অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাহ সেৱনৰ সুফল :

চাহ সেৱনৰ সুফলৰ বিষয়ে লিখা হৈছে ।

 

১)চাহত এন্টি-অক্সিডেন্ট থাকে, যিয়ে আমাৰ নানা বেমাৰত বাধা দিয়ে।

২)চাহত কম পৰিমাণে কেফাইন থাকে বাবে শৰীৰৰ কোনো ক্ষতি নকৰে।

৩)চাহে হাৰ্ট এটেক আৰু ষ্ট্ৰ’ক বেমাৰৰ পৰা হাত সৰাত সহায় কৰে।

৪)চাহে শৰীৰৰ হাড় টান আৰু মজবুত কৰাত সহায় কৰে।

৫)চাহে মিঠা হাঁহি মৰাত সহায় কৰে, চাহত থকা ফ্ল’ৰাইড আৰু টেনিনে দাঁতৰ প্লেক বেমাৰ হোৱাত বাধা দিয়ে।

গতিকে দাঁতকেইটা ভালে থাকে হাঁহিবলৈ সুবিধা হয়।

লিকাৰ চাহৰ ক্ষেত্ৰতহে এই উপকাৰিতা। গাখীৰ, চেনিযুক্ত চাহে এই সুবিধা নিদিয়ে।

৬)চাহ সেৱন কৰা মানুহৰ শৰীৰত এন্টি-অক্সিডেন্ট থাকে বাবে যিকোনো বেমাৰে সহজে আক্ৰমণ কৰিব নোৱাৰে।

৭)চাহত থকা ‘পলিফেনলছ’ নামৰ এন্টি-অক্সিডেন্টৰ বাবে কেন্সাৰ বেমাৰক বাধা দিয়ে।

৮)চাহে মানুহৰ শৰীৰৰ আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে।

গতিকে চাহ খোৱাৰ ফলত আমাৰ শৰীৰত প্ৰয়োজন হোৱা পানীয়ৰ সমতা বজাই ৰখাত সহায়ক হয়।

৯)চাহ কেলৰিমুক্ত, গতিকে কম কেলৰিযুক্ত পানীয়ৰ ভিতৰত চাহক ধৰিব পাৰি, যদিহে চাহকাপত চেনি আৰু গাখীৰ মিহলোৱা নহয়।

১০)চাহে শৰীৰৰ মেটাবলিজমত সহায় কৰে।

যিসকল মানুহৰ মেটাবলিজম লাহে লাহে হয় আৰু তাৰ বাবে ওজন কমাবলৈ অসুবিধা হয়, এইক্ষেত্ৰত চাহ খোৱা মানুহৰ কম অসুবিধা হয়।

উৎস: নিয়মীয়া বাৰ্তা

2.71428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top