মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / খাদ্যনীতি পালনেৰে স্বাস্থ্য ৰক্ষা সম্ভৱনে?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাদ্যনীতি পালনেৰে স্বাস্থ্য ৰক্ষা সম্ভৱনে?

 

খাদ্যবিহীন হৈ কোনো প্রাণীয়েই জীৱন ধাৰণ কৰিব নোৱাৰে-

 

সেয়েহে সৃষ্টিকর্তাই পৃথিৱীৰ সকলো প্রাণীকে জীৱন-নির্বাহৰ বাবে খাদ্য নির্দিষ্ট কৰি দিয়াৰ লগতে সৰবৰাহৰ ব্যৱস্থাও কৰি দিছে। লক্ষ্যণীয় আৰু আমোদজনক কথাটো হ’ল একমাত্র মানুহৰ বাহিৰে পৃথিৱীৰ অন্য কোনো প্ৰাণীয়ে খাদ্যনীতি লংঘন কৰা দেখা নাযায়। সম্ভৱত: এই কাৰণেই অন্যান্য প্ৰাণীয়ে জীৱনত মানুহৰ দৰে ৰোগগ্ৰস্ত হৈ সমস্যাবহুল জীৱন অতিবাহিত কৰিবলগীয়া নহয়। খাদ্যনীতি পালন আৰু প্ৰাকৃতিকভাৱে জীৱন পৰিচালিত হোৱাৰ বাবেই মনুষ্যৰ বাদে অন্য প্রাণীজগতত জবা, ব্যাধি আৰু অকাল মৃত্যুৰ প্ৰাদুৰ্ভাব কম দেখা যায়।

আয়ুৰ্বেদ শাস্ত্রই ঘোষণা কৰিছে-

 

“বিনাপি ভেষজৈ ব্যাধি : পথ্যদেব নিবর্ততে।

ন তু পথ্যবিহীনস্য ভেষজানাং শতৈৰপি।”

অর্থাৎ বিনা ঔষধেৰেও ৰোগ নিৰাময় হয় যদি পথ্য ব্যৱস্থা নিৰ্ভুল হয়। কিন্তু পথ্য ব্যৱস্থা ত্ৰুটিপূৰ্ণ হ’লে শতসহস্ৰ ঔষধেৰেও ৰোগ নিৰাময় নহয়।

মানুহৰ বাদে অন্য প্রাণীজগতত খাদ্যপ্রণালী অতি সৰল আৰু সম্পূৰ্ণ প্ৰাকৃতিক। যদিও জীৱ-জন্তুৱে সীমিত সংখ্যক খাদ্য সম্ভাৰৰ ভিতৰতে জীৱন-যাপন কৰে তথাপি এনে জীৱ-জন্তুৰ জীৱন সুখী আৰু নিৰোগী। কিন্তু মানুহৰ খাদ্য সামগ্ৰীৰ তালিকাত থকা প্রাচুর্যতা আৰু বিভিন্নতাৰ সীমা নাই। অকল ইন্দ্ৰিয় তৃপ্তি আৰু স্বাদ পূর্ণ কৰাৰ বাবেই মানুহৰ খাদ্যসমূহ জটিল আৰু অপ্রাকৃতিক ৰূপত প্রস্তুত কৰা হয়। ইয়াৰ উপৰি প্রাকৃতিক খাদ্যসামগ্ৰী ৰূপান্তৰিত কৰি সংহত (Refined) খাদ্যৰূপে সংৰক্ষণ কৰি ৰখা হয়। মানৱ শৰীৰৰ বাবে প্রয়োজনীয় পাঁচবিধ উপাদান-প্ৰ'টিন কাৰ্বোহাইড্ৰেট, ভিটামিন চৰ্বি আৰু মিনাৰেল, নিৰ্দিষ্ট পৰিমাণতকৈ কম বা বেছি হ'লেও শৰীৰৰ ক্ষতি হয়। সেয়েহে মানুহে খাদ্যপ্ৰণালীৰ বিষয়ে সম্যক জ্ঞান আয়ত্ত কৰি খাদ্যনীতি পালন কৰিব পাৰিলেহে সুস্বাস্থ্যৰ লগতে মনুষ্যত্বৰো বিকাশ হয়। কিন্তু পৰিতাপৰ কথা হৈছে, অধিকাংশ ব্যক্তিৰে খাদ্যনীতিৰ বিষয়ে সাধাৰণ জ্ঞান থকাৰ পিচতো মন আৰু ইন্দ্ৰিয় সংযমত ব্যর্থ হৈ খাদ্যনীতি পালন কৰাত অসমর্থ হয়। এনেদৰে পথ্য নীতি অবজ্ঞা কৰাৰ ফলতে বহু গুণী-জ্ঞানী মানুহেও জৰা, ব্যাধি আৰু অকাল মৃত্যুৰ গৰাহত পৰিবলগীয়া হোৱাটো সমাজৰ বাবেই ক্ষতিকাৰক।

মানুহৰ চিন্তা-ভাৱনা আৰু আচৰণ প্রণালীৰ সৈতে খোৱা খাদ্য ওত:প্ৰোতভাৱে জড়িত হৈ  আছে। সেয়েহে কোৱা হয়-‘যেনে খাদ্য তেনে মন’। আহাৰৰ পৰাই মানুহৰ সপ্তধাতু-ৰস, ৰক্ত, মঙহ, চবি, হাড়, মজ্জা আৰু শুক্ৰৰ উৎপন্ন হয়। তেজক দুই ভাগত বিভক্ত কৰা হৈছে- অম্লধর্মী তেজ আৰু ক্ষাৰধৰ্মী তেজ।

অম্লধর্মী তেজে শৰীৰ শক্তিশালী কৰি ৰাখে আৰু ইয়াৰ ক্ষয়ক্ষতি পূৰণ কৰে। ক্ষাৰধৰ্মী তেজে পেশী, স্নায়ু, গ্ৰন্থি, হাড় আৰু মজ্জাক সবল কৰি ৰাখে।

আমি এটা কথা সততে জানি ৰখাটো প্ৰয়োজনীয় মাছ-মাংস, কণী আদি আমিষ খাদ্য আৰু চাউল, আটা আদি শর্কৰা জাতীয় খাদ্যৰ পৰা অম্লধৰ্মী ৰক্তৰ উৎপন্ন হয়। সেইদৰে শাক-পাচলি, ফল-মূল, মাহজাতীয় শস্য, গাখীৰ, দৈ ইত্যাদিৰ পৰা ক্ষাৰধৰ্মী ৰক্তৰ উৎপন্ন হয়। ঘী,মাখন, তেল, বিভিন্ন মিঠাই আদি চৰ্বিজাতীয় খাদ্য। এনে গুৰুপাৰ্কী আৰু সংহত খাদ্য অম্লধৰ্মী খাদ্য হিচাপেই পৰিগণিত হয়।

খাদ্য প্র’টিন সমৃদ্ধ কেলচিয়াম আৰু লোযুক্ত হ’লেই ষে সুষম খাদ্য হ’ব এনে কথা শুদ্ধ নহয়। খাদ্য অল্পবিষ দোষৰ পৰা মুক্ত হয় নে নহয় আৰু এনে খাদ্যক শৰীৰে সহজভাৱে গ্ৰহণ কৰিব পাৰেনে নোৱাৰে সেই কথাও লক্ষ্য কৰাটো প্ৰয়োজনীয়। খাদ্যৰ এক-তৃতীয়াংশ অম্লধর্মী আৰু দুই-তৃতীয়াংশ ক্ষাৰধৰ্মী হ’লেহে ভাৰতীয় খাদ্যনীতি অনুসৰি সুষম খাদ্য হিচাপে ধৰা হয়। সেয়েহে সতর্ক হ’ব লাগে যাতে ভাত, ৰুটী, মাছ-মাংস,কণী, মিঠাই, ঘী, মাখন ইত্যাদি দিনটোৰ সকলোখিনি আহাৰৰ এক তৃতীয়াংশৰ অধিক নহয়। আমি দিনটোৰ খাদ্য তালিকাৰ দুই-তৃতীয়াংশ,শাক-পাচলি, ফল-মূল, দাইল, গাখীৰ, দৈ, বাদাম ইত্যাদি ক্ষাৰধর্মী পথ্যৰে পূৰণ কৰাটো জৰুৰী। মুঠতে ধ্যান দিব লাগিব যাতে আমাৰ তেজত থকা ক্ষাৰাংশৰ পৰিমাণ ৫০/৬০ শতাংশতকৈ কম নহয়। ক্ষাৰধৰ্মী ৰক্তৰ পৰিমাণ ৫০% ৰ কম হ’লে শৰীৰ ৰোগপ্রৱণ হোৱাৰ আশংকা থাকে।

আমাৰ দেশত খাদ্য প্রণালীক তিনি ভাগত বিভক্ত কৰা হৈছে। এই তিনি প্রকাৰৰ খাদ্যই মানুহৰ শৰীৰ আৰু মনক তিনিধৰণে প্ৰভাৱিত কৰে। যি আহাৰ শুদ্ধ, স্বাভাৱিক আৰু পৱিত্ৰ, তেনে আহাৰ সাত্ত্বিক আহাৰ। ভাত, ৰুটী, শাক-পাচলি, ফল-মূল, দাইল, গাখীৰ, দৈ ইত্যাদিয়েই সাত্ত্বিক আহাৰ। এনে আহাৰ সৰল আৰু স্বাভাৱিকভাৱে ন্যুনতম জ্বলা-মছলা প্ৰয়োগেৰে ৰন্ধা হয়। শৰীৰ, মন আৰু আধ্যাত্মিক ভাৱনাৰ উত্তৰণৰ বাবে সাত্ত্বিক আহাৰেই সৰ্বোকৃষ্ট। দ্বিতীয় গুণবিশিষ্ট আহাৰক ৰাজসিক আহাৰ বোলা হয়। জিভাৰ তৃপ্তি আৰু স্বাদ বৃদ্ধিৰ বাবে এনে আহাৰক বিভিন্ন প্রকাৰৰ জাল- মছলাযুক্ত কৰি অস্বাভাৱিক ৰূপত ৰন্ধা হয়। শাক-পাচলি, ফল-মূল, গাখীৰ-দৈ ইত্যাদিতকৈ এনে আহাৰত মাছ-মাংস-কণী ইত্যাদি আমিষ খাদ্যৰ ওপৰত অধিক প্রাধান্য দিয়া হয়। স্বাভাৱিকতে এনে গুৰুপাকী আহাৰে মন আৰু ইন্দ্ৰিয়ক সহজে উত্তেজিত কৰে। তৃতীয় তথা নিকৃষ্ট শ্ৰেণীৰ আহাৰক তামসিক আহাৰ বোলা হয়।  বাহী, ৰসহীন, পচা, উত্তেজক আৰু অস্বাভাৱিকভাৱে ৰন্ধা খাদ্য প্রণালীয়েই হৈছে তামসিক আহাৰ। এনে আহাৰ ভক্ষণৰ ফলত মানুহৰ শাৰিৰীক ক্ষতি হোৱাৰ উপৰিও মন-বুদ্ধি কলুষিত হয়। এলাহ, নিদ্রা, খং, উত্তেজনা, চঞ্চলতা, কু-চিন্তা ইত্যাদি নাকাৰাত্মক নাকাৰাত্মক ভাৱনাৰ দ্বাৰা শৰীৰ মন ভাৰাক্ৰান্ত হয়। মাছ-মাংস, কণী, পিঁয়াজ, নহৰু, নিচাজাতীয় পানীয় তথা দ্ৰব্য ইত্যাদি খাদ্য ৰাজসিক আৰু তামসিক দুয়োবিধ আহাৰতে অন্তর্ভুক্ত কৰা হয়।

আহাৰৰ পবিত্ৰতা আৰু শুদ্ধতাৰ বাবে তিনিটা কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। সেয়া হৈছে পাকঘৰ, বাচন-বৰ্তন আৰু পৰিৱেশ চাফ-চিকুণ হ’ব লাগিব। ৰান্ধিবলৈ লোৱা খাদ্যসামগ্ৰী শুদ্ধ আৰু সতেজ হোৱাটো জৰুৰী। ৰান্ধনিগৰাকী পৰিষ্কাৰ-পৰিচ্ছন্ন হোৱাৰ লগতে ৰন্ধনকাৰ্য কৰাৰ সময়ত মনত কোনো অপবিত্ৰ ভাবনা পোষণ কৰিব নালাগিব।

আমাৰ শৰীৰত প্ৰাকৃতিকভাৱে খাদ্য হজম কৰিব পৰা সুব্যৱস্থা আছে। খাদ্য হজমৰ বাবে আমাৰ গ্ৰন্থিবোৰৰ পৰা এবিধ ৰস নিঃসৃত হয়। এনে ৰসক অম্লৰস আৰু পিত্তৰস বোলা হয়। এই নিঃসৰিত ৰসে খাদ্য হজম কৰে আৰু নিজেও জীণ যায়। ইয়াৰ ফলত শৰীৰত কোনো দূষিত পদার্থ জমা নহয়। কিন্তু আহাৰ যদি স্বাভাবিক নহয় আৰু সংহত অথবা গুৰুপাকী হয়, তেন্তে খাদ্য স্বাভাৱিকভাবে পৰিপাক নহয়। এনে খাদ্যক জীন নিয়াবলৈ গ্ৰন্থিসমূহৰ পৰা অতিৰিক্ত ৰস নিঃসৰণ কৰিবলগীয়া হয়। এনে কাৰ্য কৰিবলগীয়া হ’লে গ্ৰন্থিবোৰ অতিক্রিয়াই দুর্বল হৈ পৰে। শৰীৰত উৎপন্ন হোৱা এই অতিৰিক্ত ৰসবোৰ খাদ্যৰ সৈতে সম্পূৰ্ণকৈ জীণো নাযায়। শৰীৰৰ এই অজীর্ণ ৰসেই দূষিত অম্লৰস আৰু পিত্তৰস। শৰীৰত ৰৈ যোৱা এই দূষিত ৰসবোৰৰ পৰাই পৰৱৰ্তী কালত মানুহ বিভিন্ন ৰোগত আক্ৰান্ত হয়। আধুনিক চিকিৎসা শাস্ত্ৰই এই দূষিত ৰসবোৰকেই ইউৰিক এচিড বোলে।

দেখাত যদিও সাধাৰণ অথচ অতি গুৰুত্বপূর্ণভাবে পালন কৰিবলগীয়া খাদ্যনীতি হ’ল— সঠিক সময়ত আৰু পৰিমিত পৰিমাণত আহাৰ গ্ৰহণ। লোভৰ বশৱৰ্তী হৈ অধিক ভোজনেই শৰীৰত বিভিন্ন ৰোগৰ উৎপত্তিৰ কাৰণ৷ ভাৰতীয় মাতৃৰ এটা সহজাত স্বভাৱ আছে যে, সন্তানক পেট পূৰাই আহাৰ খুৱাব নোৱাৰিলে মনত শান্তি নাপায়। অতিৰিক্ত ভোজনৰ বাবেই যে সন্তানৰ বিভিন্ন পেটৰ ৰোগ হয়, সন্তানৰ প্রতি থকা অন্ধ স্নেহে মাতৃসকলক এই সত্য বুজি পোৱাত অপাৰগ কৰি ৰাখে।

খাদ্যনীতিৰ আৰু কিছুমান সাধাৰণ কথা আমি বহুতেই জানো কিন্তু সেইবোৰ পালন কৰাত কোনো গুৰুত্বই দিয়া নহয়; অথচ সেইবোৰ পালন কৰিব পৰাৰ ওপৰতেই সুস্বাস্থ্য নিৰ্ভৰ কৰে। এক শান্তিপূৰ্ণ পৰিবেশতহে আহাৰ গ্ৰহণ কৰা উচিত।  আহাৰ ধীৰ স্থিৰভাবে ভালদৰে ছোবাই খাব লাগে। আহাৰ গ্ৰহণৰ সময়ত পানী খোৱা উচিত নহয়; কাৰণ এনে কাৰ্যই আহাৰ হজম হোৱাত বাধা দান কৰে। খাদ্য গ্ৰহণৰ কমেও আধা ঘণ্টাৰ পিচতহে পানী পান কৰা উচিত। যিমান দূৰ সম্ভৱ চৰ্বিযুক্ত, অধিক মছলাযুক্ত, অস্বাভাৱিক প্ৰকৰণে ৰন্ধন খাদ্য আৰু সংহত খাদ্যৰ পৰা আতঁৰি থাকিব লাগে। দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত চাৰিবাৰহে খাদ্য গ্রহণ কৰা উচিত। সেয়া হ’ল- পুৱাৰ জলযোগ, দুপৰীয়াৰ মূল আহাৰ, আবেলিৰ পাতলীয়া আহাৰ আৰু নিশাৰ লঘু আহাৰ। শোৱাৰ দুঘন্টাৰ পূৰ্বে নিশাৰ ভোজন সমাপন কৰা উচিত। সকলো প্ৰকাৰৰ নিচাজাতীয় পানীয় তথা নিচাজাতীয় দ্রব্যৰ পৰা অৱশ্যেই আঁতৰত থকাটো শৰীৰৰ বাবে মংগলজনক। সৰ্বোপৰি আমিষ তথা ৰাজসিক আহাৰৰ পৰা যথাসম্ভৱ আঁতৰি আহি সাত্ত্বিক আহাৰৰ প্রতি আসক্ত হ’ব পাৰিলে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষতা সাধনত বহুদূৰ আগবাঢ়ি যাব পৰা যায়।

আমাৰ শৰীৰটোৰ বাবে যিদৰে নিদ্ৰাৰ আৱশ্যক হয়, ঠিক সেইদৰে শৰীৰৰ আভ্যন্তৰীণ পৰিপাক যন্ত্ৰবোৰৰ বাবেও জিৰণিৰ প্ৰয়োজন হয়। সেয়ে সপ্তাহ অথবা পষেকত দিনত বা নিশা উপবাস পালনত অভ্যস্ত হ’লে পৰিপাক যন্ত্রসমূহে জিৰণি লৈ অধিক কর্মক্ষম হৈ উঠে। সেই সময়ত জীর্ণ হ’বলৈ বাকী থকা খাদ্যাংশবোৰ সম্পূৰ্ণ জীৰ্ণ হৈ শৰীৰৰ পৰা বাহিৰ হৈ যাবলৈ সুবিধা পায়। ইয়াৰ ফলত শৰীৰটো পৰিস্কৃত হৈ ৰোগমুক্ত হয় আৰু মন আৰু ইন্দ্ৰিয়সমূহো প্ৰফুল্লিত হয়। সুস্থ-সবল দেহ-মনৰ গৰাকী হ’বলৈ হ’লে খাদ্য সম্বন্ধে বিস্তৃত জ্ঞানৰ উপৰি খাদ্যনীতি পালনৰ প্ৰতি বিশেষভাবে সজাগ হোৱাটো প্রয়োজনীয়। স্বাস্থ্যৰক্ষা আৰু মনুষ্যত্ব বিকাশত খাদ্যনীতিৰ পালনৰ অপৰিহাৰ্যতাৰ বিষয়তো কেনেকৈ অস্বীকাৰ কৰা যায়। সেয়েহে খাদ্যনীতি যথার্থভাবে পালন কৰি স্বাস্থ্য ৰক্ষাৰ লগতে মনুষ্য বিকাশতো যোগদান দিওঁ আহক।

লিখক: ৰবীন ভূঞা, সাদিন।

2.88235294118
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top