মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / খাদ্য প্ৰকৰণ নহয়,ঔষধিত তিতাৰ মিঠা কথা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাদ্য প্ৰকৰণ নহয়,ঔষধিত তিতাৰ মিঠা কথা

খাদ্য প্ৰকৰণ নহয়,ঔষধিত তিতাৰ মিঠা কথা লিখা হৈছে

 

অসমীয়াত এষাৰ কথা আছে-‘সাতে তিতা,পষেকে মিঠা’।অৰ্থাৎ কমেও এসপ্তাহত এদিন হ’লেও তিতা খাব লাগে।আচলতে এই আপ্তবাক্য শাৰীত স্বাস্থ্যসন্মত দিশ ফুটি উঠিছে।তিতাৰ আছে বহু মিঠা গুণ।বিশেষকৈ অসমত পোৱা কেইবাবিধো তিতাৰ আছে বহু স্বাস্থ্যসন্মত আৰু ঔষধি গুণ।

তিতা কেৰেলা:

 

তিতা কেৰেলা পাচলিত অন্তৰ্ভুক্ত এবিধ তিতা।আগতে বছৰৰ এটা নিৰ্দিষ্ট সময়তহে তিতা কেৰেলা পোৱা গৈছিল যদিও আজিকালি বাৰ মাহে পোৱা যায়।তিতা কেৰেলাত ভিটামিন ‘বি’, ‘চি’, ফছফৰাছ,মেংগানিজ,জিংক,কেলচিয়াম,আইৰন আৰু বিটাকেৰটিন থাকে।তিতা কেৰেলাৰ শৰীৰৰ চৰ্বি হ্ৰাস কৰা,হাইপাৰ টেনচন হ্ৰাস,চৰ্মৰোগ হ্ৰাস কৰা,কোষ্ঠকাঠিন্য প্ৰতিৰোধী,স্মৃতিশক্তি বৃদ্ধি আদি অনেক গুণ আছে।মধুমেহ ৰোগীৰ বাবে তিতা কেৰেলা মহৌষধি।

তিতা ভেকুৰি:

 

তিতা ভেকুৰি বা ভেকুৰি তিতা অসমত পোৱা অন্যতম ঔষধি।অসমৰ হাবি,বননি,পথাৰ,বাৰীত পোৱা তিতা ভেকুৰি অসমীয়াৰ খাদ্য তালিকাত সংলগ্ন হৈ আহিছে।কাঁইটীয়া বেঙেনা পাতৰ দৰে সৰুপাতৰ গছত তিতা ভেকুৰি থোপাথোপে লাগে।ইয়াক অকলে বা আলুৰে ভাজি খাব পাৰি।তিতা ভেকুৰিয়ে পেটৰ কৃমি নাশ কৰে,মধুমেহ নিয়ন্ত্ৰণ কৰে।চৰ্মৰোগতো উত্তম।ইয়াৰ নিকটিন প্ৰতিৰোধী গুণৰ বাবে ধমপায়ীসকলৰ বাবে ই মহৌষধি।

হেলচী:

 

নৈ,বিল,ডোং,জলাশয় আদিৰ পানী যুৱলিত হোৱা হেলচী শাকত অন্তৰ্ভুক্ত।পাতবোৰ দীঘল আৰু ঠাৰিবোৰ ফোঁপোলা।তিতাযুক্ত হেলচী শাকে চকুৰ বিভিন্ন বিকাৰ নাশ কৰাৰ লগতে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে।কৃমিনাশক আৰু মধুমেহৰ মহৌষধি।ইয়াৰ ঠাৰিৰে সৈতে ভাজি বা আলুৰে তৰকাৰী কৰি খাব পাৰি।

তিতাবাহক:

 

নামনি অসমত বাখাৰ তিতা হিচাপে পৰিচিত তিতাবাহকৰ ঔষধি গুণৰ সীমা নাই।ইয়াৰ ফুলবোৰ ৰঙা।তিতাবাহকৰ ফুল আৰু আলু সৰু সৰুকৈ কাটি ভাজি খাব পাৰি।ই জ্বৰনাশক,মেলেৰিয়া,চৰ্দি প্ৰতিষেধক।কাহ ৰোগ নিৰাময়ক,গাৰ বিষ নিৰাময়ক।তিতাবাহকৰ পাত কলপাতেৰে মেৰিয়াই দি ৰস উলিয়াই মৌৰে মিহলাই খালে কাহ,জ্বৰ উপশম হয়।

দোৰোণ:

 

অসমৰ পথাৰত য’তে-ত’তে গজি উঠা দোৰোণ বন এবিধ ঔষধি গুণযুক্ত শাকে।অতীজৰে পৰা দোৰোণৰ কোমল পাতযুক্ত পুলি অসমীয়া মানুহে শাক হিচাপে খাই আহিছে।দোৰোণ তিতা যদিও ইয়াৰ সোৱাদ আৰু সুগন্ধিৰ বাবে সকলোৰে প্ৰিয়।ই কৃমি,জ্বৰ আৰু মধুমেহৰ লগতে চকুৰ বাবে উত্তম।চাইনীজ প্ৰতিৰোধী।ব্ৰকাংইটিছ ৰোগৰো মহৌষধি।ইয়াৰ সৰু কোমল পুলিবোৰ কলপাতেৰে মেৰিয়াই পাতত দি বা শাকৰ দৰে ভাজি খাব পাৰি।

শেৱালি ফুল:

শেৱালি ফুলৰ পাত,ফুল দুয়োটাই খাব পাৰি।ফুলবোৰ আলু বা সৰু মাছেৰে তৰকাৰী কৰি খাব পাৰি।ই সুগন্ধি আৰু সুস্বাদু।আনহাতে,পাতবোৰ বেচনত লেপ দি ভাজি খাব পাৰি।শেৱালি ফুল,পাত জ্বৰ,পিত্ত,কৃমি,বিষ,বাতনাশক।শেৱালি ফুল বহু বনৌষধিযুক্ত।

চিৰতা:

 

অসমৰ গ্ৰামাঞ্চলত পোৱা এবিধ তিতা হ’ল চিৰতা।চিৰতা তিতাৰ ঠাৰি তিনিডোখৰমান একাপ পানীত তিয়াই থৈ সপ্তাহত এবাৰ মিচিৰি বা মৌ মিহলি কৰি খালে মেলেৰিয়া,এনকেফেলাইটিছ,সাধাৰণ জ্বৰ,মধুমেহৰ মহৌষধি হিচাপে প্ৰতিষেধকৰ কাম কৰে।

মৰাপাট:

অসমৰ গ্ৰামাঞ্চলত খেতি কৰা মৰাপাটৰো আছে ঔষধি গুণ।শাওণ মাহত মৰাপাট খাব লাগে বুলি অসমীয়াত এষাৰ প্ৰবচন আছে।ইয়াৰ পাতবোৰ ভাজি খোৱাৰ লগতে শুকান পাত (শোকটা)বোৰ পানীত তিয়াই তেল-নি মখ সানি খাব পাৰি।মৰাপাটৰ পাত কৃমি,জ্বৰ,মধুমেহনাশক।

মহানিম:

মহানিম প্ৰাকৃতিক মহৌষধি।মহানিমে প্ৰদুষণ প্ৰতিৰোধ কৰে আৰু বায়ু নিৰ্মল কৰে।মহানিমৰ পাত কেঁচাই বা ভাজি খাব পাৰি।ই বিভিন্ন চৰ্মৰোগনাশক,ৰক্ত পৰিশোধক জ্বৰ,মধুমেহ,কৃমিনাশক।আনকি মহানিমৰ কৰ্কট প্ৰতিৰোধী গুণ আছে।চুলি,ছালৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে চকুৰ দৃষ্টিশক্তিও বঢ়ায়।

লেখক:উৎপল কুমাৰ কলিতা (দেওবৰীয়া সুকন্যা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top