অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খুতৰা শাক:

খুতৰা শাকৰ বিষয়ে লিখা হৈছে

 

খুতৰা শাক আমাৰ সকলোৰে চিনাকি। এইবিধ শাক শীতকালত আপোনা-আপুনি হয়। কেৱল সাৰ-পানী দি অলপ আপডাল কৰিলে লহপহলৈ বাঢ়িব ধৰে। পূৰ্বতে কোনোবা ইংৰাজে ইয়াৰ গুৰুত্ব বুজি টাব বা পটত ইয়াৰ খেতি কৰাৰ বাবেই হয়তো ইংৰাজীত ইয়াক সাধাৰণতে বুলিছিল। এইটো অৱশ্যে ইয়াৰ ঘৰুৱা নামহে। ইংৰাজীত ইয়াৰ পোছাকী নাম হৈছে । ইয়াৰ বৈজ্ঞানিক নাম হৈছে । সংস্কৃতত ইয়াক ক্ষুত্তৰণ কোৱা হয়। ক্ষুত্তৰণ শব্দৰ অৰ্থ হৈছে ভোকৰ পৰা ৰক্ষা কৰোতা। আকালত মানুহবিলাকে তাক সিজাই খাই ভোকৰপৰা ৰক্ষা পায়, এতেকে সেই নাম(হেমকোষ)। এইবিধ শাকৰ কেইবাটাও প্ৰজাতি আমাৰ ৰাজ্যত পোৱা যায় যদিও সাধাৰনতে তিনিটা প্ৰজাতি- সাধাৰণ খুতৰা, হাতী খুতৰা আৰু মনোহৰ খুতৰাৰ ব্যৱহাৰেই ইয়াত বেছিকৈ হয়। তাৰ ভিতৰতো আকৌ প্ৰথম দুবিধৰ ব্যৱহাৰ কিছু বেছি। অৱশ্যে গাত কাঁইট থকাৰ হেতুকে হাতী খুতুৰা খোৱাত কিছু সতৰ্কতা অৱলম্বন কৰিব লগা হয়। সেয়ে প্ৰথমবিধৰ ব্যৱহাৰ আৰু চাহিদাই সৰ্বাধিক।

খুতুৰা শাকে তৃপ্তিৰ লগতে পুষ্টিও প্ৰদান কৰে। সাধাৰণ খুতুৰাৰ ১০০ গ্ৰামত থকা পুষ্টি উপাদান বিশেষৰ পৰিমাণ এনে- প্ৰ’টিন ৫.৯ গ্ৰাম, কাৰ্ব’হাইড্ৰেট ৫.৯ গ্ৰাম, স্নেহ পদাৰ্থ ৪ গ্ৰাম, আঁহ ১.২ গ্ৰাম, আইৰণ ১২.৫ মি:গ্ৰাম আৰু ভিটামিন-এ ১৪০০ আই ইউ। তুলনামুলকভাৱে অৱশ্যে পুষ্টি উপাদানৰ ক্ষেত্ৰত(শক্তিৰ বাহিৰে) সাধাৰণ খুতৰাতকৈ হাতী খুতৰা ভালেখিনি আগবঢ়া, বিশেষকৈ কেলচিয়াম আৰু ভিটামিন-এৰ ক্ষেত্ৰত বুলি উল্লেখ পোৱা গৈছে। পুষ্টিৰ দৰেই ঔষধি গুণৰ ক্ষেত্ৰতো খুতৰা যথেষ্ট সমৃদ্ধিশালী। সাধাৰণভাৱে ই ৰক্তহীনতা আৰু দৃষ্টিশক্তি দুৰ্বলতা দূৰীকৰণত সহায় কৰে। তদুপৰি, আয়ুৰ্বেদ শাস্ত্ৰৰ মতে- ই মধুৰ বিপাক, শতবীৰ্য, কফ-পিত্ত নাশক, মূত্ৰকাৰক, দাহ প্ৰশমক, হৃদৰোগ, শোথৰোগ আদিৰ প্ৰতিকাৰক। উল্লেখ্য, ঔষধি গুণৰ ক্ষেত্ৰত অৱশ্যে সাধাৰণ খুতৰাতকৈ হাতী খুতৰাৰ ক্ষমতা বেছি। প্ৰাপ্ত তথ্য মতে, হাতী খুতুৰাৰ পাত ১২০ গ্ৰাম পানীৰ লগত ৰস উলিয়াই চেকি লৈ মিচিৰি মিহলাই খালে প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা বা কমকৈ প্ৰ্স্ৰাৱ হোৱাৰ সমস্যা দূৰ হয়। তেনেকৈ, গৰ্ভপাত বা গৰ্ভনষ্ট হৈ থকা তিৰোতাই ঋতু হোৱাৰ দিনাৰপৰা ৫ দিন পুৱা ইয়াৰ শিপাৰ ৰস বা ক্কাথ খালে উক্ত দোষ দূৰ হয়। মন কৰিব লগা যে খুতৰা শাক সহজেই হোৱাৰ বাবে ই ৰাসায়নিক সাৰ তথা কীটনাশকৰপৰা প্ৰায় মুক্ত থাকে। সেয়ে ইয়াক নিশ্চিন্তে গ্ৰহণ কৰিব পৰা যায়।

লেখক:অৰ্পণ দত্ত(দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top