মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / খাদ্য, স্বাস্থ্য আৰু মন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাদ্য, স্বাস্থ্য আৰু মন

খাদ্য, স্বাস্থ্য আৰু মন

সু-স্বাস্থ্য পৰম সম্পদ৷ অস্বাস্থ্যই পৰম বিপদ৷ সু-স্বাস্থ্য ইয়াকে কোৱা হয়, যি স্বাস্থ্যই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰিবলৈ প্ৰেৰণা পায়৷ সু-স্বাস্থ্য নাথাকিলে মানুহে কেতিয়াও সুখ অনুভৱ কৰিব নোৱাৰে৷ লাগিলে তেওঁৰ জীৱন ধন-সম্পদ-ঐশ্বৰ্যৰে ভৰি থাকক৷ সেই কাৰণে কয়, দেহা থাকিলেহে বেহা৷

শৰীৰ সুস্থ নাথাকিলে একোৱেই নাথাকে৷ মানসিক চিন্তা, আধ্যাত্মিক চিন্তা কৰিবলৈ প্ৰেৰণা নাপায় ৷ সেয়েহ আমি সৰ্ব-প্ৰথমে নিজৰ শৰীৰটোৰ যত্ন লোৱাহে উচিত৷ আমি জানো যে আমাৰ শৰীৰৰ স্বাস্থ্য ৰক্ষাৰ বাবে সুষম আহাৰৰ প্ৰয়োজন৷ জন্মৰ পৰা মৃত্যু পৰ্যন্ত আমাৰ দেহৰ অংগ-প্ৰত্যংগবোৰ চলি থাকে ৷ সেই পৰ্যন্ত আহাৰ আমাক লাগেই৷ আহাৰেই হৈছে জীৱনীশক্তিৰ আধাৰ৷ গতিকে দেহক সুস্থ ৰাখিবলৈ দেহক সদায় ভাল আহাৰ লাগিব৷ ভাল আহাৰৰ দ্বাৰা ভাল মন আৰু আৰু ভাল মনৰ পৰা ভাল চিন্তা কৰিব পাৰি, আৰু ভাল চিন্তাৰেহে ভাল কৰ্ম কৰিব পাৰি বুলি ঋষি মুনি সকলেও কৈ গৈছে৷

আমাৰ খাদ্যৰ ভাগ তিনিটা বুলি গীতাত শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত উল্লেখ কৰিছিল৷ যেনে- ১. সাত্বিক আহাৰ, ২. ৰাজসিক আহাৰ আৰু ৩. তামসিক আহাৰ৷

সাত্বিক আহাৰ

যি বোৰ আহাৰে আয়ুস বৃদ্ধি কৰে৷ যিবোৰ আহাৰ ৰসযুক্ত, স্নিগ্ধ আৰু হৃদয়ৰ বাবে উপযোগী৷ তেনে আহাৰকে সাত্বিক আহাৰ বুলি কোৱা হয়৷ এনেবোৰ আহাৰ হৈছে বতৰৰ বিভিন্ন শাক-পাচলি, ফলমূল, গাখীৰ-দৈ আদি৷ এইবোৰ আহাৰত ছয় ৰস থাকিব লাগে৷ আৰু সেই ছয় ৰস নিৰ্দিষ্ট পৰিমানে গ্ৰহণ কৰিব লাগে৷ কোনো খাদ্যই অধিক পৰিমাণৰ হ’ব নালাগে৷

ৰাজসিক আহাৰ

যি বোৰ আহাৰ অতি শুকান, বেছি নিমখীয়া, অতি গৰম, অতি টেঙা, বেছি মছলাযুক্ত চোকা সেইবোৰ খাদ্যই ৰাজসিক খাদ্য৷ এই আহাৰে দেহত বিষ আৰু বেদনাৰ সৃষ্টি কৰে৷ ই শাৰীৰিক তথা মানসিক শান্তি আনিব নোৱাৰে৷

তামসিক আহাৰ

যি বোৰ আহাৰ চেঁচা, ৰসহীন, বাহী হৈছে, দুৰ্গন্ধযুক্ত হৈছে, আনে খাই যোৱাৰ পাছৰ অংশ (এৰেহা), এইবোৰক তামসিক আহাৰ বোলে৷ তামসিক আহাৰে দেহত নানা ৰোগৰ সৃষ্টি কৰিব পাৰে৷ কোনো খাদ্য প্ৰস্তুত কৰাৰ পাছত তিনি ঘণ্টাতকৈ অধিক সময় ৰাখিলে, সেই খাদ্য তামসিক খাদ্যলৈ ৰূপান্তৰিত হয়৷ তামসিক আহাৰ খোৱা লোকসকল, সাধাৰণতে নিৰুৎসাহী হয়, নীচাত্মিকা ভাৱ মনলৈ আহে, সাহস কম হয়, এলেহুৱা হোৱা দেখা যায়৷ শাৰীৰিক আৰু মানসিক ভাৱে দুৰ্বল হৈ পৰে৷

গতিকে যি আহাৰেই গ্ৰহণ নকৰোঁ লাগিলে, দেহৰ কাৰণে উপযোগী শুদ্ধ আহাৰহে ভক্ষণ কৰিব লাগে৷ কিয়নো দেহৰ প্ৰয়োজনীয় শুদ্ধ আহাৰেই সু-স্বাস্থ্যৰ মূল৷

আহাৰ প্ৰস্তুত কৰাৰ ওপৰত আহাৰৰ প্ৰকৃত গুণাগুণ অটুট থকাটো বহগুণে নিৰ্ভৰ কৰে৷ আহাৰ প্ৰস্তুত কৰোতে সদায়ে পৰিস্কাৰ পৰিচ্ছন্নতাক অধিক গুৰুত্ব দিব লাগে৷ আৰু আকৌ অধিক উত্তাপ দি, তেলত মচমচীয়াকৈ ৰন্ধা অনুচিত৷ কাৰণ কিছুমান খাদ্য-প্ৰাণ, অধিক উত্তাপত নষ্ট হৈ পৰে৷ ঠিক সেইদৰে অধিক জ্বলা, মছলা, আমাৰ পাকস্থলীৰ কাৰণে ক্ষতিকাৰক৷ অতি গৰম আৰু অতি চেঁচা আহাৰ স্বাস্থ্যৰ বাবে উপযোগী নহয়৷ গতিকে প্ৰকৃতিৰ অৱদান সতেজ আহাৰহে গ্ৰহণ কৰা উচিত৷ কৃত্ৰিমভাৱে ঠাণ্ডা কৰা আৰু কৃত্ৰিম ভাৱে গৰম কৰা আহাৰ স্বাস্থ্যৰ পক্ষে অপকাৰী৷
নিতৌ সময়মতে আহাৰ গ্ৰহণ কৰিব লাগে৷ সিদ্ধ হোৱা খাদ্য আধা ঘণ্টাৰ ভিতৰতে খাব লাগে৷ ভোক লাগিলেহে আহাৰ গ্ৰহণ কৰিব লাগে৷ সোৱাদ লগা ভাল বস্তু দেখিলেই বা লোভ লাগিলেই যি কোনো বস্তু খাব নালাগে৷ ৰিপু হিচাবে লোভ, খঙতকৈ বেছি ভয়ানক৷ মনীষীসকলে কৈ গৈছে- মানুহ খায়হে মৰে, নাখাই নমৰে!

অধিক ভোজন পেটলৈ বেয়া৷ ভোজনৰ পৰিমাণৰ ওপৰত শাৰীৰিক পৰিশ্ৰমৰ সংগতি থকা উচিত৷ কিয়নো এজন অতিপাত পৰিশ্ৰম কৰা লোকৰ আহাৰৰ লগত, এজন অ-পৰিশ্ৰমী লোকৰ খাদ্য তালিকা বেলেগ হোৱা উচিত৷ কিয়নো অধিক পৰিশ্ৰম কৰা লোক জনৰ হজমী শক্তি বেছি হোৱাটো স্বাভাৱিক আৰু তেওঁক বেছি শক্তিৰ প্ৰয়োজনো৷ গতিকে খাদ্যৰ ওপৰত পৰিশ্ৰমৰ কথাটোও নিৰ্ভৰ কৰে৷

এজন সু-স্বাস্থ্যবান ব্যক্তি হ’বলৈ খাদ্যৰ লগতে পৰিশ্ৰম আৰু শৰীৰ চৰ্চাৰ প্ৰয়োজন৷ গতিকে স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে খাদ্যাভ্যাস, শাৰীৰিক পৰিশ্ৰম, বিশ্ৰাম, পৰিস্কাৰ পৰিচ্ছন্নতা, পঞ্চ-ইন্দ্ৰিয়ৰ সু-নিয়ন্ত্ৰণ, মানসিক চিন্তা-চৰ্চা আদি স্বাস্থ্যৰ নিয়ম-নীতি সমূহ মানি চলা উচিত৷

আমাৰ পূৰ্ব-পুৰুষ সকলে খাদ্যৰ প্ৰতি যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল৷ বেমাৰ আজাৰ হ’লেও ঘৰতে প্ৰাথমিক ভাৱে বনৌষধেৰে চিকিৎসা আৰম্ভ কৰি, সংকটময় অৱস্থা হ’লেহে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিছিল ৷ ডাক্তৰী ঔষধ ব্যৱহাৰ কৰিলেও তেওঁলোকে পথ্য খাদ্য খোৱাৰ ক্ষেত্ৰত যথেষ্ট সচেতন আছিল ৷ কিয়নো ৰোগীক কেৱল ঔষধেৰে আৰোগ্য কৰিব নোৱাৰি, যদিহে ৰোগ অনুযায়ী পথ্য আহাৰ খুওৱা নাযায়৷

আমাৰ অসমীয়া বিভিন্ন জলপান, চিৰা, পিঠা, মুৰি, সান্দহ, কোমল চাউল, আখৈ, দৈ, গুড় আদি মাত্ৰ ৰুচিপূৰ্ণ আৰু সু-স্বাদুৱেই নহয়, ই পুষ্টিকৰ আৰু স্বাস্থ্যৰ বাবে অতি উপযোগী, ৰোগ প্ৰতিৰোধক আৰু নিৰাময় কাৰক৷ সেয়েহে খাদ্যৰ দ্বাৰাই ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু অতি পৰিতাপৰ বিষয় যে আজিৰ অসমীয়া ল’ৰা-ছোৱালীয়ে বিশ্বায়নৰ কৱলত পৰি অসমীয়া খাদ্য তথা জলপানৰ প্ৰতি অনীহা প্ৰকাশ কৰা দেখা গৈছে৷ নৱ-প্ৰজন্মৰ অভিভাৱক সকলেও ঘৰতে তৈয়াৰ কৰা ৰুচিকৰ খাদ্যপ্ৰাণ যুক্ত আহাৰৰ প্ৰতি পিঠি দি দোকানৰ খাদ্যহে সৰুৰে পৰা ল’ৰা-ছোৱালীক খুওৱা দেখা গৈছে৷ যাৰ ফলত, অসমীয়া ভৱিষ্যত প্ৰজন্ম বা যুৱক-যুৱতী সকলে অসমীয়া খাদ্য তথা জা-জলপানৰ নামকে চিনি নোপোৱাৰ পৰিলক্ষিত হৈছে৷ তেওঁলোকে হোটেল ৰেষ্টুৰাঁ আদিত পোৱা মেগী, ফাষ্ট ফুড, পিজ্জা, বাৰগাৰ, ম’ম’, ৰোল, হট ডগ, চাওমিন, আইচক্ৰীম, পেটীছ, ফ্ৰাইড ৰাইছ, চিলি চিকেন, কাবাব, মাঞ্চুৰিয়ান, ইটালিয়ান আদি দেশী-বিদেশী খাদ্য খোৱাটো দিনে দিনে বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে৷ যাৰ ফলত পৰম্পৰাগত খাদ্যক চিনি নোপাৱাৰ দোষতে হেৰাই যোৱাৰ উপক্ৰম হৈছে৷ তাৰ বাবে নতুন চামৰ অভিভাৱক সকলৰ গাতো যথেষ্ট দোষ দিব পাৰি ৷ তেওঁলোকে শাৰীৰিক পৰিশ্ৰম কৰি অসমীয়া জা-জলপান তৈয়াৰ কৰাৰ মানসিকতা হেৰাই গৈছে৷ যাৰ ফলত বিনা-পৰিশ্ৰমতে দোকানৰ পৰা পাব পৰা খাদ্যকে ল’ৰা-ছোৱালীক যোগান ধৰি, নিজে আৰামত থাকি সুখী হোৱাৰ বাট বিচাৰিছে৷ কিন্ত এই ক্ষণিকৰ আৰামেই যে দীৰ্ঘ-দিনত “হাৰাম” হ’বগৈ পাৰে, সেই কথা অনুভৱ কৰিব পৰা নাই৷ তাৰ উপৰি নিজৰ ল’ৰা ছোৱালীক আজিকালি মুঠেও শাৰীৰিক পৰিশ্ৰম কৰোৱা দেখা নাযায়৷ কেৱল মাত্ৰ স্বাক্ষৰিক জ্ঞানৰ প্ৰতিযোগিতাতহে আগবঢ়াইছে৷ সুস্থ মানসিকতাৰ ফালে পিঠি দি যন্ত্ৰ মানৱ সৃষ্টি কৰাতহে মনোনিবেশ কৰা হেন অনুভৱ হয়৷

আমাৰ অসমী আইৰ বুকু নানা ঔষধি গুণেৰে ভৰপূৰ, সুজলা সুফলা শস্য-শ্যামলা, নানা শস্য, মৎস্য, বিৰিখৰ ফল, তৰু লতা, বৃক্ষ, গুল্ম আদি নানান উদ্ভিদেৰে ভৰপূৰ৷ সেউজী অসমীৰ দুৱৰি জোপাৰো ঔষধি গুণো কম নহয় আৰু ইয়াত থকা প্ৰায়বোৰ বিৰিখতে ঔষধি সম্ভাৰ গুণে পৰিপূৰ্ণ৷

শাক-পাচলিৰ মাজতে পোৱা যায় প্ৰাকৃতিক ঔষধ, যাক খায়ো ৰোগ নিবাৰণ কৰিব পাৰি৷ তাকে কৰিবলৈ অকণমান পৰিশ্ৰম কৰি নিজৰ বাৰীখনতে ভেদাইলতা, মানি-মুনি, লাই, লফা, কোমোৰা, কল, কঁঠাল, বগৰী, আম, আমলখি, শিলিখা, শতমূল, মধূৰী, মধু-সোলেং, পদিনা আদি ৰোপণ কৰি সতেজ তথা ঔষধি গুণ সম্পন্ন আহাৰ লাভ কৰিব পাৰি৷

ডাকৰ বচনতো উল্লেখ আছে যে-“ৰুলে বগৰী ওঠৰ মাহত লাগে, নুৰুলে বগৰী লোকক মাগে”৷ সেয়ে নিজৰ বাৰীতে সততে লাগতিয়াল, উপকাৰী শাক-পাত, ফল-মূল আদি ৰুই আত্ম-নিৰ্ভৰশীল হোৱাটো বাঞ্ছনীয়৷ আমি আশাকৰোঁ আমাৰ অসমীয়া মানুহে বিশ্বায়নৰ মানসিকতা ত্যাগ কৰি ৰুচিকৰ, পুষ্টিকৰ, ঔষধি আৰু ঘৰুৱা খাদ্য খাবলৈ নৱ-প্ৰজন্মক শিকাবলৈ লওক, আৰু অভিভাৱক সকলেও এই ক্ষেত্ৰত সজাগ আৰু যোগাত্মক প্ৰদক্ষেপ ল’ব৷ এয়াও আজিৰ সময়ৰ এক আহ্বান৷

শশীমাই শইকীয়া (দত্ত)

3.18
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top