অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঘৰুৱা শাক :

ঘৰুৱা শাকৰ বিষয়ে লিখা হৈছে ।

আমাৰ প্ৰচলিত এষাৰ কথা আছে যে ‘মাছে গৰকা পাচলি খাবা’। আজিকালি মাছৰ পৰিমাণে কমিছে যদিও কথাষাৰ মন কৰিবলগীয়া। বাৰীৰ মৰলিয়া, মধুসোলেং, লাইজাবৰি, মানিমুনি, দোৰোণ আদি শাকৰ আঞ্জাৰ লগত যিকোনো মাছ মিলে।

আজিকালিৰ ফিছাৰিত পোহা মাছৰ হয়তো সেই গুণ আৰু সোৱাদ নাই। গ্ৰাম্য অঞ্চলত বাৰীত নিজে নিজে গজা শাকৰ আঞ্জা আদিও সকলোৱে আগ্ৰহেৰে খায়। নিৰামিষহাৰীৰ বাবে এনে শাকৰ আঞ্জা অতি ফলপ্ৰসূ।

আদিম অৱস্থাতে মানুহে শাক আৰু গছৰ ফল-মূল খায়েই জীৱন ধাৰণ কৰিছিল। পাহাৰীয়া জনজাতীয় লোকসকলেও প্ৰাকৃতিকভাৱে গজা নানা বনৰীয়া শাক আৰু আলু আদি সংগ্ৰহ কৰি আঞ্জা ৰান্ধি খায়।

এনে শাকৰ আঞ্জাসমূহে মানুহৰ অজানিতে বহুতো উপকাৰ কৰে। বনৌষধি হিচাপে ব্যৱহাৰ নকৰিলেও চলে।

আজিকালি মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ হ’লেও যত্ন লয়। চহৰ অঞ্চলত লাগ বুলিলেই সকলো ধৰণৰ শাক সকলো সময়তে পোৱা নেযায় যদিও বহুতে বজাৰত পোৱা শাক কিনি আনি খায়।

খাদ্যৰসিক শ্ৰদ্ধেয় হোমেন বৰগোহাঞিদেৱেও ডেঁকীয়া শাক আৰু মৰলিয়া শাকৰ খাৰ আঞ্জা খোৱাৰ কথা বহুতো ঠাইত লিখিছে। সেইদৰে সুধাকন্ঠ ড° ভূপেন হাজৰিকাদেৱেও কাৰোবাৰ ঘৰত আলহী খোৱাৰ সময়ত বাৰীত সোমাই বিভিন্ন শাক-পাত বিচাৰি নিজে ৰান্ধি খাইছিল।

তেখেতে ৰগৰ কৰি কৈছিল- ‘মুৰ্গিৰ ঠেং খাই আমনি লাগিছে, ঔটেঙা, খৰিচা দি কিবা শাকৰ আঞ্জা ৰান্ধক’।

আজিকালি চহৰ অঞ্চলত সহজতে প্ৰস্তুত কৰিব পৰা মুখৰোচক খাদ্য ‘ফাষ্ট ফুড’ সকলোৱে পছন্দ কৰে।

কিন্তু এইবিধ খাদ্য কিমান স্বাস্থ্য সন্মত সেই কথাৰ প্ৰতি কাৰো ভ্ৰক্ষেপ নাই। চিকিৎসা শাস্ত্ৰৰ আদিগুৰু হিপোক্ৰেটিছে কৈ গৈছে যে বিশুদ্ধ পানী আৰু প্ৰকৃতি প্ৰদত্ত যিকোনো খাদ্যই স্বাস্থ্যৰ বাবে উপকাৰী।

মানুহে ৰাতিপুৱাৰে পৰা গধূলিলৈকে ব্যৱহাৰ কৰা কৃষিজাত আৰু প্ৰকৃতিৰ বুকুত নিজে নিজে গজা উপযোগী উদ্ভিদ আৰু সেইবিলাকত লগা ফলবোৰ মানুহৰ কাৰণে উপকাৰী আৰু তেনেবোৰ খাদ্যই মানুহৰৱ স্বাস্থ্যৰ উন্নতি ঘটায়।

ঋতু বিশেষে গজা শাক-বন মানুহে অতীজৰে পৰা ব্যৱহাৰ কৰি আহিছে। অজানিতে এই শাকবিলাকে বহু বেমাৰৰ পৰা মানুহক ৰক্ষা কৰি আহিছে।

আমাৰ দেশৰ বৰ্ষা অৰণ্য বা আন জংঘলত গজা বিভিন্ন ঔষধি গছৰ পাত মছলা হিচাপেও ব্যৱহাৰ কৰি মাছ-মাংস আদি সিজাই খাব পাৰি।

ঠাই বিশেষে বিভিন্ন নামেৰে সেইবিলাক জনাজাত। তেজপাত, দালচেনি গছৰ পাত, নৰসিংহ আদিও লেখত ল’বলগীয়া মছলাজাতীয় শাক-পাত।

চাওলুং চুকাফাই পূবৰ পৰা পাটকাই পাহাৰ পাৰ হৈ নতুন ৰাজ্য এখন পাতিবলৈ তেতিয়া সৌমাৰ পীঠত(উজনি অসম) প্ৰৱেশ কৰিছিল। লগত অহা প্ৰজাসকলক এই দেশত পোৱা শাক, ফল-মূল, আলু-কচু খাই জীৱন নিৰ্বাহ কৰিবলৈ নিৰ্দেশ দিছিল বুলি প্ৰবাদ আছে।

মানুহে নাখাই নমৰে। খাইহে মৰে। বৰ্তমান বিভিন্ন ৰাসায়নিক সাৰ আৰু ঔষধ প্ৰয়োগ কৰি যিবিলাক শাক-পাচলিৰ খেতি কৰা হয়, সেইবিলাক শৰীৰৰ বাবে বিহ সদৃশ।

আজিকালি আমাৰ চিনাকি পাচলি কবি, মূলা, পালেং আদিৰ উৎপাদন বৃদ্ধিৰ বাবে হাইব্ৰীড জাতৰ বীজৰ খেতি কৰা হয়।

লগতে সেই খেতিত যথেষ্ট পৰিমাণে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয়। ফলত উৎপাদন বাঢ়ে ঠিকেই, কিন্তু সেইবিলাক পাচলিত পূৰ্বৰ প্ৰাকৃতিক সোৱাদ নেথাকে। লগতে সেইবিলাকে স্বাস্থ্যৰ হানিহে কৰে।

বৰ্তমান আমাৰ দেশত ডায়েবেটিছ এটা ভয়ানক ৰোগ বুলি চিনাক্ত কৰা হৈছে। ডাক্তৰী শাস্ত্ৰৰ মতে ই এক প্ৰকাৰৰ নীৰৱ ঘাতক ৰোগ।

  • হৃদৰোগ,
  • স্নায়ু ৰোগ,
  • ষ্ট্ৰোক,
  • অন্ধতা,
  • কিডনি ৰোগ আদি বহুবিধ ৰোগ ডায়েবেটিছৰ পৰা হয়গৈ।

কৃত্ৰিম সাৰ প্ৰয়োগ কৰা শাক-পাচলিৰ পৰাই এই ৰোগ হয় বুলি বহুতে ধাৰণা কৰে। মাটিৰ তলত হোৱা আলু, কচু, গাজৰ, চালগোম আদি কম পৰিমাণে খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে।

কৃত্ৰিম সাৰ দি কৰা বিলাহী, বেঙেনা, মূলা, বীট, ৰঙালাউ আদিও এই ৰোগৰ উৎপত্তিৰ কাৰণ হ’ব পাৰে বুলি বহুতে ভাবে যদিও এই ক্ষেত্ৰত বিজ্ঞান ভিত্তিক কোনো তথ্য নাই।

এতিয়া দেখা গ’ল যে বনৰীয়াকৈ গজা-

  • দোৰোণ,
  • খুতুৰা শাক,
  • ঢেকীয়া শাক,
  • লাইজাবিৰি,
  • মানিমুনি আদি ঔষধি গুণেৰে ভৰা শাকবোৰেই মানুহৰ স্বাস্থ্যৰ কাৰণে উপকাৰী। খাবলৈ তিতা যদিও মহানিমৰ পাতো উপকাৰী।

মাজে-সময়ে শাক-পাত খোৱা ভাল। মানুহৰ মৃত্যু শাশ্বত যদিও জীয়াই থকা কেইদিন নিৰোগী হৈ জীৱনটো উপভোগ কৰাটো ভাল।

হৰিদ্বাৰত পতঞ্জলি যোগ পীঠত যোগ-প্ৰাণায়াম শিকাৰ ব্যৱস্থা আছে। তাত বনৈষধিৰ দ্বাৰা নানা ৰোগৰ চিকিৎসাও কৰা হয়। তাত ৪৫০ বিধ বনৌষধিৰ বৃহৎ বাগিচা প্ৰতিপালন কৰা হৈছে। এখন ডাঙৰ ফাৰ্মাচীও আছে।

শাক-বন বনৈষধিয়ে ধীৰে ধীৰেহে শৰীৰ ৰোগমুক্ত কৰে। বনৌষধি সেৱন কৰিলেই তৎক্ষণাত কাম নকৰে। গতিকে ধৈৰ্য আৰু সময়ৰ প্ৰয়োজন হয়।

আমাৰ এষাৰ কথা আছে- জাগি খাবা বাচি শুবা। এই কথাষাৰ মানি চলিলেই বহুতো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

লেখক: প্ৰিয়েন্দ্ৰ তামুলী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top