অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰমত আনাৰসৰ জুতি আৰু দেহৰ লাভ ক্ষতিকাৰক গুণ

গৰমত আনাৰসৰ জুতি আৰু দেহৰ লাভ ক্ষতিকাৰক গুণ

পৰিচয়:- আনাৰস { pineapple }  টেঙা-মিঠা সুস্বাদু ৰসাল ফলবিধক আমি সকলোৱে চিনোহঁক । প্ৰাচীন কালত এই ফলবিধ প্ৰথমে ব্ৰাজিলত পোৱা গৈছিল । লাহে লাহে ইউৰোপ আদি দেশৰ লগতে ভাৰতত প্ৰথমে গোৱাত পৰ্তুগালীসকলে ৰোপন কৰে (১৫৪৮চনত) আৰু বৰ্তমান ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো সহজলব্ধ হৈছেহি ।

পুষ্টিকৰ উপাদানসমূহ -আনাৰসত ভিটামিন ক , খ- ১,২,৩,৫,৬, গ, কেলচিয়াম,প'টেচিয়াম,মেংগানীজ, ফ'লিক এচিড, থায়মিন,বিটা কেৰ'টিন,ফচফ'ৰাচ,ক'পাৰ , এন্টিঅক্সিডেন্ট আদি আমাৰ শৰীৰৰ উপযোগী খনিজ আৰু পোষক গুণেৰে ভৰপুৰ ।
আনাৰস সাধাৰনতে গ্ৰীষ্মকালত প্ৰচুৰ পৰিমানে পোৱা যায় যদিও কমবেচি পৰিমানে শীতকালতো পোৱা যায় ।  অৱশ্যে শীতকালতকৈ গ্ৰীষ্মকালৰ কদৰ্য্য গৰমত ৰসাল পকা আনাৰসৰ শীতল ৰসে সকলোৰে দেহ মন জুৰ পেলায় ।
ব্যৱহাৰ :- পকা অনাৰস সাধাৰনতে বাকলি গুচাই টুকুৰাকৈ কাটি খোৱা হয নতুবা চেপি ৰস উলিয়াই বা জুচ বনাই খোৱা হয় । (মাজৰ টান অংশ খোৱাতো পেটৰ বাবে হানিকাৰক ।) কেচা আৰু টেঙা আনাৰস ভাজি বা তৰকাৰি কৰিও খোৱা হয় । আন্যহাতে ঔষধী হিচাৱে কুমলীয়া পাত আৰু তলৰ শিপাৰ মুঢ়া অংশ ব্যৱহাৰ কৰা হয় ।
আনাৰসৰ গুণাগুণ :-

আনাৰস শীতল, সুস্বাদু , পিত্তনাশক, কৃমিনাশক,স্মৃতিবৰ্ধক , মুত্ৰকাৰক , ৰুচি ,পাচন শক্তি আৰু ৰক্তবৃদ্ধিকাৰক ।
১। গৰমত আনাৰস বা ইয়াৰ জুচ শীতল পানীয় হিচাৱে উত্তম । শৰীৰৰ গৰম ভাৱ দুৰ কৰে ।
২। আনাৰসত ক'লা নিমখ বা সৈন্ধৱ লবন মিহলাই খালে পাচন শক্তি মজবুত হয় , হজম শক্তি বাঢ়ে , অজীৰ্ন, অৰুচি, প্লীহা বৃদ্ধি ,অগ্নিমন্ডতা ,আম্লপিত্ত দুৰ হয় আৰু পেটত জমা হোৱা অপদ্ৰব্য বাহিৰ হয় ।
৩। আনাৰসে কৌষ্ঠকাঠিন্য আতৰায় ।
৪। মুত্ৰকাৰক আৰু মুত্ৰাশয়ৰ সমস্যা দুৰ কৰে। কিডনী পাথৰৰ বাবে আনাৰস উপকাৰী ।    কামলা বা জণ্ডিছ ৰোগৰ বাবে আনাৰস হিতকাৰী ।
৫। জলোদৰ বা পেট ত পানীজমা হলে আনাৰস হিতকাৰী ।
৬। বাত ৰোগ গাথিৰ বিষ arthoritis জোৰাৰ বিষ আদি কমায় ।হাড় মজবুত কৰে ।  গাথিবিষ বা ভৰিফুলা ৰোগত আনাৰসৰ পাত থেতেলি এড়ি তেল (কেস্তৰ অইল) মিহলাই প্ৰলেপ দিলে উপসম হয় ।
৭। উচ্চ ৰক্ৰচ্চাপ কমায়,নিয়ন্ত্ৰনলৈ আনে ।
৮। কৰ্কট আৰু হৃদৰোগীৰ বাবে হিতকাৰক ।
৯। চকুৰ নানা ৰোগৰ বাবে উপকাৰী ।
১০। গাৰ চাল ,নখ আৰু চুলিৰ সৌন্দৰ্যৰ বাবে আনাৰস খোৱা আৰু গাত সনাতো ফলপ্ৰদ ।
১১। আনাৰসে দেহৰ ওজন আৰু অতিৰিক্ত চৰ্বি কমায় ।

১২। মহিলাৰ মাহেকীয়া অকাৰনত বন্ধ হলে আনাৰসে ঋতুস্ৰাৱ কৰায় । ফলৰ ৰস বা কুমলীয়া পাত চাৰিখিলা থেতেলি পানীত সিজাই খাব ।
১৩। সৰু লৰাছোৱালীৰ কৃমিৰ উপদ্ৰব হলে আনাৰসৰ কুমলীয়া পাতৰ ১চামুচ ৰস অলপ মৌৰে ৰাতিপুৱা খালিপেটত খুৱাব ।
১৪। কাহ আৰু শ্বাস ৰোগীৰ বাবে উপকাৰী
জালুক,আদা নিমখ মিহলাই খাব ।
১৫ । ৰক্তহীনতা দুৰ কৰে আনাৰস ৰোগী বা নিৰোগী সকলোৰে বাবে বল শক্তি আৰু স্বাস্থ্যবৰ্দ্ধক ফল হোৱাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰনালী Immune system মজবুত কৰায় ।
ক্ষতিকাৰক গুণ:- আনাৰসৰ ভাল গুণৰ লগতে ক্ষতিগুণখিনিও জানি লোৱাতো ভাল-
১। মহিলাৰ গৰ্ভকালীন অৱস্থাৰ পৰা কেচুৱাৰ ৫-৬মাহ বয়সলৈ মাতৃ গৰাকীয়ে আনাৰস নাখাব ।
২। মাহেকীয়া ঋতুকালীন সময়চোৱাত নাখাব ।
৩। যিকোনো ঔষধ নাইবা এন্টিবায়োতিক দৰৱ খোৱাৰ আগত বা পিচত আনাৰস নাখাব ।
৪। বহুমূত্ৰ ৰোগীৰ বাবে আনাৰস হানিকাৰক
(অধিক শৰ্কৰা যুক্ত হোৱাৰ বাবে )
৫। দন্তক্ষয় ৰোগীয়ে আনাৰস খালে লগে লগে দাঁত)মুখ ধুই পেলাব ।
৬। অস্ত্ৰোপচাৰ কৰা বা ৰক্তপাত হোৱা ৰোগীয়ে আনাৰস নাখাব ।
৭। এলাৰ্জী থকা লোকে আনাৰস নোখোৱাই ভাল ।
৮। কেচা আৰু খুব টেঙা আনাৰস ক্ষতিকাৰক ভাজী বা তৰকাৰী খাব পাৰে ।

খালিপেটে অধিক মাত্ৰাত আনাৰস কেতিয়াও নাখাব ।আনাৰসৰ দুস্প্ৰভাৱ আতৰাবলৈ সন্ধা নিমখ , ক'লা নিমখ বা যিকোনো নিমখৰ লগতে জালুক খোৱাতো ভাল । আনাৰস খাই মুখ বা গল চেকচাকালে বা খজুৱালে নেমু আৰু নিমখ পানীৰে কুলকুলিয়াব আৰু খাব।

লেখক – যতীন দাস

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate