কৰা ভাল। ছাল মিহি আৰু উজ্জ্বল কৰি ৰাখিবলৈ হ’লে কম মিঠা ফল তথা বাদাম জাতীয় ফলবোৰ অধিক পৰিমাণে সেৱন কৰাটো ভাল।

    প্ৰোটিন হ্ৰাস নকৰিব:

দেহৰ বৃদ্ধি তথা বিকাশৰ বাবে খাদ্যত থকা প্ৰোটিন নামৰ উপাদান অপৰিহাৰ্য। ছালৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত ইয়াৰ অৰিহনা নিচেই সামান্য যদিও শৰীৰৰ শ্ৰীবৃদ্ধি যাতে ব্যাহত নহয়, সেইবাবে উপযুক্ত পৰিমাণে এইবিধ উপাদান থকা খাদ্য হিচাপে গ্ৰহণ কৰি থকা উচিত। উপযুক্ত পৰিমাণে প্ৰোটিন নাপালে দেহ পুষ্টিহীনতাৰ কবলত পৰি বিভিন্ন ৰোগ-ব্যাধিত ভুগিব পাৰে।

    মছলা পৰিত্যাগ নকৰিব:

অতিমাত্ৰা মছলাযুক্ত আহাৰে নানা ৰোগ মাতি আনে যদিও কম পৰিমাণে ব্যৱহাৰ কৰিলে ছালৰ স্বাস্থ্য বৃদ্ধিত বিশেষ অৰিহনা যোগায়। দীৰ্ঘজীৱন লাভ তথা ছালৰ সুস্বাস্থ্য ৰক্ষা কৰিবলৈ নহৰু, দালচেনি, সুগন্ধি শাক আদিৰ অৰিহনা অনন্য বুলি প্ৰতিপন্ন হৈছে। মছলাই আহাৰৰ সোৱাদ বৃদ্ধি কৰি ৰুচিদায়ক কৰাৰ উপৰিও এই সামগ্ৰীবিলাক দীৰ্ঘজীৱনৰ কাৰক। তাৰোপৰি এই সামগ্ৰীযুক্ত খাদ্যই আমাৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ উপৰিও ছালৰ উজ্জ্বলতা ৰক্ষাত বিশেষ অৰিহনা যোগায়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(আনন্দ দেৱ গোস্বামী)

2.93939393939
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top