মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / গ্ৰীষ্মৰ মহৌষধ দৈ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰীষ্মৰ মহৌষধ দৈ

গ্ৰীষ্মৰ মহৌষধ দৈ ৰ বিষয়ে লিখা হৈছে ।

 

গৰমৰ দিনবোৰ পালেহি । শৰীৰ সুস্থ মানেই জীৱন সুস্থ । আহাৰৰ তালিকাখনৰো শীতৰ সাজ সামৰাৰ দৰে সলনি কৰাৰ সময় । শৰীৰত এতিয়া প্ৰচুৰ পানীৰ প্ৰয়োজন হ’ব । ডাবৰ পানীত কেইটোপালমান মৌ মিহলাই খাই চাবচোন? স্বাদৰ লগতে শক্তিও পাব । তেনে এক গ্ৰীষ্মৰ খাদ্য- দৈ । গৰমৰ দিনত দৈ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী । অৱশ্যে দৈ সকলো সময়ৰ সকলো ঋতুৰ বাবেই উপযুক্ত । বিভিন্ন খাদ্যসম্ভাৰ- বিৰিয়ানী, পোলাও ইত্যাদিতো দৈৰ ব্যৱহাৰ হয় । তথাপি দৈ নিজে ঘৰত প্ৰস্তুত কৰি দৈনিক গ্ৰহণ কৰি থকাৰ এক অভ্যাস গঢ়ি তোলাৰ চেষ্টা কৰো আহক ।

প্ৰস্তুত প্ৰণালী :-

গাখীৰ উতলাই চেঁচা হ’বলৈ দিয়ক । চেঁচা হোৱাৰ পাছত পূৰ্বৰ দৈ দুচামুচমান নতুবা নেমুৰস অলপ দিয়ক । পাত্ৰটি আইনা অথবা চীনামাটি অথবা মাটিৰ হোৱাটো নিতান্তই প্ৰয়োজন । কাঁহৰ পাত্ৰত দৈ নেপাতিব । কিছুঘণ্টা হোৱাৰ পাছত দৈ প্ৰস্তুত হৈ পৰে ।

দৈত থকা Lactobacillus, য’ত লেক্টিক এচিডৰ বেক্টেৰিয়া থাকে, সেই বেক্টেৰিয়াই গাখীৰক দৈলৈ পৰিৱৰ্তিত কৰে ।

দৈত থকা উপাদানসমূহ –

১০০ গ্ৰাম দৈত- কেলৰি -১১ গ্ৰাম, প্ৰ’টিন-১৩ গ্ৰাম, চৰ্বি-৫ গ্ৰাম, (শৰ্কৰা) , কাৰ্ব’হাইড্ৰেট- ৩ গ্ৰাম, ভিটামিন- এ, ই, লো, মেগনেছিয়াম, পটাছিয়াম ইত্যাদি ।

দৈৰ উপকাৰিতা -

১) হজমৰ বাবে ভাল ।

২) মছলাযুক্ত আহাৰৰ পাছত পেটক আৰাম দিয়ে ।

৩) শৰীৰৰ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে ।

৪) দৈত থকা পটাছিয়াম আৰু মেগনেছিয়াম ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ।

৫) শক্তি বৃদ্ধি কৰে ।

৬) হাড় মজবুত ৰাখে । কাৰণ দৈত কেলছিয়াম আছে ।

৭) চুলি আৰু ছাল সতেজ কৰি ৰাখে ।

সামৰণিত :- Applied Physiology, Nutrition and Metabolism নামৰ এখন পত্ৰিকাৰ অধ্যায়ত স্পষ্ট কৰা হৈছে যে যিসকল খেলুৱৈয়ে গাখীৰৰ পৰা প্ৰস্তুত কৰা আহাৰ গ্ৰহণ কৰে সেইসকলৰ শক্তি প্ৰশংসনীয় । কাৰণ গাখীৰত যথেষ্ট পৰিমাণৰ fluid(তৰল) পদাৰ্থ থাকে , যি আমাৰ শৰীৰত সহজেই মিলি যাব পাৰে ।

গাখীৰৰ পৰা প্ৰস্তুত কৰা দৈ বজাৰত সহজেই উপলব্ধ । আপোনাৰ হাতত সময়ো সীমিত । তথাপিও এবাৰ চেষ্টা কৰি চাবচোন ঘৰতে দৈ পাতিবলৈ । নিভাঁজ আৰু সুস্বাদু হোৱাৰ লগতে সুকীয়া এক প্ৰস্তুতিৰ আনন্দয়ো আপোনাক দোলা দি যাব ।

লেখিকা :- কৰবী কাকতি

উৎস :- নন্দিনী

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top