মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / গুড় খোৱাৰ উপকাৰিতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গুড় খোৱাৰ উপকাৰিতা :

গুড় খোৱাৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

আজিৰ পৰা প্ৰায় দুই দশক আগলৈকে প্ৰায় প্ৰতিঘৰ মানুহে গুড় এক ঘৰুৱা অপৰিহাৰ্য সামগ্ৰীৰূপে ব্যৱহাৰ কৰিছিল আৰু দৈনন্দিন খাদ্য তালিকাত গুড় ব্যৱহাৰ কৰিছিল। সেই সময়ত অসমত যথেষ্ট পৰিমাণে গুড় উৎপাদন হৈছিল আৰু সকলো ঠাইতে গুড় পোৱা গৈছিল।

কিন্তু সময় বাগৰাৰ লগে লগে গুড়ৰ প্ৰচলন কমি আহিল আৰু তাৰ ফলত গুড়ৰ চাহিদাও কমি আহিল। ফলস্বৰূপে পিছলৈ লাহে লাহে গুড়ৰ উৎপাদনো হ্ৰাস পাই আহিল।

এতিয়া অসমৰ ৰাইজে তেনেই কম পৰিমাণতহে গুড় ব্যৱহাৰ কৰে আৰু সেই গুড়ো আহে অসমৰ বাহিৰৰ ৰাজ্য- বিহাৰ, উত্তৰ প্ৰদেশ আদিৰ পৰা। অসমত সীমিত মাত্ৰাত ঠায়ে ঠায়ে গুড় উৎপাদন হয় যদিও তেনে গুড়ৰ গুণগত মান আৰু ৰং আদিয়ে গ্ৰাহকক আকৰ্ষিত কৰাত ব্যৰ্থ হোৱা দেখা গৈছে।

ইয়াৰ কাৰণ যিয়েই নহওক লাগে, এতিয়া অসমীয়া মানুহৰ ৰুচিৰ পৰিৱৰ্তন হৈছে আৰু গুড় খোৱাৰ অভ্যাসো নাইকিয়া হৈছে।

পিছে, গুড়ৰ পুষ্টি আৰু ঔষধীয় গুণ তথা সোৱাদ আন কোনো ধৰণৰ মিঠা দ্ৰব্যৰ তুলনা নহয়। দেখাত আকৰ্ষণীয় নহ’লেও গুড়ৰ খাদ্যগুণৰ বিষয়ে দুটিমান কথা এই ছুটি লেখাটিৰ যোগেদি, আপোনালোকক জনাব খুজিছো।

তুলনামূলকভাৱে কম মূল্যৰ এইবিধ দ্ৰব্যৰ উপকাৰী গুণবোৰ আন কোনো খাদ্যদ্ৰব্যৰ লগত তুলনা নহয়।

নিয়মীয়াকৈ গুড় খাই থাকিলে আমাৰ শৰীৰৰ বহুত উপকাৰ হয়। নিয়মীয়াকৈ গুড় খাই থকা লোকৰ পাচনতন্ত্ৰ শক্তিশালী হয়।

পুৱা চাহ-জলপানৰ লগত গুড় খাই থাকিলে -

*কোষ্ঠবদ্ধতা,

*গেছ আৰু

*এচিডিটি আদি সমস্যা নহয়।

সেয়ে চেনি বা আন কৃত্ৰিম মিঠা দ্ৰব্যৰ সলনি পৰাপক্ষত গুড় খাওক।

*যিসকল লোক নিজৰ শৰীৰৰ কম ওজনৰ কাৰণে চিন্তিত, তেনে লোকে দৈনিক গাখীৰৰ লগত গুড় মিহলাই খাই থাকিলে শৰীৰৰ সকলো ধৰণৰ দুৰ্বলতা দূৰ হ’ব আৰু খুব সোনকালে স্বাস্থ্যৱান আৰু বলবান হৈ উঠিব।

*প্ৰতিদিনে গুড় সেৱন কৰি থকা ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ উঠে আৰু ভৱিষ্যতে বহুতো ৰোগৰ পৰা বাচি থাকিব পাৰে।

অৱশ্যে যিসকল ব্যক্তি মধুমেহ বা ডায়েবেটিছত ভুগি আছে, তেওঁলোকে কেৱল চেনিয়েই নহয়, বহু উপকাৰী গুড়ো বৰ্জন কৰিব লাগে।

এসপ্তাহ ধৰি একেৰাহে গুড় আৰু বুট খাওক -

গুড় আৰু বুট- দুয়োবিধ দ্ৰব্যই আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী। গুড় আৰু বুট দুয়োটাই দুবিধ বেলেগ বেলেগ দ্ৰব্য হ’লেও দুয়োবিধকে একেলগে মিহলাই খাব পাৰিলে বেছি উপকাৰ পাব পাৰি।

বিশেষভাৱে পুৰুষসকলৰ কাৰণে এই দুবিধ দ্ৰব্যৰ মিশ্ৰণ অতি উপকাৰী বুলি প্ৰমাণিত হৈছে। বুট আৰু গুড়ত থকা পুষ্টি উপাদানে শৰীৰত অভাৱ থকা বহুতো পুষ্টি উপাদানৰ যোগান ধৰে আৰু শৰীৰলৈ পৰ্যাপ্ত শক্তি যোগায়।

লগতে শৰীৰটোক ভালেকেইবিধ দুৰ্বলতাজনিত ৰোগৰ পৰা মুক্ত কৰি ৰাখে।

মাংসপেশীক শক্তি দিয়ে -

বুট আৰু গুড় দুয়োবিধ খাদ্যই শৰীৰৰ মাংসপেশীৰ গঠনত প্ৰভূত সহায় কৰে। কাৰণ বুটত যথেষ্ট পৰিমাণে প্ৰোটিন থাকে আৰু এই প্ৰোটিনে মাংসপেশীৰ গঠনত বিশেষ ভূমিকা পালন কৰে।

তেজৰ অভাৱ পূৰণ কৰে:

তেজত হিমোগ্ল’বিনৰ অভাৱ হ’লে এনিমিয়া বা ৰক্তাল্পতাই দেখা দিয়ে। শৰীৰত লৌহ খনিজৰ অভাৱৰ কাৰণেই এই সমস্যা হয়।

হিমোগ্ল’বিনৰ পৰিমাণ কম হ’লে ব্যক্তিজনে অলপতে ভাগৰ অনুভৱ কৰিব আৰু শাৰীৰিক দুৰ্বলতাও বাঢ়িব।

এনে দুৰ্বলতা নাইকিয়া কৰি শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰিবৰ গুড় আৰু তিওৱা বুট একেলগে পুৱাৰ ভাগতে খাব লাগে।

মেদবহুলতা কম কৰে -

পুৱাৰ ভাগতে তিওৱা বুটৰ লগত গুড় সেৱন কৰিলে দিনটোৰ কাৰণে শৰীৰৰ বিপাকক্ৰিয়া সক্ৰিয় হৈ উঠে আৰু তাৰ ফলত শৰীৰত জমা হোৱা চৰ্বিৰ পৰিমাণ হ্ৰাস পায় আৰু মেদবহুলতা কমি আহে।

কোষ্ঠকাঠিন্য দূৰ হয়:

গুড় আৰু বুট দুয়োবিধ খাদ্যতে পৰ্যাপ্ত পৰিমাণে খাদ্য আঁহ থাকে। সেয়ে পাচনতন্ত্ৰ বেছি সক্ৰিয় হয় আৰু পাচক্ৰিয়া দ্ৰুততৰ হয়। ফলত কোষ্ঠবদ্ধতা নিৰাময় হয় আৰু পেট সদায় পৰিষ্কাৰ হয়।

হাড় শক্তিশালী হৈ উঠে:

বুট আৰু গুড় খাই থাকিলে শৰীৰে পৰ্যাপ্ত পৰিমাণে কেলচিয়াম লাভ কৰে। ফলত হাড় শক্তিশালী হয়।

ডিপ্ৰেছনৰ পৰা বাছি থাকে -

গুড় আৰু বুটত যথেষ্ট পৰিমাণে এমিনো এচিড, ট্ৰিপ্টোফেন আৰু চেৰোটনিন থাকে। সেই উপাদানবিলাক শৰীৰে একেলগে পাই থকাৰ কাৰণে মানসিক উদ্বেক কমি থাকে আৰু মানসিক অৱসাদো হ্ৰাস পায়।

ফলত ডিপ্ৰেচন বা হতাশগ্ৰস্ততাৰ পৰা হাতসাৰি থাকিব পৰা যায়।

চেহেৰা উজ্জ্বল হয়:

গুড়ত যথেষ্ট পৰিমাণে জিংক থাকে। সেয়ে মুখমণ্ডলৰ ৰং উজ্জ্বল হয় আৰু মুখৰ কমনীয়তা বৃদ্ধি হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top