মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / খাৰখোৱা অসমীয়া আৰু খাৰণিৰ গুণ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাৰখোৱা অসমীয়া আৰু খাৰণিৰ গুণ:

খাৰৰ গুনাগুন লিখা হৈছে

খাৰৰ সৈতে অসমীয়াৰ সম্পৰ্ক-


অতীজৰেপৰা অসমীয়া জনজীৱনৰ সৈতে খাৰৰ এক নিবিড় সম্পৰ্ক আছে।তাহানিৰ দিনত পাকঘৰৰ আঞ্জা-পাতিৰ পৰা আৰম্ভ কৰি,গা-মূৰ ধোৱা,ঔষধ-পাতি বনোৱা,কাপোৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা আদি সকলোবোৰ ক্ষেত্ৰত ই এক ভাবিব নোৱাৰা ধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিল। আগতে মা-আইতাহঁতৰ মুখত প্ৰায়ে শুনিছিলো যে অসমীয়া সমাজত সাত বিহুৰ ভিতৰত শাতশাকীৰ লগতে তিতা,টেঙা আৰু খাৰ খোৱাটো এটা নিয়ম আছিল। ইয়াৰ দ্বাৰা সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱনৰ অধিকাৰী হ’ব পাৰি বুলি জনসমাজত বিশ্বাস আছিল। সাধাৰণতে আমাৰ অসমীয়া সমাজত উদ্ভিদজাত সামগ্ৰীৰপৰাহে এই খাৰ প্ৰস্তুত কৰা হয়।

খাৰ কেনেকে উৎপাদন কৰা হয়-

 

কলগছ আৰু অমিতা গছৰপৰাও এই খাৰ উৎপন্ন কৰিব পাৰি। অৱশ্যে কলগছেই খাৰ প্ৰস্তুত কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰে। অসমৰ উজনি নামনিৰ সকলোতে প্ৰধানকৈ ব্যৱহ্ৰত হৈ আহিছে কল গছৰ সাৰ।

কলগছৰ প্ৰধানকৈ শিপা অংশৰপৰা আৰু কলৰ বাকলিৰ পৰা তৈয়াৰ কৰা খাৰকে কলাখাৰ বুলি কওঁ। কোনো কোনো ক্ষেত্ৰত গোটেই গা-গছজোপাই ব্যৱহাৰ কৰে। কলাখাৰ সাধাৰণতে দীপাৱলীৰ পিছদিনা পেলাই দিবলগীয়া কল গছডাল মানুহে কলাখাৰ বনাই ৰ’দত শুকাবলৈ দিছিল।

কলাখাৰ ভীমকল,আঠিয়াকল,চেনিচম্পা আদি কলগছৰ পৰা উৎপাদন কৰিব পাৰি যদিও ভীমকলৰ পৰা তৈয়াৰ কৰা কলাখাৰকে সৰ্বোৎকৃষ্ট কলাখাৰ বুলি ক’ব পাৰি। ভীমকলৰ পৰা তৈয়াৰী কলাখাৰৰ ব্যৱহাৰ আৰু উপকাৰিতা অনেক।

ভীমকলৰ বহুতো ঔষধী গুণ আছে বুলি আমি বহু সময়ত বহু বিশেষজ্ঞসকলৰ পৰা জানিবলৈ পাওঁ। ইয়াৰ মুঢ়াৰপৰা পুলি হয়।একো একোটা মুঢ়াই ৫-৬টামান পুলি দিয়ে।ভীমকলৰ ফলবোৰ ডাঙৰ কিন্তু গুটিবোৰ তেনেই কম।ভীমকলত যথেষ্ট পৰিমাণে ফছফৰাছ,পটাছিয়াম,আইৰন,খনিজ পদাৰ্থৰ উপৰি বহু পৰিমাণে ভিটামিন চি নিহিত হৈ থাকে। ই শিশুৰ বাবে যথেষ্ট শক্তিবৰ্দ্ধক খাদ্য।

আঠিয়া কল আকৌ বছৰৰ সকলো সময়তে পোৱা এবিধ উৎকৃষ্ট ঔষধি গুণযুক্ত কল। আঠিয়া কল দেখিবলৈ সামান্য ওখ হোৱা দেখিবলৈ পোৱা যায়। আঠিয়া কলৰ গুটিবোৰ বহু পৰিমাণে বেছি আৰু ফলবোৰো ভীমকলতকৈ সৰু।কেঁচুৱাসকলক গোটা আহাৰ খাবলৈ দিয়াৰ আগতে আঠিয়া বা ভীমকলৰ গুটিবোৰ আঁতৰাই মিহিকৈ পিটিকি খুৱাব পাৰি। দুয়োবিধ কলে দেহৰ হ্ৰদৰোগ প্ৰতিৰোধৰ লগতে পৰিপুষ্টিৰ যোগান ধৰে আৰু ৰক্তচাপ নিয়মীয়া কৰে।আইতাসকলৰপৰা শুনা মতে,পঁইতা ভাতৰ লগত কল সানি খালে হেনো পেলু ৰোগ নহয়। এই দুয়োবিধ কল আৰু অন্য ধৰণেও খাব পাৰি-কলডিল,পচলা ৰূপে।ই ঔষধি গুণৰ কাম কৰে।

ককা-আইতাহঁতে কাতিমহীয়া ৰ’দত কলগছৰ গা-গছ,মুঢ়া বা কলগছবোৰ টুকুৰা-টুকুৰকৈ কাটি ৰ’দত শুকুৱাই গধূলি বেলা তাক জুইত পুৰিলে যি ছাই ওলায়,আৰু সেইবোৰকে মাটিৰ টেকেলিত ভৰাই থয় যাতে ই সহজে নষ্ট নহয়। খাৰ সৰাই উলিওৱা পানীক আকৌ খাৰণিত দিয়া পানী বুলিও কয়। খাৰ সৰাবলৈ বুলি নাৰিকলৰ কোৰোকা এটাৰ তলিত সৰু ফুটা এটা কৰি তাত জাবৰ বা খেৰ আদি দি ছাইখিনি থৈ তাত নিজৰ অনুমান অনুযায়ী ছাইখিনি ডুব যোৱাকৈ পানী ঢলা হয়। কোৰোকাত থকা খেৰ বা জাবৰখিনিৰ মাজেৰে নিৰ্গত হৈ থকা পানীখিনি ৰ’বলৈ আন এটা পাত্ৰ তলত থৈ দিয়া হয়। আৰু এনেদৰে পাত্ৰত ৰৈ যোৱা পানীখিনিকে খাৰ বুলি কোৱা হয়। এই খাৰ সৰোৱা বা ছেকি দিয়া সঁজুলিটোক নামনিৰ ফালে সুইতা বুলি কয়।

কলৰ বাকলিৰপৰাও খাৰ তৈয়াৰ কৰিব পাৰি। ইয়াৰ বাবে ভীমকলৰ বাকৰিবোৰ ৰ’দত শুকুৱাই পুৰি তাক পৰিষ্কাৰ কৰি পানীত অলপ সময় তিয়াই থোৱা হয়। পিছত এখন পৰিষ্কাৰ কাপোৰেৰে অথবা চেকনিৰে পৰিশোধন কৰা হয়।গ্ৰাম্য সমাজত কলৰ বাকলিৰ খাৰ খালে চৰ্দি,জ্বৰ আদি নিৰাময় হয় বুলি বিশ্বাস আছে।

কৃত্ৰিমভাৱে উৎপাদিত ‘পটাছিয়াম কাৰ্বনেট’ৰ সলনি কলাখাৰ খাদ্য সামগ্ৰী ঔষধ আদি প্ৰস্তুতৰ ক্ষেত্ৰত যদি ব্যৱহাৰ কৰা হয়,কলাখাৰৰ লগতে থলুৱা উদ্যোগ বা সামগ্ৰীসমূহেও বজাৰ দখল কৰিবলৈ সক্ষম হ’ব।

অতীজতে পুত্ৰ সন্তান কামনা কৰা দম্পতীসকলে গৰ্ভধাৰণ কৰালৈকে এক নিৰ্দিষ্ট পৰিমাণৰ খাদ্যবস্তুৰ লগতে কলাখাৰ প্ৰায়ে খাইছিল। কিন্তু পৰৱৰ্তি সময়ত গৰ্ভধাৰণৰ পিছত গৰ্ভ নষ্ট হোৱাৰ আশংকাত এইসকল মাতৃয়ে খাৰ খোৱা বন্ধ কৰিছিল।অসমীয়া মানুহে খোৱা খাৰত পটাছিয়ামৰ পৰিমাণে থাকে বাবে খাৰখোৱা অসমীয়া মানুহৰ সহজে ৰক্তচাপজনিত ৰোগ বৃদ্ধি নহয় বুলি বিভিন্ন ধৰণৰ সমীক্ষাৰপৰা জানিবলৈ পাওঁ।

অমিতা গছৰ খাৰ প্ৰস্তুতকৰণ আকৌ সুকীয়া।অমিতাৰ গা-গছ,ডাল-পাত কাটি ৰ’দত টুকুৰা-টুকুৰলৈ শুকুৱাই জুইত পৰি পেলাই খাৰ প্ৰস্তুত কৰা হয়। জালি কোমোৰাৰ ভাজি,তিয়ঁহৰ ভাজি,মাটি মাহৰ দাইল,কল পচলাৰ খাৰ আদি বিভিন্ন ব্যঞ্জন জুতি লগাই ৰান্ধি ঘৰৰ গৃহস্থী বা আলহী-অতিথিক খুওৱাটো অসমীয়া মানুহৰ তাহানিৰ অভ্যাস।

এইদৰে অসমীয়া সমাজত প্ৰাচীন কালৰেপৰা সকলো ক্ষেত্ৰতে খাৰৰ ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায়। অসমীয়া সমাজৰ আঞ্জাত এইদৰে সঘনাই ব্যৱহাৰ হোৱা খাৰৰ প্ৰয়োগৰ বাবে বিদেশীয়েই প্ৰায়েই ‘খাৰ খোৱা অসমীয়া’ বুলিও উপলুঙা কৰে।

কিন্তু এতিয়া খাৰ খোৱা অসমীয়া খাৰৰ বলতে শক্তিমন্ত, বাহুৱলী হৈ ন ন ক্ষেত্ৰত ন-চিন্তাৰে বাটকটীয়া হিচাপে নিজকে শ্বীকৃতি দিছে।

উৎস:দৈনিক অসম

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top