মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / চজিনাই বহুকেইবিধ ৰোগ প্ৰতিৰোধ কৰে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চজিনাই বহুকেইবিধ ৰোগ প্ৰতিৰোধ কৰে :

চজিনাই বহুকেইবিধ ৰোগ প্ৰতিৰোধ কৰে, সেই বিষয়ে লিখা হৈছে ।

 

ব’হাগ বিহুৰ আগে আগে কুমলীয়া চজিয়া বজাৰত ওলায়।

কিন্তু ইয়াৰ দাম ইমান বেছি হয় যে, বহুতে এইবিধ পাচলি খাওঁ বুলিও খাব নোৱাৰে।

কিন্তু দিন যোৱাৰ লগে লগে এইবিধ পাচলিৰ দাম কমি আহে যদিও প্ৰথম অৱস্থাত ওলোৱা কুমলীয়া চজিনা আৰু পোৱা নেযায়।

কুমলীয়া চজিনা নেপালে বুলিয়েই পিছলৈ পূৰঠ হৈ অহা চজিনা নেখাবনে?

কুমলীয়া চজিনাতকৈ সামান্য বেলেগ সোৱাদ থাকিলেও চজিনা খাদ্য গুণ আৰু ঔষধি গুণ কমি নেযায়।

চজিনা অতি উপকাৰী এবিধ পাচলিৰূপ সমগ্ৰ ভাৰততে সদায় মানুহে আগ্ৰহেৰে আদৰি লয়।

এইবিধ পাচলিৰ সেৱনে বহুকেইবিধ ৰোগ নিৰাময় কৰিব পাৰে আৰু কেইবাবিধো ৰোগ প্ৰতিৰোধ কৰি ৰাখে।

এইবিধ পাচলিত কাৰ্বোহাইড্ৰেট, ভিটামিন, প্ৰোটিন, আৰু কেবাবিধো খনিজ লৱণ থাকে। এইবিলাকে শৰীৰটোক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

*পেটত যদি কৃমি আছে, তেনেহ’লে ৰোগীক ইয়াৰ পাতৰ ৰস খুৱালে কেইদিনমানৰ ভিতৰতে পেটৰ কৃমি মৰি নাইকিয়া হ’ব।

*চজিনাত গাখীৰতকৈও বেছি মাত্ৰাত কেলচিয়াম আৰু প্ৰোটিন থাকে। এইবিলাকে আমাৰ হাড় শক্তিশালী কৰি ৰাখে।

*চজিনাত এন্টিবেক্টেৰিয়াল গুণ আছে আৰু শৰীৰক অপকাৰী বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

*চজিনা নিয়মীয়াকৈ সিদ্ধ কৰি তাৰ ৰস খাই থাকিলে শৰীৰৰ তেজ পৰিষ্কাৰ হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top