মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / চজিনাৰ যাদুকৰী গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চজিনাৰ যাদুকৰী গুণ :

চজিনাৰ যাদুকৰী গুণৰ বিষয়ে লিখা হৈছে ।

চজিনা সাধাৰণতে গ্ৰীষ্ম প্ৰধান অঞ্চল বা তাৰ আশে-পাশে হোৱা এবিধ গছ। ই এবিধ পৰ্ণপাতী উদ্ভিদ আৰু প্ৰায় ১০-১২ মিটাৰ ওখ হয়।

ব্যৱহৃত অংশ: ইয়াৰ ফল, বীজ, পাত, ফুল, বাকলি ঔষধি হিচাপে বা খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। কিন্তু ইয়াৰ শিপা খোৱাৰ উপযোগী নহয়। কাৰণ শিপাত স্পাইৰচিন নামৰ এবিধ স্নায়ু বিকৃতি বা বিকলকাৰী বিষাক্ত পদাৰ্থ থাকে।

চজিনাত থকা পোষক তত্ত্ব: চজিনা গছৰ পাতত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে আৰু লগতে প্ৰায় ৯২ বিধ পোষক তত্ত্ব পোৱা যায়, যাক অন্য উদ্ভিদত পোৱা টান। ফলমুল আৰু শাক-পাচলিত থকা সকলোবিলাক ভিটামিন ইয়াত পোৱা যায়। প্ৰায় ৩০০ মান বেমাৰৰ বাবে ই উপকাৰী আৰু স্বাস্থ্যৰ বাবে পৰম হিতকাৰী। ই এণ্টি অক্সিডেণ্ট গুণসমৃদ্ধ আৰু জৈৱিকভাৱে সক্ৰিয় বহুতো পদাৰ্থ ইয়াত পোৱা যায়। এই গছৰ পাতত প্ৰধানত: ভিটামিন বি-১, ভিটামিন বি-২, ভিটামিন বি-৩, ভিটামিন বি-৬, ভিটামিন বি-৭, ভিটামিন চি, ভিটামিন ডি, ভিটামিন ই, ভিটামিন কে, ভিটামিন এ প্ৰচুৰ মাত্ৰাত পোৱা যায়। একাপ (প্ৰায় ২১ গ্ৰাম) চজিনা গছৰ পাতত তলত দিয়া পৰিমাণৰ খাদ্য পদাৰ্থ তথা ভিটামিন পোৱা যায়-প্ৰ’টিন ২ গ্ৰাম, লগতে আমাৰ শৰীৰৰ দৈনন্দিন প্ৰয়োজনৰ ভিটামিন বি ৬-১৯ শতাংশ, ভিটামিন চি-১২ শতাংশ , আইৰন-১১ শতাংশ, ভিটামিন এ (বিটা কেৰ’টিনৰ পৰা)-৯ শতাংশ, মেগনেছিয়াম-৮ শতাংশ ইয়াত পোৱা যায়। তেনেদৰে চজিনাৰ ফল বা ছেঁইতো বহু ধৰণৰ ভিটামিন আৰু খনিজ লৱণ থাকে, বিশেষকৈ ভিটামিন চি প্ৰচুৰ মাত্ৰাত পোৱা যায়।

চজিনাৰ ব্যৱহাৰিক দিশ -

*চজিনা এবিধ এণ্টি অক্সিডেণ্ট গুণযুক্ত গছ। ই আমাৰ শৰীৰক বিভিন্ন ধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে তথা ফ্ৰী ৰেডিকেলছ প্ৰতিৰোধ কৰে।

*চজিনাৰ পাত আৰু বাকলিৰ গুড়িয়ে হৃদয় আৰু ৰক্ত সঞ্চালন তন্ত্ৰত ক্ৰিয়া কৰে তথা তেজৰ কলেষ্টেৰল কমায়। যাৰ ফলত উচ্চ ৰক্তচাপ তথা হৃদৰোগ নিয়ন্ত্ৰণত সহায় কৰে।

*চজিনাৰ পাত, ফল আৰু ফলৰ বীজবিলাক প্ৰদাহ হৰণকাৰী গুণযুক্ত। সেয়েহে আৰ্থাইট্ৰিছ, ৰিউমেটিজম, গাউট ইত্যাদি বেমাৰত ই পৰম গুণকাৰী।

*চজিনাৰ বীজে শৰীৰক আৰ্ছেনিকৰ বিষাক্ত প্ৰভাৱৰ পৰা ৰক্ষা কৰে।

*এই গছবিধত যথেষ্ট পৰিমাণে কেলচিয়াম আৰু মেগনেছিয়াম পোৱা যায়। সেয়েহে ই দাঁত আৰু হাড় মজবুত কৰে আৰু অস্থিওপৰ’ছিছ ইত্যাদি হাড়ৰ বিভিন্ন বেমাৰত উপযোগী।

*চজিনাৰ পাতৰ গুড়ি স্বাস্থ্যৱান আৰু উজ্জ্বল ছালৰ বাবে ব্যৱহাৰ কৰা হয়।

*ইয়াৰ পাত মুৰত ঘঁহিলে অতিমাত্ৰা মুৰৰ বিষৰ পৰা আৰাম পোৱা যায়।

*ইয়াৰ সংক্ৰমণ প্ৰতিৰোধী আৰু প্ৰদাহবিৰোধী ধৰ্মৰ বাবে ইয়াক ঘা বা ক্ষতস্থানত ব্যৱহাৰ কৰিলে সোনকালে ঘা শুকায়।

*চজিনাৰ পাতৰ পৰা বনোৱা চাহ গেষ্ট্ৰিক আলচাৰ আৰু ডায়েৰীয়া ৰোগত ব্যৱহাৰ কৰা হয়।

*চজিনাৰ ফলৰ পাউডাৰ স্কাৰ্ভি আৰু বিভিন্ন ছালৰ সংক্ৰমণত ব্যৱহাৰ কৰা হয়।

*যৌন সংক্ৰমিত ৰোগ আৰু ফোঁহাৰ চিকিৎসাৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়।

*এই গছৰ কাণ্ডৰ পৰা ওলোৱা ৰস মুত্ৰবৰ্ধক, পেশী বা কলা সংকোচনকাৰী, গৰ্ভপাতকাৰী আৰু এজমা ৰোগৰ বাবে খুব ফলদায়ক।

*এই গছৰ পাত ব্ৰ্ংকাইটিছ, জ্বৰ, চকু আৰু কাণৰ সংক্ৰমণ প্ৰতিৰোধত সহায়ক হয়।

*চজিনা গছ কৰ্কট ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাত সহায়ক হয়। ই বিশেষকৈ স্তন, মহিলাৰ ডিম্বাশয়, পুৰুষৰ প্ৰষ্টেট গ্ৰন্থি, গুহ্যদ্বাৰ, কলন ইত্যাদিৰ কৰ্কট ৰোগ প্ৰতিৰোধ তথা চিকিৎসাত সহায়ক হয়।

*ইয়াত আইৰন থকা বাবে ৰক্তহীনতাত ভোগা ৰোগীৰ বাবে পৰম গুণকাৰী।

*ইয়াত ভিটামিন এ থকা বাবে চকুৰ ৰেটিনা আৰু দৃষ্টিশক্তিৰ বাবে উপকাৰী।

*ই ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াত থকা ভিটামিন বি ১ য়ে শৰ্কৰাক শক্তিলৈ ৰুপান্তৰিত কৰে।

*চজিনাত গ্লুটামিক এচিদ নামৰ এবিধ জৈৱিক পদাৰ্থ থাকে, যি মস্তিষ্কৰ বিকাশৰ বাবে দৰকাৰী।

*চজিনাত প্ৰচুৰ পৰিমাণে আয়’ডিন পোৱা যায় বাবে হাইপ’থাইৰয়ডিজম সমস্যাত ইয়াক ব্যৱহাৰ কৰা হয়।

পাৰ্শ্বক্ৰিয়া-

*এই গছৰ শিপাত থকা স্পাইৰচিন নামৰ পদাৰ্থবিধে স্নায়ু বিকৃতি ঘটাব পাৰে।

*সৰহ পৰিমাণত সেৱন কৰিলে ডায়েৰিয়া হ’ব পাৰে।

মোখনিত এটা কথাই ক’ব পাৰি যে ইমানবিলাক গুণেৰে ভৰপুৰ তথা প্ৰায় সকলো ধৰণৰ পোষক দ্ৰব্যযুক্ত হোৱা বাবে চজিনাক যাদুকৰী গছ হিচাপে আখ্যা দিয়া হয়।

লেখক: ডা: মুকুল শৰ্মা (নিয়মীয়া বাৰ্তা)

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top