সংস্কৃতত এষাৰ শ্লোক আছে-
ৰিণম কৃতব ঘৃতম পিবেত
অৰ্থাৎ, ধাৰ কৰি হলেও ঘিউ খাব লাগে।
বৈদিক পদ্ধতিৰে প্ৰস্তুত কৰা গোঘৃত হাজাৰ ঔষধি গুণেৰে ভৰপুৰ। গাখীৰতকৈ দৈ বেছি গুণসম্পন্ন আৰু ঘিউ, ইয়াতকৈও বেছি গুণসম্পন্ন। বহু হাজাৰ বছৰ আগৰে পৰা আমাৰ ভাৰতবৰ্ষত বিভিন্ন ৰোগৰ চিকিৎসাত ঘিউ ব্যৱহাৰ হৈ আহিছে। কিন্তু, আজিকালি কলেষ্টৰেল বৃদ্ধি, উদাবৰ্ত(পেট সংক্ৰান্তীয়) , মেদবৃদ্ধি, ডায়েবেটিচ আদি ৰোগ হোৱাৰ আশংকাত আমি ঘিউ খাবলৈ যেন পাহৰিয়ে গলো । আগতে আইতাহতে দৈৰ ওপৰৰ অংশৰে ঘিউ বনোৱা দেখা পাইছিলো। ঘিউ বনোৱাৰ পিছত ৰোৱা অৱশেষ(ক্বাথ) খিনিত আদা থেতেলিয়াই দি খোৱাও দেখিছিলো। এইবোৰৰ ঔষধি গুণ অনেক।
ঘিউ যৌৱনক স্থিৰ কৰি ৰাখিব পৰা দ্ৰৱ্যবোৰৰ ভিতৰতো সৰ্বশ্ৰেষ্ঠ। স্নেহদ্ৰব্য বোৰৰ ভিতৰতো ঘিউ শ্ৰেষ্ঠ। বুদ্ধি, স্মৃতি, মেধা, জঠৰাগ্নি, শাৰীৰিক বল, সুস্বৰ তথা স্পষ্ট স্বৰ, দীৰ্ঘায়ু, শুক্ৰ আৰু দৃষ্টিৰ কাৰণে ঘিউ উত্তম। শিশু আৰু বৃদ্ধৰ বাবে ঘিউ শ্ৰেষ্ঠ। শাস্ত্ৰকাৰীসকলে ঘিউক সময়ৰ হিচাপত তিনিপ্ৰকাৰে নামাকৰণ কৰিছে , পুৰণাঘৃত , কুম্ভসৰ্পিঘৃত আৰু মহাঘৃত। কমেও ১বছৰৰ পৰা ১৫ বছৰ পুৰণি ঘিউক "পুৰণাঘৃত" বুলি কোৱা হয়। ইয়াতকৈ বেছি ১১১ বছৰলৈকে পুৰণি ঘিউক "কুম্ভসৰ্পিঘৃত" আৰু ইয়াতকৈও বেছি পুৰণি ঘিউক "মহাঘৃত" বুলি কোৱা হয়। মহাঘৃত ঔষধি হিচাপেহে ব্যৱহাৰৰ উপযুক্ত। প্ৰাচীন পৰম্পৰাৰ বৈদ্য তথা কবিৰাজ সকলৰ ঔষধালয়ত এনে ঘিউ পোৱা গৈছিল।
প্ৰাচীনকালত অপায়-অমংগল, মহামাৰী আদি দূৰ কৰিবলৈ যজ্ঞ পতা হৈছিল আৰু ইয়াৰ ধোৱা বহু দূৰ-দূৰণিলৈ বিয়পি গৈছিল। এতিয়াও আমাৰ ঘৰত কিবা শুভকৰ্ম বা পূজা আদি পাতিলে হোম বা যজ্ঞ কৰা দেখা যায়। এই যজ্ঞত গোঘৃত ব্যৱহাৰ হয়। গোঘৃত আৰু চাউল দহনৰ ফলত ইথিলিন অক্সাইড, প্ৰোপিলিন অক্সাইড, ফৰ্মলডিহাইড আদি গেছ উৎপন্ন হয়। ইথিলিন অক্সাইড গেছ জীৱাণুৰোধক। শল্য চিকিৎসাৰ সময়ত এই গেছ ব্যৱহাৰ হোৱা দেখা যায়। কৃত্ৰিম বৰষুণ সৃষ্টি কৰিবলৈ বৈজ্ঞানিক সকলে প্ৰোপিলিন অক্সাইড গেছ মূখ্য ৰূপত ব্যৱহাৰ কৰে। অগ্নিত গোঘৃত আহুতি দিয়াৰ ফলত উৎপন্ন হোৱা ধোৱা যিমান দূৰলৈকে ভালদৰে বিয়পি যায়, সেই ঠাইৰ বাতাৱৰণ প্ৰদূষণ আৰু আণৱিক বিকিৰণৰ পৰা মুক্ত হৈ যায়। সকলোতকৈ আশ্বৰ্যকৰ কথা হল এক চামুচ(১০ গ্ৰাম) বিশুদ্ধ গোঘৃত অগ্নিত দিলে প্ৰায় এক টন অক্সিজেন উৎপন্ন হয় আৰু যিটো অন্য উপায়েৰে পোৱাটো সম্ভৱ নহয়।
লেখক :- হেমন্ত গোস্বামী
উৎস:- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 3/16/2020