মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / খোৱা-বোৱাত নিমখকণৰ কথাও ভাবিব
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খোৱা-বোৱাত নিমখকণৰ কথাও ভাবিব

নিমখ নহ’লে আমি খাদ্যৰ তৃপ্তি লাভ কৰিব নোৱাৰো। কিন্তু নিমখ এনে এক দ্রব্য

 

নিমখ নহ’লে আমি খাদ্যৰ তৃপ্তি লাভ কৰিব নোৱাৰো। কিন্তু নিমখ এনে এক দ্রব্য যি বেছি খালে অপকাৰী, কম খালেও অপকাৰী। কিন্তু এইটো খাটাং যে সৰুৰ পৰা ডাঙৰলৈ বেছিভাগে বেছি নিমখ শৰীৰত যোগান ধৰা দেখা যায়। যি ধৰণৰ নিমখ বিভিন্ন খোৱা বস্তুৰ পৰা পোৱা যায়, বা ৰান্ধোতে-বাঢ়োতে দিয়া হয়, সেয়া হৈছে ছ'ডিয়াম ক্ল’ৰাইড। মাত্ৰাধিক ছ’ডিয়াম দেহৰ বিভিন্ন সমস্যাৰ উৎস। সেয়েহে নিমখকণ খোৱাৰ ক্ষেত্ৰতো ভাবিব লাগে।

শৰীৰৰ বাবে নিমখৰ গুৰুত্ব-

 

  • নিমখৰ দ্বাৰা শৰীৰৰ আয়োন্তিক বেলেন্স আৰু পানীভাগৰ ভাৰসামা ঠিকে থাকে।
  • ৰক্তচাপ নিয়ন্ত্রণ কৰে। হার্ট, লিভাৰ, কিড্‌নী, আড্রিনেল গ্লেণ্ডৰ ওপৰত নিমখৰ প্ৰভাৱ থাকে।
  • খুব কম বা খুব বেছি নিমখে বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। যেনে মূৰ ঘূৰোৱা, মাছল ক্ৰেম্প, ইলেকট্রোলাইট ডিষ্টাৰ্বেন্স যাৰ বাবে নিউৰ'ল'জিকেল সমস্যা হ’ব পাৰে।

বেছি খোৱাৰ অপকাৰ-

 

  • হাই ব্লাড প্রেছাৰ আশংকা থাকে।
  • হাইপাৰটেনছনৰ সমস্যা হয়।
  • হার্টৰ ৰোগ, ষ্ট্ৰ’কৰ সম্ভাৱনা তিনিগুণ বাঢ়ি যায়।
  • কিডনীত ছাপ বাঢ়ে আৰু “ৰেনাল ডিজিজ’ হোৱাৰ সম্ভাৱনা|
  • ব্রেইন ডেমেজৰ আশংকা থাকে।
  • বেছি নিমখ খালে মিঠা খোৱাৰ প্রৱণতা বাঢ়ে। ফলত ওবেচিটী অর্থাৎ শকত হৈ পৰা দেখা যায়।

এনেবিলাক সমস্যাৰ পৰা শিশুসকলক ৰক্ষা কৰিবলৈ অতিৰিক্ত নিমখ খুওৱাৰ ক্ষেত্ৰত প্ৰথমৰে পৰা সচেতন হোৱা উচিত।

শিশুক নিমখ খুওৱাৰ প্ৰতি সাৱধানতা-

 

  • শিশুসকলৰ টিফিনত নুডলছ, চিপছ, ৰেডীমেড ছেণ্ডুইচ, পিৎজাৰ দৰে বেছি নিমখসমৃদ্ধ খোৱাবোৰ বেছিকৈ দিয়া অনুচিত। শিশুৱে খাবৰ পৰত টেবুলত নিমখৰ পাত্ৰ নাৰাখিবা। ৰন্ধা খাদ্যত বেলেগে নিমখ মিহলাই খোৱাৰ পৰা বিৰত থাকিব।
  • শিশুৰ বাবে অনুমোদিত ৰেডীমেড আৰু কেন্‌ড ফুড, পাউৰুটী, চচ্‌, বিস্কুট আদি কিনাৰ সময়ত লেবেলত ছ'ডিয়াম বা নিমখৰ পৰিমাণ কিমান আছে চাইহে কিনা উচিত।
  • কেন্‌ড বা প্ৰচেছড ফুডত নিমখৰ মাত্রা সাধাৰণতে বেছি থাকে। গতিকে শিশুক ঘৰত তৈয়াৰী খাদ্যহে টিফিনত দিয়া উচিত। ঘৰত খাদ্য তৈয়াৰ কৰোতে নির্দিষ্ট জোখত নিমখ দিয়া হয়।
  • নিমখ কমাই ৰাখিবলৈ হ'লে ফল, শাক-পাচলি, গাজৰ, ব্ৰ’কলি, তিয়হ খোৱাত গুৰুত্ব দিব লাগে। ৰেডীমেড ইন্সটেন্ট ফুড, হেম, ছচেজ, চিপ্‌ছ, ছল্টেড বিস্কুট, চানাচুৰ আদি যিমান পাৰি ত্যাগ কৰি চলা উচিত।
  • শিশুৰ খাদ্য তৈয়াৰ কৰোতে কম নিমখ দিহে তৈয়াৰ কৰিব।
  • ৰন্ধা-বঢ়াত লো-ছল্ট ইনগ্রেডিয়েন্ট ব্যৱহাৰ কৰিব পাৰে।
  • ৰুটি, পাস্তা, ওট্‌ছ, দালিয়া, নুডলছ আদি নিমখ নোহোৱাকৈ তৈয়াৰ কৰিব পাৰি।

মনত ৰাখিবলগীয়া-

 

  • নিমখ কমাবলৈ গৈ শিশুৰ আহাৰত নিমখ একেবাৰে যাতে কমি নাযায়, তালৈ লক্ষ্য ৰাখিব লাগে। ছ'ডিয়াম-পটাছিয়ামৰ ভাৰসাম্যৰ ওপৰত গুৰুত্ব দিয়া উচিত। পটাছিয়ামৰ উৎস ফল আৰু শাক-পাচলি।
  • গৰমত ঘামৰ সৈতে শৰীৰৰ যথেষ্ট নিমখ বাহিৰ হয়। তেতিয়া শৰীৰে জোখত নিমখ পোৱা উচিত।
  • শিশুৰ খাদ্যত দৈনন্দিন নিমখৰ পৰিমাণ যেন একে থাকে। সালসলনি ঘটি নাথাকে।
  • এড্ৰিনেল গ্লেণ্ডৰ সমস্যা থাকিলে কিছুমান শিশুৰ শৰীৰে নিমখ ধৰি ৰাখিব নোৱাৰে। শৰীৰত নিমখৰ ঘাটি হ’লে বেছি নিমখ খাবলৈ বিচাৰে। এনে হ’লে চিকিৎসকৰ সৈতে পৰামর্শ কৰা উচিত।

দীপমণি হাজৰিকা, অসম বাণী।

2.82142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top