অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গাজৰৰ গুণ

গাজৰৰ গুণৰ বিষয়ে লিখা হৈছে-

 

গাজৰ হৈছে মুলাৰ দৰে এবিধ শাক জাতীয় একবৰ্ষী উদ্ভিদ

 

এইবিধ উদ্ভিদ প্ৰধানকৈ শীত প্ৰধান হ’লেও আধুনিক প্ৰযুক্তি প্ৰয়োগেৰে ইয়াক বছৰ সকলো সময়তে পোৱাৰ উপযোগী কৰিব পৰা হৈছে। কুমলীয়া অৱস্থাত ইয়াৰ গছ আৰু মুলীয় অংশ খোৱাৰ বাবে বেছ উপযোগী।

গাজৰ এবিধ অতি গুৰুত্বপুৰ্ৰ্ণ খাদ্য দ্ৰব্য। ইয়াক কেঁচাই, সিজাই অথবা ভাজি-তৰকাৰিৰ ৰুপতো খাব পাৰি। ই প্ৰধানকৈ কেৰ’টিন (Carotene) নামৰ ভিটামিন ‘এ’ সমৃদ্ধ। ইয়াৰ ৰস অতি পুষ্টিকৰ আৰু ইয়াক ৰোগ-বয়স নিৰ্বিশেষে খোৱাৰ উপযোগী। তদুপৰি, ইয়াৰপৰা প্ৰস্তুত কৰা পানীয় ‘কাঞ্জি’ এক উৎকৃষ্ট ভোকবৰ্দ্ধক ৰুপে স্বীকৃত হৈ আহিছে। সামগ্ৰিকভাৱে গাজৰক এবিধ অতি পুষ্টিকৰ আহাৰ হিচাপে অভিহিত কৰা হয়। ইয়াৰ এশ গ্ৰাম দ্ৰব্যত ৩১৫০ আই ইউ পৰ্যন্ত ভিটামিন ‘এ’ পোৱা যায়। ভিটামিন ‘এ’ ৰ উপৰি ইয়াৰ মুখ্য উপাদানসমুহ হৈছে- প্ৰ’টিন (০.৯ গ্ৰাম), চৰ্বি (০.২ গ্ৰাম),আঁহ(১.২ গ্ৰাম), কাৰ্বহাইড্ৰেট (১০.৬ গ্ৰাম), কেলচিয়াম (৮০ মি:গ্ৰাম), মেগনেছিয়াম (১৪ মি:গ্ৰাম), ফছফৰাছ (৩০ মি:গ্ৰাম), আইৰণ (২.২ মি:গ্ৰাম), ছ’ডিয়াম (৩৫.৬ মি:গ্ৰাম), পটাছিয়াম (১০৮ মি: গ্ৰাম), কপাৰ (০.১৩ মি: গ্ৰাম), ছালফাৰ (২৭ মি: গ্ৰাম), অকজালিক এচিড (৫ মি: গ্ৰাম) থকাৰ লগতে ভিটামিন ‘বি১(০.০০৪ মি: গ্ৰাম), বি২(০.০২ মি: গ্ৰাম), বি৩(০.৬ মি: গ্ৰাম) আৰু চি (৩ মি:গ্ৰাম) থাকে। উল্লিখিত ভিটামিনৰ উপৰি ইয়াত ভিটামিন ডি, ই, বায়’টিন আৰু ফলিক এচিডো কম পৰিমাণে পোৱা যায়। ইয়াৰ গুৰি অংশত বোলে পটাছিয়াম বেছিকৈ থকাৰ হেতুকে গাজৰৰ বঁহীয়া গোন্ধটো পোৱা যায়। উল্লেখ্য, ইমানবিলাক উপাদানেৰে ই সমৃদ্ধ হোৱা হেতুকে ইয়াৰ ব্যৱহাৰযোগিতা বহু বেছি বুলি কোৱা হয়। বিশেষকৈ দৃষ্টিশক্তি অটুট ৰখা, দেহক তজবজীয়া ৰখা আৰু ছ’ডিয়াম পটাছিয়ামৰ পৰিমাণ কম থকাৰ সময়ত দেহৰ বাবে অতি উপযোগী বুলি উল্লেখ পোৱা যায়।

অন্য গুণৰ উপৰি গাজৰৰ দুটি বিশেষ গুণ থকাৰ তথ্য পোৱা হৈছে-

 

ই এণ্টি-অক্সিডেণ্ট গুণসম্পন্ন হোৱাৰ লগতে কেন্সাৰ প্ৰতিৰোধী ক্ষমতাৰো অধিকাৰী। এণ্টি-অক্সিডেণ্ট থকা হেতুকে ইয়াৰ ৰোগ প্ৰতিৰোধী ক্ষমতা থকাটো অতি স্বাভাৱিক। ইয়াৰ কেন্সাৰ প্ৰতিৰোধী ক্ষমতা থকাৰ বিষয়ে প্ৰমাণ সহকাৰে বৰ্ণনা দাঙি ধৰা হৈছে এখন গ্ৰন্থত। সেই গ্ৰন্থখনি প্ৰণয়ন কৰিছে তিনিজন লেখকে-Dr. D R Gala, Dr. S Gala আৰু Dr. D Gala ই। নাম হৈছে- Juice diet for perfect health।

প্ৰসংগক্ৰমে উল্লেখনীয়, আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিকিৎসক ডা: বাৰ্ণাড জনছনৰদ্বাৰা প্ৰণীত ‘Foods that heal’ গ্ৰন্থতো গাজৰ সন্দৰ্ভত বহু উপকাৰী তথ্য সম্বলিত হৈছে। সেয়েহে এনে দিশসমুহে আমাক দেখুৱাই দিয়ে যে গাজৰ অতি দৰকাৰী খাদ্য দ্ৰব্য আৰু আমি ইয়াক খোৱাত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়।

লেখক: অৰ্পণ দত্ত (দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top