মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ছাগলী মাংস কোনে খোৱা উচিত?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছাগলী মাংস কোনে খোৱা উচিত?

ছাগলী মাংস কোনে খোৱা উচিত? সেই বিষয়ে লিখা হৈছে ।

 

কম ওজনৰ দুৰ্বল চেহেৰাৰ বহু লোকে নিজৰ শৰীৰৰ ওজন বঢ়াবৰ কাৰনে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰে। বিভিন্ন ধৰণৰ ঔষধো সেৱন কৰে। এনেবোৰ উপায়ৰ দ্বাৰা সকলো ক্ষীণ ব্যক্তিয়ে শৰীৰৰ ওজন বঢ়াব নোৱাৰে। মাত্ৰ কিছুসংখ্যক লোকহে এনে ব্যৱস্থাৰ দ্বাৰা উপকৃত হয় আৰু লাহে লাহে শকত হৈ পৰে। অধিকাংশ লোকেই পূৰ্বৰ অৱস্থাতে ৰৈ যায়। কিন্তু ছাগলীৰ মাংস নিয়মীয়াকৈ খাই থকা লোকৰ খুব কম সময়ৰ ভিতৰতে গাৰ ওজন যথেষ্ট মাত্ৰাত বাঢ়ে। কাৰণ ছাগলীৰ মাংসত কাৰ্বোহাইড্ৰেট আৰু চৰ্বি থাকে আৰু এই উপাদানবিলাকে আমাৰ শৰীৰটোক শক্তিশালী কৰে আৰু ওজন বৃদ্ধি কৰাত সহায় কৰে। ছাগলীৰ হাড়ৰ পৰা কিছুমান দেশী ঔষধো প্ৰস্তুত কৰা হয়। ছাগলীৰ মাংসৰ পৰা কি কি উপকাৰ হয় আৰু কি কি ৰোগ নিৰাময় হয় জানি লওঁ আহকচোন।

হাড় শক্তিশালী কৰে -

ছাগলীৰ মাংসত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে আৰু এইবিধ উপাদানে আমাৰ শৰীৰৰ কাৰণে বৰ উপকাৰী। সেয়ে ছাগলীৰ মাংস খালে আমাৰ হাড় শক্তিশালী হয় আৰু উচ্চতা বৃদ্ধিত সহায়ক হয়। ছাগলীৰ মাংস খালে ভাগি যোৱা হাড় সোনকালে জোৰা লাগে। হাড়ৰ জোৰাত থকা বিষো ছাগলীৰ মাংসই নিৰাময় কৰে। দুৰ্বল স্নায়ু আৰু আঁঠুৰ বিষো ছাগলীৰ মঙহে নিৰাময় কৰাত অৰিহণা যোগায়।

ৰক্তাল্পতা দূৰ কৰে ছাগলীৰ মঙহে -

ছাগলীৰ মাংসত অধিক মাত্ৰাত আয়ৰণ থাকে। ছাগলীৰ মঙহ খাই থাকিলে শৰীৰে লাভ কৰা আয়ৰণৰ ফলত শৰীৰত হিমোগ্ল’বিনৰ মাত্ৰা স্থিৰ অৱস্থালৈ আহে আৰু হিমোগ্ল’বিনৰ মাত্ৰা কম নহয়। যিসকল লোকৰ শৰীৰত ৰক্তল্পতা আছে, তেওঁলোকে কিছুদিন একেৰাহে ছাগলীৰ মাংস খালে এই দুৰ্বলতা আৰু ক্ষীণ দেহৰ ব্যক্তিয়েও ছাগলীৰ মাংস খাই থাকিলে শাৰীৰিক দুৰ্বলতা নাইকিয়া হয়।

পুৰুষত্বৰ শক্তি বৃদ্ধি কৰে -

ছাগলীৰ মাংসত পৰ্যাপ্ত মাত্ৰাত প্ৰোটিন, কেলচিয়াম, আয়ৰণ আৰু ভিটামিন থাকে। সেয়ে ছাগলী মাংস খাই থাকিলে শৰীৰত শক্তি সামৰ্থ বৃদ্ধি পায় আৰু লগে লগে পুৰুষৰ পুৰুষত্বৰ দুৰ্বলতা দূৰ হয়। তাৰোপৰি পুৰুষৰ শুক্ৰাণুৰ উৎপাদনো দ্ৰুত গতিত বৃদ্ধি পায়। ছাগলীৰ মাংস খাই থকা লোকে কেতিয়াও শাৰীৰিক দুৰ্বলতা অনুভৱ নকৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.07142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top