মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / খাদ্য সামগ্ৰী আৰু ইয়াৰ পুষ্টিগত মূল্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাদ্য সামগ্ৰী আৰু ইয়াৰ পুষ্টিগত মূল্য

খাদ্য সামগ্ৰী আৰু ইয়াৰ পুষ্টিগত মূল্যৰ বিসয়ে লিখা হৈছে

 

কল—সকলো সময়তে উপভোগ্য আৰু সহজলভ্য ফল। এশ শতিকাৰ পৰা এতিয়ালৈকে উপলব্ধ হোৱা এবিধ ফল হৈছে কল৷ কলৰ বহুত পুষ্টিকাৰক গুণ আছে। কম খৰচতে ইয়াক সকলো মানুহে পাব পাৰে, কাৰণ ইয়াৰ উৎপাদন প্ৰচুৰ পৰিমাণে হয়। কলৰ বহুত ধৰণৰ জাত আছে আৰু প্রত্যেকটো জাতৰে এটা নিজস্ব উপকাৰিতা গুণ আছে।

কলৰ পৰা শৰীৰে অধিক শক্তি পায়। কল হৈছে আঁহযুক্ত খাদ্য আৰু কলত চেনিৰ নিচিনা চুক্ৰজ, ফ্ৰুক্টজ আৰু গ্লুক’জ নামৰ শৰ্কৰা পোৱা যায়।

কলে কিছুমান বেমাৰৰ বা শৰীৰক ৰক্ষা কৰি থাকে।

ডিপ্ৰেছন

 

কলত এনে এবিধ প্র’টিন আছে-যি শৰীৰক চেৰটনিনলৈ পৰিৱর্তিত কৰি পাতল কৰি মনলৈ ফুর্তি আনে।

ঋতুস্নান বন্ধ হোৱাৰ আগৰ

কলত থকা ভিটামিন-বি৬য়ে তেজৰ গ্লুক’জৰ সমতা বজাই ৰাখে বাবে এই সময়ত মহিলাগৰাকীৰ মনটো সুস্থ অৱস্থাত ৰাখে।

ৰক্তহীনতা

 

ৰক্তহীনতাত ভোগা মানুহে কল খালে ভাল ফল পায়। ইয়াত থকা লোৰ পৰিমাণ হিম'গ্লবিনৰ মান বঢ়োৱাত সহায় কৰে আৰু তেতিয়া ৰক্তহীনতা শৰীৰৰ পৰা দূৰ হয়।

উচ্চ ৰক্তচাপ

 

কলত পটাছিয়াম খুব বেছি পৰিমাণে থাকে। আৰু নিমখ একেবাৰে কম পৰিমাণে থকাৰ কাৰণে উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ কাৰণে কল এবিধ অতি উপযোগী খাদ্য।

মগজুৰ শক্তি

গৱেষণাৰ দ্বাৰা এইটো জনা গৈছে যে পটাছিয়ামসমৃদ্ধ ফলে মগজুৰ শক্তি বর্ধন কৰে। সেই কাৰণে জনসাধাৰণক এই বিষয়ত সজাগ হ’বলৈ কোৱা হৈছে।

কোষ্ঠকাঠিন্যতা

কলত বেছিকৈ আঁহজাতীয় পদার্থ থকাৰ কাৰণে ই হজম শক্তি বঢ়াই পেটৰ অৱস্থা সুস্থিৰ কৰি ৰাখে। সেইকাৰণে কোষ্ঠকাঠিন্যতা দূৰ কৰিবলৈ কাল খোৱাটো দৰকাৰ।

বুকু জ্বলা-পোৰা

কলত নিজস্ব এণ্টাচিড গুণ আছে, সেইবাবে কল খালে বুকু জ্বলা-পোৰা কৰাটো কমে।

আলচাৰ বা পাকস্থলীত হোৱা ঘা

পাকস্থলীত দেখা দিয়া যিকোনো সমস্যা দূৰ কৰিবলৈ কল খাব লাগে। কল যিহেতু কোমল, খাবলৈও সুবিধাজনক ফল, সেইকাৰণেই পেটত হোৱা এচিডিটিী উপশম হোৱাত সহায় কৰে বা আন যিকোনো অসুবিধাও দূৰ কৰিব পাৰে।

ষ্ট্ৰক

প্রতিদিন কল খালে ষ্ট্ৰ’কৰ ফলত হোৱা মৃত্যুৰ হাৰ শতকৰা ৪০ ভাগ কমি যায়।

অ’টছ

আধাকাপ ৰন্ধা বা খাবলৈ তৈয়াৰ কৰা অ’টছত ৪ গ্রাম্যমান বিজলুৱা দ্রৱীভূত হোৱা আঁহজাতীয় পদার্থ বিটা গ্লুক’জ থাকে আৰু ই মানুহৰ শৰীৰৰ তেজৰ কলেষ্টেৰল লেভেলটো কমাই ৰাখে (এল ডি এল)। সেইকাৰণে অ'টিছক দ্রবীভূত হোৱা আঁহজাতীয় পদার্থৰ আটাইতকৈ ভাল উৎস বুলি কোৱা হয়।

কোষ্ঠকাঠিন্যতা আৰু গেষ্টইনটেষ্টাইনেলৰ সমস্যাসমূহ দূৰ কৰাত অ'টছৰ বিশেষ ভূমিকা আছে, কিয়নো শৰীৰত থকা অতিৰিক্ত ফেট বা স্নেহ পদার্থ অ'টছে হজম কৰি শৰীৰৰ পৰা উলিয়াই দিয়াত সহায় কৰে। শৰীৰত তেজৰ গ্লুক’জৰ ভাৰসাম্যতা ৰক্ষা কৰাতো অ’টছে যথেষ্ট সহায় কৰে। ঋতুস্ৰাৱ বন্ধ হোৱাৰ সময়ত মহিলাৰ ক্ষেত্ৰত দেখা দিয়া জৰায়ু, ডিম্বকোষৰ সমস্যা আঁতৰাবলৈ অ’টছে সহায় কৰে।

উৎস: গণ অধিকাৰ।

2.93103448276
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top