অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খেজুৰ :

খেজুৰৰ বিষয়ে লিখা হৈছে ।

 

খেজুৰ যাক ইংৰাজীত "ডেট প্লাম" বুলি কোৱা হয়, সাধাৰণতে শীতকালত পোৱা যায় । খেজুৰ খাবলৈ বৰ সোৱাদযুক্ত আৰু স্বাস্থ্যৰ ফালৰ পৰাও বহুত উপযোগী । খেজুৰত প্ৰটিন, কাৰ্বহাইড্ৰেট, ছডিয়াম,আয়ৰণ, কেলছিয়াম, ছডিয়াম, পটেছিয়াম, মেগনেছিয়াম আদি পোষক তত্ব পোৱা যায় । শিশু আৰু ডেকাসকলে ইয়াক বৰ আগ্ৰহেৰে খাব পাৰে । দেহত বল পাবলৈ ইয়াক গাখীৰৰ লগত মিহলাই সেৱন কৰিব পাৰি । ইয়াৰ মিঠা চাটনি বনাই খাব পাৰি আৰু মিঠাই অথবা হালোৱা তৈয়াৰ কৰোতেও ইয়াক প্ৰয়োগ কৰিব পাৰি । জানো আহক খেজুৰৰ কেইটামান স্বাস্থ্যসন্মত গুণাগুণ সম্পৰ্কে-

(১) ৰাতিপুৱা খালীপেটত খেজুৰ খালে পেটত থকা কৃমিসমূহ নষ্ট হয় ।

(২) যদি আপোনাৰ ভোক বেছি লাগে, এইক্ষেত্ৰত আন একো নলৈ কেইটামান খেজুৰ খাবলৈ লওক । আপোনাৰ শৰীৰৰ বৰ্ধিত মেদ হ্ৰাস পাব ।

(৩) যদি মূৰৰ বিষত আমনি পাইছে, তেন্তে আপুনি কেইটামান খেজুৰ পানীত কিছুসময় তিয়াই ৰাখক আৰু পাছত সেই পানীখিনি সেৱন কৰক ।

(৪) প্ৰতিদিনে খেজুৰ খোৱাটো দাতৰ বাবে লাভজনক । ই দাত সৰা ৰোগ প্ৰতিৰোধ কৰে ।

(৫) খেজুৰ একেৰাহে খাই থাকিলে আপোনাৰ হৃদয় সুস্থ হৈ থাকিব আৰু হৃদয়ৰ লগত জড়িত কোনোধৰণৰ বেমাৰ হোৱাৰ আশংকা নাথাকে ।

(৬) আপোনাৰ শৰীৰত যদি তেজ কম হৈছে, তেন্তে সদায় খেজুৰ খাবলৈ আৰম্ভ কৰক । ইয়াৰ দ্বাৰা শৰীৰত তেজ বৃদ্ধি পোৱাৰ লগতে শৰীৰটোৱে যথেষ্ট পৰিমাণৰ আইৰণো লাভ কৰিব ।

(৭) প্ৰতিদিনে চাৰি-পাঁচটাকৈ খেজুৰ খালে ৰক্তচাপ সদায় নিয়ন্ত্ৰিত হৈ থাকে ।

(৮) নিয়মিত ৰুপত খেজুৰৰ প্ৰয়োগ কৰিলে জাৰকালি কাহ-জ্বৰ হোৱাৰ ভয় নাথাকে । ইয়াৰ বাবে আপুনি নিজৰ দৈনন্দিন খাদ্যপ্ৰণালীত তিনিৰ পৰা চাৰিটা খেজুৰ অন্তৰ্ভূক্ত কৰক ।

লেখক : ৰিদিপৰঞ্জন চেতিয়া

 

3.22222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top