মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / চিনাবাদাম groundnut বা মুংগফলি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চিনাবাদাম groundnut বা মুংগফলি :

চিনাবাদাম groundnut বা মুংগফলিৰ বিষয়ে লিখা হৈছে ।

আমি বহুতেই গ্ৰাউণ্ডনাট বা মুংগফলিকেই বাদাম বুলি কওঁ যদিও ইয়াক চিনাবাদাম বুলি কোৱা হে শুদ্ধ। বাদাম সুকীয়া।শীতৰ দিনত চিনাবাদাম খোৱাৰ আমেজেই বেলেগ। ইয়াক দুখীয়াৰ কাজু বুলিও কোৱা হয়। কাৰণ কাজুৰ প্ৰায় সমস্ত গুণ চিনা বাদামত পোৱা যায়। ই বৰ স্বাদিষ্ট। চিনা বাদাম খাই শীতকালি হব পৰা বিভিন্ন ৰোগৰ পৰা হাতসাৰি থাকিব পৰাৰ লগতে যথেষ্ট স্বাস্থ্য জনিত লাভ হয়। চিনা বাদামত-

  • মিনাৰেল্চ,
  • নিউট্ৰিয়েন্চ,
  • এন্টিঅক্সিডেন্টচ,
  • ভিটামিন বি, বি-৬, বি-৯ পৰ্যাপ্ত মাত্ৰাত পোৱা যায়।

দৈনিক চিনাবাদাম খালে ডাইবেটীজ হোৱাৰ সম্ভাৱনা ২১ শতাংশ কম হয়। পুৱা খালি পেটত চিনাবাদাম খালে এসপ্তাহতে ৰোগীৰ শৰ্কৰা লেভেল কমিব ধৰে।

চিনাবাদামত থকা মেঙ্গানীজে ব্লাডচুগাৰ নিয়ন্ত্ৰিত কৰে। শৰীৰক কেলচিয়াম অৱশোষণত সহায় কৰে আৰু মেটাবলিজিম বৃদ্ধি কৰে। শৰীৰ দুৰ্বল আৰু পেশী সুগঢ়ী নহলে দৈনিক তিয়াই থোৱা চিনাবাদাম গাখীৰৰ লগত খালে পেশী বা মাচল্চৰ গঠন সুন্দৰ হয়।

  • এন্টিঅক্সিডেন্ট,
  • আয়ৰণ,
  • ফলেট,
  • কেলচিয়াম আৰু
  • জিংকে শৰীৰক কেনচাৰ কোষৰ লগত যুঁজাত সহায় কৰে। দৈনিক চিনাবাদাম খোৱা স্বাস্থ্যৰ বাবে উপকাৰী।

চিনাবাদাম খালে শৰীৰৰ বেয়া কলেস্টৰেল কম কৰে আৰু ভাল কলেস্টৰেল বৃদ্ধি কৰে।ইয়াত থকা আনচেচুৰেটেড ফেটি এচিড বা এলইক এচিডে হৃদ সম্বন্ধীয় ৰোগ নিৰাময় কৰে।

চিনা বাদাম প্ৰটীনৰ উচ্চ শ্ৰোত।ইয়াত থকা এমিন এচিডে শাৰীৰিক বৃদ্ধিত সহায় কৰে। সেয়ে সৰু লৰা ছোৱালীক চিনা বাদাম খোৱাব লাগে। ইয়াৰ পৰ্যাপ্ত পলিফেন'লিক এন্টিঅক্সিডেন্ট আৰু কমেৰিক এচিডে পেটৰ কেনচাৰৰ সম্ভাৱনা কম কৰে।

চিনাবাদামৰত এন্টিঅক্সিডেন্ট্চ পৰ্যাপ্ত থাকে। উতলালে এইএন্টি অক্সিডেন্ট সমূহ অধিক সক্ৰিয় হয়। উতলালে ইয়াৰ বায়'চানিন-A দুগুন আৰু জেনিস্টাইন চাৰিগুনলৈ বৃদ্ধি পায়। যিয়ে শৰীৰৰ আভ্যন্তৰীণ পৰিস্কৰণ নিয়মীয়া কৰে। পৰ্যাপ্ত ভিটামিন-এ ই স্বাস্থ্যবান চুলি আৰু ছাল গঠনত সহায় কৰে। ইয়াৰ-

  • পটাচিয়াম,
  • মেংগানিজ,
  • কপাৰ,
  • কেলচিয়াম,
  • আয়ৰণ,
  • চেলেনিয়াম,
  • জিংক আদি অত্যাৱশ্যকীয় খনিজ শৰীৰৰ আভ্যন্তৰীণ অংগ সমূহৰ সুস্থ কাৰ্য্য পৰিচালনাৰ বাবে অতি জৰুৰী।

মহিলা সকলে সপ্তাহত কমেও দুদিন চিনাবাদাম খালে ওজন বৃদ্ধিৰ সম্ভাৱনা কম হয়। গৰ্ভধাৰণৰ আগৰ পৰা গৰ্ভাৱস্থাত চিনাবাদাম খালে নিউৰেল টিউব ডিফেক্টৰ সম্ভাৱনা ৭০শতাংশলৈকে কম হয়। চিনাবাদাম সেৱনে ক্ৰনিক চৰ্মৰোগ যেনে একজিমা, ছৰাইছিচ নিৰাময় কৰে।

ইয়াত থকা ভিটামিন-ই, জিংক আৰু মেগনেচিয়ামে ছালক সতেজ আৰু উজ্বল বনোৱাৰ লগতে বেকটেৰীয়ৰ পৰা ছালক সুৰক্ষা দিয়ে।

ইয়াৰ প্ৰটিনে শৰীৰত নতুন কোষ নিৰ্মাণ কৰে। চিনাবাদামে বয়স বৃদ্ধিৰ বাবে হোৱা ছালৰ বিকাৰ, সোঁতোৰা পৰা, বিবৰ্ণ হোৱা প্ৰতিৰোধ কৰাৰ লগতে ছালৰ আৰ্দ্ৰতা ৰক্ষা কৰে।

চিনাবাদামত চুলি, ছাল, শৰীৰৰ আভ্যন্তৰিণ অংগ প্ৰত্যঙ্গ আৰু সম্পূৰ্ণ শৰীৰ সুস্থ ৰখাৰ ক্ষমতা বিদ্যমান।

যি কোনো ঋতু আৰু যি কোনো সময়তেই চিনাবাদাম খাব পাৰি।

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top