মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / গ্ৰীষ্মকালৰ সহজ পাচ্য আহাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰীষ্মকালৰ সহজ পাচ্য আহাৰ

গ্ৰীষ্মকালৰ সহজ পাচ্য আহাৰ

গৰম পৰাৰ লগে লগে অশান্তিদায়ক হৈ পৰে মানুহৰ জীৱন| বিশেষকৈ খোৱাৰ ক্ষেত্ৰত অনীহা আহে| হাইপোথেলামাছ গ্ৰন্থিৰ বাবে গৰমত হাইড্ৰ’ক্লৰিক এচিড বাঢ়ি যায় যাৰ বাবে এচিডিটিৰ ভাৱ এটা সকলো সময়তে থাকে| ইয়ে খাদ্য হজম হোৱাত ব্যাঘাত জন্মায়| গৰমৰ কালত ঘাম হৈ শৰীৰৰ পৰা পানী তথা নিমখ বাহিৰ হয়| সেয়ে গৰমকালি প্ৰচুৰ পৰিমাণে পানী খোৱা প্ৰয়োজন| প্ৰতিদিনে পৰিস্কাৰ পানী অন্তত: ১০-১২ গিলাচ খাব লাগে| বাহিৰলৈ গ’লেও লগত এটা পানীৰ বটল নিবলৈ পাহৰিব নালাগে| ইয়াৰ উপৰি সামান্য চেনি-নিমখ মিহলোৱা নেমু পানী শৰীৰৰ বাবে অত্যন্ত উপকাৰী| গ্লুক’জ পানীও খাব পাৰে| বাৰ্লিৰ পানী, নিমখ, চেনী তথা নেমুৰ পানী মিহলোৱা মিশ্ৰণ সুস্বাদু হোৱাৰ লগতে শৰীৰৰ বাবেও অতি উপকাৰী| গৰমকালি খাদ্য তালিকাত সতেজ ফলমুল ৰখাটো অত্যন্ত জৰুৰী| কাৰণ সতেজ ফলমুলত পৰিপুষ্টি মুল্য যথেষ্ট থাকে| মিচিৰিৰ চৰবতো অত্যন্ত উপযোগী শৰীৰৰ বাবে| ই কাৰ্বহাইড্ৰেটজাতীয় খাদ্যৰ অন্তৰ্গত| গৰমকালি প্ৰ’টিনতকৈ কাৰ্বহাইড্ৰেটজাতীয় খাদ্য শৰীৰৰ বাবে অধিক লাগতিয়াল| ইয়াৰ উপৰি ডাবৰ পানী, ফলৰ ৰস, পদিনাৰ চৰবত ইত্যাদিত ভিটামিন চি যথেষ্ট পৰিমাণে থাকে বাবে শৰীৰটো সতেজ হৈ থাকে| গ্ৰীষ্মৰ এই সময়ছোৱাত কেঁচা মাছ-মাংস তিনি চাৰিদিনলৈ ফ্ৰিজত ৰাখি থ’ব নালাগে| ডিপ ফ্ৰিজত ওপৰত মাংস ৰাখি তলতহে মাছ ৰখা ভাল| প্ৰত্যেকটো বস্তু বেলেগে বেলেগে সৰু সৰু বক্স বা প্লাষ্টিকৰ পেকেটত থৈ ফ্ৰিজত ৰাখিব লাগে| এই সময়ছোৱাত নিৰামিষ আহাৰহে খোৱা ভাল| ৰান্ধি থোৱা খাদ্য বাহি কৰি কেতিয়াও ফ্ৰিজত থৈ খাব নালাগে গ্ৰীষ্মৰ সময়ছোৱাত| ই পেটৰ বাবে ভীষণ ক্ষতিকাৰক| গৰমত কেতিয়াও বাহিৰত অৰ্থাৎ ৰেষ্টুৰেণ্ট, ফাষ্টফুড চেণ্টাৰ আদিত খাব নালাগে| কিয়নো ১০-১৫ দিনলৈ ৰাখি থোৱা মাংসৰেও খাদ্য প্ৰস্তুত কৰে, যি আমাৰ শৰীৰৰ বাবে অত্যন্ত হানিকাৰক| গৰমত আইচক্ৰীম বা কোলড ড্ৰিংকছেৰে বজাৰ ভৰি পৰে| আইচক্ৰীমত কিছু পৰিমাণে পুষ্টিগুণ থাকে মিল্কফেটৰ কাৰণে| আইচক্ৰীম খালে চৰ্দি বা মাত বহি যোৱাৰ সম্ভাৱনা কম থাকে| সপ্তাহত দুই-তিনিদিনৰ বেছি আইচক্ৰীম খাব নালাগে| কিন্তু কোলড ড্ৰিংকছত একেবাৰে নাই| কাৰণ এই ঠাণ্ডা পানীয় বিলাকত কাৰ্বন-ডই-অক্সাইড, পানী, চেনী তথা কৃত্ৰিম ফ্লেভাৰ আৰু ৰং মিহলোৱা থাকে| বৰ্ং কেলৰী অযথা বাঢ়ি যায়| আজিকালি বজাৰত পোৱা পেকেট জুচবিলাকো একেই শাৰীতে পৰে| সেয়েহে বতৰৰ ফল-তৰমুজ, আম, কঠাঁল, আঙুৰ, লেচু, জাম আদি খাব লাগে| ইয়াৰ পৰা ভিটামিন যথেষ্ট পৰিমাণে পোৱা যায়| বতৰৰ ফল খালে কোষ্ঠকাঠিন্য দূৰ হয়| ইয়াৰ উপৰি ঘৰতে তৈয়াৰ কৰা মেংগো চেক খালে সঁচা অৰ্থত শৰীৰে ভিটামিন পায়| সকলো ঋতুতেই পুৰুষৰ ২২০০ কেলৰী, মহিলাৰ ১৮৭৫ কেলৰীৰ প্ৰয়োজন| পুৱাৰ সময়ত চাহৰ নিচা থকা মানুহে প্ৰতিদিনে দুটা মেৰী বিস্কুটৰ লগত একাপ চাহ খাব লাগে| দুপৰীয়াৰ আহাৰত ভাত বা ৰুটী, দাইল অথবা পাতলকৈ প্ৰস্তুত কৰা মাছৰ জোল, সতেজ শাক-পাচলি, লগত দৈ থকাটো জৰুৰী| আনহাতে বাঢ়ি অহা ল’ৰা-ছোৱালীক প্ৰতিদিনে এটা সিজোৱা কণী দিয়াটো প্ৰয়োজন| মুঠতে কাৰ্বহাইড্ৰেটজাতীয় খাদ্য খাব লাগে| যিহেতু ই সহজে হজম হয়| এই সময়ছোৱাত তেল-মচলাজাতীয় খাদ্যৰ পৰা দূৰত থাকিব লাগে|

নয়নজ্যোতি কাশ্যপ

2.96875
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top