অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গাজৰ :

গাজৰৰ বিষয়ে লিখা হৈছে ।

 

গাজৰ হৈছে মুল্য (Radish) ৰ দৰে এবিধ শাকজাতীয় উদ্ভিদ। ই একবৰ্ষী উদ্ভিদ। শীতকাল ইয়াৰ কৃষিৰ বাবে উপযোগী। অৱশ্যে বহু যতনেৰে অন্য সময়তো পোৱাৰ বাবে ঠাইবিশেষে ইয়াৰ খেতি কৰা বাস্তৱত পৰিলক্ষিত হয়। ইয়াৰ গছ প্ৰায় ১-১.৫ মিটাৰ পৰ্যন্ত ওখ হয়। ইয়াৰ গা-গছৰ পৰা সৰু ঠেঙুলি ওলায়। পাত ছিৰিলা-ছিৰিলি, সৰু মুখ্যত: ইয়াৰ মুল  অংশহে খাদ্য হিচাপে গ্ৰহণ কৰা হ’লেও কিন্তু ইয়াৰ পাতো খোৱাৰ উপযোগী। ইংৰাজীত গাজৰক  Carrot  নামেৰে আৰু বৈজ্ঞানিক নাম  Daucus carota হিচাপে জনা যায়। বিশ্বৰ কিছু নিৰ্দিষ্ট ঠাইৰ দৰে আমাৰ দেশৰো কাশ্মীৰ আৰু পঞ্জাৱৰ পাৰ্বত্য এলেকা ইয়াৰ আদিভুমি আছিল বুলি তথ্য পোৱা যায়। ই এনে এবিধ খাদ্যদ্ৰব্য, যাক মানুহে নিৰ্ভয়ে, নি:সংকোচন খাব পাৰে। কিয়নো, আন কিছুমান খাদ্যৰ দৰে টেঙা, জলা , ডিঙি খজুওৱা আদি অসুবিধাজনক অনুভুতি ই প্ৰদান নকৰে। বৰ্ং কেঁচাই চোবাই খালে বেছ তৃপ্তিহে পোৱা যায়।

ইয়াক কেঁচাই গোটে গোটে, চকলিয়াই , ভাজি বা তৰকাৰীৰ ৰুপত খোৱাৰ উপৰি হালোৱা, মিঠাই আদি সুমিষ্ট খাদ্যৰ ৰুপতো খোৱা হয়। উল্লেখ্য , ইয়াৰ ৰস অতি পুষ্টিকৰ আৰু ই ৰোগ তথা বয়স নিৰ্বিশেষে খোৱাৰ উপযোগী। তদুপৰি ইয়াৰ পৰা প্ৰস্তুত কাঞ্জী এক উৎকৃষ্ট ভোকবৰ্ধক ৰুপে স্বীকৃত হৈ আহিছে। আনফালে ই ভিটামিন-এৰ উ্ৎকৃষ্ট উৎস ৰুপে সৰ্বজনবিদিত । ইয়াত থকা কেৰ’টিন নামৰ উপাদানবিধেই ইয়াক ভিটামিন-এ সমৃদ্ধ কৰি তুলিছে আৰু সেয়ে হয়তো কেৰ’টিন শব্দৰ পৰাই ইয়াৰ ইংৰাজী নাম Carrot ও আহে। ইয়াৰ গুৰি অংশত পটাছিয়ামৰ পৰিমাণ বেছিকৈ থকাৰ হেতুকে ৰংটো গাঢ় বেঙুনীয়াৰ দৰে হয় আৰু তাৰ পৰিপ্ৰেক্ষিততে অঁহীয়া এক গন্ধও পোৱা যায়।

গাজৰ এবিধ পুষ্টিদায়ক খাদ্য। ইয়াৰ ১০০ গ্ৰামত পোৱা মুখ্য পুষ্টিদায়ক উপাদানবোৰ হৈছে- প্ৰ’টিন(০.৯ গ্ৰাম), চৰ্বি (০.২ গ্ৰাম),আঁহ (১.২গ্ৰাম), কাৰ্বোহাইড্ৰেট (১০.৬ গ্ৰাম),আইৰন(২.২ মি: গ্ৰাম), কেলচিয়াম (৮০ মি: গ্ৰাম), মেগনেছিয়াম (১৪ মি: গ্ৰাম), ফছফৰাছ (৩০ মি: গ্ৰাম), ছ’ডিয়াম (৩৫.৬ মি: গ্ৰাম), পটাছিয়াম (১০৮ মি: গ্ৰাম), কপাৰ (০.১৩ মি: গ্ৰাম), ভিটামিন-এ (৩২৫০ আই ইউ, বি১ (০.০৪ মি: গ্ৰাম), বি২ (০.০২ মি: গ্ৰাম), বি৩ (০.৬ মি: গ্ৰাম), চি (৩ মি: গ্ৰাম)আৰু শক্তি ৪৭ কেলৰি  । গতিকে পুষ্টি উপাদানৰ স্থিতি নিৰীক্ষণ কৰিলেও বোধগম্য হৈ উঠে যে গাজৰ সঁচাই এবিধ পুষ্টিকাৰক খাদ্য হ’ব। বিশেষকৈ ভিটামিনৰ সমাহাৰ, লাগতিয়াল, খনিজ লৱণৰ সবল স্থিতি আৰু মধ্যমীয়া ধৰনৰ শক্তি-সামৰ্থ্যৰ হেতুকে ল’ৰা-বুঢ়া সকলোৰে বাবে ই উপযোগী আহাৰ ৰুপে বিবেচিত হৈ আহিছে। সৰ্বোপৰি, ভিটামিন-এৰ প্ৰাচুৰ্য্যই দৃষ্টিশক্তি বৃদ্ধিত এক উল্লেখনীয় ভুমিকা আগবঢ়াব পৰা গুণ থকাৰ হেতুকে শিশুৰ লগতে বৃদ্ধৰ বাবেও অতি প্ৰয়োজনীয় খাদ্য ৰুপে ই পৰিগণিত হৈ আহিছে। লক্ষণীয় যে উল্লিখিত ভিটামিনসমুহৰ উপৰি গাজৰত সামান্য পৰিমাণে ভিটামিন-ডি, ই, বায়’টিন আৰু ফলিক এচিডো থাকে বুলি উল্লেখ পোৱা যায়।

গাজৰ এবিধ উত্তম খাদ্য হোৱাৰ উপৰি ই ভালেমান ৰোগৰ পথ্যৰ ভুমিকা পালন কৰাৰো তথ্য পোৱা যায়। দৃষ্টিশক্তি বৃদ্ধিৰ লগতে শৌচ-প্ৰস্ৰাৱ খোলোচা কৰা, ফিষ্টুলা আৰু গ্ৰহণী নাশৰ ক্ষেত্ৰতো ই ফলদায়ক ভুমিকা গ্ৰহণ কৰে। এফালে ই কম কেলৰিসমৃদ্ধ আৰু আনফালে টক’কিনিক নামৰ ইনছুলিন উৎপাদনকাৰী এবিধ হৰম’নো সৃষ্টিকাৰী হোৱাৰ হেতুকে মধুমেহ ৰোগত ভোগা লোকৰ বাবে গাজৰ উপকাৰী বুলি কোৱা হৈছে। অসমৰ ভেষক শাস্ত্ৰী বৈকুণ্ঠ নাথ দেৱশৰ্মাৰ মতে কেঁচুমুৰীয়াত ইয়াৰ ৰস এপোৱা ছাগলী অথবা গৰু গাখীৰৰ দৈৰ লগত দিনে দুবাৰকৈ খালে আৰু তিৰোতাৰ ৰক্তস্ৰাৱৰ সময়ত ইয়াৰ ৰস ১২০ গ্ৰামকৈ দিনে ৩-৪ বাৰ খালে উভয় ৰোগৰে উপশম হয়। ইয়াৰ যে ৰোগ প্ৰতিৰোধী ক্ষমতা যথেষ্ট বেছি থাকে সেই সন্দৰ্ভত মনোৰম বৰ্ণনা পোৱা যায় চিকিৎসক Dr. D.R. Gala, Dr. S Gala  আৰু Dr. D Gala প্ৰণীত Juice diet for perfect health শীৰ্ষক গ্ৰন্থত। তাত হিষ্টিৰিয়াত ভোগা এটি শিশু আৰু লিউকেমিয়াৰ কৱলত পৰি মৃত্যুমুখী শিশুক গাজৰৰ ৰস খুৱাই কেনেকৈ আৰোগ্য কৰা হৈছিল তাৰ সৰস বৰ্ণনা পোৱা যায়। ইয়াৰ প্ৰথমটো ৰোগত পৰা শিশু এটিৰ কাহিনী সন্নিৱিষ্ট হৈছে। জন্মৰ সময়ত সম্পুৰ্ণ সুস্থ থকা শিশু এটিয়ে ১৪ মাহ বয়সত হিষ্টিৰিয়া ৰোগত আক্ৰান্ত হোৱাৰ কথা কোৱা হৈছে। প্ৰথমে শিশুটি ৰোগৰ বাবে ৮ ঘণ্টা ধৰি অচেতন অৱস্থাত থকাৰ হেতুকে হাস্পতালত ভৰ্তি কৰাই চিকিৎসকে তাৰ কৰঙনত বেজীৰে ঔষধ প্ৰয়োগৰ ব্যৱস্থা কৰিছিল। তাৰ ফলত হিষ্টিৰিয়া ৰোগ কিছু ভাল হোৱা দেখা গৈছিল যদিও কিন্তু তিনি দিনলৈ শিশুটি অচেতন হৈয়ে পৰি ৰৈছিল। লাহে লাহে ৰোগী কিছু আৰোগ্যৰ পথত আগবঢ়া যেন লগা দেখাত চিকিৎসকে তাক ঘৰলৈ নিয়াৰ  উপদেশ দিয়ে আৰু লগতে তাক পুষ্টিকাৰক খাদ্য খুৱাবলৈও উপদেশ দিয়ে। কিন্তু কি আচৰিত, তাৰ দুদিনৰ পিছত পুনৰ পুৰ্বৰ অৱস্থাপ্ৰাপ্ত হৈ অতি সংকট ৰুপ ধাৰণ কৰে। তাৰ তেনে অৱস্থাই মাক-বাপেককো হতবাক কৰি তোলে আৰু নিৰুপায়ত পৰি ১২৭ জন চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছিল। কিন্তু একো ফল নধৰিল। ৰোগীৰ ৰোগৰ প্ৰকৃত কাৰণেই নিৰ্ণীত নহ’ল। কেৱল অৱস্থাৰ সামান্য উন্নতি ঘটিল। তাৰ দুবছৰ বয়সত এজন চিকিৎসকে ব্যক্ত কৰিলে যে শিশুটো আন্ত্ৰিক প্ৰদাহত আক্ৰান্ত হৈছে। সেই সময়ত সি অসহ্যকৰ পেটৰ বিষত ছটফটাব ধৰে, খাদ্য খোৱাৰ মন নকৰে, জোৰেৰে খোৱা খাদ্য হজম নহয় আৰু তাতকৈ ডাঙৰ কথা, তাৰ পায়খানাত শাওঁ আৰু তেজ পৰাও আৰম্ভ হয়। দুখৰ বিষয়, সেই সময়ত চিকিৎসকে অক্ষমতা প্ৰদৰ্শনেৰে হাত দাঙিব ধৰে। তেনে হোৱা দেখি তাৰ মাক-দেউতাক অতি বিমোৰত পৰে। তেতিয়া তেওঁলোকৰ কোনোবা হিতাকাংক্ষী এজনে প্ৰাকৃতিক চিকিৎসকৰ কাষ চপাব পৰামৰ্শ আগবঢ়ালে। আৰু মাক-দেউতাকেও সেই অনুসাৰে দুজন প্ৰাকৃতিক চিকিৎসকৰ দ্বাৰা ল’ৰাটিৰ চিকিৎসা কৰোৱাব ধৰে। আশ্চৰ্যকৰ বিষয়, চিকিৎসকদ্বয়ে চিকিৎসাৰ নামত অন্য খাদ্যৰ উপৰি প্ৰধানকৈ গাজৰৰ ৰস খুওৱাৰ ব্যৱস্থা কৰিলে। ফলশ্ৰুতিত লাহে লাহে ৰোগে বিদায় ল’বলৈ ধৰিলে আৰু গাজৰৰ কৃপাত এদিন ল’ৰাটি সম্পুৰ্ণভাৱে ৰোগমুক্ত হৈ উঠিল। তেতিয়া  কেৱল পুৰ্বৰ ৰোগ দুৰ হোৱাই নহয়, তাৰ ২২ বছৰ বয়সত দেউতাকে গৰ্বেৰে ক’ব পৰা হ’ল-‘আগৰ বেমাৰৰ কথাতো বাদেই, তাইৰ এতিয়া জ্বৰ-কাহ আদিও নোহোৱা হৈ পৰিল।

উক্ত গ্ৰন্থৰ দ্বিতীয়টো ঘটনাৰ বিৱৰণীত প্ৰকাশ পাইছে আমেৰিকাৰ এটি নৱদম্পতীয়ে জন্ম দিয়া প্ৰথমটো সন্তান লিউকমিয়া (এবিধ কেন্সাৰ) ৰ কবলত পৰি তেতিয়াৰ (১৯৫১ চনৰ) প্ৰচলিত চিকিৎসাক অকামিলা কৰি মাত্ৰ তিনি মাহ বয়সতে মৃত্যুত পতিত হোৱাৰ কথা। কিন্তু কি আশ্চৰ্যকৰ বিষয়, সেই দম্পতীটোৰ ১৯৫৩ চনত পুনৰ জন্ম হোৱা দ্বিতীয়টো সন্তান জন্মতে লিউকমিয়াৰ বলি হৈ জন্ম পায়। এইবাৰ তেওঁলোকে মেডিকেলৰ চিকিৎসাৰ সলনি কোনো লোকৰ উপদেশ মানি এজন প্ৰাকৃতিক চিকিৎসকৰ ওচৰ চাপিল। সেই চিকিৎসকজনে কেঁচুৱাটিক কি ঔষধ খুৱাব? খুৱালে বোলে কেৱল গাজৰৰ ৰসহে। সুখৰ বিষয়, সকলোকে চমক খুৱাই এবছৰৰ ভিতৰতে সি ৰোগমুক্ত হৈ উঠিল।

গ্ৰন্থখনিত এনেধৰনৰ কাণ্ডৰ উপৰি উল্লেখ পোৱা যায় সেই দম্পতীৰ ১৯৫৬ চনত জন্ম পোৱা তৃতীয়টি সন্তানৰ (কন্যা) কথা। তাত কোৱা হৈছে যে সেই সন্তানটিৰ ৰক্তত কোনো কেন্সাৰ কোষ পোৱা নগ’ল আৰু পিছৰ বয়সতো তাই কেন্সাৰমুক্ত হৈ থকাটো সম্ভৱ হৈ উঠিল। তাৰ একমাত্ৰ কাৰণ বোলে এয়ে আছিল যে সন্তানটি জন্মৰ পুৰ্বতে তাইৰ মাকে পৰ্যাপ্ত পৰিমাণে গাজৰ খাইছিল। কোৱা বাহুল্য যে কেন্সাৰ প্ৰতিৰোধী ক্ষমতাৰ ক্ষেত্ৰত গাজৰত থকা কেৰটিন আৰু ভিটামিন-ইৰ অৱদান অপৰিসীম বুলি লেখকত্ৰয়ে উল্লিখিত গ্ৰন্থখনত মন্তব্য প্ৰকাশ কৰিছে। সম্প্ৰতি অৱশ্যে গাজৰ এণ্টি-অক্সিডেণ্ট গুণসম্পন্ন বুলিও পোহৰলৈ আহিছে। এতেকে এনেধৰণৰ ঔষধি গুণৰ গুৰুত্ব অনুধাৱন কৰি আমি গাজৰক এক দৰকাৰী খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰি খোৱাত জোৰ দিয়াটো নিশ্চয় উচিত হ’ব।

লেখক: অৰ্পণ দত্ত (জি এনআৰচি স্বাস্থ্য)

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top