অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাদ্যৰ ৰুপত আলু :

খাদ্যৰ ৰুপত আলুৰ বিষয়ে লিখা হৈছে ।

আলু আমাৰ প্ৰত্যেকৰে অতি চিনাকি খাদ্যদ্ৰব্য। এইবিধ দ্ৰব্য আমাৰ ৰাজ্য তথা দেশ-বিদেশৰ লোকৰে অতি জনপ্ৰিয়। পিছে খাদ্য হিচাপে আমাৰ ৰাজ্যত অন্য প্ৰান্তৰ তুলনাত বহু পলমকৈও ইয়াৰ প্ৰচলন ঘটে। আজিৰ পৰা প্ৰায় ছয় হাজাৰ বছৰমানৰ আগেয়েই দক্ষিণ আমেৰিকাৰ এণ্ডিজ পাহাৰত প্ৰাকৃতিক অৱস্থাত ইয়াৰ আৱিষ্কাৰ সম্ভৱ হোৱাৰ পিছত লাহে লাহে আমেৰিকা আৰু ইউৰোপৰ দেশসমুহত ইয়াৰ প্ৰচলন ঘটে বুলি জনা যায়। আমাৰ দেশলৈ বিশেষকৈ পৰ্তুগীজ আৰু ইংৰাজ বণিকৰ জৰিয়তে সৰবৰাহ ঘটে বুলি তথ্য পোৱা যায়। আৰু আমাৰ ৰাজ্যলৈ হয়তো ইংৰাজৰ আমোলতহে সৰবৰাহ ঘটে বুলি অনুমান হয়। তাৰ আগলৈ হয়তো অসমবাসীয়ে আলুৰ ঠাইত কচু অথবা অন্য আলু, যেনে-কাঠ-আলু, মোৱা আলু, শিমলু-আলু বা মিঠা-আলুহে ভক্ষণ কৰিছিল।

অসমত কেইবাবিধৰ আলু খাদ্য হিচাপে বৰ্তমানো ব্যৱহৃত হৈ আছে যদিও প্ৰধানভাৱে ব্যৱহৃত আলুবিধ হৈছে আমাৰ আলোচ্য আলুবিধ- যাক অন্য আলুৰ পৰা পৃথকে বুজোৱাৰ বাবে বহুতে আলুগুটি বুলিও কয়। আমি অৱশ্যে ইয়াত অলু বুলিয়েই ক’ম। ইয়াক ইংৰাজীত আৰু বৈজ্ঞানিকভাৱে   Solenum tuberosum নামেৰে জনা যায়। ই এবিধ পুৰ্ণ পৰ্যায়ৰ খাদ্য, অৰ্থাৎ অন্য খাদ্যৰ সলনি কেৱল ইয়াক খায়েই মানুহ বাচি থকাটো সম্ভৱ বুলি প্ৰমাণিত হৈছে। প্ৰাপ্ত তথ্য মতে, এবাৰ যুদ্ধকালত ফ্ৰান্সৰ এণ্টনী এগষ্টিন পাৰমেণ্টি (১৭৩৭-১৮১৩) নামৰ সেনাবাহিনীৰ ঔষধ প্ৰস্তুতকাৰী এজন জাৰ্মানত যুদ্ধবন্দী হ’ব লগা হৈছিল। তেতিয়া তেওঁক জে’লত অন্য খাদ্যৰ সলনি কে’বা বছৰ ধৰি কেৱল আলুকে খাবলৈ দিয়া হৈছিল যদিও বোলে স্বাস্থ্যত কোনো বিৰুপ প্ৰভাৱ পৰা নাছিল। বৰঞ্চ আলু খাই তেওঁ সন্তুষ্টিহে পাইছিল, যাৰ বাবে তেওঁ ফ্ৰান্সতো আলু খেতি কৰি তেওঁ দেশবাসীকো খুৱাই উপকৃত কৰাৰ চিন্তা মনত জাগ্ৰত হৈছিল। সেয়ে জে’লৰ পৰা মুক্ত হোৱাৰ পিছত ফ্ৰান্সৰ ৰজা লুই উইগৰৰ অনুমতি সাপেক্ষে অন্য ঠাইৰ পৰা আলুৰ বিধান ৰপ্তানি কৰি নিজৰ দেশত আলু খেতিৰ সুচনা কৰিছিল হেনো। আলু যে এবিধ পুৰ্ণ আহাৰ তাৰ উল্লেখ আন্তৰ্জাতিক খ্যাতিসম্পন্ন আমেৰিকান পুষ্টিবিজ্ঞানী ড: বাৰ্নাৰ্ড জনছনৰ ‘Food that heal’ নামৰ গ্ৰন্থত পোৱা যায় এনেদৰে- ‘I belive that if we had to continue our selves to on food, the potato is the one on which we could live almost indefinitely, exclusive of other foods, as it is a complete food in itself. It was professor Hinhade of Denmark, a food Scientist during the last war, who proved to the world that a person could live on potatoes for a long period of time without any depretiation of body energy. Infact, he and his assistant lived three years solely on potatoes raw and cooked. He not only proved that potato to be a complete food, but he also showed how inexpensive a diet it was at a cost of approximately only six cents a day’.

আলুৰ ক্ৰমবৰ্ধিত গুৰুত্ব আৰু বিস্তৃতি লাভৰ মুলগত কাৰণ কি বুলি সুধিলে নি:সন্দেহে ক’ব পৰা হয় যে সেয়া সম্ভৱ হৈছে ইয়াৰ পুষ্টি আৰু তৃপ্তিৰ বাবেই। এই দুই কাৰণৰ লগতে অৱশ্যে অন্য কেইটামান কাৰণো জড়িত হৈ আছে বুলি ধৰিব পাৰি। সেয়া হৈছে ইয়াৰ সহজলভ্যতা, বছৰৰ সকলো সময়তে উপলব্ধ হোৱা, বিবিধ তৃপ্তিদায়ক খাদ্য প্ৰস্তুতিত একীভুত হোৱাৰ প্ৰৱণতা আৰু মাছ-মাংসৰ প্ৰতিষ্ঠাপক (Substitute) হিচাপে ব্যৱহাৰৰ উপযোগী হোৱা। এইটো সকলোৰে জ্ঞাত যে আলুৰ পৰাই বিভিন্ন প্ৰকাৰৰ মুখৰোচক উপকৰণ, যেনে- পিটিকা, ভাজি, তৰকাৰি, চিপচ আদি প্ৰস্তুতিৰ উপৰি মাছ-মাংসৰ লগত জোল বনাই তৃপ্তিদায়ক ব্যজনন তৈয়াৰ কৰাটোও অতি সহজ। মাংসৰ লগত ইয়াক ব্যৱহাৰৰ বেলিকা অতি প্ৰধান সুবিধাজনক দিশ এয়ে যে মাংসৰ পৰিমাণ কমি গ’লে বহু সময়ত আলুকে মাংসৰ প্ৰতিষ্ঠাপক হিচাপে দি কামফেৰা সমাধা কৰিব পৰা যায়। ‘এহ, কিনো ক’ব, মাংস শেষেই হৈছে, আলুকে অলপ লওক’ বুলি দিলেও অসন্তুষ্টি প্ৰকাশ কৰা মনউহ কমেই পোৱা যায়। সৰু আলুৰ ভাজি বা তেনেকৈ মচমচিয়াকৈ ভজা আলুৰ ভজা টুকুৰাকেইটা বা সিজাই উঠি পুনৰ ভাজি কৰি খোৱা আলুৰ সোৱাদৰ কথা নক’লেও হয়। মুঠতে পাকৈত ৰান্ধনীয়ে পালে আলুৰ পৰা ভিন্নস্বাদৰ দ্ৰব্য প্ৰস্তুত কৰি খাওঁতাৰ মন যে মুহিব পাৰে সেই কথা উল্লেখ নকৰিলেও হ’ব।

প্ৰণিধানযোগ্য , আলুক সম্পুৰ্ণ খাদ্যৰ অন্তৰ্ভুক্ত কৰা হোৱা হেতুকে ইয়াৰ পুষ্টিকাৰিতা গুণ থকাটো অতি স্বাভাৱিক। ঠাইভেদে অৱশ্যে ইয়াৰ পুষ্টি উপাদানৰ পৰিমাণ কিছু ভিন্ন হ’ব পাৰে। তথাপি ইয়াৰ ১০০ গ্ৰাম দ্ৰব্যত পোৱা পুষ্টি উপাদানবোৰ হৈছে- কাৰ্বহাইড্ৰেট (২২.৯ গ্ৰাম), প্ৰ’টিন (১.৬ গ্ৰাম), ফাইবাৰ (০.৪ গ্ৰাম), কেলচিয়াম (১০ গ্ৰাম), পটাছিয়াম (২৪.৭ গ্ৰাম), আইৰন (০.৭ গ্ৰাম), ফছফৰাছ (৪০ গ্ৰাম), ভিটামিন-বি১ (০.১ মি:গ্ৰাম), বি২ (০.০৩ মি:গ্ৰাম), বি৩ (১.৫ মি:গ্ৰাম) আৰু চি (১৭ মি:গ্ৰাম) । তেনেকৈ ইয়াৰ ১০০ গ্ৰামত পোৱা যায় ৭০ কেলৰি শক্তি। এনে তথ্যৰ পৰা ধৰিব পৰা যায় যে আলু বিশেষকৈ খনিজ লৱণ আৰু ভিটামিনসমৃদ্ধ খাদ্য। খনিজ লৱণৰ ক্ষেত্ৰত ই কেলচিয়াম, পটাছিয়াম, ফছফৰাছ আৰু আইৰনসমৃদ্ধ। বিশেষকৈ কেলচিয়াম, ফছফৰাছ আৰু ভিটামিন চিৰ সবল স্থিতিৰ হেতুকে বাঢ়ি অহা শিশু আৰু বৃদ্ধ লোকৰ বাবে ই অতি উপযোগী। ই ভিটামিন-চিৰ অভাৱত সংঘটিত স্কাৰ্ভি ৰোগ প্ৰতিৰোধী বুলি প্ৰমাণ পোৱা গৈছে। এই ৰোগত দাঁতৰ আলু ফুলি উঠি গুৰিৰ পৰা তেজ ওলায়, দাঁত দুৰ্বল হয় আৰু তাৰ ফলতে আহাৰ খাব নোৱাৰা হৈ সবল মানুহো দুৰ্বল হৈ পৰে। উল্লেখযোগ্য যে এটা সময়লৈ এই ৰোগে ইউৰোপৰ দেশসমুহৰ জনসাধাৰণক বাৰুকৈয়ে জুৰুলা কৰিছিল। পিছত পোহৰলৈ আহে যে সেয়া সম্ভৱ হৈছিল খাদ্যত ভিটামিন-চিৰ অভাৱৰ হেতুকেই ।গতিকে তেনে কথা গাত হোৱাৰ পিছত আলুত থকা ভিটামিন-চিৰ জৰিয়তে স্কাৰ্ভি ৰোধ কৰাৰ প্ৰয়াস চলোৱা হয় আৰু সুফল পোৱাৰ পিছৰ পৰাই ইউৰোপৰ লোকে আলু খোৱাত জোৰ দিবলৈ ধৰে বুলিও তথ্য পোৱা যায়।

আলুৰ ক্ষেত্ৰত মন কৰিব লগা অন্য এক বিষয় হৈছে- ইয়াৰ গাত পোৱা সেউজীয়া বৰণটো। বহু সময়ত আলুৰ গাত সেউজীয়া অংশ একোটা প্ৰত্যক্ষ কৰিবলৈ পোৱা যায়। এই অংশ খোৱাৰ বাবে অনুপযোগী। কাৰণ এই ৰং ছ’লানাইন (Solenine) নামৰ দ্ৰব্যৰ হেতুকে হয় বুলি কোৱা হয়। আলুৰ এনে অংশ খালে পেট ফুলা বা বমিৰ উদ্ৰেক ঘটে বুলি কোৱা হয়। সেয়েহে আলুৰ সেই অংশ কাটি আঁতৰাইহে খোৱা যুগুত। ইয়াৰ বাকলি আমি সাধাৰণতে কাটি পেলাই দিওঁ। পিছে সেইখিনি খালে অপকাৰৰ সলনি বোলে উপকাৰহে পোৱা যায়। কাৰণ তাত থাকে হেনো ৬০ শতাংশ পৰ্যন্ত পটাছিয়াম। তেনেকৈ ইয়াক কেঁচাই খালেও হেনো অপকাৰ নহয়। সেয়ে পাশ্চাত্যৰ দেশত আলু চালাডৰ ৰুপত খোৱৰ বাহিৰেও বোলে ৰস উলিয়ায়ো খোৱা হয়। গতিকে আলু খোৱাৰ সময়ত উল্লিখিত দিশসমুহলৈ মনোযোগ দিয়াটো প্ৰয়োজন নিশ্চয়।

লেখক: অৰ্পন দত্ত (জি এনআৰচি স্বাস্থ্য)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top